পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সাৰথি

প্ৰতিজ্ঞা আছে, সেই প্ৰতিজ্ঞাৰ আগত শ্ৰমৰ ভয় খন্তেকো তিষ্ঠিব নোৱাৰে। এইদৰে আৰি মাৰি, অৰ্থাৎ প্ৰতিজ্ঞা কৰি কামত নালাগিলে ডাঙৰ কাম সিদ্ধ নহয়। জীউ উছৰ্গি কাম কৰিবা, তেহে তাৰ ফল লভিবা, এই বচন দৃঢ় প্ৰতিজ্ঞাৰ পটন্তৰ।

 সিদ্ধি নহ'লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি। চঞ্চল মানুহে কৰিম বুলি কাম এটা হাতত লয় আৰু জয়জয়তে তাক বৰ উদ্যোগেৰে কৰে, পাচে যদি সেই উদ্যোগত কামটো সিদ্ধ নহ'ল, তেনেহ'লে এৰি পেলায়, দুনাই আৰু সেই কামত হাত নিদিয়ে। ঘনেপতি চেষ্টা কৰা প্ৰতিজ্ঞাত বন্দী হোৱা মানুহৰহে ৰীতি। প্ৰতিজ্ঞা কৰি ধৰা মানুহে আধৰুৱাকৈ কাম এৰিব নোৱাৰে, সিহঁতে এবাৰত নহয় দুবাৰ, দুবাৰত নহয় তিনিবাৰ কৰিও কাম শেষ কৰে। আৰম্ভ কৰা কাম এবাৰত নিসিজিলে পুনৰায় চেষ্টা কৰাকে অধ্যৱসায় বোলে। অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল, মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যৱসায় জন্মে।

 এবাৰত নোৱাৰা কাম অসাধ্য বুলি ভবা উচিত নহয়। যি বুদ্ধি প্ৰথম চেষ্টাত নোলায়, সেই বুদ্ধি দ্বিতীয় বা তৃতীয় চেষ্টাত ওলাব পাৰে। পৃথিৱীৰ ডাঙৰ কাম কোনোটোৱেই এক বা দুই উদ্যোগত হোৱা নাই, বহু বাৰ চেষ্টা কৰাতহে সিদ্ধ হৈছে। এবাৰ নোৱাৰি আকৌ ধৰিলে, সেইবাৰ কামটো অন্য বুদ্ধিৰে কৰিবলৈ চেষ্টা হয়। এইদৰে বাৰে বাৰে ন বুদ্ধি বিচাৰোতে এবাৰ আচল বুদ্ধি ওলাব পাৰে, আৰু কামটোও সেই বাৰ সিদ্ধ হয়। প্ৰতিজ্ঞাৰ উজ্জ্বল পটন্তৰ অমাত জন্তুৰ ভিতৰত সততে দেখিবলৈ পোৱা যায়। বাহ সজাত চৰাইয়ে, বা জাল পতাত মকৰাই এশ বাৰ নোৱাৰিলেও চেষ্টা নেৰে। চৰাইৰ আধৰুৱা বাহ ভাঙ্গি দিলে আকৌ সাজি লয় শ বাৰ ভাঙ্গিলেও শ বাৰ সাজে। অমাত জন্তুৰ প্ৰতিজ্ঞা সম্বন্ধে এটি সৰু আখ্যান আছে। কোনো এক সময়ত এখন দেশক আন এখন দেশৰ ৰজাই আক্ৰমণ কৰে। ইখন দেশৰ ৰজাই দুই তিনি বাৰ যুঁজ দিও শত্ৰু পক্ষক দেশৰ পৰা খেদিব নোৱাৰিলে। অৱশেষত তেওঁ বিবুদ্ধি হৈ শোৱনী ঘৰৰ পাটীত পৰি ওপৰলৈ চাই গুণা গঁথা কৰি আছে, এনেতে দেখিলে যে এটা মকৰাই ঘৰৰ মুধত জাল পাতিব