পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
সাৰথি

বিহ মাথোন, তাকো অলপকৈ খালে ৰাগী হয়, সৰহকৈ খালে মৰণ হয়। সৰহ কৰি আফিং খাই অলেখ মানুহ আত্মঘাতী হৈছে। এই ঘাতুক বিহ বোৰৰ পৰা কেতিয়াও অমৃত ফলৰ আশা কৰিব নোৱাৰি, বিহে বিহৰ বাজে অমৃত নফলায়। বিহৰ ব্যৱহাৰ কেৱল ৰোগত মাথোন হয়। শৰীৰত যেতিয়া কোনো এবিধ বিহ সোমাই তাক ৰুগীয়া কৰে, তেতিয়া মানুহে আন বিহ ব্যৱহাৰ কৰি সেই বিহ নষ্ট কৰে। হুলেৰ মানুহে হুল কাঢ়ে। বিহেই বিহৰ ঔষধ। সেই দেখি জ্ঞানীবিলাকে ঔষধত ৰাগীয়াল বস্তু ব্যৱহাৰ কৰিবলৈ বিধান দিছে।

 পৰিমিত ৰূপে ব্যৱহাৰ কৰিলে মাদকতা দোষ নাই, এই কথা বহুত মানুহে কয়, কিন্তু পৰিমিত ব্যৱহাৰ কেনে তাক কোনেও মোৰ ভাঙ্গি কোৱা নাই। যদি ৰাগী নোহোৱাকৈ মাদক ব্যৱহাৰ কৰিলে পৰিমিত ব্যৱহাৰ কৰা হয়, তেনেহলে তেওঁলোকৰ কথা মানি ল'ব পৰা যায়। ৰাগী নহ'লে ৰাগীয়াল বস্তুৰে একো অপকাৰ কৰিব নোৱাৰে, ই কেৱল ঔষধৰ ব্যৱহাৰ। আমি ইয়াত তেনেকুৱা ব্যৱহাৰৰ কথা আলচ কৰা নাই, আমাৰ আলোচনাৰ বিষয় ৰাগী, ৰাগী হোৱাকৈ ৰাগীয়াল বস্তু ব্যৱহাৰ কৰিলে তাৰ পৰা বেয়াৰ বাজে কেতিয়াও ভাল নহয়।

 কোনো কোনো মানুহে কয় যে ৰাগীয়াল বস্তুৱে জীৰ্ণ শক্তি বঢ়ায় আৰু বেচিকৈ ভোক লগায়। ইও এটা সাৰ নোহোৱা কথা। ন শিকাৰুৰ দুদিন মানলৈ ভোক বেচি হ'ব পাৰে, কিন্তু সেই ভোক বিজাতৰীয়া, আচল ভোক নহয়, তেনে ভোকত খালে কেৱল অতি ভোজনৰ ফল ধৰে। জীৰ্ণ শক্তি বঢ়োৱাৰ সম্বন্ধেও সেই কথা। আদিতে ৰাগীয়ে উদৰাগ্নি বৃদ্ধি কৰে, পাচে যেতিয়া সি শৰীৰ পীড়ি লয় তেতিয়া আৰু জীৰ্ণ শক্তি নাথাকে, কোনো কানীয়া ভঙ্গুৱা মানুহক ভোজনত পৈণত দেখা যায়। আচল কথা, আদিতে ৰাগীয়াল বস্তুৰ দোষবোৰ এটাও দেখা নিদিয়ে, কেৱল গুণবোৰ অৰ্থাৎ ঔষধৰ দৰে ব্যৱহাৰ কৰিলে তাৰ যি গুণ ধৰে, সেইবোৰ বেচি পৰিমাণে দেখা দিয়ে, পাচে শেষত দোষবোৰ এটা এটাকৈ ওলাবলৈ ধৰে।

 ৰাগীয়ে শৰীৰৰ যন্ত্ৰ আৰু তেজৰ গতি খৰ কৰে, অৰ্থাৎ স্বাভাৱিক অৱস্থাত সিহঁত যিমান বেগত চলে ৰাগীৰ প্ৰভাৱত তাতকৈ বেচি বেগত চলিবলৈ