সাৰথি/দ্বিতীয় ভাগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সাৰথি
লেখক সত্যনাথ বৰা
[ ২৪ ]

দ্বিতীয় ভাগ

চৰিত্ৰ

উদ্‌গতিৰ আন এটা আহিলা চৰিত্ৰ। সৎ চৰিত্ৰ উদ্‌গতি পথৰ প্ৰৱল সহায়। যি মানুহে সৎ চৰিত্ৰক সাৰথি কৰি উদ্‌গতি পথত যাত্ৰা কৰে, তাক কোনো অপায়ে পশিব নোৱাৰে। ধনৰ বল বা বিদ্যাৰ বল একোৱেই চৰিত্ৰ বলৰ সমান নহয়। কুচৰিত্ৰৰ কুফল ধন বাব বিদ্যাৰে খণ্ডাব নোৱাৰি। ধনৱন্ত আৰু বিদ্যাবন্ত মানুহো চৰিত্ৰৰ দোষত ৰসাতললৈ যায়। চৰিত্ৰহীন মানুহৰ শত্ৰু সৰহ, এতেকে সংসাৰত সিহঁতৰ বিপদো সৰহ। ধনহীন বা বিদ্যাহীন হলে মানুহে আনৰ পুতৌ পায়, কিন্তু চৰিত্ৰহীন হ'লে তাক কোনেও দেখিব নোৱাৰে। সৎ চৰিত্ৰ মানৱ স্বভাৱৰ জেউতি। আন গুণ নাথাকিলেও, অকল সেয়েই মানুহৰ শোভা বঢ়ায়। চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা। সিহঁত নিজেও পবিত্ৰ, আৰু আনকো পবিত্ৰ কৰে। চৰিত্ৰৱন্ত মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে; আৰু সিহঁতৰ আগত বেয়া কাম কৰিবলৈ সঙ্কুচিত হয়। ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মহত্ত্ব প্ৰাপ্ত হয়। কুচৰিত্ৰই মানহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই দেবত্বলৈ তোলে। সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ, এতেকে সি উন্নতিৰ মেৰুদণ্ড নিচিনা।

চৰিত্ৰৰ মূল অভ্যাস। কোনো এটা কাম সদায় কৰি থাকিলে, তাক পাচত গৈ এৰিব নোৱাৰা হয়। আৰু এৰিব নোৱাৰা হ'লেই সেই কামটো অভ্যাস হোৱা বোলে। মানুহে পতি একোটা অভ্যাস আছে। কোনো মানুহৰ পুৱায় উঠা অভ্যাস, কোনো মানুহৰ বেলিকৈ উঠা অভ্যাস, কোনো মানুহৰ এসাঁজ খোৱা অভ্যাস, কোনো মানুহৰ তিনি সাঁজ খোৱা অভ্যাস। এনেবিলাক কামত যেনেকৈ মানুহৰ একোটা অভ্যাস জন্মে, আচাৰ ব্যৱহাৰ সম্বন্ধেও সেইদৰে মানুহে মানুহে একোটা ভিন ভিন অভ্যাস জন্মে। কোনো মানুহৰ খিয়াল কৰা অভ্যাস হয়, অৰ্থাৎ সি খিয়াল নকৰি থাকিব নোৱাৰে। এইদৰে আচাৰ ব্যৱহাৰ সম্বন্ধে যিবোৰ অভ্যাস জন্মে, সেইবোৰ গোট খাই চৰিত্ৰ হয়। মানুহৰ অন্তৰত ভাল আৰু বেয়া দুই শ্ৰেণীৰ বৃত্তি আছে। [ ২৫ ] দয়া এটা ভাল আৰু লোভ এটা বেয়া বৃত্তি। ভাল বৃত্তিৰ গুণত ভাল অভ্যাস জন্মে যেনে, দয়াৰ গুণত মানুহ দানী হয়, পৰোপকাৰী হয়। বেয়া বৃত্তিৰ গুণত বেয়া অভ্যাস জন্মে যেনে, লোভৰ গুণত মানুহ চোৰ হয়, ঠগ হয়। এতেকে ভাল বৃত্তিৰপৰা ভাল আৰু বেয়া বৃত্তিৰ পৰা বেয়া চৰিত্ৰ জন্মে। ভাল বেয়া দুয়ো বিধ বৃত্তিকে মানুহে যত্ন পুৰুষাৰ্থ কৰি বঢ়াব টুটাব পাৰে। যি চৰিত্ৰ ভাল কৰিব খোজে সি তাৰ বেয়া বৃত্তিবোৰ দমন ৰাখি ভালবোৰৰ তেজ বঢ়োৱা উচিত।

       মানুহৰ বেয়া বৃত্তিবোৰ কৰ্ষণ নকৰাকৈ আপোনা-আপুনি ফুঁটি ওলায়, কিন্তু ভালবোৰ জ্ঞান বুদ্ধি থিৰ হ'লেহে দেখা দিয়ে। ল'ৰাকালত মানুহে ক্ৰোধ লোভ আদি বেয়া বৃত্তিবোৰৰ অধীনত থাকে,তেতিয়া তাৰ মনত ভাল বৃত্তিৰ ক্ৰিয়া দেখাই নাযায়, ডাঙ্গৰ হৈ হিতাহিত জ্ঞান লাভ কৰিলে তেতিয়া ভাল বৃত্তিবোৰ দেখা দিব ধৰে। মানহৰ জীৱনত কিয় বেয়া বৃত্তিবোৰ আগ বাঢ়ি ওলায় তাৰ কাৰণ ঠাৱৰোৱা টান, আৰু ইয়াত সেই কথা আমাৰ বিচাৰৰ বিষয় নহয়। কিন্তু বেয়া বৃত্তিবোৰ আগবঢ়াৰ নিমিত্তে মনুষ্য জাতিৰ অশেষ অপকাৰ হৈছে। সিহঁতৰ দণ্ডিত মানুহে প্ৰথমতে বেয়া বাটে খোজ লয়। বেয়া বৃত্তিবিলাক মনুষ্য জীৱনত প্ৰথম নায়ক নোহোৱাহেঁতেন, সংসাৰত ইমান কুকাম দেখা নগ'লহেঁতেন, পৃথিৱী স্বৰ্গৰ নিচিনা সুখৰ আলয় হ'লহেঁতেন। বেয়া বৃত্তিবিলাকে আগেয়ে মানুহক বেয়া বাটত পেলাই দিয়ে, পাচত জ্ঞানৰ বলেৰেহে তাৰপৰা উদ্ধাৰ হ'ব লাগে। এই দেখি মানুহে চৰিত্ৰ গঠন কৰা কামক চৰিত্ৰ সংশোধন নাম দিছে। আদিতে সকলো মানুহৰ চৰিত্ৰ বেয়া থাকে, পাচত জ্ঞান বুদ্ধি উপজিলে তাক শুধৰাই লয়। কিন্তু বেয়াক ভাল কৰা বা অপবিত্ৰক পবিত্ৰ কৰা বৰ টান কথা। আৰম্ভতে সজ বাট লগাই দিবলৈ উজু, কিন্তু অসজ বাটত চলি থকা মানুহক তাৰ পৰা ওভতাই অনা টান। সেই দেখি সংসাৰত সজ মানুহৰ সংখ্যাতকৈ অসজ মানুহৰ সংখ্যা সৰহ। আগৰ পৰা অসজ পথত প্ৰবৰ্ত্তাৰ নিমিত্তে তাত মানহৰ ৰাপ জন্মে, পাচত জ্ঞানৰ পোহৰত তাৰ কুন্ধচালি দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল'লে, পাচত শুধৰোৱা টান হয়। কোমলতে ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়। যি মানুহে কুকাম কৰি কৰি হাড় পকাইছে তাৰ চৰিত্ৰ সংশোধন কৰা কদাপি সম্ভৱ নহয়। [ ২৬ ]

দয়া

আগত কোৱা হৈছে যে মানুহৰ মনত দুই শ্ৰেণীৰ বৃত্তি আছে। তাৰে এক শ্ৰেণীৰ বৃত্তিবোৰ দুষ্ট, সেই নিমিত্তে সিহঁতক ৰিপু বোলে। আন শ্ৰেণীৰ বোৰ সজ, সেই নিমিত্তে সিহঁতক গুণ বোলে। দুষ্ট বৃত্তিবোৰৰ বিষয়ে আন ঠাইত আলোচনা কৰা যাব। ইয়াত কেৱল সজ বৃত্তিবোৰৰ গুণাগুণ বিচাৰ কৰা হ'ব। সজ বৃত্তিবোৰৰ ভিতৰত দয়া মূখিয়াল। মনৰ মামৰ গুচাবলৈ দয়াৰ নিচিনা দৰব নাই। দয়া কপট অন্তকাৰীৰ পৰম ঔষধ। ই কূৰ্চ্চুট কপট আদি মলি পখালি মানুহৰ চিত নিকা কৰে। দয়াৰ প্ৰথম কাৰ্য্য মানুহৰ আপোন পৰিয়ালত দেখা দিয়ে। পিতৃ-মাতৃ, ভাই-ভনী, আৰু সন্তান-সন্ততিলৈ সকলো মানুহৰেই মৰম লাগে। মৰম এটা দয়াৰ কাৰ্য্য। কিন্তু এই পৰিমাণ দয়াৰে পৃথিৱীত কোনো ডাঙ্গৰ কাম নিসিজে। ল'ৰা-ছোৱালী বা ভাই-ভনীলৈ মৰম লগা এটা প্ৰকৃতিৰ নিয়ম। এই নিয়মৰ গুণত জীৱজগত চিৰকাল চলি আছে। ই ক্ষীণ দয়া। এই পৰিমান দয়া পশু-পক্ষীৰ ভিতৰতো আছে। চৰিত্ৰ গঠন কৰোঁতে ইয়াৰ পৰা বিশেষ সহায় পোৱা নাযায়। চৰিত্ৰ গঠন কাৰ্য্যত লগাব লাগিলে দয়া কৰ্ষণ কৰি বঢ়াই ল'ব লাগে। সংসাৰ যিমান ডাঙ্গৰ, সাংসাৰিক উন্নতি বাঞ্ছা কৰা মানুহৰ দয়াও সিমান ডাঙ্গৰ হ'ব লাগে অৰ্থাৎ জগতবাসী সকলো জীৱ-জন্তুৰ প্ৰতি তাৰ দয়া জন্মিব লাগে।

দয়া এটা মনৰ গুণ, সি মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া উপজে। কিন্তু মনত উপজি মাৰ গ'লে সেই দয়াৰ পৰা কোনো ফলোদয় নহয়। যি দয়াৰ পৰা কৰ্ম্মৰ অভিলাষ জন্মে, সেয়ে আচল কাৰ্য্যকৰী দয়া। কোনো মানুহৰ দুখ দেখিলে তাক গুচাবলৈ দয়াই তোমাক দণ্ডি কৰিব লাগে। দয়াৰ দণ্ডিত কিছুমান মানুহে গোটেই জীৱন পুৰুষাৰ্থ কৰি পুৰণি কালৰ গোলাম বন্দীক মুক্তি কৰিছে। এতিয়াও বন্দীয়াৰবিলাকৰ দুখ দেখি কিছুমান মানুহে ফাটকৰ নিয়ম-প্ৰণালী পৰিবৰ্ত্তন কৰাবলৈ চেষ্টা কৰিব লাগিছে। আগেয়ে গৰু-মহ আদি পশুবোৰক মানুহে অশেষ কষ্ট দি বাইছিল এতিয়া দয়ালু মানুহৰ পুৰুষাৰ্থত অমাত পশুৰ দুখ গুচিছে। আজিকালি গৰু-মহ বা হাঁহ-পাৰক দুখ দিলে ৰাজঘৰত জগৰীয়া হ'ব লাগে। আগৰ কালত ভাৰতবৰ্ষত পোহনীয়া পশুৰ চিকিৎসালয় আছিল তাত [ ২৭ ] গৰাকী নোহোঁৱা ৰুগীয়া গৰু ছাগলীক চিকিৎসা কৰি ভাল কৰিছিল। এইবোৰ ব্যৱস্থা সংসাৰ ব্যাপী দয়াৰ ফল। দয়া নামনিলৈ বয়, অৰ্থাৎ তোমাতকৈ যি হীন তালৈ তোমাৰ দয়া উপজে। ল'ৰা মানুহলৈ বয়সীয়া মানুহৰ মৰম লাগে, কাৰণ ল'ৰা বয়সীয়াতকৈ বয়সত হীন, দুখীয়া মানুহলৈ ধনী মানুহৰ মৰম লাগে, কাৰণ দুখীয়া ধনীতকৈ ধনত হীন।

 দয়া গুণৰ উদ্‌গতি সাধিব লাগিলে ক্ষমা গুণ কৰ্ষণ কৰিব লাগে; ক্ষমা কৰিবলৈ শিকিলে দয়া কৰিবলৈ শিকা হয়। কোনোবাই তোমাৰ অহিত কৰিলে ঘূৰাই তাৰ অহিত কৰিবলৈ মন যায়, তেতিয়া মনক সামৰি ৰাখিলেই ক্ষমা কৰা হয়। আনে কৰা অপকাৰৰ প্ৰতিশোধ ল'বলৈ ইচ্ছা কৰা গৰ্হিত কাম। প্ৰতিশোধ হিংসাৰ আন এটা নাম মাথোন। প্ৰতিশোধৰ ভাব মনত সোমালে মন কলঙ্কিত হয়। প্ৰতিশোধ ল'লে সি পক্ষৰ হিংসা বাঢ়ি যায় আৰু ভৱিষ্যত মিলৰ মূৰ মৰে। বৈৰী দমনৰ অমোঘ মন্ত্ৰ ক্ষমা। বহুতে বিবেচনা কৰে যে হিংসাৰ সলনি হিংসা নকৰিলে হিংসকে লাই পায়। এই বিশ্বাস ভুল। হিংসাৰ প্ৰতিশোধ নলৈ ক্ষমা কৰিলে হিংসকে লাজ পায়, আৰু তাৰ হিংসাৰ তেজ কমি যায়। আনৰ অহিত চিন্তা কৰা অজ্ঞানীৰ কাম, তাৰ পোটক তুলিবলৈ চেষ্টা কৰিলে নিজকো অজ্ঞানী বুলি চিনাকি দিয়া হয়। বিশেষতঃ খিয়লীয়াৰ লগত খিয়লীয়া আৰু কপটীয়া হ'লে চৰিত্ৰ কদাপি সংশোধন কৰিব নোৱাৰি।

 তুমি আনৰ অহিত নকৰিলে আনে তোমাৰ অহিত নকৰে, ই ধুৰুপ কথা। এতেকে জানিব লাগে যে আনৰ বৈৰী ভাবৰ হেতু তোমাৰ গাত আছে, অৰ্থাৎ তোমাৰ কাৰ্য্যৰ নিমিত্তে আন জন তোমাৰ বৈৰী হয়। তুমি জ্ঞান পক্ষে কাৰো অহিত নকৰিলেও তোমাৰ কাৰ্য্যৰ পৰা যদি কাৰো অহিত হয়, তেনে হলেও সি তোমাৰ প্ৰতি কুপিত হয়। আচল কথা জানিলে তাৰ কোপ গুচিব পাৰে, কিন্তু কুপিত মানুহে তালৈ অপেক্ষা নকৰি হঠাৎ এটা কৰি অঁতায়। ই অৱশ্যে অজ্ঞানীৰ কাম। সেই দেখি ইয়াক ধৰা উচিত নহয়। অজ্ঞানীৰ অপৰাধ ক্ষমা কৰা যুগুত বুলি সকলো শাস্ত্ৰত কয়। [ ২৮ ]

ন্যায়শীলতা

ন্যায়ৱন্ত মানুহ শিলৰ খুটাৰ নিচিনা, তাক আনৰ কাৰ্য্যাকাৰ্য্যই বা নিজৰ ইচ্ছা বাঞ্চাই অলপো লৰাব নোৱাৰে। সি নিজৰ হিতাহিত আওকাণ কৰি নানা বিঘিনি ঠেলি থৈ ন্যায়ৰ পথত আগ বাঢ়ে। নিজে বিপদও পৰিও ন্যায়ৱন্ত মানুহে ন্যায় ৰক্ষা কৰিবলৈ সাজু হয়। অন্যায়ৰ পথেৰে সি শত্ৰুকো আক্ৰমণ নকৰে। ন্যায় ৰক্ষা কৰিবলৈ সি কেতিয়াবা পৰম বন্ধুৰ প্ৰতিও নিকৰুণ হয়, আৰু কেতিয়াবা পৰম শত্ৰুৰ প্ৰতি দয়ালু হয়। সেই দেখি মানুহে কয় যে অন্যায়ত চলা বন্ধুতকৈ ন্যায়ত চলা শত্ৰুও ভাল। ন্যায়শীল মানুহৰ কাম সাধাৰণ মানুহৰ মনত অদ্ভুত যেন লাগে; কাৰণ সিহঁতৰ ব্যৱহাৰৰ লগত তাৰ ব্যৱহাৰ নিমিলে। সাধাৰণ মানুহৰ কামবিলাক স্বাৰ্থই চালনা কৰে, অৰ্থাৎ সিহঁতে নিজৰ লাভালাভলৈ চাই কাম কৰে। ন্যায়ৱন্ত মানুহৰ ৰীতি তেনেকুৱা নহয়; তাৰ কামবিলাক ন্যায়মূলক, ন্যায়সঙ্গত নহ'লে স্বাৰ্থও তাৰ বিবেচনাৰ বস্তু নহয়। সাধাৰণ মানুহৰ মনত নিজৰ হক প্ৰথম, কিন্তু ন্যায়ৱন্ত মানুহৰ মনত ন্যায়হে প্ৰথম। সাধাৰণ মানুহে নিজৰ হক ৰক্ষা কৰিবলৈ ন্যায় অন্যায়ৰ বিবেচনা এৰে, কিন্তু ন্যায়ৱন্ত মানুহে ন্যায় ৰক্ষা কৰিবলৈ নিজৰ হক এৰে। সেই দেখি সাধাৰণ শ্ৰেণীৰ মানুহে ন্যায়ৱন্ত মানুহক অপদাৰ্থ যেন বিবেচনা কৰে। সি উচিত অনুচিত বোধৰ পৰা হক এৰিলেও সাধাৰণ মানুহে ভয়ৰ নিমিত্তে বা ক্ষমতা নোহোৱাৰ নিমিত্তে এৰা বুলি বিবেচনা কৰে।

ন্যায়ৱন্ত মানুহ তৰ্জুৰ নিচিনা। তাৰ মনত খুদ পৰিমাণ প্ৰভেদো ডাঙ্গৰ প্ৰভেদ। সি কোনো কথাকেই সৰু বুলি উলাই নকৰে, বৰং সৰু কথাৰো ডাঙ্গৰ অৰ্থ আছে বুলিহে ভাবে। সেই দেখি ন্যায়ৱন্ত মানুহে সৰু বৰ সকলো ৰকম কথাকে বিবেচনা কৰি চায়। বহুত মানুহৰ মনৰ ওপৰত ডাঙ্গৰ নামৰ অতুল ক্ষমতা। সিহঁতৰ বিবেচনাত ডাঙ্গৰ মানুহৰ কথা শিৰোধাৰ্য্য। কিন্তু ন্যায়ৱন্ত মানুহৰ বিবেচনা তেনেকুৱা নহয়। নামৰ জেউতিয়ে তাৰ চকুত চমক লগাব নোৱাৰে। তাৰ মনত প্ৰসিদ্ধ পণ্ডিত বা প্ৰৱল ধনীৰ কথা যেনে বিবেচনৰ যোগ্য, মূৰ্খ বা দৰিদ্ৰৰ কথাও তেনে বিবেচনাৰ যোগ্য। সি সমনীয়া মানুহৰ আগত যেনে নিৰ্ভয়ে উচিত কথা কয়, ডাঙ্গৰ মানুহৰ আগতো সেইদৰে নিৰ্ভয়ে উচিত কথা কয়। মূৰ্খ ৰজাৰ আগত উচিত [ ২৯ ] কথা কৈ সময়ে সময়ে ন্যায়ৱন্ত মানুহে প্ৰাণ হেৰুৱাইছে। পানী গোট মাৰি শিল যেন হয়, এই কথা দেশৰ ৰজাৰ আগত কোৱাত চাউডাঙ্গৰ হাতত এজনৰ মূৰ গৈছিল। ন্যায়ৱন্ত মানুহে তাৰ নিজৰ ক্ষমতাৰো জোখ জানে, আৰু আনৰ ক্ষমতাৰো জোখ লয়। সি সম্পদত অহঙ্কাৰী বা দুখত সেও নহয়। তাৰ স্বভাৱ সৰ্ব্বতি কাল গম্ভীৰ আৰু মৃদু।

 ভুল হ'লে সৈ কঢ়া ন্যায়ৱন্তৰ ঘাই লক্ষণ। ভুল লুকাই ৰাখিলে তাক পুহি ৰখা যেন হয়, আৰু বাৰে বাৰে তাৰ ফল ভুঞ্জিব লাগে। কিন্তু ভুল ধৰা পৰিলে নিন্দা হয়, সেই দেখি সাধাৰণ মানুহে ভুল ঢাকিবলৈ যত্ন কৰে, আৰু আনে দেখুৱাই দিলেও বেয়া পায়। এই বিষয়ে ন্যায়শীল মানুহৰ বিবেচনা বেলেগ। ভুলৰ বাছি দিলে সি তাক পৰম উপকাৰ কৰা বুলি ভাবে। অনভিজ্ঞতাও ভুলৰ নিচিনা, তাকো মানুহে লুকাই ৰাখিব খোজে। কিন্তু ন্যায়শীল মানুহে যেনেকৈ ভুল লুকাই নাৰাখে সেইদৰে অনভিজ্ঞতাও লুকাই নাৰাখে। ভুল বা অনভিজ্ঞতা প্ৰকাশ কৰাত লোকে লাজ দিলে সি তালৈ কাণ নকৰে। তেনে লাজ সি ভুল আৰু অনভিজ্ঞতা অখণ্ডনীয় ফল বুলি ধৰে। ল'ৰাই শিক্ষা কৰোঁতে অধ্যাপকৰ শাস্তি ভুঞ্জে, ন্যায়ৱন্ত মানুহে ইয়াকো অধ্যাপকৰ শাস্তি বুলি বিবেচনা কৰে। ক্ষন্তেকীয়া লাজৰ ভয়ত চিৰকাল অনভিজ্ঞ হৈ থকাতকৈ অনভিজ্ঞতা বিদিত কৰি অভিজ্ঞতা লাভ কৰা হাজাৰ গুণে শ্ৰেয়স্‌। নিজক পণ্ডিত বুলি ভাবিলে ভুল স্বীকাৰ কৰিবলৈ লাজ লাগে। সেই দেখি ন্যায়ৱন্ত মানুহে নিজক কেতিয়াও অভ্ৰান্ত পণ্ডিত বুলি নাভাবে।

 মানুহৰ মনত ন্যায় অন্যায় বোধ আদিৰ পৰা আছে। সেই দেখি সাধাৰণ বিষয়ত সকলোৱে ন্যায় অন্যায় বুজিব পাৰে। কিন্তু কিছুমান মানুহে নিজৰ হৃদবোধ মতে নচলে। লোভ মোহ যদি কুপ্ৰবৃত্তিবোৰৰ দণ্ডিত সিহঁতে নিজৰ বুজক ঠেলি থৈ অন্যায় পথত ভৰি দিয়ে, আৰু সেইবাবে মনত বেয়া লাগিলে নানাবিধ বিপৰ্য্যায় যুক্তিৰে মনক বোধাই ৰাখে। নিৰ্জু পহুবোৰক বধ কৰা অন্যায় বুলি সকলোৰে হৃদবোধ আছে; কিন্তু এজন মৃগয়াপ্ৰিয় ৰজাই পহু মাৰিবলৈ মনক এইদৰে উদ্‌গাইছিল যে পহুবোৰে তেওঁৰ বিলাস কাননৰ গছ, লতা, ফল, ফুল খাই সদায় উপদ্ৰৱ কৰে, এতেকে সিহঁতক মৰা অন্যায় নহয়। মনক এইদৰে বুজনি দিয়া অনুচিত। ইয়াক আত্মছলন বুলিব পাৰি। মনে পহু মৰা কাম বেয়া বুলি কৈ দিয়াতো, তালৈ কটাক্ষ নকৰি মনক আকৌ ছলিবলৈ এইদৰে বিপৰীত যুক্তি [ ৩০ ] দেখুৱালে তাক অন্যায় কাম শিবলৈ শিকোৱা হয়। ই বিপৰ্য্যয় শিক্ষা। এনেকুৱা শিক্ষাৰ পৰা মানুহৰ ন্যায় অন্যায় জ্ঞান ভোতোহা হয়। ন্যায়শীল মানুহে মনক কেতিয়াও এনে শিক্ষা নিদিয়ে।

অন্যায় কাম নকৰিলেই মানুহক ন্যায়ৱন্ত বুলিব নোৱাৰি। কাৰণ বহুত অন্যায়প্ৰিয় মানুহেও সমাজদণ্ড বা ৰাজদণ্ডৰ ভয়ত অন্যায় কামৰ পৰা আতঁৰ হৈ থাকে। এই শ্ৰেণীৰ মানুহত সঁজাত নাই। ইহঁত সংসাৰৰ বহুৰূপী। ইহঁত এক সময়ত সন্ত শিষ্ট, আৰু এক সময়ত দুৰ্ঘোৰ পাষণ্ড হয়। সুচল পালেই ইহঁতে স্বৰূপ ধৰি অন্যায় কামত হাত দিয়ে। যি কেৱল দণ্ডৰ ভয়ত অন্যায় নকৰে তাৰ চৰিত্ৰ সংশোধন হোৱা বুলি ধৰিব নোৱাৰি। চৰিত্ৰ অন্তৰাত্মাৰ গুণ। অন্তৰৰ পৰা অন্যায়ৰ অভিলাষ নুগুচিলে চৰিত্ৰ কেতিয়াও নিৰ্ম্মল নহয়। অন্যায়লৈ আন্তৰিক ঘৃণা, আৰু ন্যায়লৈ আন্তৰিক আগ্ৰহ জন্মিলেহে চৰিত্ৰ নিৰ্ম্মল হয়।

ক্ৰোধ

কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য্য এই ছটা মানুহৰ ওপজা দুষ্ট প্ৰবৃত্তি। ইহঁত স্বভাৱতে বৰ বলী। ইহঁতৰ দণ্ডিত মানুহে অকাম কৰি বিপদত পৰে! কোনোৱে কামৰ দণ্ডিত কুকাম কৰি ৰাইজৰ গৰিহনা খায়। কোনোৱে ক্ৰোধৰ দণ্ডিত আনৰ প্ৰাণ বধ কৰি নিজে চিপজৰিত প্ৰাণ এৰে, কোনোৱে লোভৰ দণ্ডিত পৰৰ ধন চুৰ কৰি বন্দী শালত বন্দী হয়। ইত্যাদি ক্ৰমে দুষ্ট প্ৰবৃত্তিবোৰৰ নিমিত্তে মানুহে সংসাৰত অশেষ ক্লেশ ভোগ কৰে। সেই দেখি ইহঁতে ৰিপু নাম পাইছে। ক্ৰোধ মানুহৰ পৰম ৰিপু। ইয়াৰ পৰা মানুহে হিতাহিত জ্ঞান হেৰুৱায়। ক্ৰোধত মানুহে নক'ব লগীয়া কয়, আৰু নকৰিব লগীয়া কৰে, আৰু উগ্ৰ ক্ৰোধত মনুষ্যত্ব লোপ হৈ মানুহৰ পশুত্ব সজাগ হয়। ক্ৰোধ ৰোগৰ নিচিনা। ৰোগ হ'লে মানুহৰ অশান্তি হয়, গা ছটফট কৰে আৰু মুখৰ বিকৃতি হয়। সেইদৰে ক্ৰোধতো মনৰ অশান্তি হয়, গা ছটফট কৰে, আৰু মুখ বিকৃতি হয়। সেইদৰে ক্ৰোধতো মনত অশান্তি ওপজে, গাৰ কঁপনি উঠে, কাণ আৰু চকু ৰঙ্গা পৰে, তেজ তপত হয়, আৰু শিৰবোৰ টনটনীয়া হৈ ফিন্দ খাই উঠে। ক্ৰোধৰ মূৰ্ত্তি ভয়ঙ্কৰ। বিতোপন মনুষ্য মূৰ্ত্তি ক্ৰোধত এনে বিকট হয় যে তাক দেখিলে দেখোঁতাৰ মনত ভয়ো লাগে [ ৩১ ] লাজো লাগে। এই নিমিত্তে এজন পণ্ডিতে কৈছে যে খং উঠা মানুহৰ আগত এখন আৰ্চী ধৰিব লাগে, তেনেহলে সেই আৰ্চীত সি তাৰ ৰাক্ষসী মূৰ্ত্তি দেখি লাজ পাব, আৰু লাজ পালে তাৰ খঙ্গো জিমাব। কেচুৱা ল'ৰাই খঙ্গত জেউৰ ধৰিলে তাক আৰ্চী দেখুয়াব লাগে, তেনেহলে সি কান্দন এৰিব।

 ক্ৰোধ উদয় হ'লে, মানুহে গাত খং উঠা বুলি কয়। খং দৰাচলতে গাত উঠে, অৰ্থাৎ বলী মানুহে যেনেকৈ নিৰ্ব্বলীক গবা মাৰি ধৰে, সেইদৰে খঙ্গেও মানুহক গবা মাৰি ধৰে আৰু শৰীৰটো চেপি খুন্দি মোহাৰি জুনজুনীয়া কৰে। খঙ্গৰ একোটা আক্ৰমণে গাৰ তেজ, মঙ্গহ, শিৰ আদি সঁজুলিবোৰ মথি পেলায়। সেই নিমিত্তে বৰ খঙ্গৰ পাচত মানুহৰ ভাগৰ লাগে। ল'ৰাবোৰ খংত কান্দি কান্দি পাচত টোপনি যায়। ইয়াৰ পৰা বুজিব পাৰি যে খং উঠিলে শৰীৰৰ ভিতৰত এটা ধুমুহা বয়, আৰু সেই ধুমুহাত জোকাৰ খাই শৰীৰ থান্ থান্ বান্ বান্ হৈ পৰে। এনেকুৱা ভিতৰুৱা হুলস্থূলৰ পৰা যে শৰীৰ অপকাৰ হয় তাৰ কোনো সন্দেহ নাই।

 খং উঠাৰ বহুত কাৰণ আছে। আনে অপকাৰ কৰিলে খং উঠে, গাত দুখ দিলে খং উঠে, অপমান কৰিলেও খং উঠে। এইবিলাক খঙ্গৰ ডাঙ্গৰ ডাঙ্গৰ কাৰণ। এনে বিধৰ কাৰণ সদায় উপস্থিত নহয়। এইবিলাকেই মাথোন খং উঠাৰ কাৰণ হোৱাহেঁতেন জীৱনত দুই চাৰি দিনহে মানুহৰ খং উঠিবলৈ পালেহেঁতেন। সৰহ ভাগ খঙ্গৰ কাৰণ আমনি। আমনি সহিব পাৰিলে তাৰ আক্ৰমণ এৰাব পাৰি। কোনো কোনো মানুহৰ যে অলপতে খং উঠে ই কেৱল আমনি সহিব নোৱাৰাৰ ফল। উন্নতি বিচৰা মানুহে এনেকুৱা স্বভাৱ শুধৰাই লোৱা উচিত, নাইবা উন্নতিৰ বাটত আগুৱাবলৈ টান হয়। উন্নতিৰ বাটত থাকিলে অনেক সময়ত অনেক টান কামৰ ভাৰ পৰে, বা এটা কামকে কেইবাবাৰো কৰিব লগীয়া হয়, বা একে সময়তে অনেক ৰকম কামে জুমুৰি দি ধৰে, তেতিয়া বিৰক্ত হৈ কাম এৰিলে উন্নতিৰ চেষ্টা বিফল হয়। জাজ জঞ্জাল, আমনি আহুকাল উন্নতিৰ ঘাই অঙ্গ। যি উন্নতিৰ পথত চলে, সি ইহঁতক পিন্ধনৰ বস্ত্ৰ যেন জ্ঞান কৰিব লাগে। ৰাজমিস্ত্ৰী আৰু সেনাপতিসকলে দিনে নিশায় নানা বিধ টান টান সমস্যা খণ্ডন কৰিব লাগিছে, তথাপি তেওঁবিলাকৰ আমনি নাই। আমনিবোধ অভ্যাসত কমে, অৰ্থাৎ অভ্যাস কৰিলে মানুহে আমনি সহিব পৰা হয়। যি মানুহে মুঠে আমনি সহিব নোৱাৰে, সিও বহু পৰিয়ালী ঘৰত থাকিলে অনুক্ৰমে সহিব পৰা হয়। [ ৩২ ]  খঙ্গে যদিও মানুহৰ অপকাৰ কৰে, তাৰ পৰা যে কোনো উপকাৰ নহয় এনে কথা কব নোৱাৰি। খং ৰিপু হ'লেও তাৰ সজ ব্যৱহাৰ আছে। কিন্তু সজ ব্যৱহাৰত লগাব লাগিলে আগে তাক বশ কৰি ল'ব লাগে। হাতীক বশ কৰি নললে কামত লগাব নোৱাৰি। সেই দেখি মানুহে হাতী পুহি বশ কৰে, আৰু তাৰ মইমতালি ভাঙ্গিবলৈ গজাকোঁহ ব্যৱহাৰ কৰে। খঙ্গো হাতীৰ নিচিনা উদণ্ড, তাকো আগে বশ কৰি নললে ভাল কামত লগাব নোৱাৰি। সেই দেখি উন্নতি বিচৰা মানুহে খঙ্গক ইচ্ছামতে চলাবলৈ শিকিব লাগে। গহীন স্বভাৱৰ মানুহক খঙ্গে কেতিয়াও উদ্‌বাউল কৰিব নোৱাৰে, গহীনালি খঙ্গৰ বাধক। এতেকে গহীন হ'বলৈ শিকিলে খং দমাবলৈ শিকা হয়।

 খঙ্গৰ কথাবোৰ মনত আলচি থকা উচিত নহয়। আলচি থাকিলে খঙ্গৰ তেজ বাঢ়ে। খং উঠিলে তাৰ কাৰণ বন্ধুবান্ধৱক ভাঙ্গি কোৱা উচিত, তেনেহলে খং বাঢ়িবৰ আশঙ্কা নাথাকে। খং লুকাই থোৱা উচিত নহয়, লুকাই থোৱা খং শত্ৰুৰ নিচিনা। সি কেতিয়াবা হঠাৎ অমূৰ্ত্তক হৈ ওলায়, আৰু মানুহৰ নথৈ অপকাৰ কৰে।

 কোনো কোনো মানুহে আগপাচ নুগুণি খঙ্গৰ বেগত হঠাৎ এটা অকাম কৰি চিৰকাল তাৰ ফল ভোগ কৰে। কোনোৱে ঘৰৰ বয়-বস্তু ভাঙ্গি-ছিঙ্গি খাস্তাং কৰি পাচত কপাল ভুকুৱাই কান্দে, কোনোৱে নকব লগীয়া কথা কৈ নিজৰ বিপদ নিজে মাতি আনে। ইত্যাদি ক্ৰমে বহুত মানুহে হঠাৎ উঠা খঙ্গৰ দণ্ডিত নকব লগীয়া কৈ বা নকৰিবলগীয়া কৰি সংসাৰত অনেক দুঃখ কষ্ট ভোগ কৰে। সেই দেখি এজন পণ্ডিতে কৈ গৈছে যে খঙ্গৰ সময়ত লেখি নটা ঢোক নমৰাকৈ কোনো কথা কোৱা বা কোনো কাম কৰা উচিত নহয়।

লোভ

 ক্ৰোধৰ নিচিনাকৈ লোভৰো দুৰ্জ্জয় প্ৰতাপ। ক্ৰোধে যেনেকৈ মানুহক বিপদত পেলায়, লোভেও সেইদৰে বিপদত পেলায়। কিন্তু ক্ৰোধৰ নিচিনা ই মানুহৰ হিতাহিত জ্ঞান লোপ নকৰে। ক্ৰোধত মানুহ বাউল হয়, উচিত অনুচিত বিচাৰ [ ৩৩ ] কৰিবৰ শক্তি হেৰুৱায়। লুভীয়া মানুহ বাউল নহয়, সি কোনটো উচিত আৰু কোনটো অনুচিত সুন্দৰ ৰূপে বাছিব পাৰে। ক্ৰোধত মানুহে যেনেকুৱাবোৰ কৰে, লোভতো প্ৰায় তেনেকুৱাবোৰেই কৰে, কিন্তু সিহঁতৰ কামৰ প্ৰণালীৰ ভিন ভাৱ আছে। খং উঠা মানুহে কৰ্ম্মৰ ভৱিষ্যত বিবেচনা নকৰাকৈ কাম কৰে, কিন্তু লুভীয়াই ফলাফল বিবেচনা কৰি, তাৰ পৰা সাৰিবৰ ফান্দ সাজি লৈ কামত হাত দিয়ে। এতেকে দেখা যায় যে ক্ৰোধতকৈ লোভ বেচি অনিষ্টকৰ ৰিপু।

 আন এজন মানুহে তোমাৰ আগত কোনো অন্যায় কাম নকৰিলে, বা তোমাক হিংসা বা অপমান নকৰিলে তোমাৰ খং নুঠে। এই কথাৰ পৰা বুজা যে এজনৰ খঙ্গৰ হেতু আন এজনৰ কৰ্ম্মত থাকে। এতেকে খঙ্গৰ আক্ৰমণ এৰাব খুজিলে আনৰ অন্যায় কামৰ পৰা বা হিংসাৰ পৰা আঁতৰ হৈ থাকিলেই এৰাব পাৰি। কিন্তু লোভ ৰিপুৰ প্ৰকৃতি তেনেকুৱা নহয়, আন মানুহে উদ্গাই নিদিলেও সি আপুনা আপুনি উদ্ভৱ হয়। চমুকৈ ক'ব লাগিলে লোভৰ হেতু লুভীয়াৰ গাতেই থাকে। এই দেখি যিবোৰ উপায়েৰে ক্ৰোধ গুচাব পাৰি, সেইবোৰ উপায়েৰে লোভ গুচাব নোৱাৰি। লোভ ৰিপুৰ প্ৰকৃতি অতিশয় বেয়া, আৰু সি মনুষ্যৰ চৰিত্ৰৰ ওপৰত ঘুণ।

 খং উঠিলে তাৰ চিন বাজত ওলায়। সেই দেখি খং উঠা মানুহক দেখিলেই চিনিব পাৰি, আৰু তাৰ উপদ্ৰব অত্যাচাৰৰ হাত এৰাবলৈ উপায় কৰিব পাৰি। কিন্তু লুভীয়াৰ হাতৰ পৰা সেইদৰে সৰা টান কথা। লোভৰ চিন প্ৰকাশ নহয়। লোভৰ কাম কৰি ধৰা নপৰিলে লুভীয়াক চিনিব নোৱাৰি। খং উঠা মানুহে আনৰ বেয়া কৰিব লাগিলে প্ৰায় সদৰীকৈ কৰে, কিন্তু লুভীয়াই সেইদৰে নকৰে। সিহঁতে ফাং পাতি বা ভাণ্ডনা কৰিহে আনৰ বেয়া কৰে।

 লোভ বৰ বলৱন্ত ৰিপু। তাৰ দণ্ডিত পৰি পৃথিৱীৰ বহুত মানুহে নিকাৰ ভুঞ্জে, আৰু আনকো ভুঞ্জায়। ইয়াক সেও কৰিবৰ উপায় অকল জ্ঞান। কিন্তু কেতিয়াবা জ্ঞানকো হৰুৱাই সি ওপৰ উঠে, জ্ঞানৰ উজ্জ্বল পোহৰতো চকুত ধুলি দি মানুহক লটিঘটি কৰে। যি মানুহে জন্মৰ পৰা পবিত্ৰ ভাৱে জীৱন কটাই আহিছে সিও কেতিয়াবা লোভৰ ভেলেকীত পৰি জ্ঞান পাহৰে, আৰু কুকাম কৰি কাললৈ কুখ্যাতি থয়। সেই দেখি জ্ঞানক লোভ দমনৰ অমোঘ অস্ত্ৰ বুলি ভাবিব নালাগে। জ্ঞানৰ লগে লগে নানা ৰকম কৌশল কৰিহে লোভক দমাব পাৰি। নিৰ্ব্বলীয়ে বলীক কৌশলেৰে পৰাজয় কৰে। [ ৩৪ ] বাঞ্ছাৰ বস্তুৰ অভাৱ নাটনি হ'লে মানুহৰ মনত লোভ দেখা দিয়ে আৰু সেই বস্তুটো পালে মনত যেনে ৰং লাগিব, তাক আলচি থাকিলে লোভৰ তেজ বাঢ়ি যায়। লোভ দমাই ৰাখিবলৈ ইচ্ছা কৰিলে তেনেকুৱা কথা মনত পাগুলি থকা উচিত নহয়। লোভ বৃত্তি নিদ্ৰিত অৱস্থাত থাকে, কিন্তু লুভীয়া বস্তু দেখিলে সি সজাগৰ হয়, আৰু তাৰ ক্ষমতা চলাবলৈ আৰম্ভ কৰে। এতেকে লুভীয়া বস্তুৰ পৰা আঁতৰি থাকিলে লোভে বৰ বল কৰিব নোৱাৰে। কিন্তু লুভীয়া বস্তুৰ পৰা সততে আঁতৰি থকা সম্ভৱ নহয়; সংসাৰ কেৱল প্ৰলোভনময়; মাজে সময়ে প্ৰলোভনৰ হাতত নপৰাকৈ কোনেও সাৰিব নোৱাৰে। বিশেষত লোভৰ পৰা পলাই ফুৰিলে তাক দমন কৰিব নোৱাৰি; কেতিয়াবা দেখাদেখি হ'লে সি নথৈ বিকৰ্থনা কৰিব। শত্ৰুক দমাব খুজিলে তাৰ লগত সমুখ সমৰ পাতিব লাগে। সমুখ সমৰত হাৰিলেহে শত্ৰুৱে ভয় খায় আৰু দুনাই ফেৰ নাপাতে। কিন্তু সেই বুলি প্ৰলোভন বিচাৰি ফুৰাও যুগুত নহয়।

লোভ বৃত্তি একেবাৰে নিৰ্ম্মুল কৰা অসম্ভৱ, আৰু সংসাৰ যাত্ৰীৰ পক্ষে উচিতো নহয়। ক্ৰোধৰ নিচিনা লোভৰো সজ ব্যৱহাৰ আছে। নিলুভীয়া মানুহে সংসাৰত উদ্‌গতি কৰিব নোৱাৰে। তেনেকুৱা মানুহ কেৱল প্ৰাণ ৰক্ষাৰ সম্বল গোট খালেই সন্তুষ্ট হয়, বেচিলৈ অভিলাষ নকৰে। কিন্তু লুভীয়া মানুহৰ স্বভাৱ বেলেগ, তাৰ অভিলাষ ডাঙ্গৰ, আৰু সেই অভিলাষ পূৰণ কৰিবলৈ সি আঠো পৰে পুৰুষাৰ্থ কৰে।

অহঙ্কাৰ

নিজে ডাঙ্গৰ আনবিলাক সৰু, বা নিজে ভাল, আনবিলাক বেয়া, এনেকুৱা ভাব মনত ৰাখি আচৰণ কৰিলে অহঙ্কাৰ কৰা হয়। আৰু নিজৰ গুণ নিজে বখানিলেও অহঙ্কাৰ কৰা হয়। অহঙ্কাৰ এটা স্বভাৱৰ ঘুণ। যাৰ স্বভাৱত এই ঘুণ জন্মিছে সি নিজৰ সামান্য গুণকো বৰ ডাঙ্গৰ যেন দেখে, আৰু আনৰ ডাঙ্গৰ গুণকো সামান্য যেন বোধ কৰে। এই নিমিত্তে অহঙ্কাৰী মানুহে নিজে কাকো প্ৰশংসা নকৰে, আৰু আনে প্ৰশংসা কৰিলেও সহিব নোৱাৰে। যি মানুহ কোনো বিষয়তেই তোমাতকৈ হীন নহয়, তাৰ আগত তোমাৰ অহঙ্কাৰ নৰজে। সেই দেখি আনৰ আগত [ ৩৫ ] ফলাবলৈ অহঙ্কাৰীয়ে আনৰ খুঁত বিচাৰি ফুৰে, আৰু সামান্য এটা খুঁত পালে তাকেই ওফোন্দাই ডাঙ্গৰ কৰি অহঙ্কাৰৰ ঠেক উলিয়ায়। সি গুণীৰ গুণ লঘু কৰিবলৈ নানা ফাং পাতে। অহঙ্কাৰী মানুহৰ গাত যি এটা গুণ থাকে, সি তাকে গুণৰ প্ৰধান যেন বিবেচনা কৰে, আৰু যাৰ গাত সেই গুণ নাই তাক নিচেই অবালচন্দ বুলি ইতিকিং কৰে। অহঙ্কাৰীয়ে যদি খৰকৈ লিখিব পাৰে, তেনেহলে সি খৰকৈ লিখিব পৰা শক্তিটোক এটা প্ৰধান গুণ বুলি ভাবে, আৰু যাৰ তেনে গুণ নাই তাক অকামিলা বুলি উপালম্ভ কৰে, তাৰ আন কোনো ডাঙ্গৰ গুণ থাকিলেও অহঙ্কাৰীয়ে তাক লেখত নধৰে।

অহঙ্কাৰী মানুহে নিজৰ দোষ সমুলি নেদেখে, আৰু আনে দেখুৱাই দিলেও তাক কদাপি মানি নলয়। নিজৰ দোষ বা ত্ৰুটি মানি লোৱা অহঙ্কাৰৰ বিপৰীত ধৰ্ম্ম, তেনে কৰিলে অহঙ্কাৰ নৰয়। সেই দেখি অহঙ্কাৰীয়ে ভাল, বেয়া নানা উপায়েৰে নিজৰ দোষ লুকাই থয়। অহঙ্কাৰীৰ পক্ষে আন লোকৰ পৰা দিহা পৰামৰ্শ লোৱাও টান কথা, কিয়নো আনৰ উপদেশ বিচাৰিলে কেতিয়াবা কেতিয়াবা নিজৰ মূঢ়ালি ওলাই পৰে। অহঙ্কাৰী মানুহ স্বভাৱতে পৰনিন্দক হয়, মুখেৰে ফুটাই নিন্দা নকৰিলেও, মনত তাৰ সদায় নিন্দাৰ ভাব থাকে।

লোকৰ প্ৰশংসা অহঙ্কাৰৰ ঘাই আহাৰ। আহাৰ নহ'লে যেনেকৈ প্ৰাণীবিলাক ৰব নোৱাৰে, সেইদৰে প্ৰশংসা নহ'লেও অহঙ্কাৰ ৰব নোৱাৰে। আনৰ পৰা প্ৰশংসা নাপালে অহঙ্কাৰীয়ে নিজক নিজে প্ৰশংসিও তাৰ অহঙ্কাৰক জীপ দিয়ে। অহঙ্কাৰী মানুহে প্ৰশংসা ইমান ভাল পায় যে অজান বালকৰ প্ৰশংসাতো তাৰ বুকু ফিন্দ খাই উঠে আৰু চাটুকৰ চাটুকো সি আচল প্ৰশংসা যেন বিবেচনা কৰে।

দম্ভ অহঙ্কাৰ সকলোৰে অপ্ৰিয় বস্তু। দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটাদি ফুটে, তাক কোনেও সহিব নোৱাৰে। এই দেখি অহঙ্কাৰী মানুহ সকলোৰে অপ্ৰিয় হয়, আন কি নিজৰ পৰিয়ালেও তাক দেখিব নোৱাৰে। ক্ষমতাশালী অহঙ্কাৰীক অৱশ্যে মুখৰ আগত নিন্দিবলৈ কোনেও সাহ নকৰে, কিন্তু পেটে পেটে সকলোৱে তালৈ আক্ৰোশ ৰাখে, আৰু সুচল পালেই অহঙ্কাৰ চুৰ কৰিবলৈ চেষ্টা কৰে।

অহঙ্কাৰী মানুহৰ অহঙ্কাৰেই পৰম বিভূতি, তাক অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে। অৱস্থাত দৰিদ্ৰ হলেও কথমপি সি নিজৰ ভৰকটো ৰাখি থাকে। অহঙ্কাৰীৰ মান অপমানৰ বোধো বৰ বেচি, তাৰ প্ৰতি অন্য মানুহে কেনে আচৰণ কৰে [ ৩৬ ] তালৈ সি সদায় চকু ৰাখে, আৰু অলপ বঢ়া টুটা হলেই খং বা অভিমান কৰে। অহঙ্কাৰীৰ ক্ষমা গুণ কম। সি এবাৰ ৰুষ্ট হলে দুনাই সন্তুষ্ট নহয়। সি কৰো লগত জীণ যাব নোৱাৰে। মান্যৱন্তক মান্য কৰাও অহঙ্কাৰীৰ স্বভাৱ নহয়, আনক মান্য কৰিলে সি নিজে লঘু হোৱা যেন বোধ কৰে।

ৰিজনিত অহঙ্কাৰৰ উৎপত্তি। সৰুৰ লগত ডাঙ্গৰক ৰিজালে ডাঙ্গৰৰ মনত অহঙ্কাৰ হয়। তুমি যদি সামান্য ধনীও হোৱা, তথাপি মাগি খোৱা মানুহৰ তুলনাত তুমি এজন যোত্ৰৱন্ত মানুহ, মগনীয়াতকৈ তোমাৰ অৱস্থা ভাল। অৱস্থা ৰিজাঁওতে এই প্ৰভেদৰ ওপৰত চকু পৰে, আৰু তোমাৰ অৱস্থা ভাল দেখি তোমাৰ মনত অহঙ্কাৰৰ ভাব ওপজে। সেইদৰে অলপ শিক্ষা পোৱা মানুহেও সমূলি লিখা-পঢ়া নজনা মানুহৰ লগত নিজকে ৰিজালে নিজে এজন পণ্ডিত বুলি তাৰ মনত গহ হয়। এতেকে ডাঙ্গৰে নিজক সৰুৰ লগত ৰিজোৱা উচিত নহয়। অহঙ্কাৰ দমাব লাগিলে সদায় ওপৰলৈ, অৰ্থাৎ নিজতকৈ ডাঙ্গৰলৈ চকু ৰাখিব লাগে। ডাঙ্গৰত চকু ৰাখিলে মনত কদাপি অহঙ্কাৰ নোপজে। অলপ শিক্ষা বা বিপৰীত শিক্ষাৰ পৰাও অহঙ্কাৰ জন্মে। যি মানুহে যথাৰ্থ শিক্ষা লাভ কৰে,তাক অহঙ্কাৰ ৰিপুৱে সেও কৰিব নোৱাৰে, কিয়নো যথাৰ্থ শিক্ষাৰ পৰা নম্ৰতাহে জন্মে, অহঙ্কাৰ নজন্মে। শিক্ষাৰ পোহৰে মন পোহৰাই দিলে তাত অহঙ্কাৰ তিষ্ঠিব নোৱাৰে। আন্ধাৰ মনতহে অহঙ্কাৰৰ বাস।

আন আন ৰিপুবোৰৰ একোটা সজ ব্যৱহাৰ দেখা যায়, কিন্তু অহঙ্কাৰৰ সদ ব্যৱহাৰ নাই। কোনো কোনো মানুহে কয় যে অহঙ্কাৰে মানুহৰ আশয় ডাঙ্গৰ কৰে, কিন্তু এই তৰ্কত যুক্তি আছে বুলি বোধ নহয়। অনেক অহঙ্কাৰী মানুহক গুপ্তভাৱে নীহ কামত লিপ্ত হোৱা দেখা যায়। ইয়াৰ বাজেও আৰু তৰ্ক শুনা যায় যে অহঙ্কাৰীয়ে আনৰ অনুগ্ৰহ লবলৈ বেয়া পায়, এই তৰ্কটোতো যুক্তি আছে যেন মনে নধৰে। লোকৰ অনুগ্ৰহ গ্ৰহণ কৰিলে নিজৰ নামত কলঙ্ক পৰে, ইয়াক শিক্ষা পোৱা মানুহ মাত্ৰেই জানে আৰু সেই দেখি সুশিক্ষিত মানুহ মাত্ৰেই লোকৰ অনুগ্ৰহ গ্ৰহণ কৰিব নোখোজে। এতেকে আনৰ অনুগ্ৰহ লব নোখোজা গুণটো অহঙ্কাৰৰ ফল বুলিব নোৱাৰি, ই সুশিক্ষাৰহে ফল। [ ৩৭ ]

মিছালি

       মানুহে সঁচাতকৈ যে মিছা বেচি ভাল পায় ই ধুৰুৱ কথা, নাইবা পৃথিৱীত উপন্যাস বা উপকথাৰ ইমান প্ৰচলন নহ'লহেঁতেন। কিন্তু মিছা কথা নানা বিধৰ আছে আৰু প্ৰত্যেক বিধৰ অভিপ্ৰায় বেলেগ বেলেগ। কোনো মিছা মানুহক ছলিবৰ অভিপ্ৰায়ে কোৱা হয়, কোনো মিছা মানুহক বঞ্চিবৰ অভিপ্ৰায়ে কোৱা হয়, কোনো মিছা মানুহক হঁহুৱাবৰ অভিপ্ৰায়ে কোৱা হয়। এই সকলো বিধৰ মিছা গৰ্হিত বা দোষণীয় মিছা বুলিব নোৱাৰি। যি মিছাৰ অভিপ্ৰায় বেয়া সেই মিছাহে দোষণীয়। মানুহৰ মনোৰঞ্জন কৰিবলৈ যি মিছা কোৱা হয় তাক দোষণীয় মিছা বোলা যুগুত নহয়, ই মিছালিৰ এটা সজ ব্যৱহাৰ মাথোন। পণ্ডিতবিলাকে নিজৰ কল্পনাত নানা ৰকম ঘটনা গঢ়ি লৈ সেইবোৰক বুদ্ধি কৌশলেৰে ভালকৈ সজাই সুৱলা উপকথা ৰচনা কৰে, আৰু মানুহে সেই উপকথা শুনি বা পঢ়ি মনত তৃপ্তি পায়। এই তৃপ্তি বা এই উপকথা কোনোটোক বেয়া বুলিব নোৱাৰি, আৰু এনেকুৱা উপকথা ৰচোঁতাবিলাককো মিছলীয়া বুলি নিন্দিব নোৱাৰি। এই উপকথাৰ অভিপ্ৰায় সজ, এতেকে তাত মিছা কথাবোৰো সজ মিছা।

       তৃপ্তিকৰ উপকথা ৰচিবলৈ বৰ টান। বিদ্যা বুদ্ধি নথকা মানুহে উপকথা ৰচিলে সি সুৱলা হৈ নুঠে। বুদ্ধিমন্ত মানুহেহে ভাল উপকথা ৰচিব পাৰে। পণ্ডিত মানুহৰ উপকথা আচল সঁচা কথা যেন বোধ হয়। আন আন বিধৰ মিছা কথাবোৰো উপকথা, তাকো বুদ্ধি নহলে মানুহে ভালকৈ গঢ় লগাই কব নোৱাৰে। এতেকে দেখা যায় যে মিছালি এবিধ শিক্ষাৰ ফল। অলপ শিক্ষা বা বিপৰ্য্যয় শিক্ষাৰ পৰা মানুহ মিছলীয়া হয়। সমূলি শিক্ষা নোপোৱা মানুহে মিছা কথা কব নাজানে। অশিক্ষিত অঁকা ডফলাই গঢ় লগাই মিছাই কথা কব নোৱাৰে, কিন্তু সঁচা কথা কবলৈ শিক্ষাৰ বৰ প্ৰয়োজন নহয়। ইয়াৰ কাৰণ এই যে সঁচা কথা সদায় দেখা শুনা কথা, তাত নুতুন কোনো কথা যোগ দিব নালাগে বা তাৰ পৰা কোনো কথা বাদ দিবও নালাগে। এই দেখি ভেবা ভোদায়ো সঁচা কথা আঁৰ নলগাকৈ ক'ব পাৰে।

       মিছা কথাৰ ঘাই হেতু অপকৰ্ম্ম। কুপ্ৰবৃত্তিৰ দণ্ডিত মানুহে অপকৰ্ম্ম কৰে, 'কিন্ত অপকৰ্ম্ম কৰিলে সমাজত অখ্যাতি হয় আৰু কেতিয়াবা ৰাজঘৰীয়া জগৰতো পৰিব [ ৩৮ ] লাগে। এই দেখি মানুহে মিছা কৈ অপকৰ্ম্ম ঢাকে। অপকৰ্ম্ম মানুহৰ চৰিত্ৰৰ ছিদ্ৰ তাক মিছা কথাৰে সোপা নিদিলে চৰিত্ৰ ওলাই পৰে। মিছা কথা অপকৰ্ম্মৰ ঢাকনী, যাৰ অপকৰ্ম্ম সংখ্যা সৰহ তাৰ মিছা ক'বৰ হেতু সৰহ। এতেকে মিছা কথা এৰিব লাগিলে অপকৰ্ম্মৰ পৰা আঁতৰত থাকি গুপ্ত কথাৰ মূৰ মৰা উচিত।

       মিছা কথাৰ প্ৰায় সকলো বিধেই গৰ্হিত, তাৰ ভিতৰত আন মানুহক বিপদত পেলাবলৈ যি মিছা কোৱা হয় সি আওগৰ্হিত; এই বিধৰ মিছাই মানুহক অনুক্ৰমে পশুৰ শ্ৰেণীলৈ নিয়ে। ঘটনাৰ মেৰত পৰি এদিন এটা মিছা কথা কোৱা বেলেগ কথা, এই বিধ মিছলীয়াৰ পুনৰ সংস্কাৰ হয়। কিন্তু যি আন লোকক বিপদত পেলাই ৰং চাবলৈ মিছা কথা কয়, তাৰ পুনৰ সংস্কাৰ নাই, তাৰ মন মিছাৰ গৰলে একেবাৰে জিনি পেলায়। চৰিত্ৰ ভাল কৰিব লাগিলে এনেকুৱা মিছাৰ পৰা দূৰতে বিদূৰ হোৱা উচিত। অপকৰ্ম্ম ঢাকিবলৈ কোৱা মিছা কথাৰ শেষ আছে, কাৰণ অপকৰ্ম্ম কৰিবলৈ এৰিলে তেনে মিছাৰ প্ৰয়োজন নোহোৱা হয়, কিন্তু ছলাহী মিছাৰ শেষ নাই। মাছৰ কণী হাজাৰ হাজাৰ, মিছাৰ কণী অলেখ। এনেকুৱা মিছাই পোৱালী পাৰে, ইয়াৰ এটা মুখৰ পৰা ওলালে শটাই পাচ ধৰে। এই বিধৰ মিছা এৰোঁ বুলি এৰিবলৈ টান, কিয়নো মিছা কথা কৈ অনেক বিপদত পেলালে আন জনৰ মনত খং উঠে, আৰু সি তাৰ পোটক তুলিবলৈ চেষ্টা কৰে, ফলত গৈ এটা সংগ্ৰাম উপস্থিত হয়। সেই সংগ্ৰামত আদিৰ মিছা ঠিক ৰাখিবলৈ অসংখ্য নতুন মিছা স্ৰজিব লগীয়া হয়। মিছা কথাৰ ঠেং চুটি, তাক আন মিছাৰে ঢোকা নিদিলে ৰব নোৱাৰে। মিছাইহে মিছাৰ বল।

       কেতিয়াবা কেতিয়া মিছা ভাব এটাকো সঁচা কথাৰে প্ৰকাশ কৰিব পাৰি। বহুতে সত্যবাদী বোলাবলৈ এই বুদ্ধি কৰে। কিন্তু ইয়াৰ পৰা সত্য ৰক্ষা নপৰে। যাৰ আগত কথা কোৱা যায় তাৰ বিশ্বাসেই কথাটোৰ সঁচা মিছাৰ প্ৰমাণ। তোমাৰ বৰ্ণনাৰ পৰা যদি সি আচল কথাটো বুজে, তেনেহলে তুমি তাক সঁচা কথা কৈছা, যদি মিছা কথা এটা সচাঁ বুলি বুজি যায়, তেনেহলে,তুমি মিছা কথা কৈছা তোমাৰ কথা কেইআষাৰ সঁচা হ'ব পাৰে, কিন্তু সেই বুলি তোমাক সত্যবাদী বুলিব নোৱাৰি। অশ্বত্থামা হত-ইতি-গজ কাহিনী সকলোৱে জানে। এই বাক্যৰ কথা কেই আষাৰ সঁচা, কিন্তু ভাবটো মিছা। ফট্‌ফটীয়া মিছা ক'লে চৰিত্ৰৰ ওপৰত যি ফল ফলে, এইদৰে চাঁচৰি কোবাই মিছা ক'লেও সেই ফল ফলে। [ ৩৯ ]

চৰিত্ৰ শুধৰণৰ অন্যান্য বাধা

চৰিত্ৰ শুধৰণিৰ বাটত বহুত ৰিপু আছে। লোভ, মোহ, অহঙ্কাৰ আদি প্ৰখ্যাত ৰিপুবিলাক বশ কৰিলেই সকলোবিলাক ৰিপু পাৰ হোৱা বুলি ভবা উচিত নহয়। সিহঁতৰ বাজেও অন্য অনেক ৰিপুৱে সেই বাট আগচি আছে। সংসাৰত উদ্‌গতি কৰিব খোজা মানুহে সেইবিলাক ৰিপুৰো সমুখ নোহোৱাকৈ এৰাব নোৱাৰে। সেইবিলাক ৰিপুৰ ভিতৰত বেয়া সংসৰ্গ এটা ঘাই ৰিপু। সংসাৰত মানুহে শঠ প্ৰবঞ্চক আদি মনে মুখে নিমিলা বহুত লোকৰ লগত বসতি কৰিব লাগে, আৰু সিহঁতৰ লগত বসতি কৰা বাবে কেতিয়াবা সিহঁতৰ দোষাদোষে সাধু সন্তকো পৰ্শ কৰে। দুষ্টৰ লগত সন্তৰ মৰণ, এই এটা নীতি বচন। কেৱল নিজৰ স্বভাৱ ভালকৈ ৰাখিলেই সংসাৰত প্ৰমাদ এৰাব নোৱাৰি, আনে কৰা অকামৰ ফলাফলে ঢুকি নোপোৱা হ'বলৈ যত্ন কৰিব লাগে। এই কথা নিচেই উজু নহয়। সংসাৰত থাকিলেই ভাল বেয়া দুই বিধ মানুহৰ লগত ঘনপাতল সম্বন্ধ হয়, আৰু সেই সম্বন্ধৰ বান্ধত পৰি ভালেও বেয়া বাটত ভৰি দিবলৈ বাধ্য হয়। মিছা কথা কোৱা এটা বেয়া কাম সেই দেখি সাধু লোকে মিছা কথা নকয়, কিন্তু কেতিয়াবা কোনো বন্ধু মানুহক তাৰ অকামৰ ফলৰ হাতৰ পৰা সৰুৱাবলৈ সাধুৱেও মিছা ক'ব লগীয়াত পৰে। অসৎ পুত্ৰক ৰক্ষা কৰিবলৈ সৎ পিতৃয়েও নকৰিবলগীয়া কাম কৰা বা নক'বলগীয়া কথা কোৱা দেখা যায়। সংসাৰী মানুহক অনেক সময়ত এনে বিধৰ সঙ্কটে বাট ভেটি ধৰে আৰু কোনো জনক সজ বাটৰ পৰা ঠেলি পেলায়। উদ্‌গতি কৰিব খোজা মানুহে এনেবোৰ সঙ্কটৰ হাতৰ পৰা সাৰিবলৈ সদায় চেষ্টাত থকা যুগুত।

আন মানুহৰ অনুগ্ৰহ গ্ৰহণ কৰিলেও অনেক সময়ত চৰিত্ৰ শুধৰণিত বাধা জন্মে। ক্ষমতাৱন্ত বা ধনৱন্ত মানুহৰ পক্ষে অন্যক অনুগ্ৰহ দান কৰা উজু কথা, কিন্তু লওঁতাৰ পক্ষে বৰ টান। দানত দিওঁতাৰ গৌৰৱ আছে, কিন্তু লওঁতাৰ কলঙ্ক মাথোন। দান গ্ৰহণৰ অখ্যাতি অপযশ গ্ৰহণ কৰোতাৰ জীৱনৰ লগৰীয়া হয়, তাৰ আগত তুমি সদায় সৰুটি হৈ থাকিব লাগে। সি অতি অধম অনাচাৰী হ'লেও তোমাৰ পূজনীয়। তুমি তাক সকলো কামতে সহায় কৰিবলৈ বাধ্য। অকৰ্ম্মতো সি তোমাৰ সহায় [ ৪০ ] আশা কৰে, আৰু তাক নাপালে তোমাৰ বৈৰী হয়। কিন্তু এই হুলস্থুলীয়া সংসাৰত কেতিয়াবা আনৰ অনুগ্ৰহ নল'লে নচলে। তেনেকুৱা নিদান কালত মানুহ বাছি অনুগ্ৰহ খোজা উচিত। দুৰাচাৰ মানুহৰ অনুগ্ৰহ পৰাপক্ষত ল'ব নালাগে, ল'লে কেৱল ভৱিষ্যত সঙ্কতৰ সঁচ পচোৱা হয়। সমনীয়া বা নীচ মানুহৰ অনুগ্ৰহো আপদীয়া, তাকো পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়। মুঠতে ক'ব লাগিলে, আনৰ অনুগ্ৰহ সততে গৰল যেন জ্ঞান কৰা উচিত। কিন্তু উৎকট ৰোগত পৰিলে মানুহে গৰলো ব্যৱহাৰ কৰে, এতেকে দুৰ্ঘোৰ বিপদত পৰিলেহে অনুগ্ৰহ গৰললৈ হাত মেলিব লাগে। সকলো সময়তে আনৰ অনুগ্ৰহলৈ আশা নেপালি নিজৰ বাউসিবলৰ ওপৰত নিৰ্ভৰ কৰা উচিত। যি নিজ পুৰুষাৰ্থেৰে উধাবলৈ চেষ্টা কৰে তাক ঈশ্বৰেও সহায় কৰে, এনে নীতিবচন আছে।

নিজৰ আচল স্বভাৱ সকলোকে জনাই থলেও বহুত সঙ্কটৰ পৰা ৰক্ষা পৰিব পাৰি। তুমি যি কাম কৰিবলৈ ভাল নোপোৱা তাক কৰিবলৈ তোমাক কোনেও নাখাটে। চুৰ কৰিবলৈ সাধুক বা দান কৰিবলৈ কট্‌কিনাক কোনেও খাটনি কৰা দেখা নাযায়। কিন্তু মানুহে আগৰ পৰা তোমাক সাধু বা কট্‌কিনা বুলি জানিব লাগে, নাইবা কেতিয়াবা তুমি ভাল নোপোৱা কাম কৰিবলৈও মানুহে ধৰিব পাৰে। খাটনি নাৰাখিলে মানুহে পেটে পেটে বৰ বেয়া পায় আৰু খিয়াল কৰে, তোমাকো সেইদৰে খাটনি নাৰাখিলে বেয়া পাব আৰু খিয়াল কৰিব। নিজৰ ৰুচি অৰুচি সকলোকে জনাই থোৱাৰ আৰু এটা গুণ আছে। তুমি কেতিয়াও মিছা কথা নোকোৱা বুলি যদি সকলো ওচৰ চুবুৰীয়াৰ আগত কৈ ফুৰা তেনেহলে সিহঁতৰ আগত মিছা ক'বলৈ তোমাৰ বৰ লাজ লাগিব। নিজৰ ৰুচি অৰুচি বা স্বভাৱ চৰিত্ৰ গুপ্ত কৰি ৰাখিলে আগলৈ কুকাম কৰিবলৈ বাট মোকলাই ৰখা হয়।

সংসাৰ এৰি অৰণ্যত বাস লৈ সজ্জন হ'বলৈ কিছু উজু কিয়নো অৰণ্যত প্ৰলোভন সংসৰ্গ আদি বাধাবিলাক নাই। কিন্তু অৰণ্যবাসী সজ্জন আৰু সাগৰৰ তলৰ ৰত্ন একে ৰকম। সাগৰত থকা ৰত্নৰ পৰা যেন জগতৰ কোনো উপকাৰ নহয় অৰণ্যবাসী সজ্জনৰ পৰাও জগতৰ কোনো উপকাৰ নহয়, সংসাৰত থাকি সংসাৰৰ বাধাবিলাক নিজ বলেৰে মষিমূৰ কৰি সজ হ'ব পাৰিলেহে ধন্য। [ ৪১ ]

অন্যৰ প্ৰতি ব্যৱহাৰ

 যিবিলাক মানুহেৰে সৈতে তোমাৰ সম্বন্ধ জন্মে, বা যিবিলাকেৰে সৈতে সংসাৰত সমাজ পাতি থাকা, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানা বিধ উপদ্ৰৱ ভুগিবলৈ পায়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, তথাপি চৰিত্ৰ সজ হ'লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয়। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়, আকৌ অনেক কপটীয়া ছলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়। এতেকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাইতিকিং নকৰি মন দি শিকা উচিত।

 মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। স্বভাৱত বহুত দোষ থাকিলে মিঠা মাতৰ গুণত সৰৱৰহী হ'ব পাৰি। তোমালৈ আনৰ মৰম ভক্তি জন্মোৱা সজ ব্যৱহাৰৰ মুখীয়াল উদ্দেশ্য। ব্যৱহাৰত মিঠা মাতৰ নাটনি হ'লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা। গঢ়ত প্ৰতিমা বিতোপন হ'লেও, ৰহণ নলগালে শুৱনি নহয়। সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ নিদিলে সি মানুহৰ মনত সন্তোষ লগাব নোৱাৰে। মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰব ৰুগীয়াক দিয়ে।

 অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত, কিন্তো নিৰ্ব্বোধ খিংখিংঙ্গীয়া মানুহে ভৱিষ্যত নুগুণি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্ৰেণী মানুহৰ শত্ৰু সৰহ। সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও, কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অচল তিতা মাতেই সকলোকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একতিলে পাহৰে, অৰ্ব্বুদ দানৰ ফল একে নিমিষতে লয় হয়। এই দেখি জ্ঞানী সকলে দানত বিনয় বিধান কৰিছে।

নম্ৰতা সজ ব্যৱহাৰ অনুপান। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি [ ৪২ ] কথা মানুহৰ কাণত কাঁড় ফুটা দিয়ে, সেই দেখি আনৰ লগত আলাপ আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত। বহুতে ভাবে যে লোকৰ আগত নম্ৰ হ'লে নিজক সৰু বা লঘু কৰা হয়। এই বিশ্বাস ভুল। নম্ৰতা ডাঙৰ আশয়ৰ চিন, তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে আপোনা-আপুনি মিঠা মাত ওলায়। মনত অহঙ্কাৰ ৰাখি মুখে নম্ৰ হ'লে মানুহক ছল কৰা হয়। তেনেকুৱা আচৰণ অনুচিত। ব্যৱহাৰত মনে মুখে একে হ'বলৈ সততে চেষ্টা কৰা যুগুত।

 আনৰ ভাল গুণ প্ৰয়োজন অনুসৰি ফুটাই বখনা উচিত। কোনো কোনোৱে ভাবিব পাৰে যে আনক বখানিলে নিজক সৰু পতা হয়, কিন্তু দৰাচল পক্ষত তাৰ পৰা বখানোতাৰ মহত্বহে প্ৰকাশ পায়। গুণীৰ গুণ তাৰ মুখত, আগত বখনা অযুগুত, মুখৰ আগত বখানিলে নিন্দা কৰা যেন হয়, আৰু সিজনে তোমাক চাটুকাৰ বুলি ভবাৰো আটক নাই। সমুখত প্ৰশংসা কৰা চাটুকাৰৰ স্বভাৱ। চাটুকাৰক মুৰ্খ বা দাম্ভিক মানুহে ভাল পাব পাৰে, কিন্তু জ্ঞানী মানুহে ঘিণায়। কোনো মানুহৰ গুণৰ কথা তাৰ সমুখতেই ক'ব লগীয়া হ'লে সংক্ষেপ কৰি কোৱা উচিত, ব্যাখ্যা কৰি বহলাই কোৱা উচিত নহয়। এজনৰ গুনৰ কথা আন এজনৰ আগত কোৱালে ভাল, কিয়নো তাৰ পৰা তোমাৰ সৰলতাৰ চিনাকি পোৱা যায় আৰু গুণীজনৰো উপকাৰ হয়। মানুহে নিজৰ গুণৰ কথা নিজ মুখে আনৰ আগত ক'ব নোৱাৰে, সেই কাম বন্ধু-বান্ধৱৰ পৰা সিদ্ধ হ'ব লাগে।

 সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিবলৈ জানিব লাগে। গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙ্গৰ গুণ। অনেক মানুহে এই গুণৰ অভাৱত বন্ধু-বান্ধব হেৰুৱাই আৰু আনৰ গৰিহণা খায়। গুপ্ত কথা লুকাই ৰখা বৰ টান কাম, তুমি নকওঁ বুলি মন বান্ধি থাকিলে তাক কোনেও বলেৰে উলিয়াই নিব নোৱাৰে। কেতবিলাক মানুহে লগ-লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে। এই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল। সিহঁতে লোকৰ বেয়া হওক বুলি মনে জানি গুপ্ত কথা প্ৰকাশ নকৰে, কেৱল ৰাতল স্বভাৱৰ দোষত হঠাৎ কেতিয়াবা কৈ পেলায়। সিহঁতে নিজৰ গুপ্ত কথাও পেটত ৰাখিব নোৱাৰে, তাকো আনৰ আগত কৈ নিজৰ বিপদ নিজে মাতি আনে। গুপ্ত কথা লোকৰেই হওক বা [ ৪৩ ] নিজৰেই হওক সদায় লুকাই ৰখা উচিত। লোকৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত পৰিব লাগে, আৰু নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে মানুহৰ গৰিহণা খাব লাগে। দুৰাচাৰ বা খিয়লীয়া মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙ্গি কলে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয়। লোকৰ গুপ্ত কথা সম্বন্ধে আৰু বিবেচনা কৰা উচিত যে, যি মানুহে তোমাৰ আগত তাৰ গুপ্ত কথা ভাঙ্গি কয়, তুমি সেই কথা বিশ্বাসত ৰাখিবা বুলি আশা কৰে, এনে স্থলত কথাটো প্ৰৌঢ়ী কৰি সমাজত তাৰ হাঁহিয়াত কৰা কোনোমতে যুগুত নহয়, তেনে কৰিলে বিশ্বাসঘাতকতা কৰা হয়। যি কথা প্ৰকাশ কৰিলে দুজনৰ ভিতৰত কন্দল লাগিব পাৰে, তেনে কথাও সাবধানে লুকাই ৰাখিব লাগে। এইদৰে গুপ্ত কথা লুকাই ৰাখিব পাৰিলে সকলোৰে সঁজাতি হব পাৰি। যি মানুহে পেটত কথা ৰাখিব নোৱাৰে যি আনৰ গুপ্ত কথা শুনিবলৈ হেঁপাহ কৰা উচিত নহয়, আৰু আনে ক'ব খুজিলেও শুনিবলৈ মান্তি হোৱা অনুচিত।

লোকৰ দোষ খোঁচাৰী ফুৰা বহুত মানুহৰ স্বভাৱ, কিন্তু তাৰ পৰা কাৰো কোনো উপকাৰ নহয়। যি আনৰ দোষ বিচাৰি ফুৰে সি তাৰ নীচ আশয়ৰ চিনাকি দিয়ে আৰু যাৰ দোষ বিচাৰে তাৰ কোপত পৰে। এতেকে সততে আনৰ দোষৰ ভাগ এৰি দি গুণৰ ভাগ ধৰাই শ্ৰেয়স্‌। কোনো মানুহৰ বিষয়ে কথা ক'ব লাগিলে তাৰ যি গুণ আছে তাকেহে কোৱা উচিত, নাইবা মুঠে একো নোকোৱাই ভাল। যি মানুহে যি কথা শুনিবলৈ ভাল নাপায় সেই কথা তাৰ আগত কোৱা উচিত নহয়। কোনো মানুহৰ শৰীৰত কোনো খুঁত থাকিলে তাকে ধৰি ভেঙ্গুচালি বা বিগতি কৰা অনুচিত। বিগতি বা ভেঙ্গুচালি বহুৱাৰ কাম, তেনে কাম আনে কৰা অযুগুত। সকলোৰে সৈতে গহীন হৈ চলাই ভাল, কিয়নো গহীনালিৰ লগত উপলুঙ্গালি বা পাতলালি থাকিব নোৱাৰে। ভেঙ্গুচালি উপলুঙ্গালিৰ ফল। এতেকে যত উপলুঙ্গালি নাই, তাত ভেঙ্গুচালিও থাকিব নোৱাৰে। আনৰ আগত নিজৰ গুণৰ কথাও ক'ব নালাগে। নিজৰ মুখত নিজৰ গুণ আনৰ কাণত বিহ যেন লাগে। নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱো নাথাকে। আন মানুহৰ লগত মেল কৰোঁতে বিশেষ প্ৰয়োজন নাথাকিলে নিজৰ কথা সৰহকৈ নোকোৱাই ভাল।

পৃথিৱীত নানা ৰকমৰ মানুহ আছে, কোনো সাধু, কোনো চোৰ, কোনো শঠ, কোনো সৰল, কিন্তু কোনটো কোন বিধৰ তাক দেখিলেই চিনিব নোৱাৰি, কাৰণ [ ৪৪ ] বহুত চোৰেও আনক ছলিবলৈ সাধুৰ ভাও ধৰে। এতেকে অচিনাকি মানুহক পোন প্ৰথমে বিশ্বাস কৰা যুগুত নহয়। কোনো মানুহক শঠ বুলি জানিব পাৰিলে তাৰ লগত সম্বন্ধ চিঙ্গি দিয়া উচিত। শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।

 সংসাৰত মানুহৰ অৱস্থা সমানে নাথাকে। একালৰ আঢ্যৱন্ত একালৰ দৰিদ্ৰ হয়। তেনেকুৱা মানুহৰ লগত ব্যৱহাৰ কৰোঁতে আঢ্যৱন্ত অৱস্থাত তাৰ লগত যেনে ৰূপে ব্যৱহাৰ কৰা হৈছিল দৰিদ্ৰ অৱস্থাতো তেনে ৰূপেই ব্যৱহাৰ কৰা উচিত। আঢ্যৱন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰা ভাল নহয়। সুদিনত সৎকাৰ আৰু দুৰ্দ্দিনত ইতিকিং কৰা সৰু মনৰ চিন। সামান্য মানুহ ডাঙ্গৰ হ'লেও তাৰ প্ৰতি ব্যৱহাৰ সলোৱা উচিত অৰ্থাৎ তাৰ লগত আগে যেনে ব্যৱহাৰ কৰিছিলা, বিদ্যা বুদ্ধিৰ বলত সি ডাঙ্গৰ হৈ উঠাতো তেনে ব্যৱহাৰ কৰা উচিত নহয়। তেতিয়া সি তাৰ অৱস্থা অনুৰূপ মান সৎকাৰ পাব লাগে।

 কোনো কোনো মানুহে মান্যৱন্ত লোকক অমান্য কৰিলে পুৰুষালি কৰা যেন পায়, সেই দেখি চল পালে অমান্য কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্তক অমান্য কৰি তাৰ মূল্য কমাব নোৱাৰি। সোণৰ জেউতি অমান্য কৰিলে নকমে।

 তলতীয়া সামান্য মানুহ বিলাকক মৰম কৰি চলা উচিত, আৰু সিহঁতক সম্বোধন কৰোতে তুমি বুলি সম্বোধন কৰা ভাল। তই কথা বৰ নিকৃষ্ট, তাৰ লগুৱা ভণ্ডাৰীৰ বাজে আন মানুহৰ প্ৰতি ব্যৱহাৰ কৰা যুগুত নহয়। নিজৰ ল'ৰা-ছোৱালীকো তুমি বোলা উচিত।

<<পূৰ্বৱৰ্তী পৃষ্ঠা

পৰৱৰ্তী পৃষ্ঠা>>