পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
সাৰথি

ৰুগীয়া হয়, আৰু মানসিক শ্ৰম বেচিকৈ কৰিলে মন ৰুগীয়া হয়, কিন্তু শাৰীৰিক শ্ৰমতকৈ মানসিক শ্ৰমৰ দুৰ্গুণ বৰ বেচি। উগ্ৰ শাৰীৰিক শ্ৰমে কেৱল শৰীৰহে ৰুগীয়া কৰে, কিন্তু উগ্ৰ মানসিক শ্ৰমে শৰীৰ মন দুয়োকো ৰুগীয়া কৰে। বৰকৈ চিন্তা কৰিলে মূৰৰ কামোৰণি হয়, খোৱা বস্তু জীণ নাযায় আৰু বায়ু উৰ্দ্ধগামী হৈ টোপনি নহাত পৰে। মনৰ উগ্ৰ শ্ৰমত মগজু তপত হয় আৰু সেই বাবে কেতিয়াবা মানুহে বিবেক হেৰুৱাই বাউল হয়।

--------------------

উৎসাহ

 দণ্ডিত বান্দৰ নাচে, এই কথা সঁচা, কিন্তু নাচন দেখিবলৈ ভাল নহয়। উৎসাহত নাচিলে হাতীৰ নাচনতো লয় ওলায়। সেইদৰে উৎসাহেৰে কৰিলেহে কাম সুসিদ্ধ হয়, চেলেংপেটোকৈ কৰা কাম বান্দৰী নাচনৰ নিচিনা আভঁজা। উৎসাহে টান কাম উজু কৰে, আৰু মানুহৰ বুদ্ধিৰ দুৱাৰ মেলি দিয়ে। উৎসাহ হেঁপাহৰ পৰা ওপজে হেঁপাহৰ দণ্ডিত মানুহে দুৰ্ঘোৰ সঙ্কটক ইতিকিং কৰি সহস্ৰ বিপদ হেলাৰঙ্গে তৰিব পাৰে। বাঘ, মহ, হাতী, গঁড় একোৱে হেঁপেহুৱাৰ বাট ভেঁটিব নোৱাৰে তাৰ উৎসাহৰ অমূৰ্ত্তক সোঁতত হিমালয়ৰ নিচিনা বাধাও তৃণ যেন হৈ উটি যায়। হেঁপাহত উৎসাহ জন্মে, উৎসাহত সাহ জন্মে আৰু সাহত সিদ্ধি বুলি সকলোৱে কয়।

 উৎসাহ হেঁপাহৰ পৰা জন্মিলেও,তাক শকত কৰিবলৈ অন্য আহিলা লাগে, সেই আহিলা আশা। আশা উৎসাহৰ সাৰ, তাৰ নাটনি হ'লে উৎসাহ অনুক্ৰমে জঁই পৰি যায়। আশাৰ কম বেচি অনুসৰি উৎসাহ কম বেচি হয়, অৰ্থাৎ আশা যিমান বাঢ়ে উৎসাহো সিমান বাঢ়ি যায়, আৰু আশা কমিলেই উৎসাহো কমে। যি কৰ্ম্ম সিদ্ধি হ'বৰ সমূলে আশা নাই,তাক কৰিবলৈ মানুহৰ মন কেতিয়াও নুধায়।

 আগত যি হেঁপাহৰ কথা কোৱা হৈছে সি কৰ্ম্মফলৰ হেঁপাহ, অ্ৰথাৎ