পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭০
সাৰথি

আছে। এটকাৰ পাচ এৰি একড়ালৈ হামৰাও কাঢ়িলে মানুহে এই পটন্তৰ দিয়ে। কিন্তু দৰাচল পক্ষত এদিনীয়া এটকা এৰি খুচৰীয়া খৰচৰ একড়াতো বৰকৈ চকু ৰখা উচিত। খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা, সি গম নোপোৱাকৈ মানুহৰ অনিষ্ট কৰে। খৰচ কমাব লাগিলে বাজৰ ভৰক একেবাৰে এৰি দিব লাগে। হাতী, ঘোঁৰা, বন্দী, বেটী দুৰৱস্থাত পৰা মানুহৰ পক্ষে নহয়। দুৰ্দিনত দান দক্ষিণাও অযুগুত।

--------------------

ৰাগীয়াল বস্তু

 সজ কথাতকৈ অসজ কথাত মানুহৰ ৰাপ বেচি। অৱাচ্য কথা কৈ ধেমালি আৰু অসজ কাম কৰি আনন্দ কৰিবলৈ সৰহ মানুহে ভাল পায়। সজ কথা উলিয়ালে শুনোতা পাবলৈ টান, কিন্তু অসজ কথা উলিয়ালে মানুহে জুমুৰি দি ধৰে। সেই দেখি ৰং ধেমালিত অসজ কাম কৰিবলৈ বা অবাচ্য কথা ক’বলৈ মানুহৰ ইচ্ছা হয়। স্বাভাৱিক অৱস্থাত মানুহে তেনেকৈ চলিব নোৱাৰে কাৰণ, তেতিয়া সিহঁতক সজ অসজৰ বিবেচনাই আবৰি থাকে। এই বিবেচনা অসজ ইচ্ছাৰ এক ৰকম ডাকুৰ। ডাকু ছাগলীৰ উপদ্ৰৱ কমাবলৈ মানুহে তাইক ডাকুৰ পিন্ধায়। ডাকুৰ দিয়া ছাগলীয়ে যলৈকে মন তলৈকে যাব নোৱাৰে। সেইদৰে সজ অসজ বিবেচনা থকা মানুহেও যি মন তাকে কৰিব নোৱাৰে, লাজৰ ভয়ত অবাচ্য মাতি ধেমালি কৰিব নোৱাৰে, নিন্দাৰ ভয়ত অকাম কৰি আনন্দ কৰিব নোৱাৰে। ইয়াৰ বাজেও সমাজৰ কিছুমান প্ৰচলিত ৰীতি আছে, মানুহ মাত্ৰেই সেইবোৰ ৰীতিৰ অধীন, নিচেই নিৰ্গত হ’লেও সিহঁতে সেই ৰীতিবোৰ উলঙঘন কৰিব নোৱাৰে। অবাচ্য মাত মতা, বা অবাবত নচা ইত্যাদি কিছুমান কথা এইবোৰ ৰীতিৰ বিপৰীত, গতিকে তাক কৰিবলৈ ওলালে ৰীতিবোৰে আৰু সজ অসজ বিবেচনাই ডাকুৰৰ নিচিনা হৈ হেঙ্গাৰ দি ধৰে। ৰাগীয়ে মানুহৰ এই ডাকুৰ গুচাই দিয়ে, ৰাগীৰ জালত সিহঁতৰ সমাজ ৰীতিৰ ভয় আৰু সজ অসজ বোধ নাইকিয়া হয়। তেতিয়া