পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৭
সাৰথি

এভাগ কৰি বাকি ভাগ পেলাই থয়, পাচে যেতিয়া আকৌ ধৰে, তেতিয়া দেখে যে কৰি থোৱা ভাগো বেয়া হৈ আছে। ফলত এবাৰৰ কাম দুবাৰ কৰিব লগীয়া হয়। দীৰ্ঘসূত্ৰীয়ে ঘৰ সাজিবলৈ সজুলি গোটাই থয়, পাচে সাজিম বুলি আলচি থাকোঁতে ঘুণে বা ৰদে বৰষুণে তাক আধানাৰ্জ্জি কৰে। কোনোৱে খুটা চতি থিয় কৰি বাকী কাম আলচি থাকোঁতেই খুটা চতি নষ্ট হৈ যায়।

 দীৰ্ঘকাল জীয়াই থাকিলে মানুহক দীৰ্ঘজীবী বোলে, কিন্তু দৰাচলতে তেনে মানুহক দীৰ্ঘজীবী নুবুলি, যি সংসাৰত সৰহ কাম কৰে তাৰেহে দীৰ্ঘজীবী বোলা উচিত। সময় জীৱনৰ জোখ নহয়, জীৱনৰ আচল জোখ কাম, এশ বছৰৰ কাম যদি কোনোৱে কুৰি বছৰত কৰি থৈ মৰে, তেনেহ'লে তাক এশ বছৰ জীয়াই থকা বুলি ধৰিব পাৰি। কিন্তু এশ বছৰ জীয়াই থাকিলেও দীৰ্ঘসূত্ৰীক দীৰ্ঘজীবী বুলিব নোৱাৰি, কিয়নো সি এশ বছৰেও কুৰি বছৰৰ কাম কৰিব নোৱাৰে কামে জীৱন সাম্ফল কৰে। যি কাম নকৰে সি জীয়াই থকা নথকা সমান কথা।

---------------------

প্ৰতিজ্ঞা

 মূল্য অনুসৰি কাম উজু বা টান হয়, অৰ্থাৎ অলপ মূল্যৰ কাম উজু, আৰু সৰহ মূল্যৰ কাম টান। অলপ মূল্যৰ কাম হেলাৰঙ্গে কৰিব পাৰি, সৰহ মূল্যৰ কামত বহুত যত্ন আৰু শ্ৰম লাগে। কিন্তু যত্ন আৰু শ্ৰম দুয়ো কষ্টদায়ক, সেই দেখি বিদ্যা বুদ্ধি থকা মানুহেও কষ্টৰ ভয়ত সৰহ মূল্যৰ কামত হাত দিবলৈ মান্তি নহয়। কষ্টৰ ভয় মনৰ পৰা গুচাব নোৱাৰিলে সংসাৰত উদ্‌গতি কৰিব নোৱাৰি, এতেকে সংসাৰ যাত্ৰীয়ে ইয়াক গুচাবলৈ চেষ্টা কৰা উচিত। প্ৰতিজ্ঞা এই ভয়ৰ পৰম ঔষধ। প্ৰতিজ্ঞা কৰি কামত লাগিলে শ্ৰমৰ ভয় কেনিবা যায়। আনৰ লগত আৰি মাৰি মানুহে টান কাম সহজে কৰে, আৰিত জিকিবলৈ একাণপতিয়াকৈ লাগে, দুখ কষ্টলৈ সি একেবাৰে আওকণীয়া হয়। আৰিত