পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
সাৰথি

বচা চৰাঘৰ, স্বৰগ দেখা বৰ ঘৰ, এনেকুৱা গৃহস্থালি বহুত কৃপণৰ দেখা যায়। ই কৃপণালিৰ ঢাকন। এই শ্ৰেণীৰ কৃপণে সামান্য বস্তুক ভৰকীয়া নাম দিয়ে, ভগা খাটক পালং, ভগা কাঁহীক মাইহাং আৰু ফটা কঁথাক নিহালী বুলিহে ব্যাখ্যা কৰে।

 কিহৰ পৰা মানুহৰ কৃপণালি জন্মে তাক ঠাৱৰকৈ কোৱা টান। কৃপণবিলাকৰ জীৱন বৃত্তান্ত ভালকৈ গমি চালে দেখা যায় যে সিহঁতৰ কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে আৰু কিছুমান সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে। এই দুই শ্ৰেণীৰ কৃপণে কিমান ধন হ’লে সিহঁতৰ অভিপ্ৰায় সিদ্ধ হ’ব ক’ব নোৱাৰে, গতিকে সিহঁতৰ গোটেইটো জীৱন কৃপণালি কৰি ধন গোটাওঁতেই যায়। আৰু এক শ্ৰেণীৰ কৃপণ আছে, সিহঁতে কেৱল ধনৰ নিমিত্তেই ধন গোটায়, আন একো সিহঁতৰ অভিপ্ৰায় নাই, ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমান বাঢ়ে। সিহঁতৰ নামত ধন সুখ ভোগৰ উপায় নহয় স্বয়ং ধনেই সুখ। ধনৰ নামত সিহঁত উদ্বাউল হয়, ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাই থকাই সিহঁতৰ পৰম সুখ। ল’ৰা-ছোৱালী বা আন কোনো পৰিয়াল নোহোৱা মানুহৰ পক্ষে কৃপণালি কৰি ধন সাঁচিবৰ কোনো কাৰণ দেখা নাযায়, কিন্তু তেনেকুৱা মানুহৰ ভিতৰত কৃপণৰ সংখ্যা সৰহ। ৰজাৰ আক্ৰোহ আৰু বজাৰ আক্ৰোহ সমান, এটা বচন আছে। ৰজাই আক্ৰোহ কৰি ধন সাঁচে প্ৰজাৰ অৰ্থে খৰচ কৰিবলৈ, কিন্তু বজাই আক্ৰোহ কৰি ধন সাঁচে চাই থাকিবলৈ। এই বিলাক কৃপণৰ বাদে আৰু এক শ্ৰেণীৰ কৃপণ আছে। ইঁহতে কোনো এটা সঙ্কল্প কৰি থোৱা ডাঙ্গৰ কামত খৰচ কৰিবলৈ কট্‌কিনালি কৰি ধন গোটায় আৰু কামৰ জোখাৰে ধন গোট খালে তেতিয়া তাক মুকলি হাতে খৰচ কৰে। আচল মতে ইহঁতক কৃপণ বুলিব নোৱাৰি। খৰচত হাত টান হ’লে মানুহক কট্‌কিনা বা কৃপণ বোলে। ইহঁতৰ হাত টান নহয়, কেৱল আগলৈ খৰচ কৰিবৰ মনেৰে সঞ্চয় কালত কট্‌কিনালি কৰে।

 খৰচৰ হাত টান হ’লে যেনেকৈ কৃপণ নাম পায়, ওচ মোচ নিবিচাৰি সৰহকৈ খৰচ কৰিলেও ধুঁৱাখুলীয়া নাম পায়। কৃপণ হোৱা যেনে