সাৰথি/চতুৰ্থ ভাগ
[ ৭৭ ]
চতুৰ্থ ভাগ স্বাস্থ্য
স্বাস্থ্য ধন পৰম ধন। যি এই ধনত দুখীয়া সি সকলো বিষয়ত দুখীয়া। স্বাস্থ্যহীন মানুহে নিজে পুৰুষাৰ্থ কৰি সুখ উপাৰ্জ্জন কৰা দুৰৈৰ কথা, সুখত জন্মিলেও সি তাক ভোগ কৰিব নোৱাৰে। তাৰ পক্ষে জীৱনটো এটা শাস্তি আৰু পৃথিৱী এখন বন্দীশাল। ৰুগীয়া শৰীৰ এটা যাতনাৰ যন্ত্ৰ। যি এই যন্ত্ৰৰ পাকত পৰে, সি নিজেতো নিকাৰ ভুঞ্জেই, তদুপৰি পৰিয়ালবিলাককো ভুঞ্জায়। এই নিমিত্তে ৰুগীয়াক কোনেও দেখিব নোৱাৰে। নিৰুজ শৰীৰ সকলো সুখৰ মূল, উৎসাহ আৰু আনন্দ ইয়াৰ লগৰীয়া। দুখৰ অৱস্থাত পৰিলেও স্বাস্থ্যৱন্ত মানুহে সংসাৰত সুখে কাল নিয়াব পাৰে। স্বাস্থ্যৰ গুণত অশুৱনি মানুহকো শুৱনি দেখা যায়। সদায় সুস্থ থকাই শৰীৰৰ স্বভাৱ, সেই শৰীৰ যে অসুস্থ হয়, ই কেৱল মানুহৰ নিজৰ দোষ। বহুত মানুহে অনিয়মত চলি আৰু উদ্ভণ্ডালি কৰি ৰোগ মাতি আনে। পিতৃ-মাতৃৰ দোষতো কিছুমান ৰোগ জন্মে, কিন্তু তেনে ৰোগত পৰি সংসাৰত অকাজভাগী হোৱা মানুহৰ সংখ্যা অলপ। সৰহ ভাগ ৰুগীয়াই নিজৰ কৰ্ম্ম দোষত ৰোগৰ গ্ৰাসত পৰি জীয়াতু ভোগ কৰে। ৰোগ মানুহৰ এটা পৰম শত্ৰু, এই শত্ৰুৰ হাতত নপৰিবলৈ সকলোৱে চেষ্টা কৰা উচিত। স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে আৰু সি যে কেতিয়াবা বেয়া হ'ব পাৰে তাকো নাভাবে। সেই দেখি স্বাস্থ্যৰ ওপৰত আদিতে মানুহৰ অত্যাচাৰ অন্ত নাই। পাচত যেতিয়া নিঘুণীয়া স্বাস্থ্যত ঘুণ দেখা দিয়ে, সুস্থ গা অসুস্থ হয়, তেতিয়া সিহঁতৰ জ্ঞান জন্মে। তেতিয়াহে সিহঁতে স্বাস্থ্য এটা অমূল্য বিভূতি বুলি বুজিব পাৰে আৰু তেতিয়া হাঁয়! হাঁয়! [ ৭৮ ] বুলি অনুশোচনা কৰি ভগা স্বাস্থ্য জোৰা দিবলৈ উপায় বিচাৰি ফুৰে। কিন্তু ফটা বাঁহ কদাপি জোৰা নালাগে, স্বাস্থ্যৰ এবাৰ ভাগিলে দুনাই জোৰা নাখায়, ৰুগীয়াই তাৰ বাকী জীৱন ডোখৰ দেহাটোক বাণিফটা নাওৰ নিচিনা তালি-তাপলি দি বাব লগীয়া হয়। শয়ন ভোজন আৰু স্বভাৱ চৰিত্ৰৰ দোষত যে ৰোগ হয়, ই ধুৰুপ কথা। যাৰ স্বভাৱ চৰিত্ৰ ভাল, আৰু যি খোৱাবোৱাত সাৱধানে চলে তাৰ বেগতে ৰোগ নহয়। বাচি খালে আৰু জাগি শুলে, অৰ্থাৎ খাৱন শোৱনত সাৱধানে চলিলে নৰিয়া নহয় বুলি সকলোৱে কয়। কিছুমান নিৰ্ব্বোধ মানুহে নৰিয়াকো বিধিৰ লিখন বুলি বিবেচনা কৰে, আৰু কয় যে বৰ সাৱধানে চলা মানুহৰো মৰণ হয়। এই তৰ্কত কোনো গধুৰ যুক্তি আছে বুলি বোধ নহয়। জীৱনৰ ভিতৰত মানুহ এবাৰ মৰে, এবাৰৰ বেচি মৰণে দুখ নোৱাৰে, কিন্তু অসাৱধানে চলি মানুহে হাজাৰ বাৰ ৰোগত পৰে, আৰু হাজাৰ বাৰ যাতনা ফুঞ্জে। খাৱন শোৱন সম্বন্ধে কিছুমান স্বাভাৱিক নিয়ম আছে, সেই নিয়মবোৰ পালিলে মানুহৰ নৰিয়া নহয়, নাপালিলে হয়। নৰিয়া অনিয়মৰ শাস্তি মাথোন। এতেকে খাৱন শোৱনৰ নিয়মৰ ভিতৰত প্ৰধান প্ৰধান কেইটামানৰ বিষয়ে ইয়াত আলোচনা কৰা হয়। বাসৰ ঠাই সুস্থ শৰীৰ আৰু শুকান ঠাই এই দুয়োৰো ভিতৰত বিশেষ সম্বন্ধ আছে। জেকা ঠাইতে মানুহে কেতিয়াও গা ভালে ৰাখিব নোৱাৰে। স্বাস্থ্যৰ আনবোৰ আহিলা সকলো থাকিলেও কেৱল জেকা ঠাইৰ দোষতেই ঘনেপতি মানুহৰ নৰিয়া হয়। ইয়াৰ কাৰণ অলপ গমি চালেই বুজিব পাৰি। শুকান [ ৭৯ ] ঠাইত বৰকৈ মলি বন্ধ নাথাকে, যি অলম মলি তাত পৰে, সি মচোঁতে সৰোঁতে ই যায়। কিন্তু জেকা ঠাইৰ মলি নুঠে, সি তাত লেপেট খাই ধৰে, আৰু লাহে লাহে পচি ওচৰৰ বায়ু দূষিত কৰে। জেকা ঠাইৰ পৰা পুৱা গধুলি যি ভাগ ওলায় সি বিষাক্ত, গাত লাগিলে এটা নহয় এটা দুৰ্গুণ কৰে। এই দেখি পৰা পক্ষত সততে শুকান ঠাই বিচাৰি ঘৰ কৰা উচিত। শুকান ঠাইৰ ভিতৰত পৰ্ব্বতৰ নখ, অৰ্থাৎ নামনিৰ ভাগ বাসৰ উপযুক্ত নহয়। বাৰিষাৰ বৰষুণে পৰ্ব্বত পখালি তাৰ সমস্ত মলি, আৰু বিষাক্ত গছগছনিৰ বিহ উটাই আনি নামনিত থয়। মুঠতে ক'ব লাগিলে, পৰ্ব্বতৰ নখ তাৰ বিহমোনা, তেনেকুৱা ঠাইত কেতিয়াও মানুহৰ গা ভালে থাকিব নোৱাৰে। কিন্তু পৰ্ব্বতৰ টিং বা টিং-কাষৰীয়া ঠাই স্বাস্থ্যকৰ, কাৰণ তাত কোনো মলি বা বিহ থিতাপি লৈ নাথাকে, আৰু তাত সদায় নিৰ্ম্মল বায়ু চলে। বাহি-কাষৰীয়া ঠাইও স্বাস্থ্যৰ পক্ষে বেয়া, হাবিৰ দূষিত বায়ুৱে তাৰ চাৰিও ফাল দূষিত কৰি থয়। ঠাইৰ উত্তম নৈৰ দাঁতি, তাত সদায় জল-বা লাগে, গতিকে তেনে ঠাইত ঘৰ কৰিলে নৰিয়া হ'বৰ বৰ আশঙ্কা নাথাকে। বহুত খাল থকা ঠাইত বাস কৰা অযুগুত। খাল হ'লেই তাত খেৰ, কুটা, জাবৰ আদি নানা বিধ পেলনীয়া বস্তু গোট খায়, আৰু বৰষুণত ওখ ঠাইৰ মলিবোৰো উটি আহি পৰে, পাচত এইবোৰেই পচ ধৰি ওচৰৰ বায়ু দূষিত কৰে। স্বাস্থ্যৰ মূল নিৰ্ম্মল বায়ু; যত তেনে বায়ুৰ নাটনি, তাত স্বাস্থ্য ৰখা দুষ্কৰ। খালৰ পৰা যিবোৰ অপকাৰ হয়, পুখুৰীৰ পৰাও সেইবোৰ অপকাৰ হয়, সেইদেখি ঘৰৰ ওচৰত পুখুৰী ৰখা উচিত নহয়, বা ৰাখিলেও তাত মলি গোট খাব দিব নালাগে। ডাঙ্গৰ পৰিস্কাৰ পুখুৰী বোৱঁতী নৈৰে নিচিনা, তাৰ পৰা স্বাস্থ্যৰ উপকাৰৰ বাজে অপকাৰ নহয়। বাসৰ ঘৰ
থকা ঘৰ পৰা পক্ষত পশ্চিমমুৰা কৰিব নালাগে। পশ্চিম মুৱা ঘৰত আবেলিৰ চেৰেঙ্গা ৰদ সোমাই ভিতৰৰ বায়ু তপত কৰে, তদুপৰি বতাহ বৰষুণৰো বৰ উপদ্ৰপ হয়। ঘৰৰ উত্তম দক্ষিণমুৱা; তেনে ঘৰক আবেলিৰ ৰদে বা বৰষুণৰ আছাৰেকণিয়ে লগ নাপায়। দক্ষিণে সুচল নহ'লে পূবলৈ মুখ কৰি ঘৰ সাজিলেও দোষ নাই। থকা ঘৰৰ ভেটি ওখ হয় মানে ভাল। শোৱনী ঘৰত কলহ, টেকেলি, পাচি, খৰাহি বা আন কোনো লাকটি-পাকটিৰে জাঁজ কৰি থোৱা উচিত নহয়, তাত আলান্ধু বা মকৰাৰ জাল হ'বলৈ দিয়াও অনুচিত। ঘৰ সদায় সাৰি থকা ভাল আৰু ভেটি জেকা নহ'লে সদায় মচিলেও হানি নাই। কিন্চু জেকা ঘৰ সদায় মচিলে অপকাৰ হয় কাৰণ যি ভেটি এনেই জেলেকীয়া তাক নিতৌ পানীৰে মচিলে, পানীত পানী ঢালি থকা হয়, সি আৰু শুকাবলৈ সময় নাপায়। ঘৰৰ ভিতৰত পিক, থু বা খেঁকাৰ [ ৮১ ] পোলোৱা উচিত নহয়, পেলালে বেয়া গোন্ধ ওলায়, আৰু ঘৰৰ বায়ু দূষিত কৰে। বেৰবিলাক দুয়ো পিঠিয়ে মাটিৰে লিপি লোৱা ভাল, কাৰণ তেনেহলে ৰদ বৰষুণে বৰকৈ উপদ্ৰপ কৰিব নোৱাৰে। চূণ এবিধ বৰ উপকাৰী বস্তু; চূণে দুৰ্গন্ধ নাশ কৰে আৰু বায়ু শুদ্ধ কৰে। পাৰিলে বেৰত চূণ লগাই লোৱা উচিত। চূণ দিয়া ঘৰত পোহৰো বেছি হয়। ভোজন
অতি ভোজন ৰোগৰ মূল, এই এটা নীতি বচন। ই সঁচা নে মিছা, এদিন অতি ভোজন কৰি চালেই বুজিব পাৰি। পেট ওপচাই খালে বহুত পৰলৈকে গেৰেউ-গেথেউ লাগে আৰু গা চাটি-ফুটি কৰে, খোৱা বস্তু দেখিলে বাঁতি আহিব খোজে, মূৰ ফুৰণি উঠে। এদিন পেট উপচাই খালে ইমানতে দুৰ্গুণৰ শেষ পৰে, কিন্তু কিছুমান দিন এইদৰে চলিলে খন্তেকীয়া আহুকাল গৈ [ ৮২ ] চিৰকলীয়া ৰোগত পৰে। উগ্ৰ ভোজনৰ দোষত কোনোৰ অজীৰ্ণ বোৰগ জন্মে, কোনোৰ পিত্ত দোষ জন্মে, কোনোৰ বা নেৰানেপেৰা তেজ-গ্ৰহণী হয়। অতি ভোজনৰ কাৰণ লোভ। লুভীয়া মানুহে ভাল বস্তু পালে ঠিহাই খায়, জিভাৰ জুতিত স্বাস্থ্যলৈ একেবাৰে পাহৰে। এই শ্ৰেণীৰ মানুহক সাধাৰণ কথাত খঁকুৱা বোলে খঁকুৱা মানুহৰ স্বাস্থ্য ঘুণীয়া হয়। জীৱন ৰক্ষা আৰু শৰীৰ সবল কৰাই আহাৰৰ উদ্দেশ্য, সেই উদ্দেশ্য সাধিবলৈ যিমানখিনি লাগে তাতকৈ সৰহ আহাৰ কৰা কদাপি উচিত নহয়। কিছুমান মানুহে সৰহকৈ খাব পৰাটো পুৰুষালি যেন বোধ কৰে, আৰু পেটে নধৰিলেও দুগৰাহ হেঁচুকি খায়। ইহঁতে কেতিয়াবা আন মানুহৰ লগত আৰি মাৰি খাবলৈ বহে, আৰু আৰিত জিকিবলৈ অপৰিমিত ৰূপে খায়। এইদৰে আৰিয়া অৰি কৰি খাই পাচত নৰিয়াত পৰা বহুত মানুহক দেখা গৈছে। খাৱনত আৰি মৰা বৰ নিৰ্ব্বোধৰ কাম। মানুহৰ শৰীৰ আৰু শক্তি অনুসৰি আহাৰৰ পৰিমান অলপ বা সৰহ হয়। যাৰ শৰীৰ মঠঙ্গা আৰু শকত তাৰ আহাৰ স্বভাৱতে সৰহ আৰু যাৰ শৰীৰ লাহি তাৰ আহাৰ অলপ। মানুহে পতি আহাৰৰ এটা স্বাভাৱিক সুকীয়া জোখ আছে, ভোজনত সেই জোখ অতিক্ৰম কৰিলে অপৰিমিত ভোজন কৰা হয়। কিছুমান মানুহে পাতত ভাত ৰলে, তাক পেলাই দিয়াটো অযুগুত যেন বোধ কৰে, কয় যে পাতত এৰি ভাত পেলনি নিওৱাতকৈ খাই থ'লেই গাত লাগে। ই এটা অদ্ভুদ উপদেশ। পাতত ৰোৱা ভাত পেটত থ'লে, সেই ভাতৰ ব্যৱহাৰ কৰা নহয়, পেলাই দিলেহে তাৰ সজ ব্যৱহাৰ হয়। ভোক পলোৱাৰ পাচত যি ভাত খোৱা যায় সি শৰীৰত ভাতৰ কাৰ্য্য নকৰি বিহৰ কাৰ্য্য কৰে। আভোকৰ এমুঠিও পেটৰ শিল যেন হয়। ৰোৱা ভাত পেলাব নুখুজিলে তাক থৈ দি পাচত ভোক লাগিলে খোৱা ভাল। আহাৰ ইচ্ছা অনুসৰি বঢ়াব পাৰি। নিতৌ এগৰাহ বঢ়াই নিলে, পাচত গৈ একাঁহী বাঢ়ে। এইদৰে কোনো কোনো নিছলা মানুহকো ভোজনিয়াৰ হোৱা দেখা যায়। ভাতৰ নাড়ী ৰবৰৰ মোনাৰ নিচিনা, সি টান খালে বলে। যি মানুহে দিনৌ দুই এগৰাহ ভাত বঢ়াই যায় তাৰ নাড়ীত সেইদৰে বলি যায় আৰু [ ৮৩ ] পাচত গৈ বহুত ভাত ধৰা হয়। কিন্তু তেনেকুৱা ভোজনে পেট মাথোন বঢ়ায়, শৰীৰ শকত নকৰে। এইদৰে আহাৰ বঢ়োৱা মানুহৰ গা কিৰ্কিৰীয়া, কিন্তু পেট ভাতৰ ডুলি। আহাৰ যেনেকৈ বঢ়াব পাৰি, তেনেকৈ টুটাবও পাৰি। নিতৌ দুই এগৰাহকৈ টুটাই নিলে পাচত গৈ অলপ খালেই পেট ভৰে আৰু হেঁপাহ পলায়। আগৰ কালত যোগীবিলাকে এইদৰে আহাৰ কমাইছিল সংসাৰ-যাত্ৰীৰ পক্ষে চেষ্টা কৰি আহাৰ কমোৱা যুগুত নহয়। সংসাৰত উদ্গতি কৰিবলৈ শৰীৰত বল শক্তি লাগে। আহাৰ কমাই শৰীৰ নিৰ্ব্বলী কৰিলে সংসাৰ-যুঁজত জয় লাভ কৰা টান হয়। এতেকে সংসাৰী মানুহে উচিত পৰিমানে আহাৰ কৰি গাত বল বন্ধা যুগুত। আহাৰ কমানে পৰিশ্ৰমী মানুহে অল্পায়ুস হয়। খোৱা বস্তুবিলাক পৰিস্কাৰ আৰু নতুন হ'ব লাগে। গেলি পচি বিকৃত হোৱা বস্তু খালে শৰীৰত ৰোগ হয়। এই নিমিত্তে বাহী আঞ্জা, বাহী ভাত খোৱা উচিত নহয়। খোৱা বস্তুৰ ভিতৰত কিছুমান গধুৰ অৰ্থাৎ গুৰু-পাকী আৰু কিছুমান পাতল অৰ্থাৎ লঘু-পাকী বস্তু আছে। গধুৰ বস্তু সোনকালে জীৰ্ণ নাযায়, সেই দেখি তেনে বস্তু সৰহকৈ বা সদায় খোৱা অনুচিত। কিছুমান মানুহে বিবেচনা কৰে যে খোৱা বস্তুৰ ভেদাভেদৰ পৰা মানুহ বলী বা নিৰ্ব্বলী হয়, কিন্তু এই কথাৰ ভাল প্ৰমাণ পোৱা নাযায়। মাংস এবিধ বৰ বলকাৰক বস্তু; তেওঁ মাংসভোজী মানুহ সকলোবোৰ বলৱন্ত নহয়। অনেক শাকেৰে পেট পোহা মানুহো মঙ্গহ ব্যৱহাৰ কৰা মানুহতকৈ বলৱন্ত আৰু শক্তিমন্ত হোৱা দেখা যায়। ইয়াৰ পৰা ঠাৱৰাব পাৰি যে সুস্থ শৰীৰত সকলো প্ৰকাৰৰ খাদ্য বস্তুৱে উপকাৰ দিয়ে। খাদ্য বস্তুৰ সোৱাদ বা জুতি বঢ়াবলৈ যিবোৰ বস্তু ব্যৱহাৰ কৰা হয় সেইবোৰ বস্তু সৰহকৈ খোৱা উচিত নহয়। চেনি, গুৰ, বাৰবাখৰ আদি বস্তুবোৰ কেৱল জুতিৰ বস্তু, এতেকে এইবোৰ সৰহকৈ খোৱা অনুচিত। নিৰ্ম্মল পানী স্বাস্থ্যৰ পক্ষে এবিধ বৰ লাগতিয়াল বস্তু। পানীৰ দুৰ্গুণৰ পৰা মনুষ্য শৰীৰত যে বহুত বিধ ৰোগ জন্মে ইয়াক কোনেও নহয় বুলিব নোৱাৰে। যিবলাক ঠাইত আগে জহৰী আদি মাউৰৰ বৰ প্ৰভাৱ আছিল, কলৰ ছেকা পানী ওলাবৰ পৰা সেইবিলাক ঠাইত মাউৰ কমি গৈছে। গা ধোৱা আৰু [ ৮৪ ] পি-খোৱা পানী সততে নিৰ্ম্মল হোৱা উচিত। ৰান্ধনৰ পানীও নিৰ্ম্মল হ'লে ভাল, কিন্তু যত নিৰ্ম্মল পানী পাবলৈ টান, তাত দূষিত পানীৰেও ৰান্ধন চলাব পাৰি, কাৰণ ৰান্ধনৰ পানী উতলোৱা যায়, সেইদেখি তাত যি দোষ থাকে সি অগ্নিৰ সংযোগত নষ্ট হয়। কিন্তু গা-ধোৱাত বা পি-খোৱাত বেয়া পানী কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয়। যি ঠাইত নিৰ্ম্মল পানী একেবাৰে দুৰ্লভ, তাত পানী উতলাই চেঁচা কৰি ব্যৱহাৰ কৰা যুগুত। আজি কালি বিজ্ঞানৰ গুণত পানী শুদ্ধ কৰিবৰ বহুবিধ যন্ত্ৰ ওলাইছে, তেনে কোন যন্ত্ৰেৰেও দূষিত পানী শুদ্ধ কৰি ল'ব পৰা যায়। শয়ন
মানুহৰ বয়সৰ লগত টোপনিৰ বিশেষ সম্বন্ধ। শিশু কালত টোপনিৰ অধিকাৰ বেচি। কেচুৱা ল'ৰা-ছোৱালীবোৰ দিনে নিশায় শোৱে, এখন্তেকমান পৰি মাথোন সাৰে থাকে, কিন্তু সিহঁতৰ বয়স যিমানেই বাঢ়ি যায় সেই অনুপাতত [ ৮৫ ] টোপনিও সিমানে টুটি আছে। বুঢ়া মানুহবিলাকৰ টোপনি নিচেই কম হয়, চাৰি বা পাঁচ ঘণ্টাৰ বেচি সিহঁতৰ টোপনি নাহে। অভ্যাস কৰি যেনেকৈ আহাৰ বঢ়াব টুটাব পাৰি, টোপনিও তেনেকৈ বঢ়াব টুটাব পাৰি। অভ্যাস কৰি কোনো মানুহে ডেকা বয়সতো দিন ৰাতিৰ ভিতৰত ষোল সোতৰ ঘণ্টা শোৱে, আকৌ চাৰি পাঁচ ঘণ্টা শুইও কোনোৱে গা ভালে ৰাখিব পাৰে। শুৱৰ স্বাভাৱিক সময় ৰাতি। দিনত কাম কৰি মানুহৰ ভাগৰ লাগে, ৰাতি শুলে সেই ভাগৰ পলায়, আৰু আকৌ কাম কৰিবলৈ গাত বল হয়। কোনো কোনো মানুহে এই স্বাভাৱিক নিয়ম লঙ্ঘন কৰি দিনৰ ভাগতো টোপনি মাৰে। ই বৰ অযুগুত কথা। দিনৰ শয়ন আৰু আভোকৰ ভোজন একে ৰকম। অভোকত খালে যেনে অসুখ হয়, দিনত শুলেও তেনে অসুখ হয়, তদুপৰি সময়খিনি বিফলে যায়। ৰাতি জাগৰণ স্বাস্থ্যৰ পক্ষে বৰ অপকাৰী, এৰাতি উজাগৰে থাকিলে দুদিনলৈ গা গেৰেউ-গেথেউ লাগে। প্ৰয়োজন অনুসৰি মাজে সময়ে কেতিয়াবা উজাগৰ নিদিলে নচলে কিন্তু সেই বুলি অবাবত টোপনি খতি কৰি স্বাস্থ্যৰ অপকাৰ কৰা উচিত নহয়। কিছুমান মানুহে কয় যে অভ্যাস কৰিলে অনিদ্ৰাও সহন হ'ব, কিন্তু এই কথা বিশ্বাস কৰিব নোৱাৰি। অভ্যাসত টোপনি কমে কিন্তু তাৰ প্ৰয়োজন একেবাৰে খণ্ডন নহয়। আহাৰ নিদ্ৰা শৰীৰৰ ধৰ্ম্ম, তাক এৰি শৰীৰ কেতিয়াও তিষ্ঠিব নোৱাৰে। সংসাৰী মানুহে যথোচিত ভোজন আৰু যথোচিত শয়ন কৰি শৰীৰ ৰক্ষা কৰা উচিত। শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা
মলিয়ন হ'লে শৰীৰ অশুচি হয়। সেই অশুচি শৰীৰ শুচি কৰিবলৈ শাস্ত্ৰকাৰসকলে স্নানৰ বিধান কৰিছে, কাৰণ স্নান কৰিলে মলি গুচি শৰীৰ শুচি হয়। কিন্তু আগৰ কালত শুচি হোৱাৰ যি অৰ্থ আছিল, এতিয়া সেই অৰ্থ নাই। আজিকালি টাটৰি বন্ধ খাই গা ফপৰীয়া হ'লেও বা দাঁতত ওখল পৰি গোন্ধ ওলালেও মানুহ অশুচি নহয়, অৰ্থাৎ এতিয়াৰ মতে মলিয়ে মানুহক অশুচি কৰিব নোৱাৰে। এতিয়া বাহী ঢাৰী পাটি ছুলে বা আলিবাটত ওলাই ফুৰিলে, বা অজাতিৰ ছাঁ গচকিলে মানুহ অশুচি হয় আৰু তেতিয়া গা ধুই শুচি হ'ব লাগে। শুচি হোৱাৰ অৰ্থ এইদৰে পৰিবৰ্ত্তন হোৱাত, স্নানৰ অৰ্থও আজিকালি পৰিবৰ্ত্তন হৈছে। আজিকালি গা তিয়ালেই স্নান কৰা হয়, তাক ঘঁহি পিহি নিকা কৰা কামটো স্নানৰ লগৰীয়া নহয়। সেই দেখি তিনি প্ৰসঙ্গে স্নান কৰা কোনো কোনো মহা শুদ্ধাচাৰী মানুহৰ গাতো খমলা খমল মলি দেখিবলৈ পোৱা যায়। যথাৰ্থ পক্ষত মল ধুই নিকা নকৰিলে শৰীৰ শুচি হোৱা বুলি ধৰিব নোৱাৰি। শাস্ত্ৰকাৰবিলাকেও মলিয়ন শৰীৰক শুচি বুলি ধৰা নাছিল। অশুচি হ'লে সিবিলাকে স্নানৰ বিধান কৰিছে। ইয়াৰ পৰা ভালকৈ বুজিব পাৰি যে অশুচি শৰীৰ ধুই মলি গুচাই শুচি হ'ব লাগে। মলি গুচাবৰ নিমিত্তেহে স্নানৰ ব্যৱস্থা। এই ব্যৱস্থা অমাত পশু পক্ষীৰ ভিতৰতো দেখা যায়। হাতী, মহ, শালিকী, কাউৰী এইবোৰেও গা ধুৱে। ইহঁতে কেৱল গা তিয়াই শুচি হ'বলৈ পানীত জোবোৰা নামাৰে, মলি গুচাই নিকা হ'বলৈহে বুৰিয়াই বুৰিয়াই গা ধোৱে। শালিকী কাউৰীয়ে ঠোঁটেৰে পাখি পৰিস্কাৰ কৰা সদায় দেখা যায়। এতেকে গা ধুবৰ সময়ত সকলোবোৰ অঙ্গ ঘঁহি নিকা কৰিব লাগে। গাৰ সন্ধিবোৰ মলিন ভঁৰাল, সেইবোৰ সততে ঘঁহিব লাগে, তেহে তাত মলি বন্ধ খাব নোৱাৰে। কাণৰ কণামাকৰি, নাকৰ খাকৰু কেতিয়াও থাকিবলৈ দিব [ ৮৭ ] নালাগে। দাঁত,চুলি, নখ আদি ঠাইবোৰত নিতৌ মলি বন্ধ খাই, গতিকে নিতৌ সিহঁতক পৰিস্কাৰ কৰা উচিত। স্বাস্থ্যৰ পক্ষে শৰীৰৰ শুদ্ধতা যেনে লাগতিয়াল, বস্ত্ৰৰ শুদ্ধতাও তেনে লাগতিয়াল।সদায় মলিয়ন কাপোৰ ব্যৱহাৰ কৰিলে স্বাস্থ্য বেয়া হয়। বহুতে নিকা কাপোৰক কেৱল ধুনৰ বস্তু বুলি বিবেচনা কৰে, সেই দেখি তলত মলিয়ন কাপোৰ পিন্ধি ধুন বঢ়াবলৈ ওপৰত নিকা কাপোৰ লয়। বস্ত্ৰ ব্যৱহাৰৰ ই এটা বিপৰীত ব্যৱস্থা। নিকা আৰু মলিয়ন দুয়ো ৰকম কাপোৰ পিন্ধাৰ প্ৰয়োজন হ'লে, তলত নিকা আৰু ওপৰত মলিয়ন পিন্ধাহে যুগুত, কাৰণ তেনেহলে কাপোৰৰ মলিয়ে গা ঢুকি নাপায়। এসাজ কাপোৰকে কেও পৰত ব্যৱহাৰ নকৰিলে ভাল। নিশা যি কাপোৰেৰে শোৱা যায়, দিনত তাক তিয়াই দিয়া উচিত। শোৱা পাটীৰ তলচা, তলতপৰা, গাৰুৰ গিলিপ, নিহালীৰ গিলিপ সকলোকে পৰিস্কাৰকৈ ৰাখিব লাগে, আৰু মাজে সময়ে ৰদাব লাগে। ব্যায়াম
বল বঢ়ালে বাঢ়ে, ব্যায়াম অভ্যাস কৰি তাক বঢ়াব পাৰি। ব্যায়ামৰ গুণত বহুত মানুহক অদ্ভুত বল লাভ কৰা দেখা যায়। ব্যায়ামৰ পৰা নিছলা শৰীৰ শকত, লাহী কলিজা ডাঙ্গৰ হয়, আৰু তেজৰ বেগ খৰ হৈ উঠে। [ ৮৮ ] ব্যায়াম এটা স্বভাৱৰ ব্যৱস্থা; পশু-পক্ষীৰ ভিতৰতো ইয়াৰ প্ৰচলন আছে। সিহঁতে কেতিয়াবা অবাবতে জপিয়াই ডেও পাৰি ফুৰে। এইদৰে জপিয়াই ফুৰাটো এক ৰকম ব্যায়াম,তাকে কৰি সিহঁতে ব্যায়ামৰ ফল পায়। ঘৰচীয়া পশুতকৈ বনৰীয়া পশুৰ ভিতৰত ব্যায়াম প্ৰচলন বেছি, সেইদেখি বনৰীয়াবোৰ ঘৰচীয়াবোৰতকৈ বেছি শকত আৰু বলৱাল। সিহঁতৰ ভিতৰত ৰোগ ব্যাধিও কম দেখা যায়। ব্যয়ামৰ আচৰিত গুণ, ইয়াৰ পৰা মানুহে অদ্ভুদ ক্ষমতা লাভ কৰে। ব্যায়ামৰ প্ৰখ্যাত ওজা চেণ্ডো চাহাব পূৰ্ব্বতে নিচেই নিশকতীয়া মানুহ আছিল, পাচে ব্যায়াম অভ্যাস কৰি এতিয়া এজন বিৰিঙ্গ পুৰুষ হৈছে। তেওঁ পৃথিৱীৰ বহুত ঠাইত মনুষ্যদুৰ্লভ প্ৰতাপ দেখুৱাই অক্ষয় খ্যাতি লাভ কৰিছে। তেওঁৰ বলৰ কথা শুনিলে বিস্ময় মানিব লাগে। বলী প্ৰধান সিংহকো তেওঁ মল্ল যুদ্ধত পৰাজয় কৰি নৰসিংহ নাম পাইছে। এই খ্যাতিমন্ত চেণ্ডোৱে ব্যায়াম সম্বন্ধে যিবিলাক উপদেশ দিছে তাৰে প্ৰধান দুই চাৰিটাৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ল। বহুত মানুহৰ বিশ্বাস আছে যে ব্যায়াম কেৱল ডেকা মানুহৰ হে যোগ্য, কিন্তু চেণ্ডোৱে তেনে কথা নকয়। তেওঁৰ মতে ল'ৰা, বুঢ়া, ডেকাসকলোৱে ব্যায়াম কৰিব পাৰে,আৰু কৰিলে সকলোৱে সমানে ফল পায়, কিন্তু শিকাৰুৰ বয়স অনুহৰি ব্যায়ামৰ প্ৰণালী বেলেগ বেলেগ হয়। সেইবিলাক প্ৰণালী ব্যায়াম শিকিব খোজা মানুহে তেওঁ লিখা কিতাপ পঢ়ি শিকিব পাৰে। চেণ্ডোৰ বিবেচনাত শৰীৰৰ অঙ্গবোৰ চলালেই, অৰ্থাৎ হাত, ভৰি, কঁকাল, আঙুলি আদি সঞ্চালন কৰিলেই ব্যায়াম কৰা নহয়, ব্যায়ামত মনৰো বিশেষ কাৰ্য্য আছে। ব্যায়াম কৰিবৰ সময়ত শৰীৰটোৰ বিষয়ে তদ্গত মনে চিন্তা কৰিব লাগে। চিন্তাশূণ্য ব্যায়ামে উপকাৰ নকৰে। ব্যায়ম শিকাৰুবিলাকে আৰু এটা কথা মনত ৰাখিব লাগে যে মানুহৰ অঙ্গবোৰৰ ভিতৰত দুটা এটা অঙ্গহে দুৰ্বল থাকে, কোনো মানুহৰ বাহু দুৰ্বল, কোনো মানুহৰ কৰঙ্গন দুৰ্বল, কোনো মানুহৰ কলিজা দুৰ্বল, কোনো মানুহৰ হাঁওফাঁও দুৰ্বল, কোনো মানুহৰ কঁকাল দুৰ্বল। ব্যায়ামৰ সময়ত যাৰ যি অঙ্গ দুৰ্বল তাৰ ওপৰত মন থাপি আৰু ভিৰ [ ৮৯ ] পেলাই ব্যায়াম কৰা উচিত। কেইবাটাও অঙ্গ দুৰ্বল থাকিলে একেবাৰে এটাইবোৰ শকত কৰিবলৈ চেষ্টা নকৰি এটা এটাকৈ ধৰা উচিত। ব্যায়ামৰ ফল একেদিনে বা একেমাহে লাভ কৰিব নোৱাৰি, লাহে লাহেহে তাৰ ফল দেখা দিয়ে। গতিকে দুই চাৰি মাহত উন্নতি নেদেখিলে ব্যায়াম এৰি দিয়া উচিত নহয়। অপৰিমিত ৰূপে ব্যায়াম কৰা অযুগুত। অপৰিমিত ব্যায়ামে অপৰিমিত ভোজনৰ নিচিনা শৰীৰত কুফল ফলায়। এদিন সৰহকৈ ভোজন কৰিলে শৰীৰ কদাপি পুষ্ট নহয়,সেইদৰে এদিন সৰহকৈ ব্যায়াম কৰিলেও শৰীৰ কদাপি শকত নহয়, বৰং ৰোগ ব্যাধি হ'বৰ আশঙ্কা থাকে। ব্যায়াম কৰা মানুহে চিৰকাল ব্যায়াম কৰিব লাগে, কিছুমান দিন কৰি পাছত এৰি দিলে শৰীৰৰ অপকাৰ হয়। চেণ্ডোৱে কয় যে ব্যায়াম অভ্যাস কৰি এৰি পাচত দিয়াতকৈ মুঠেই নকৰা ভাল। ব্যায়ামৰ সময় অসময় নাই, পুৱা, গধুলি, দিন, নিশা সকলো সময়তে তাক অভ্যাস কৰিব পাৰি, কেৱল শুদা বা ভৰা পেটত কৰা অযুগুত। নৰিয়া বা ভাগৰুৱা শৰীৰতো ব্যায়ামে অপকাৰ কৰে। বহুত মানুহে নিয়ম মতে ব্যায়াম কৰিবলৈ ভাল নেপায় সেই দেখি অতীজৰ পৰা ব্যায়ামৰ নিচিনা কিছুমান লেখা প্ৰচলিত আছে। এই খেলাবোৰৰ পৰা কিছু পৰিমানে ব্যায়ামৰ ফল পোৱা যায়। টাংগুটি, ফটিক্লাই, ফুটবল আদি এই শ্ৰেণীৰ খেলা। বয়সীয়াল অসমীয়াই এইবোৰ খেলা কেৱল ল'ৰাৰ উপযুক্ত বুলি ভাবে। তেওঁলোকে দবা, পাষটি আদি বহি খেলা খেলহে খেলে, কিন্তু বহি খেলা খেলৰ পৰা শৰীৰৰ কোনো উপকাৰ নহয়। ই কেৱল এলাহ বঢ়ায়। কোনো কোনো মানুহে কয় যে তাচ্, দবা, পাষটি আদিৰ খেলাত বুদ্ধি লাগে, এতেকে এইবোৰ খেলা খেলিলে মানুহৰ বুদ্ধি বাঢ়ে। ই এক অদ্ভুত তৰ্ক। দবা বা পাষা খেলি কোনো আজিলৈকে বুদ্ধিমন্ত হোৱা শুনা নাযায়। প্ৰকৃত পক্ষত এনেবোৰ খেলা এলেহুৱাৰ আৰু কাম নোহোৱাৰ সময় কটাবৰ উপায় মাথোন। উদ্গতি কৰিব খোজা মানুহে এনেকুৱা খেলাত কেতিয়াও হাত দিয়া উচিত নহয়? খেলা খেলিবৰ মন গ'লে তাচ, পাষটি পৰিহাৰ কৰি বেচ্বল, ফুটবল আদি বলদায়ক খেল খেলা উচিত। লৰ মৰা আৰু জাপ মৰা [ ৯০ ] অনেকেই পাতলামিৰ চিন বুলি বিবেচনা কৰে। ইও এটা কুসংস্কাৰ মাথোন, এনে বিশ্বাস সোনকালে মনৰ পৰা আঁতৰোৱা উচিত। ঘোঁৰাত উঠা এক ৰকম ব্যায়াম। ঘোঁৰা দৌৰালে সমস্ত শৰীৰ সঞ্চালিত হয়, আৰু তেজ তপত হৈ বেগাই চলিবলৈ ধৰে। যি মানুহে ব্যায়াম নকৰে সি ঘোঁৰা দৌৰাইও তাৰ ফল পাব পাৰে। ৰীতি মতে সদায় ফুৰিলেও একৰকম ব্যায়াম কৰা হয় কাৰণ তাৰ পৰা শৰীৰ সবল হয় আৰু খোৱা বস্তু জীণ যায়। সাঁতোৰা এবিধ ব্যায়াম, সাঁতুৰিলে হাত, ভৰি আৰু কঁকাল পৰিচালিত হয়।
অন্ত
|