পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
সাৰথি

গাত দুখ নিদিয়াকৈ ধন ঘটিব খোজে, কোনোৱে অল্প সময়ৰ ভিতৰত সৰহ কাম দেখুৱাই সৰহকৈ ধন ঘটিব খোজে, কিন্তু সিহঁতৰ এটা অভিপ্ৰায়ো সিদ্ধ নহয়। যি গাত দুখ নিদিয়াকৈ কাম কৰিব খোজে সি ভবা উচিত যে ভালকৈ কাম কৰিলেও সেই দুখ হয়। বগলীৰ পাখি যেন নিকা কৰি কাপোৰ ধোওঁতে ধোবাৰ যিমান দুখ হয়, মলি ৰাখি ধুলেও সিমান দুখেই হয়। শকত মেজ এখন কৰোঁতে বাঢ়ৈৰ যিমান দুখ হয়, হেলেক্‌লেকীয় এখন কৰোঁতেও সিমানেই দুখ হয়। তেনেহলে ধোবা আৰু বাঢ়ৈৰ দুখ ক'ত কমিল? সেইদৰে যি অলপ সময়ৰ ভিতৰতে সৰহ কাম কৰি সৰহ ধন ল'বৰ মনেৰে আভুৱা ভাঁৰি কাম কৰে, তাৰ বুদ্ধি বিপৰ্য্যয়ৰ। সিও ভাবি চোৱা উচিত যে ভাল কামৰ মূল্য সৰহ, এপাহ মৰা কামত কোনেও সৰহ ধন নাভাঙ্গে। এপাহ মাৰি থোৱা কুৰিটা কামৰ বেচ ভালকৈ কৰা দুটা কামতেই পোৱা যায়। মুঠতে ক'ব লাগিলে, এপাহ মাৰি কাম কৰিলে কোনো সুফল নফলে, কিন্তু কুফল হ'লে নিশ্চয় ফলে। যিবিলাক মানুহে লোকৰ ঘৰত চাকৰ খাটি জীৱিকা চলায়, সিহঁতে যদি এপাহ মাৰি কাম কৰে, তেনেহলে অচিৰে সিহঁতৰ চাকৰী যায়। এনেকুৱা মানুহে অৱশেষত চাকৰী বিচাৰি নাপায়, বা পালেও অানৰ সমান ধন ঘটিব নোৱাৰে। গৃহস্থালিৰ কাম কৰা চাকৰৰ যি পটন্তৰ, ৰাজঘৰীয়া ডাঙৰ বিষয়াৰো সেই পটন্তৰ; আভুৱা ভঁৰা কুৰ্ব্বুধিত চলিলে সিহঁতৰ অধোগতি হয়। সদায় আভুৱা ভাঁৰি কাম কৰিলে পদত উধাওক চাৰি হাতৰ পদ ৰাখিবলৈ টান হয়। এইবোৰ অপকাৰৰ বাজেও আভুৱা ভঁৰা দোষৰ আৰু অপকাৰ আছে। লোকৰ কাম আভুৱা ভাঁৰি কৰোতে সেই দোষ অনুক্ৰমে স্বভাৱত খাৰি বান্ধে অৰ্থা তেনে মানুহে পাচত নিজৰ কামো ভালকৈ কৰিব নোৱাৰা হয়। এতেকে নিজৰেই হওক বা লোকৰেই হওঁক কাম সততে ভালকৈ কৰা যুগুত। কৰ্তব্যবোধ থকা মানুহে কামত কেতিয়াও আপোন পৰ নিবিচাৰে, লোকৰ কামকো নিজৰ যেন ভাবি ভালকৈ কৰে। সিহঁতে এটা কাম কৰিম বুলি গাত ল'লেই এটা জগৰ লগোৱা যেন পায়, আৰু যেনে তেনে প্ৰকাৰে কামটো কৰিলেই তাৰ আপদাৰ