পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
সাৰথি

খৰচ কৰে। এতেকে যি সদায় ধাৰত তলা সি অচিৰে ধুঁৱাখুলীয়া হয়।

 ধাৰ কৰি ধন আনি হাতত লৈ খৰচা কৰা জহতহ, কিন্তু দোকানৰ উঠনা খোৱা বৰ ধ্বংসীয়া কথা। সি নামত যেনে উঠনা কামতো তেনে উঠনা অৰ্থাৎ সি কেৱল উঠিহে যায় নামিব নাজানে।এনেকুৱা ব্যৱস্থাই গৃহস্থালি খাস্তাং কৰে। হাতত লৈ ধন ভাঙ্গিলে ভগনৰ পৰিমাণ চকুৰে দেখা যায় আৰু সৰহ ভগন হ'লে মন বেয়া লাগে। কিন্তু উঠানৰ ভগন চকুৰে নেদেখি, সি কেৱল দোকানীৰ কাকততহে থাকে সেই দেখি উঠনাত বহুত গ'লেও মন নেচেঙ্গায়। বিশেষত নগদ ধনৰে কিনিব লাগিলে মানুহে সৰু অভাৱলৈ মন নকৰে, তেনেকুৱা বহুত অভাৱ আওকান কৰি সংসাৰ চলায়। কিন্তু উঠানত চলা মানুহে এটা অভাৱো সহিব নোখোজে। এটা সামান্য বস্তুৰ নাটনি হ'লেই সিহঁত অস্থিৰ হয়, আৰু তৎক্ষণাৎ তাক কাঁলিয়নে পূৰণ কৰে।

 ধাৰ কৰি ধন গোটাবলৈ বৰ উজু, সেই দেখি অলপ কিহবাৰ নাটনি পৰিলেই মানুহে ধাৰলৈ মন মেলে। ই বৰ অযুগুত কথা। ধাৰ নিজেই এটা আপদ। সামান্য নাটনিত তালৈ, হাত মেলা উচিত নহয়। ডাঙ্গৰ আপদত তৰিবলৈ কেতিয়াবা ধাৰ কৰিবৰ সকাম হয়। কিন্তু তেতিয়াও শুজিবৰ উপায় কৰিবে ধাৰ কৰা উচিত। শুজিবৰ উপায় নথকাতো ধাৰ কৰিলে মানুহক ছল কৰা হয়।

 আয় কমাৰ লগা লগে খৰচ কমাই আনিলে ধাৰ কৰিবৰ সকাম নহয়, এই কথা সকলোৱে স্বীকাৰ কৰে, আৰু ভৱিষ্যৎ গুণা মানুহে সেই নিয়মত চলে। কিন্তু কিছুমান মানুহে খৰচ কমাবলৈ দিহা নাপায়, সিহঁতে নকমাব লগীয়া খৰচ কমায়, কমাব লগীয়া খৰচ নকমায়, ফলত বহুত চেষ্টা কৰিও মুঠে খৰচ কমাব নোৱাৰে। খৰচ কমাব লাগিলে এদিনীয়া ডাঙৰ খৰচত হাত নিদি প্ৰথমতে নিতৌ কৰা সৰু সৰু খৰচত হাত দিয়া উচিত। এদিন এটা ডাঙ্গৰ খৰচ কৰিলে মানুহ দুখত নপৰে, কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে অনুক্ৰমে দুখীয়া হৈ যায়। খুচুৰীয়া খৰচৰ চোৰাং গতি, সি বেগতে চকুত নপৰে কিন্তু বছেৰেকৰ খুচুৰীয়া খৰচ গোট কৰিলে ডাঙৰ খৰচতকৈ ডাঙৰ হয়। বেজীৰ জলঙ্গা মনে, কুঠাৰৰ জলঙ্গা নমনে এই বচনটো সকলো ঠাইতে চলিত