পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪
সাৰথি

দিয়ে। নীতিবচন আছে যে কৃপণক উপাসা কৰাৰ নিচিনা আৰু দুখ নাই যি কৃপণৰ ভাতলৈ আশা কৰে, তাৰ জীৱন কুকুৰ জীৱন।

 কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলপ, গতিকে সি সৰহ কামত অলপ ধন যাচে বা মুঠে নিদিবলৈ ফাঁকটি কৰে। আন মানুহে ধন খৰচ কৰিলেও কৃপণে সহিব নোৱাৰে। কোনো মানুহে ডাঙ্গৰ সকাম পাতি সৰহকৈ ধন ভাঙ্গিবলৈ ওলালে, সি তাত বিধি পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায়। এইবিলাক উপায়েৰে কামত বাধা দিব নোৱাৰিলে, এটা মিছা কথা উলিয়াই তাৰ কুচ্ছা ৰটনা কৰে। এই শ্ৰেণী কৃপণৰ সজ অসজ দুয়ো বিধ বৃত্তিৰ বল কমি যায়, কিয়নো অলপ অচৰপ ধন খৰচ নকৰিলে সজ অসজ কোনো বৃত্তিকে চৰিতাৰ্থ কৰিব নোৱাৰি। দয়া বৃত্তি ফলাব লাগিলেও অলপ ধন লাগে, আৰু অহঙ্কাৰ বা লোভ ফলাব লাগিলেও অলপ ধন লাগে।

 কৃপণ আৰু এক শ্ৰেণীৰ আছে। সিহঁতৰ সজ বৃত্তিবোৰৰ তেজ কমি গ'লেও অসজ বৃত্তিবোৰ প্ৰবল থাকে, আৰু সেই অসজ বৃত্তিবোৰ সিহঁতে আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভাল বস্তু খাবলৈ সিহঁত বৰ অভিলাষ কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সিহঁতৰ সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত উপাদেয় বস্তু নহ'লে ভোজন নকৰে, নিজৰ ঘৰত সদায় এখন আঞ্জা, লোকৰ ঘৰত পাঁচ খন বিচাৰে, নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়। লোকৰ কামত বাহন নহ'লে এখোজো নলৰে। মুঠ কথা, লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায় ভালৰো ভাল পিন্ধে, কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খাই আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাঙ্কোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থাৰ কথা কেতিয়াও সদৰী হ'ব নিদিয়ে, কাৰণ তেনেহ'লে আনৰ ঘৰত ডাঙ্কোপ মাৰিবলৈ বা দম্ভালি কৰিবলৈ বাট নৰয়। ঘৰত খাৰণিৰে ভাত খাই বাজত ঘিঁউৰ ব্যাখ্যা কৰা মানুহ পৃথিৱীত বহুত আছে। সিহঁতৰ বাজৰ ফাল বিতোপন, কিন্তু ভিতৰৰ ফাল কুন্ধচ। বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ এই ফঁকৰাটো যদিও মানুহে অকল ভৰকাল দৰিদ্ৰত খটায়, ই কৃপণতো ভালকৈ খাটে। ফুল