পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
সাৰথি

তৃতীয় ভাগ

কৰ্ম্ম

 ওখ ঠাইত উঠিবলৈ যেনে এটা আলম লাগে, উদ্‌গতি কৰিবলৈ তেনে এটা আলম লাগে। কেৱল বিদ্যা বুদ্ধি আৰ্জি লৈ বহি থাকিলে জীৱনত উদ্‌গতি কৰিব নোৱাৰি। বিদ্যা উদ্‌গতিৰ এবিধ আহিলা হয়, কিন্তু আলম নহয়। কৰ্ম্ম হৈছে উদ্‌গতিৰ আলম। মানুহে কৰ্ম্মৰ সহায়ত সামান্য অৱস্থাৰ পৰা ভাল অৱস্থালৈ উঠে। কৰ্ম্ম নহ'লে বিদ্যা বুদ্ধি সকলো নিষ্ফল হয়।

 যেই সেই কৰ্ম্মই যেই সেই মানুহৰ উদ্‌গতিৰ আলম হ'ব নোৱাৰে, মানুহে পতি কৰ্ম্ম বেলেগ বেলেগ হয়। যাৰ যি কৰ্ম্মত ৰাপ সি সেই কৰ্ম্ম বাছি লোৱা উচিত; কিন্তু কৰ্ম্ম বাছনি নিচেই উজু নহয়। কৰ্ম্ম বাছি ল'ব নজনাৰ দোষত কোনো কোনোৱে গোটেইটো জীৱন কৰ্ম্ম কৰিও সংসাৰত উদ্‌গতি কৰিব নোৱাৰে। কৰ্ম্ম বাছনি সম্বন্ধে নিজৰ মনেই মঙ্গল, অৰ্থাৎ যি কামটো নিজৰ মনত ভাল লাগে, তাকে ল'ব লাগে। সচৰাচৰ দেখা যায় যে একোজন মানুহৰ কোনো এটা বিশেষ কামত ৰতি থাকে, সেই কাম সি কৰিবলৈ ভাল পায়, আৰু অপ্ৰয়াসে কৰিব পাৰে, কিন্তু কোনোটো কাম অহোপুৰুষাৰ্থ কৰিও কৰিব নোৱাৰে। পাচে যদি বুজাৰ ভুলত বা আন কোনো কাৰণত সি পোনৰ বিধ এৰি শেষৰ বিধ কামৰ আলম লয়, তেনেহলে সংসাৰত উদ্‌গতি কৰা তাৰ পক্ষে টান হয়। এতেকে যি কামত যাৰ ৰতি থাকে সেই কামহে সি জীৱনত ব্যৱসায় কৰি লোৱা উচিত। যাৰ কৃষিত ৰতি সি কৃষি, যাৰ বেপাৰত ৰতি সি বেপাৰ আৰু যাৰ বিষয়ত ৰতি সি বিষয় গ্ৰহণ কৰা উচিত। কৃষি ভাল পোৱা মানুহে বিষয় বা বিষয় ভাল পোৱা মানুহে কৃষি গ্ৰহণ কৰিলে অসঙ্গত আলমৰ আশ্ৰয় লোৱা হয়। সৰহ লাভৰ আশাত মনে নধৰা বৃত্তি গ্ৰহণ কৰিলে মানুহে কেতিয়াও সংসাৰত উদ্‌গতি কৰিব