পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭১
সাৰথি

সিহঁতে মুকলিমূৰীয়া ছাগলীৰ দৰে যি মন তাকে কৰিব পাৰে। বহুত মানুহৰ পক্ষে ৰাগীয়াল বস্তুত মুখ দিয়াৰ এইটো আদি কাৰণ।

 ৰাগীয়াল বস্তুত মুখ দিয়াৰ আৰু এটা কাৰণ আছে। কোনো কোনো মানুহৰ গৃহস্থলিৰ খোৱা লোৱা কামৰ বাজে আন কাম নাই। সেই কাম কৰি সিহঁতে দিনৰ এটা ভাগ কটায়, কিন্তু বাকি ভাগটো কটাবলৈ কোনো উপায় নেদেখে। দিনৰ বাকি ডোখৰ সিহঁতৰ পক্ষে কলগ্ৰহ যেন হয়। তেতিয়া এইবিলাক মানুহৰ কিছুমানে মিছাতে ইঘৰ সিঘৰ কৰি লোকৰ পদুলি সুঙ্গি ফুৰে, কিছুমানে আনৰ টোটক লগাই ফুৰে, আৰু কিছুমানে ভাং, কানি বা মদ ফটিকাৰ ৰাগী লগাই মৌজ কৰি সময় কটায়। আৰু এক শ্ৰেণীৰ মানুহ আছে, সিহঁতে ৰাগীয়াল বস্তু বিলাক ভোগৰ বস্তু যেন বিবেচনা কৰে, সেই দেখি তাক নানা ৰকমে জুতি লগাই খায়, মদত গোলাপ জল মিহলাই কায়, আফিঙ্গত খীৰ মিহলাই খায়, ভাঙ্গত আতৰ মিহলাই খায়। ধনৱন্ত কানীয়াৰ আৰু ধনৱন্ত ভাঙ্গুৱাৰ কানী ভাং খোৱাৰ জুতি আৰু আয়ম দেখিলে বিস্ময় মানিব লাগে। কেতবিলাক মানুহে ভাৱে গাত ৰাগী লগাই খালে খোৱা বস্তু বেচি সোৱাদ লাগে, সেই দেখি সিহঁতে খাবৰ আগে অলপ ৰাগী কৰি লয়। মনৰ দুঃখ গুচাবলৈও কোনো কোনো মানুহক ৰাগী কৰা দেখা যায়, কিন্তু তাৰ পৰা দুখ গুচক ছাৰি এগুণ দুখ দুগুণ হয়। শোক কমাবলৈ মদ খাই পাচত মানুহে ইনাইবিনায় কান্দে। স্বাভাৱিক অৱস্থাত জ্ঞানৰ বলেৰে শোক সন্তাপৰ বেগ দমন কৰিব পাৰি, কিন্তু ৰাগী লাগিলে মানুহৰ জ্ঞান নাথাকে, গতিকে তেতিয়া শোকে মানুহক একেবাৰে বাউল কৰিব পাৰে।

 যি অভিপ্ৰায়েৰে মানুহে ৰাগী কৰে সেই অভিপ্ৰায় এটাইবিলাক বেয়া বুলিব নোৱাৰি। মুখৰ বান্ধ কটাবলৈ বা চকুৰ লাজ গুচাবলৈ বা সময় নিয়াবলৈ ৰাগীয়াল বস্তু ব্যৱহাৰ কৰা উচিত নহ'লেও, আনন্দ বা ভোজনৰ সুখ বঢ়াবলৈ ব্যৱহাৰ কৰা একেবাৰে অনুচিত বুলিব নোৱাৰি। ৰাগীৰ গুণত যদি খোৱা বস্তু বেচি সোৱাদ লাগে, তেনেহলে তাক ৰাগী লগাই খোৱাই উচিত। আঞ্জা সোৱাদ কৰিবলৈ মানুহে লং এলাচি আদি বাখৰ ব্যৱহাৰ কৰে, সেইদৰে ৰাগীও আঞ্জাৰ এবিধ বাখৰ মাথোন হয়। কিন্তু ৰাগীয়াল বস্তুবোৰৰ কেইটামান লগত