পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সাৰথি

এটা কাম কৰি তাৰ ফল লাভ কৰিবলৈ মনত যি অভিলাষ ওপজে তাকে হেপাহ বোলা হৈছে। আচলতে উৎসাহৰ গৰাকী কৰ্ম্মফল। যি কৰ্ম্মৰ ফল পাবলৈ মনত বৰ অভিলাষ জন্মে, সেই কৰ্ম্ম কৰিবলৈ উৎসাহো জন্মে। যাৰ মাছৰ নিমিত্তে বৰ অভিলাষ সি জাল পতা, পানী সিচাঁ, বা উজাগৰে থকা আদি মাছ ধৰিবলৈ যিবোৰ কাম কৰিব লাগে সেইবোৰ কাম বৰ উৎসাহেৰে আৰু উলাহেৰে কৰে। যাৰ মাছলৈ অভিলাষ নাই তেনেবোৰ কামত তাৰ উৎসাহো নাই। এতেকে কৰ্ম্মত হাত দিবৰ আগেয়ে তাৰ ফললৈ হেঁপাহ হ'ব লাগে।

 হেঁপাহ জন্মাবৰ ঘাই উপায় ফলৰ চিন্তা। ফল লাভ হ'লে যি সুখ বা সুচল হ'ব তাৰ বিষয়ে মনত চিন্তা কৰিলে ফললৈ হেঁপাহ জন্মে। পৰীক্ষা দিবলৈ ওলোৱা ছাত্ৰবিলাকত ইয়াৰ প্ৰমাণ পোৱা যায়। পৰীক্ষাত উঠিলে মানুহে কেনে প্ৰশংসা কৰিব, জীৱনত কিমান সুবিধা হ'ব ইত্যাদি পৰীক্ষাত উঠাৰ ফলবিলাক মনত পাগুলিবলৈ ধৰিলে সিহঁতলৈ হেঁপাহ হয়, আৰু সেই হেঁপাহৰ গুণত পঢ়িবলৈ মন যায়। কোনো কোনো মানুহক দেখা যায়, সিহঁতে বৰ টান কামো উৎসাহেৰে কৰে, হাজাৰ খোঁচৰ হ'লেও তাত সিহঁতৰ আমনি নালাগে। ইয়াৰ আচল কাৰণ এই যে সেই কামটোৰ ফললৈ সিহঁতৰ বৰ চকু থাকে, কামটো সিদ্ধ হ'লে যি ফল হ'ব তাক সিহঁতে দিনে নিশায় মনত আলচে। এক তৰপ মানুহে এই কথা উলাই কৰে, আৰু কয় ফললৈ বাঞ্ছা নকৰি কৰ্ত্তব্য বিবেচনাৰ পৰাহে কাম কৰা উচিত। আমাৰ বিবেচনাত এনে কথা অসম্ভৱ। ফললৈ চকু নাথাকিলে কোনো কামতে উৎসাহ নহয়,আৰু উৎসাহ নহ'লে কাম সুসিদ্ধ নহয় বুলি আগে কোৱা হৈছে। ফল লাভ কৰাই কামৰ উদ্দেশ্য,সেই ফলৰ আশা মনৰ পৰা আঁতৰত থৈ কাম সাধিব খুজিলে জ্বাল নুমাই দি চাউল সিজাবলৈ চেষ্টা কৰা যেন হয়। 'নিস্বাৰ্থ কাম' এটা কবৰ কথা মাথোন, তাত একো সাৰুৱা যুক্তি নাই। কোনো এবিধ স্বাৰ্থ নাথাকিলে মানুহে কামত হাত নিদিয়ে। ধন, মান, যশস্যা, ক্ষমতা বা আনন্দ এইবিলাকৰ এটা নহয় এটালৈ চকু ৰাখিহে মানুহে কাম আৰম্ভ কৰে। দৰিদ্ৰক দান দিয়া উৰি-আপ্ৰাণীক সহায় কৰা ইত্যাদি কেতবোৰ কামত কৰোঁতাৰ একো স্বাৰ্থ নোহোৱা যেন দেখা যায়, কিন্তু দকৈ গমি চালে সেইবোৰতো স্বাৰ্থৰ ছাট ওলাব।