পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


লাগিছে। সি প্ৰথম সূতা গছ এমূৰে এটা চতিত লগাই লৈ সিটো মূৰ আন এটা চতিত লগাবলৈ চেষ্টা কৰিছে, এবাৰ লগাই আহিল, এৰি পৰিল, আকৌ গৈ লগাই দিলে আকৌ এৰি পৰিল। এইদৰে ছয় সাত বাৰ মকৰাটোৱে সূতা গছ পাতিবলৈ চেষ্টা কৰি পাতিব পৰা নাই, কিন্তু চেষ্টাও এৰি দিয়া নাই, যিমান বাৰ এৰি পৰিছে সিমান বাৰ গৈ লগাই দিছে। পাচে বহুত বাৰ পুৰুষাৰ্থ কৰাত এবাৰ সূতা গছ লাগি পৰিল, আৰু মকৰাটোৱে সেই সূতা গছক আশ্ৰয় কৰি জাল সাজিবলৈ ধৰিলে। এই কথা দেখি ৰজাই চিন্তা ভাবনা ঠেলি থৈ, সেনা সামন্ত লগত লৈ আকৌ যুজলৈ ওলাল, সেইবাৰ তেওঁ বৰ বিক্ৰমেৰে যুজ দি শত্ৰু পক্ষক হেৰুৱাই নিজৰ ৰাজ্য ৰক্ষা কৰিলে। এতিয়া চোৱা, মকৰাৰ পটন্তৰৰ পৰা ৰজাজনৰ কিমানখিনি উপকাৰ হ'ল। জাল সাজি বাস কৰা মকৰাৰ স্বাভাৱিক ধৰ্ম্ম কোনো উপায়েৰে জাল সাজিবই লাগিব, এই তাৰ অন্তৰৰ বোধ গতিকে সেই কামত তাৰ স্বাভাৱিক প্ৰতিজ্ঞা আছে। মকৰাৰ এনেকুৱা প্ৰতিজ্ঞা দেখি ৰজাৰ মনত মনত প্ৰতিজ্ঞা জন্মিল, আৰু সেই প্ৰতিজ্ঞাৰ উৎকট বলেৰে তেওঁ শত্ৰুৰ লগত ৰণ কৰি জয় লাভ কৰিলে। সকলো কামতে এনেকুৱা প্ৰতিজ্ঞা থাকিলে সিদ্ধি লাভৰ সন্দেহ নাথাকে।

---------------------

কৰ্ত্তব্য জ্ঞান

কামত আভূৱা ভাৰি গা এৰাব খোজা বহুত মানুহৰ স্বভাৱ। এই বিলাক মানুহে ভাবে যে কথমপি এপাহ মাৰি কাম দেখুৱাব পাৰিলেই হয়, তাত পাৰ্গতালি দেখুৱাবৰ সকাম নাই, এনে বিবেচনা বহুত মানুহৰ অধোগতিৰ কাৰণ হয়। যি এনে ভাব মনত লৈ কামত ধৰে, তাৰ কাম কেতিয়াও ভাল নহয়। ধন লৈ লোকৰ কাম কৰা মানুহৰ ভিতৰত এনেকুৱা ভাব বৰকৈ দেখা যায়। ই এটা ছলাহি ভাব। ইয়াৰ দুটা কাৰণ হ'ব পাৰে। কোনোৱে নিজৰ