পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছেগ

 সকলো কামৰ এটা সুচল বা ছেগ আছে। সেই ছেগত কৰিলে কাম সুকলমে সিদ্ধ হয়,আৰু তাৰ অনুৰূপ ফল পোৱা যায়। ছেগ উকলি গ'লে কাম নিষ্ফল হয়। বেপাৰত এই কথাৰ ভাল পটন্তৰ দেখা যায়। কেতিয়াবা কোনো এবিধ বস্তুৰ কাটন বৰ বাঢ়ে ,আৰু সেই বাবে বজাৰত তাৰ ভাও উঠে। সেই সময়, সেই বস্তু সৰহকৈ উলিয়াই দিব পাৰিলে সৰহকৈ আয় হয়। যি মানুহে তেনে ছেগ আওহেলা কৰে সি বেপাৰত লাভ কৰিব নোৱাৰে। আচল কথা,কোন বেহানিৰ ভাও কেতিয়া বাঢ়িব তাৰ উহ লৈ ফুৰাই বেপাৰী মানুহৰ এটা ঘাই কাম। সুচল বেপাৰীয়ে সকলো ঠাইত থকা বেহানিৰ বুজ-বাজ লৈ, আৰু বজাৰৰ আওভাও বুজি কোন বেহানিৰ ভাও কেতিয়া চৰিব আৰু কোন বেহানিৰ ভাও কেতিয়া পৰিব তাক ঠাৱৰাব পাৰে। এইদৰে বস্তুৰ ভৱিষ্যতে ভাও ঠাৱৰায় লৈ সিঁহতে সেই সময়লৈ তেনে বস্তু গোটাই ৰাখে আৰু সময়ত তাক বজাৰত উলিয়াই দি বহুত লাভ কৰে।

 বেপাৰৰ বাদে আন কামতো ছেগৰ গুণাগুণ দেখা যায়। ছেগ চাই কৰিলে যি কামত এশ ৰূপ লাগিব ছেগ উকলি যোৱাত কৰিলে তাত চাৰি শ ৰূপ লাগিব। এক সময়ত চাঁওতালৰ পৰা বহুত আকলুৱা মানুহ অসমলৈ আহিছিল। সিহঁত মাটি কটাত বৰ পৈণত আৰু অলপ ধনতেই সন্তোষ হয়। এই ছেগ পাই বহুত অসমীয়া মানুহে নিজ নিজ ঘৰত বৰ বৰ নাদ আৰু বৰ বৰ পুখুৰী খনাই ল'লে। আন সময়ত তেনে নাদ আৰু তেনে পুখুৰী খানোতে যিমান ধন ভগন হ'লহেঁতেন তেতিয়া তাৰ আধাতে সেইবোৰ কাম হৈ উঠিল।

 কিছুমান মানুহে ৰাজঘৰীয়া বিষয় পালে, বিষয় থকা কালটোক ধন গোটাবৰ ছেগ বুলি বিবেচনা কৰে। বিষয় পালে মাগন, এই বচন বহুত দিনৰ পৰা অসমত চলিত আছে। ইয়াৰ পৰা বুজা যায় যে আগৰ অসমীয়া