পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


মতৰ কোনটো ঠিক অলপ গমি চালেই তাক বুজিব পাৰি। অদৃষ্টবাদীবিলাকৰ মতেও বিনা পুৰুষাৰ্থে কপালত থাকিলেও একো সিদ্ধ নহয়। তেনেহলে কপালক নধৰি অকল পুৰুষাৰ্থক ধৰিলেই হয়। ছেগ চাই পুৰুষাৰ্থ কৰিলে কাম নিশ্চয় সুসিদ্ধ হয়, ই ধুৰূপ কথা।

সময়ৰ লগত আগুৱাই যোৱা মানুহে তাৰ কৰ্ম্মৰ জোখাৰে ফল পায়, পাচ পৰা বা আগবঢ়াবিলাকে নাপায়। সময়ৰ অনুৰূপ কাম কৰাই উদ্‌গতিৰ ঘাই উপায়। যেতিয়া যি বস্তুৰ আদৰ নাই তাত প্ৰৰিশ্ৰম কৰিলে বজা দুখ কৰা হয়। একৰকমকালি অসমত চকঢাৰিৰ বৰ আদৰ আছিল, তেতিয়া যি সৰহকৈ চকঢাৰি কৰিব পাৰিছিল সি লাভ কৰিছিল। বৰ্ত্তমান কালত মানুহৰ ৰুচি লৰিছে, এতিয়া আগৰ দৰে চকঢাৰিৰ চল নাই। যদি কোনোৱে আজি কালি চকঢাৰি ববলৈ শিকে আৰু তাৰ বেপাৰ কৰে, তেনেহলে তাৰ ভাত মিলাই টান হ'ব। এনেকুৱা মানুহক সময়ৰ পাচ পৰা বুলিব পাৰি। এইদৰে যদি আজিকালি কোনোৱে উলৰ ফুল বা পাখিৰ টুপি ববলৈ শিকে,আৰু অসমত তাৰ বেপাৰ পাতে তেনেহলে তাৰো শ্ৰম বজা হ'ব ,কিয়নো অসমত আজিলৈকে সেইবোৰ বস্তুৰ চল হোৱা নাই। এতেকে উলৰ ফুল বা পাখিৰ টুপি কৰা মানুহক এতিয়া সময়ৰ আগ বঢ়া বুলি লাগিব। এক সময়ত ইংলণ্ডৰ এজন পণ্ডিতে এখন পুথি লিখিছিল। সেই পুথি যেতিয়া প্ৰকাশিত হ'ল, তেতিয়া মানুহে তাৰ মোল বুজিব নোৱাৰিলে, গতিকে দেশত পুথিৰ আদৰ নহ'ল, আৰু লিখকেও তেওঁৰ শ্ৰমৰ বেচ নাপালে। পাচে এশমান বছৰ হৈ গ'লত, মানুহে পুথিখনৰ মোল বুজিলে,তেতিয়া তাৰ আদৰ বাঢ়িল,আৰু হাজাৰে হাজাৰে পুথি বেচা গ'ল। এই লিখক জন সময়ৰ আগবাঢ়িছিল, সেইবাবে তেঁও পুথি লিখি নিজৰ জীৱনত একো উদ্‌গতি সাধিব নোৱাৰিলে।