পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বিষয়াবিলাকে ধনৰ নিমিত্তে সাধাৰণ ৰায়তৰ ওপৰত অত্যাচাৰ কৰিছিল। সাধাৰণ তৰপৰ মানুহে বিষয়াক সদায় ভয় কৰে, তেনে মানুহে মাগন পেলালে কোনেও নিদি থাকিব নোৱাৰে। কেতিয়াবা ঠেকত পালে পোটক তোলে বুলি ভয়ত ঘৰত ধন নাথাকিলেও আনৰ পৰা ধাৰ ঋণে আনি সিঁহতে বিষয়াক সন্তুষ্ট কৰে। ইয়াক ধন আৰ্জিবৰ ছেগ বুলিব নোৱাৰি। ভয় দেখুৱাই নিৰ্ব্বলীৰ পৰা ধন ল'লে তাক ডকা দিয়া বোলে, আৰু ফান্দত পেলাই ধন ল'লে ঠগ কৰা হয়। বেপাৰৰ অৰিয়া অৰিত বা ঘটনা সূত্ৰত যি সুচল ওলায় তাকেহে আচল ছেগ বোলে।

ওপৰত কোৱা কথাৰ পৰা বুজা যায় যে মানুহে ইচ্ছা কৰি সুচল আনিব নোৱাৰে, ঘটনাৰ ফেৰত সময় মতে সুচল আপোনা-আপুনি ওলায়। মানুহে বুদ্ধি বিবেচনাৰ বলত সেই সুচল কেতিয়া মিলিব তাকে মাথোন ঠিক কৰিব পাৰে। কিন্তু মাজে সময়ে কৰ্ম্মইও সুচল মিলোৱা দেখা যায়, দীপশলা উলিয়াই দিয়া মাত্ৰেই জগতত তাৰ আদৰ হ'ল আৰু উলিয়াওঁতাৰ ধন ঘটিবৰ ছেগ মিলিল। আগে দীপশলা কেনে বস্তু কোনেও নাজানিছিল, উলিয়াই দিলত সকলোৱে তাৰ মোল বুজি পালে, আৰু ঘৰ নিৰন্তৰে তাক ব্যৱহাৰ চলিল। এতেকে ইয়াত কৰ্ম্মইহে ধন ঘটিবৰ ছেগ মিলালে।

সুচল বা ছেগৰ পৰিমাণ অনুসৰি সংসাৰত মানুহৰ উদ্‌গতি বা অধোগতি হয়। যি মানুহে জীৱনত সৰহ ছেগ পায় সি সংসাৰত উদ্‌গতি কৰে,যি নাপায় তাৰ অধোগতি হয়। ছেগ পোৱা সম্বন্ধে দুই পক্ষৰ দুই মত শুনা যায়। এক পক্ষৰ পণ্ডিতবিলাকে কয় যে সময়েই মানুহৰ সৌভাগ্যৰ নায়ক অ্ৰৰ্থাৎ সময়হে মানৱ ভাগ্যৰ ভাল বেয়াৰ গৰাকী। সময়ৰ সোঁত পৰি কোন বা আঢ্যৱন্ত হয়, কোন বা দৰিদ্ৰ হয়। সময়ে কাৰো জীৱনত বহুত ছেগ মিলাই দিয়ে,আৰু কাৰো জীৱনত সমুলি নিদিয়ে। এই শ্ৰেণীৰ পণ্ডিত বিলাকক সাধাৰণ কথাত অদৃষ্টবাদী বোলে। তেওঁলোকৰ বিবেচনাত কপালৰ লিখন অনুসাৰে মানুহ সুভগীয়া বা দুৰ্ভগীয়া হয়। বিপৰীত পক্ষৰ পণ্ডিতবিলাকৰ মন ভিন। তেওঁলোকৰ মতে মানুহে নিজৰ সুদিন দুৰ্দ্দিন নিজে গঢ়ি পিটি লয়। এই দুই