পৃষ্ঠা:সাৰথি (Sarothi).pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
সাৰথি

কথায় ভুল হয়। ভাঙৰ ৰাগীত মানুহৰ হাঁহিবলৈ মন যায় আৰু সৰু কথাও ডাঙৰ যেন লাগে। ভঙুৱাৰ ভয়ো ডাঙৰ, সামান্য বিপদতে তাৰ সুৰ্ত্তি হেৰায়। ভঙুৱাৰ অতপালি নাই, ৰাগী টান হ'লে সি শুই থাকে। মদৰ নিচিনা ভাঙ্গেও মানুহৰ অসজ বৃত্তিবোৰ সজাগ কৰে। ভাং খোৱা মানুহৰ বিৰাগীয়া অৱস্থাতো ভুল ভ্ৰান্তি সৰহ, ইয়াৰ পৰা জনা যায় যে ভাঙ্গে মগজুৰ সজা লৰাই দিয়ে। ভাঙৰ ব্যৱহাৰৰ পৰা দুই এজন মানুহ একেবাৰে বলিয়া হোৱাও দেখা যায়।

 কানিৰ ৰাগীও সৰ্ব্বাংশে ভাঙৰ ৰাগীৰ নিচিনা, কেৱল কানিৰ চোক বেচি। কানিৰ ৰাগীয়ে হাঁহি নোতোলে। কানীয়া কামত আলাবাদু, কিন্তু তাৰ মতি গতি ধীৰ। কানিয়ে গাৰ খজুৱতি তোলে আৰু তেজ মঙ্গহ কলা কৰে। বহুত দিন ব্যৱহাৰ কৰিলে কানি গাত ফুটি ওলায়। অনেক মানুহে বিৱেচনা কৰে যে কানিয়ে টোপনি বঢ়ায়, সেই নিমিত্তে কানীয়াই চকু মুদি পৰি থাকে, আচল মতে তাৰ টোপনি নাহে। আন ৰাগীয়াল বস্তুৰ ৰাগী এৰিলে মানুহ সুস্থ হৈ আগৰ দৰে হয়, কিন্তু কানিৰ ৰাগী এৰিলে তেনে নহয়। কানীয়াই ৰাগী থকা কি নথকাত একেদৰে চলে, তাৰ ৰাগী আছে নে এৰিছে চিনিবলৈ টান।

 মদৰেই হওক বা কানিৰেই হওক ৰাগী মাত্ৰেৰে আৰু এটা দোষ আছে। ৰাগী লগাই মতলীয়ালি কৰিলে, তাক শলাগিবলৈ দুই চাৰিজন মানুহ লাগে নাইবা মতলীয়ালিত একো আমোদ নহয়। এজনে তাল নধৰিলে গায়নৰ গা নুঠে। সেইদৰে এজনে নশলাগিলে কানীয়া বা মদপীৰ গা নুঠে। কিন্তু নিমতলীয়া মানুহে মতলীয়া কথা নশলাগে, মতলীয়াইহে মতলীয়াৰ কথাত ৰস পায়। সেই দেখি কানীয়া, ভঙুৱা, মদপী সকলোৱে লগ বিচাৰে। সিহঁতৰ লগৰীয়াৰ প্ৰয়োজন বৰ ডাঙ্গৰ, সেই সম্বন্ধে সিহঁতে বেয়া, ভাল, ভদ্ৰ, অভদ্ৰ, একো নিবিচাৰে। এজন ভদ্ৰ বংশৰ মানুহো এজন সামান্য মানুহৰ লগত হৰিল গৰিল হয় আৰু বুঢ়াও ল'ৰাৰ লগত সমানে চলে। লগৰীয়াৰ সংখ্যা বঢ়াবলৈ সিহঁতে ৰাগী নকৰা মানুহকো ৰাগী কৰিবলৈ শিকায়।

--------------------------