পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ওপজা দোষ আছে, সেই দোষবোৰৰ নিমিত্তে সিহঁতৰ ইমান নিন্দা। প্ৰথম দোষ ৰাগীয়ে ৰাগীলৈ হেঁপাহ জন্মাই, এদিন ৰাগী কৰিলে, দুনাই কৰিবলৈ মন যায়, আৰু দুই চাৰি দিন কৰিলেই তাক এৰিবলৈ টান হয় অন্য কাম সহজ কৰোঁতে বহুত দিন লাগে কিন্তু ৰাগী অলপতে সহজ হয়। ৰোগত দৰব স্বৰূপে কানি খাই চিৰকাললৈ কানীয়া হোৱা মানুহ বহুত আছে। ৰাগী অভ্যাস হ'লে সি এক ৰকম ভোক যেন হয়। খোৱা বস্তু জীণ গ'লে যেনেকৈ ভোক লাগে ৰাগী এৰিলেও তেনেকৈ ভোক লাগে, অৰ্থাৎ আকৌ কোনো ৰাগীয়াল বস্তু খাবলৈ মন যায়। সময়ৰ মূৰত নকৈ ৰাগী নকৰিলে ৰাগী কৰা মানুহ থাকিব নোৱাৰে, তাৰ কোনো অঙ্গৰ সাৰ নাইকীয়া হয়, কোনো অঙ্গৰ কঁপনি উঠে আৰু হামি হেঁকটি আহে। কোনো উৎকট ৰোগত পৰিলে মানুহে যেনে আচৰণ কৰে, ৰাগী কৰা মানুহে ৰাগী এৰা সময়ত তেনে আচৰণ কৰে। মুঠ কথা, ৰাগী কৰা মানুহৰ এবিধ ৰাগীয়াল বস্তু জীৱনৰ লগৰীয়া হয়, খোৱা লোৱা আন আন বস্তুৰ দৰে তাকো নহ'লে সিহঁতৰ দিন নাযায়।

ৰাগীয়ে মানুহৰ গাত এটা চিৰৰুগীয়া চিন দিয়ে, সেই দেখি কানীয়াক কানীয়া ভঙ্গুৱাক ভঙ্গুৱা বুলি দেখিলেই চিনিব পাৰি। ৰাগীয়া পৰা মানুহৰ স্বভাৱ প্ৰকৃতিও লৰে, খৰ্‌তকীয়া মানুহ ঢিমা হয় তজ্‌বজীয়া মানুহ সৰপা হয়, জুৰ মানুহ খঙ্গাল হয়, শান্ত মানুহ দুষ্ট হয়, সৰল মানুহ ছলাহী হয়। এইদৰে কিমান মানুহ যে ৰাগীৰ প্ৰভাৱত সজ বাটৰ পৰা পিছলি গৈ অসজ বাটত পৰি সংসাৰত জিয়াতু ভোগ কৰিছে, আৰু কৰিব লাগিছে তাৰ লেখ দিব নোৱাৰি। বহুত দিন ৰাগী কৰিলে গাত যেনে এটা চিন বহে, স্বভাৱতো তেনে এটা চিন বহি যায়। কানীয়া মানুহৰ চলন ফুৰণ দেখিলেই তাক কানীয়া বুলি চিনিব পাৰি, দুৰ্ঘোৰ তেবাহি কানীয়াৰ মুখ নেদেখিলেও হয়, কথা শুনিলেই তাক কানীয়া বুলি জনা যায়।

ৰাগীয়ে কেতিয়াও মানুহৰ হিত নকৰে। ৰাগী বিষাক্ত বস্তুৰ এটা গুণ মাথোন। পৃথিৱীত যিমান বিধ বিহ আছে তাৰ এটাইবোৰেই ৰাগী জন্মাব পাৰে। সাপৰ বিহৰ ৰাগী আছে। বিহ সৰহকৈ খালে মৰণ হয়, অলপকৈ খালে ৰাগী হয়। মানুহৰ ব্যৱহাৰত থকা সকলোবোৰ ৰাগীয়াল বস্তু একোবিধ