পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সাৰথি

দৰিদ্ৰও হ'ব পাৰে। প্ৰচলিত বৃত্তিবিলাকত তেনে আশঙ্কা কম,তাৰ সন্ধি সঙ্কট আগৰ পৰা জনা থাকে সেই দেখি আগেয়ে তাৰ উপায় সাজি ল'ব পাৰি। নতুন বৃত্তিত আগ ধৰি উপায় সাজি লোৱা সম্ভৱ নহয় কাৰণ তাত কেতিয়া কি সঙ্কট ওলাব জনা নাথাকে। এই নিমিত্তে নতুন বিত্তিৰ আলম লোৱা কোনো কোনো মানুহ অচিৰে আঢ্যৱন্ত হয়,আৰু কোনো কোনো অচিৰে উপান্ত হোৱা দেখা যায়।

————————
শ্ৰম

 শ্ৰম সিদ্ধিৰ আমোঘ অস্ত্ৰ, ইয়াৰে অসাধ্য সাধন কৰিব পাৰি। ই কৰ্ম্মক্ষেত্ৰত হুতাশন, ইয়াৰ আগত কোনো কামেই টান নহয়। জগতৰ ডাঙ্গৰ সকলো কাম ইয়াৰ বলতেই সিদ্ধ হৈছে। শ্ৰম সম্পদৰ মূল। যি মানুহ শ্ৰমত বিমুখ তাৰ সম্পদৰ আশা মিছা। শ্ৰম নানাবিধ আছে। কোনো শ্ৰম বজা আৰু কোনো শ্ৰম ফলদায়ক। বজা শ্ৰমৰ বিষয়ে আমাৰ ক'বলগীয়া নাই,ইয়াত কেৱল ফলদায়ক শ্ৰমৰ কথাহে আলোচনা কৰা হ'ব। এই বিধ শ্ৰম চালনা কৰোঁতে প্ৰণালী বৰ প্ৰয়োজন, ভাল প্ৰণালীত নচলোৱা বাবে ফলদায়ক শ্ৰমো বজা শ্ৰমত পৰে। এটা ডাঙৰ শিল বগৰাব লাগিলে কোন ফালৰ পৰা ঠেলিলে সি বাগৰ খাব, আগে তাক থিৰ কৰি ল'ব লাগে তেহে সহজে,বগৰাব পাৰি। নোচোৱা নভবাকৈ হুৰামুৰাকৈ ধৰি যি ফালে মন যায় সেই ফালৰ পৰা ঠেলিলে সি সহজে বাগৰ নাখায়। এতেকে সকলো কাম এটা প্ৰণালী বান্ধি লৈ আৰম্ভ কৰিব লাগে, তেনেহলে শ্ৰম কেতিয়াও নিষ্ফল নহয়।

 হাতত লোৱা কাম ভাগ ভাগ কৰি তাৰ কোন ভাগ আগে আৰু কোন ভাগ পাচে কৰিব লাগিব আৰু কোন ভাগ কি দৰে কৰিব লাগিব, পোন প্ৰথমে তাক থিৰ কৰি লোৱা উচিত। ৰাজঘৰীয়া কোনো ডাঙৰ কাম কৰিবলগীয়া