পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধনৰ ব্যৱহাৰ

 ধনৰ সকাম আৰু উপাৰ্জ্জনৰ বিষয়ে আগত আলোচনা কৰা হৈছে, কিন্তু তাৰ ব্যৱহাৰৰ বিষয়ে কোনো কথা কোৱা হোৱা নাই। ধন উচিত ৰূপে ব্যৱহাৰ কৰিব নাজানিলে তাৰ সুফল ফলাব নোৱাৰি। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কট্‌কিনা বা কৃপণ বোলে। কৃপণক নিধনী বুলিলে অযুগুত নহয়। চকুৰে দৰ্শন আৰু ভৰিৰে বুলন কাম নকৰিলে তেনে মানুহৰ তেনে মানুহৰ সেই দুই চভিয়া নাই বুলি ধৰিব পাৰি। সেইদৰে যি মানুহে ধন থাকোতে ধনৰ কাৰ্য্য নকৰে তাক নিধনী বুলিলে যুক্তিৰ দোষ নহয়। আচল মতে কৃপণৰ ধন, ধন নহয়, লৰাই ওমলা খোলাকটি।

 ধনৰ দুইৰকম ব্যৱহাৰ হ'ব পাৰে, প্ৰথম ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ আৰু হাতী, ঘোঁৰা, গাড়ী, দোলা, বান্দী, বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটাই আনি উপভোগ কৰিব পাৰি। দ্বিতীয়, ধনৰে আনৰ উপকাৰ সাধিব পাৰি; ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰ ধনৰে যতোৱা যায়, মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি, আৰু বিদ্যালয়, চিকিৎসালয় আদি থাপন কৰি সৰ্ব্বসাধাৰণৰ উপকাৰ কৰিব পাৰি। কৃপণৰ ধন এই কাৰ্য্যবোৰৰ কোনোটোত নালাগে। ভোগৰ নিমিত্তে ধন, এই কথা কৃপণে নুবুজে। লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্ত্তোৱা, এই দুইত বাজে আন কামত ধন ভঙ্গা কৃপণক ধৰ্ম নহয়। তাৰ বিবেচনাত উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ, আৰু দান-দক্ষিণা ধনৰ অপব্যয় মাথোন। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে সি অত্যাচাৰ কৰা যেন বোধ কৰে। উৎসৱত ধন ভাঙ্গিলে তাৰ বিবেচনাত উদ্ভণ্ডালি কৰা বা ওভতগোৰে নচা হয়। ল'ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। সি নিজে যেনে খৰচৰ ভয়ত ধন বান্ধি থৈ দুখ ভোগ কৰে তাৰ ল'ৰা-ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ