পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হামাহি

কালিলৈ কৰিম এইকথা বহুত অনৰ্থক মূল। নকৰো বুলি বহি থকা এক কথা আৰু পাচত কৰিম বুলি কাম সাঁচি থৈ দিয়া এক কথা। প্ৰথমটো এটা সমস্যাৰ সিদ্ধান্ত, তাৰ পৰা এটা বিষয়ৰ ওচৰলৈ অহা হয়, আন এটা বিষয়ত হাত দিবলৈ আজৰি পোৱা যায়। দ্বিতীয়টো ঢুলনিৰ ডোল, তাৰ অহা যোৱাৰ ওৰ খয় নাই। কালিলৈ কৰিম বোলা মানুহে নিতৌ কামত ধৰে আৰু নিতৌ কালিলৈ থয়। তাৰ মনটো এবাৰ আগুৱায়, এবাৰ পাচুৱায়, এবাৰ কামৰ ওচৰ চাপে, এবাৰ কাম দেখি কোঁচ খাই আহে। এইদৰে ঢুলনি খেলাঁওতেই তাৰ দিন যায়, কাম কৰা নহয়। কৰিব লগীয়া কাম নকৰিলে মানুহৰ মনত এটা খুদুৱনি লাগে সেই খুদুৱনি গুচাবলৈ কিছুমানে পাচে কৰিম, কালিলৈ কৰিম এই বুলি মনক বোধাই থয়। দীৰ্ঘসূত্ৰতা এলাহৰ ফল, মনত এলাহ ৰাখি তাক ঢাকিবলৈ দীৰ্ঘসূত্ৰীয়ে মুখেৰে নানা আসোঁৱাহ দেখুৱায়; কোনো এবিধ সম্ভাৰৰ নাটনি দীৰ্ঘসূত্ৰীৰ সাধাৰণ ওজৰ, এই ওজৰৰ ঘৰ নাথাকিলে গা বেয়া মন বেয়া লাগিছে বুলি কাম নকৰে। কিন্তু খৰচীয়া মাৰি ওজৰবোৰ বিচাৰি নিলে গুৰিত গৈ এলাহহে পোৱা যায়। এইদৰে মিছায় সঁচায় ওজৰ উলিয়াই হাতত লোৱা কাম পাচুৱাই নিলে সেই কামটোতো নহয়েই তদুপৰি কামটো কৰিম বুলি ৰাখি থোৱা বাবে আন কামতো হাত দিব নোৱাৰি।

সময়ৰ মূল্য নুবুজা মানুহ দীৰ্ঘসূত্ৰী হয়। এক মূহুৰ্তকৰ ভিতৰত সংসাৰ লয়খয় হ'ব পাৰে, এই কথাৰ বোধ যাৰ আছে সি কেতিয়াও ভৱিষ্যৎ নিধিয়ায়, কেতিয়াও কালিলৈ কৰিব বুলি কাম থৈ নিদিয়ে। আলচা কৰ্ম্ম নহয় সিদ্ধি, বাটত আছে কমা বিধি, এই বচন মানুহ নিৰন্তৰে গায়, আৰু ইবাৰ অৰ্থও সকলোৱে বুজে তেও যে কিছুমান মানুহে আলচা কাম পাচলৈ সাঁচি থয়, ই বৰ আচৰিত কথা। ইয়াৰ কাৰণ অৱশ্যে এলাহ। এলাহৰ দণ্ডিত মানুহে কৰিব লগীয়া কাম সুচল পাইও নকৰি আগলৈ থৈ দিয়ে। কিন্তু সকলো কামত