পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হৈছে, কোনোৱে অকালত প্ৰাণ হেৰুৱাইছে, কোনোৱে মদত মতলীয়া হৈ অকামত হাত দি সমাজৰ গৰিহনা খাইছে, কোনোৱে বাপতীয়া সাহোন নিৰ্ম্মূল কৰি দৰিদ্ৰ হৈছে। এইবিলাক মানুহে এবাৰ গমি নাচায় যে এজনৰ অমৃত আন এজনৰ পক্ষে বিহ হয়। চাহাববিলাকৰ পক্ষে মদ এটা নিতৌ খোৱা বস্তু, তাক সিহঁতে পুৰুষানুক্ৰমে আদিৰ পৰা ব্যৱহাৰ কৰি আহিছে, সিহঁতৰ দেশত বৰ জাৰ, জাৰৰ গুণত পানীও ছমাহ গোট মাৰি থাকে, পিয়াহ লাগিলে মাৰিবলৈ একো নাই, আৰু ইমান জাৰত তেজ তপতে ৰাখিব পাৰিলে শৰীৰলৈও ভাল, এই নানা কাৰণে সেইবিলাক দেশত মদৰ চল হৈছে। তেনেবিলাক কাৰণ ভাৰতত বা অসমত নাই, গতিকে ইয়াত মদ ব্যৱহাৰ কৰিলে অপকাৰৰ বাজে উপকাৰ নহয়। আজি কালি চাহাববিলাকৰ ভিতৰতো মদ ব্যৱহাৰ নকৰা মানুহ বহুত ওলাইছে। তেওঁলোকে সেই দেশতো মদৰ চল কমাবলৈ পুৰুষাৰ্থ কৰিব লাগিছ। ইয়াৰ পৰা বুজা যায় যে মদ এটা মহা অপকাৰী বস্তু।

মদৰ ৰাগী বৰ ভয়ঙ্কৰ, সি টান হ'লে মানুহে ভাল বেয়াৰ বিবেচনা একেবাৰে পাহৰে। মদপীয়ে মদৰ ৰাগী লোকক দেখুৱাবলৈ ভাল পায়, সেই দেখি ৰাগী লাগিলে সি ঘৰত থাকিব নোৱাৰে, বাটলৈ যায় আৰু সকলোৰে আগত ঢলং পলং কৰি ফুৰে। সেইদৰে ফুৰাটো তাৰ মনত তেতিয়া মহতালি যেন লাগে। ৰাগী লগা মদপীয়ে নিজৰ আৰু আনৰ গুপ্ত কথা ব্যক্ত কৰে, আৰু অসময়ত বৰ কথা কৈ বিপদত পৰে। সি অবাবত খং আৰু অবাবত ৰং কৰে, অবাবত হাঁহে আৰু অবাবত কান্দে, পাচত ৰাগী এৰিলে যি কৰিছিল সকলো পাহৰে। মদৰ ৰাগীয়ে মানুহৰ কুপ্ৰবৃত্তিবোৰ উজাৰি দিয়ে। মদ খালে খঙ্গালৰ খং বাঢ়ে, কূৰ্চ্চুটিয়াৰ কূৰ্চ্চুট বাঢ়ে আৰু চোৰৰ চুৰ কৰিবলৈ মন যায়। মদৰ ৰাগীয়ে ভিতৰুৱা যন্ত্ৰৰ বেগ বৰকৈ বঢ়াই দিয়াত মদপীৰ থিৰ হৈ থাকিব নোৱাৰে, মূৰ কটা পঠাৰ দৰে চটফটাই দেও পাৰি ফুৰে আৰু কেতিয়াবা হাউত কৰে বঁতিয়াই দিয়ে। মদপীয়ে তাৰ ভৰি থিৰকৈ ৰাখিব নোৱাৰে, সেই দেখি হুলে জোঙে ঢাঁচ্‌ ঢাঁচ্‌ কৰি পৰি ফুৰে, কিছুমানে ল'ৰা-তিৰোতাৰ ওপৰত উদ্ভণ্ডালি কৰে।

ভাঙ্গৰ ৰাগী মদৰ ৰাগীৰ নিচিনা নহয়। মদৰ উত্তেজক গুণ আছে, ভাঙৰ নাই। ভাঙে মানুহৰ মগজু আক্ৰমণ কৰে সেই দেখি ভাঙুৱাৰ কথায়