পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
সাৰথি

ধৰে। মঙ্গহ আৰু তেজৰ গতি সম্বন্ধে মানুহে পতি একোটা বন্ধা নিৰিখ আছে, স্বাভাবিক অৱস্থাত সিহঁতে সেই নিৰিখ মতে গতি কৰে, কিন্তু ৰাগী কৰিলে নিৰিখ ৰাখিব নোৱাৰে, তাক পাৰ হৈ দুনা বেগত চলে এইদৰে উগ্ৰ বেগত চলালে যন্ত্ৰত আঁৰ লাগে বা তাৰ সঁজুলিবোৰ লৰচৰ হয়। উগ্ৰ মদপাবিলাকৰ ভিতৰত বহুতৰ শেষ কালত হাত ভৰিৰ কঁপনি হয়, সিহঁতে শৰীৰৰ কোনোটো অঙ্গ ইচ্ছা মতে থিৰ কৰি ৰাখিব নোৱাৰে। ইয়াৰ কাৰণ এই যে মদৰ ৰাগীত গাৰ শিৰবোৰ সদায় টনটনীয়া হৈ থাকে আৰু এইদৰে বহুত দিন টন্‌টনীয়া হৈ থকাত, পাচত গৈ ঢিলা পৰে। ৰবৰৰ নতুন ডোল টানিলে দীঘল হয় আৰু এৰি দিলে কোঁচ খাই আগৰ সমান হয়, কিন্তু সদায় এইদৰে টানি থাকিলে পাচত আৰু কোঁচ নোখোৱাত পৰে। গাৰ শিৰৰো লক্ষণ তেনেকুৱা, আদিতে সিহঁত ৰীতি মতে আঁট খাই থাকে, পাটত ৰাগীৰ গুণত সততে টান খাই খাই শেষত লোলা হয়। শৰীৰৰ যন্ত্ৰবোৰ এইদৰে ৰাগীৰ প্ৰভাৱত কোনোটো ক্ষয় যায়, কোনোটো দুৰ্ব্বল হয়, কোনোটো বা অচল হয়। যেতিয়া শৰীৰ এই অৱস্থাত পৰে তেতিয়া আগৰ ভোক আগৰ তজবজনি একো নাথাকে। মানুহটো জুৰুলা হয় আৰু জীৱনৰ বাকি দিন কেইটা সি কেৱল লালট ভুঞ্জে।

 অসম দেশত তিনি বিধ ৰাগীয়াল বস্তুৰ চল আছে, ইয়াৰে ভিতৰত কানি আৰু ভাং আজিকালি প্ৰায় অশিক্ষিত সামান্য মানুহৰ ভিতৰতহে চলে, শিক্ষিত তৰপে ইহঁতক ঘিন কৰে। মদ বা ফটিকাও এবিধ ৰাগীয়াল বস্তু, অসমত ইয়াৰো চল আছে। আগেয়ে ই অসমত দাঁতিকাষৰীয়া গাৰো, কচাৰি, নগা, ডফলা ইত্যাদি অসভ্য জাতিৰ ভিতৰত চলিছিল কিন্তু আজি কালি সুসভ্য শিক্ষিত অসমীয়াৰ ভিতৰতো ইয়াৰ আদৰ হৈছে। ৰাগীয়াল বস্তু বোৰৰ ভিতৰত যে মদৰ কিবা এটা বিশেষ গুণ আছে এনে নহয়, কেৱল সভ্য জাতিৰ ভিতৰত ইয়াৰ প্ৰতুল চল দেখি অসমৰ শিক্ষিত তৰপেও তাক ব্যৱহাৰ কৰিবলৈ ধৰিছে। মদ ব্যৱহাৰ কৰা বেয়া বুলিলে তেওঁলোকে চাহাববিলাকৰ পাটন দি কয় যে, মদ বেয়া বস্তু হ'লে জনা বুজা সুসভ্য চাহাববিলাকে তাক কিয় ব্যৱহাৰ কৰিব? এনেকুৱা ভাৱ মনত লৈ অসমৰ বহুত মানুহ মদ খাই নষ্ট