পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
সাৰথি

দৰিদ্ৰক দান দিলে মনত আনন্দ জন্মে আৰু সমাজত যশস্যা বাঢ়ে, এই আনন্দ বা যশস্যাই দাতাৰ উৎসাহৰ কাৰণ হয়। দানৰ পাৰত্ৰিক ফল আমাৰ আলোচনাৰ বিষয় নহয়।

 ওপৰত কোৱা কথাৰ পৰা ঠাৱৰকৈ বুজা যায় যে কামে পতি কৰোতাৰ এটা স্বাৰ্থ থাকে, সেই স্বাৰ্থলৈ উগ্ৰ দৃষ্টি ৰাখি কাম কৰা যুগুত। স্বাৰ্থ কথা আষাৰত অলপ নিন্দাৰ ভাব আছে, স্বাৰ্থ নুবুলি অভিপ্ৰায় বুলিলে তেনে ভাৱ নাথাকিলহেঁতেন, কিন্তু অভিপ্ৰায় কথা আষাৰে আমাৰ মনৰ ভাবটো ষোলকলায় প্ৰকাশ নকৰে, সেই দেখি অভিপ্ৰযাৰ থলত স্বাৰ্থ ব্যৱহাৰ কৰা হৈছে, ইয়াত স্বাৰ্থ শব্দটো আপোনপেটাৰ ভাবত নধৰি অভিপ্ৰায়ৰ ভাবত ধৰিব লাগিব।

 মানুহে স্বভাৱতে উৎসাহী মানুহৰ পাচ ধৰে, উৎসাহীক নায়ক বৰণ কৰিবলৈ আৰু তাৰ কথা মতে চলিবলৈ লাজ নকৰে। এই নিমিত্তে উৎসাহী মানুহ সমাজত মুখিয়াল হয়। কোনো কাম বহুতে গোট খাই কৰিলেও যশস্যা উৎসাহী জনৰহে হয়, আৰু কামত ধন থাকিলে তাৰো ডাঙৰ ভাগ উৎসাহীয়ে পায়। উৎসাহে পৰিশ্ৰমৰ দুখ কমা, আৰু অলপীয়া বিদ্যা বুদ্ধিকো ফলদায়ক কৰে। উৎসাহ সংক্ৰামক, এজনৰ উৎসাহে আন এজন সোঁচৰে। সেই দেখি উৎসাহী মানুহে নিজৰ কামত আনৰ সহায় পায়। নিজে উৎসাহেৰে কামত লাগিলে চাঁওতা বিলাকেও তাত হাত নিদি থাকিব নোৱাৰে। পঢ়াত ল'ৰাৰ উৎসাহ দেখিলে তাক পঢ়াবলৈ মন যায় আৰু এটাই উৎসাহেৰে পঢি়লে আন এটা পুথি লৈ বহে।

-------------------

অভ্যাস

 'সোণৰ দ্ৰাৱক সুৱগা, কামৰ দ্ৰাৱক অভ্যাস।' সুৱগাৰ গুণত টান সোণ উতলে, অভ্যাসৰ গুণত টান কাম সিজে। হাতীৰ মূৰত খৰ মৰা আৰু ডোলৰ ওপৰত নাচন মৰা অভ্যাসত উজু হয়। 'অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।'