পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
সাৰথি

যোগান দিয়া এটা ভাল কাম নহয়, সি নীচ কাম, আৰু সেই বৃত্তিও অসজ বৃত্তি। যি বৃত্তি চলালে দেশৰ বা সমাজৰ উপকাৰ হয় সেইবোৰ বৃত্তি সজ। বৃত্তি বাছি লওঁতে তেনে বৃত্তিহে লোৱা উচিত।

 ভাৰতত স্বতন্তৰীয়া বৃত্তিলৈ মানুহৰ শ্ৰদ্ধা নাই। স্বতন্তৰীয়া বৃত্তি চলালে মানুহৰ মান যায় বুলি বিবেচনা কৰে। এতিয়াৰ মানুহে ৰাজঘৰীয়া বিষয়কেই বাছকবনীয়া বৃত্তি বুলি ধৰে। এই নিমিত্তে শিক্ষিত তৰপৰ পৰা এটাইবিলাক মানুহেই ৰাজঘৰীয়া বিষয় বিচাৰে। স্বতন্তৰীয়া বৃত্তি সকলোবোৰ অশিক্ষিত মানুহৰ হাতত পৰিছে। কিন্তু অশিক্ষিত মানুহৰ বুদ্ধি কম। সিহঁতে পুৰণি উপায়ৰ বাজে কোনো কামত নতুন উপায উলিয়াব নোৱাৰে। ভাৰতৰ কমাৰ, কুমাৰ, বাঢ়ৈ, খনিকৰ সকলোৱে অতীজ কালৰ প্ৰণালীৰেই নিজ নিজ বৃত্তি চলাই আছে। সিহঁতৰ পিতৃ পিতামহ সকলে যেনেকুৱা বস্তু গঢ়িছিল, সিহঁতেও তেনেকুৱা বস্তুহে গঢ়িব পাৰে, গঢ় সলাই নতুনকৈ চকুত লগা বস্তু গঢ়িব নোৱাৰে। ভাৰতৰ কৃষি আৰু বেপাৰো অশিক্ষিত মানুহৰ হাতত, সেই দেখি সেই দুই বৃত্তিৰো আজিলৈকে কোনো পৰিবৰ্ত্তন হোৱা নাই। এই বৃত্তিবিলাক সুশিক্ষিত মানুহৰ হাতত পৰা হেঁতেন ইমান দিনে বহুত উন্নত হ'লহেঁতেন। সকলো কামতে বিদ্যা বুদ্ধি লাগে, বিদ্যা বুদ্ধি লগাই কৰিলেহে কামটো ভালকৈ সিজে। স্বতন্তৰীয়া বৃত্তিত বিদ্যা বুদ্ধিৰ বিশেষ প্ৰয়োজন আছে। বিদ্যাৰ সাৰ দিলে বৃত্তিৰ উদ্‌গতি হয়। ইউৰোপত আৰু আমেৰিকাত স্বতন্তৰীয়া বৃত্তি শিক্ষিত মানুহৰ হাতত, সেই দেখি বৃত্তিবোৰ তাত উন্নতি হৈছে। প্ৰত্যেক বিষয়তে ন ন কথা, প্ৰত্যেক বস্তুৰে নানা ৰকম দিনে দিনে ওলাব লাগিছে। স্বতন্তৰীয়া বৃত্তি চলাই মান যশস্যা লাভ কৰিব নোৱাৰি বুলি ভবাও ভুল। ইউৰোপ আমেৰিকাৰ দৃষ্টান্তলৈ চালেই এই ভুল ধৰা পৰে। এই দুই দেশত অনেক মানুহে স্বতন্তৰীয়া বৃত্তিৰ আলম লৈ মান্যৱন্ত, ধনৱন্ত, আৰু যুগযুগান্তলৈ খ্যাতিৱন্ত হৈছে।

 আনে নজনা কোনো নতুন বৃত্তি উলিয়াব পাৰিলে ধন আৰ্জ্জনৰ কাম ঢিলা হয়, কিন্তু তেনে বৃত্তিত একেবাৰে খাস্তাং হ'বৰো আশঙ্কা থাকে; আশয় নোপোৱা বৃত্তি অচিনাকি বাটৰ নিচিনা, তাত মানুহ আঢ্যৱন্তও হ'ব পাৰে,