পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
সাৰথি

নিজৰ হিতাহিত জ্ঞানক ঠেলি ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে সি যে আও নিৰ্ব্বোধ তাত এক ধনিষ্টাও সন্দেহ নাই।

 ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান, এই কথা নিৰন্তৰে কয় আৰু কথা আষাৰত যে সাৰ নাই, এনেও নহয়। জগতৰ সকলো মানুহে ধন আৰ্জে, কিন্তু দুই চাৰি জনহে ধনৱন্ত হয়। বহুতে বিবেচনা কৰে যে যাৰ সৰহ আৰ্জ্জন তাৰ পক্ষে ধনৱন্ত হোৱা টান নহয়। কিন্তু পৃথিৱীত দৃষ্টান্তলৈ চালে এই কথাৰ মিছা ধৰা পৰে। উপাৰ্জ্জন কৰিও অন্তত ঋণৰ বোজা মুৰত লৈ প্ৰাণ এৰা মানুহ জগতত বহুত আছে। এতেকে অৰ্জ্জনৰ কম বেচিত মানুহে ছহকী বা দুখীয়া নহয়, ধনৰ সজ বা অসজ ব্যৱহাৰৰ পৰাহে হয়।

 আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মুল মন্ত্ৰ। আয়ৰ জোখেই খৰচৰ জোখ হোবা উচিত। আয় অলপ, খৰচ সৰহ সেয়েই দৰিদ্ৰ হ’বৰ চিন। যি মানুহে ধনৰ নাটনি এৰাব খোজে সি তাৰ আয়ৰ পূৰা আধা সাঁচিব লাগে। এজন পণ্ডিতে কৈছে যে উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হ’ব পাৰে আৰু তেহাঁই সাঁচিলে নিধৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে, এই কথা সৰহ আৰ্জ্জন আৰু অলপ আৰ্জ্জন দুয়োতে খাটে।

 সলাব বা কমাব নোৱাৰা কৰি খৰচৰ নিৰিখ বান্ধি লোৱা উচিত নহয়। আয় টুটি আহিলে সেই নিৰিখে খৰচো কমাই অনা উচিত, আনৰ নিন্দা ভয় কৰি আয় কমি গ’লেও খৰচ অটুট ৰখা অযুগুত। খৰচ সমন্ধে কেতিয়াও চকুলাজ ৰখা উচিত নহয়। তোমাৰ ভিতৰুৱা অৱস্থা তুমি মাথোন ভালকৈ জনা আনে নাজানে এতেকে নজনা মানুহৰ কথাত উতলা হৈ ভৰক ৰাখি থকা অনুচিত। দুখীয়া মানুহ ধনৱন্ত হ’লে, সি যেন ভৰক দেখুৱাবলৈ লাজ নকৰে, সেইদৰে ধনৱন্ত মানুহেও দুখৰ দিনত ভৰক এৰিবলৈ লাজ কৰিব নালাগে। বহুত মানুহে সিহঁতৰ ভিতৰুৱা অবস্থা ঢাকিবলৈ বাজৰ ভৰক সমানে ৰাখে, এই কথা অযুগুত। নিজৰ বেয়া অৱস্থা ৰিঙ্গিয়াই কৈ ফুৰা উচিত নহলেও তাক জোৰা তাপলি দি উপৰুৱা ঢাকনিৰে ঢাকি থোৱাও উচিত