পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বাঢ়ৈয়ে চাৰি চলা চিকোনাই দিব। অভ্যাসৰ গুণত মানুহৰ হাত খৰ হয়, আৰু কাম কৰোঁতে একো গুণা গঁথাও কৰিব নালাগে, সেই দেখি সময় বহুত ৰক্ষা পৰে।

কোনো কাম অভ্যাস কৰিব লাগিলে তাক আগে ভাগ ভাগকৈ ল'ব লাগে, তাৰ পাচত প্ৰত্যেক ভাগকে বেলেগ অভ্যাস কৰিব লাগে। চিত্ৰত পোন আৰু বেঁকা দুয়ো বিধ আঁক থাকে, সেই দেখি চিত্ৰ আঁকিবলৈ শিকাওঁতে প্ৰথমে পোন আৰু বেঁকা আঁক আঁকিবলৈ শিকায়, পাচে আঁকত অলপ পাৰ্গতালি জন্মিলে নানা ৰকম ক্ষেত্ৰ আঁকিবলৈ শিকায়। আঁক অঁকাত আৰু ক্ষেত্ৰ অঁকাত ভালকৈ অভ্যাস জন্মিলেহে পাচত চিত্ৰ আঁকিবলৈ দিয়ে। শিকাৰুৱে এই নিয়মত নচলিলে আগলৈ সি ভাল খনিকৰ হ'ব নোৱাৰে। যেনে তেনে ৰকমে শিকা খনিকৰৰ চিত্ৰ শুৱনি নহয়। সিহঁতে লিখা চিত্ৰৰ হাত যদি ভাল হয়, ভৰিত এটা খুঁত ওলায়, ভৰি যদি ভাল হয়, চকুত এটা খুঁত ওলায়। প্ৰতিমা সাজোঁতেও শিকাৰুৱে এই নিয়মত চলে। প্ৰথমে সিহঁতে খেৰ বান্ধিবলৈ শিকে, খেৰ বন্ধাত পাৰ্গত হ'লে মাটি লগাবলৈ শিকে। খেৰ বন্ধাত বা মাটি লগোৱাত প্ৰতিমাৰ অবয়ব ল-নি নহ'লে সি দেখিবলৈ ভাল নহয়। এইদৰে প্ৰত্যেক কামৰে অংশবিলাক বেলেগ বেলেগকৈ শিকিলে আৰু অভ্যাস কৰিলে শিকাৰুৱে শেষত কামটো নিখুঁতকৈ কৰিব পৰা হয়।

শিকিবলৈ আৰম্ভ কৰোঁতেই কাম অভ্যাস কৰা যুগুত নাইবা তাৰ আচল নিয়মটো পাহৰি শিকাৰুৱে নিজৰ মনে গঢ়া অশুদ্ধ নিয়ম মতে কাম কৰিবলৈ বাধ্য হয়। আখৰ লিখিবলৈ শিকোঁতে কোনটো আখৰ কোন ফালৰ পৰা জুৰিব লাগে তাক শিকিবৰ সময়তে সহজ কৰি হাত বহাই লোৱা ভাল। সুৱলা নিয়মত লিখিব নাজানিলে কেৱল যে আখৰ বেয়া হয় এনে নহয়, লিখাৰুৰ হাতো আগলৈ লেহেম হয়। প আখৰ লিখোঁতে কোনোৱে আগে নব নিচিনা এটা চিন কৰি লয়, পাচত পৰ মুখ লগাই দিয়ে, আকৌ খ লিখোঁতেও কোনোৱে আগে থৰ নিচিনা এটা চিন কৰে, পাচত খৰ ঠোঁট লগাই দিয়ে। এনেকুৱা ওভতা প্ৰণালীত কৰিলে কামত গহৰি নহৈ থাকিব নোৱাৰে।