পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৬
সাৰথি

এলাহে বাধা দিব নোৱাৰে। যি কাম নকৰিলে গা নৰয় তাত মানুহে এলাহ নকৰে। নামাগিলে মগনীয়াৰ গা নৰয়, সেই দেখি মাগনত মগনীয়াৰ এলাহ নাই। ই অৱশ্যে অন্নজলৰ কথা, উদ্‌গতিৰ কথাতো তেনেকুৱা নাটনি বোধ হ'লে হামাহিৰ বা দীৰ্ঘসূত্ৰতাৰ মূৰ মৰে। দীৰ্ঘসূত্ৰীৰ মনত সদায় অশান্তি, হাতত লোৱা কাম নকৰা বাবে তাৰ মনত সদায় উগুল থুগুল লাগি থাকে। দীৰ্ঘসূত্ৰতা সঞ্চিত ব্যাধিৰ নিচিনা, দিনে নিশায় সি মানুহক দুখ দিয়ে, এতেকে কৰিবলগীয়া কাম ততালিকে কৰি তাৰ হাতৰ পৰা মুক্ত হোৱা শ্ৰেয়স।

 দীৰ্ঘসূত্ৰীয়ে তাৰ কামৰ জোখাৰে ফল নাপায়। যি কামটো আগলৈ কৰিম বুলি আলচি থাকোঁতেই আন এজনে তাক কৰি উলিয়ায় আৰু তাৰ বাবে ধন যশস্যা যি পাব লাগে সি পায়। সংসাৰত আগত যোৱাই ডাঙৰ ভাগ পায়। যেনে কি কাম নহওক সবাতকৈ আগে কৰিব পাৰিলে, সৰহ লাভ কৰিব পাৰি। লোৱৰ কাপ ওলাবৰ আগে দুইজন মানুহে কথাটো আলচি আছিল। এজন দীৰ্ঘসূত্ৰী; সি আঁলচোঁতে থাকিল, আন এজনে কাপ উলিয়াই দি অচিৰে আঢ্যৱন্ত হ'ল। কৰ্ম্ম ক্ষেত্ৰত অৰিয়া-অৰি বৰ ডাঙৰ, তাত আগবাঢ়িব নোৱাৰিলে উদ্‌গতি নহয়। নতুন কামত যেনে, পুৰণি প্ৰচলিত কামটো তেনে পটন্তৰ। দীৰ্ঘসূত্ৰীয়ে ছেগাচোৰোকাকৈ কৰি বহুত দিনৰ মূৰত এটা কাম শেষ কৰে। আনে সেই সময়ৰ ভিতৰত কেইবাটাও কৰি অঁতায় আৰু সেই পৰিমাণে ফল লাভ কৰে।

 দীৰ্ঘসূত্ৰীয়ে কালৰ ছেগ হেৰুৱায়। হাঁয়। আগে নকৰিলোঁ কিয়? এই অনুতাপ বচন সকলো দীৰ্ঘসূত্ৰীৰ মুখত শুনা যায়। এনে অনুতাপ যেন কৰিব লগীয়া নহয়, তাৰ কাৰবাৰ সকলোৱে কৰা যুগুত। এলাহ এৰি ছেগ মতে কাম কৰিলে তেনে হুমুনিয়াহৰ কাৰণ নাথাকে। ছেগ পৰিবৰ আগন্তুক দেখিলে তালৈ কাম সাঁচি থোৱা বেয়া নহয়, তাক দীৰ্ঘসূত্ৰতা বুলিব নোৱাৰি। ছেগলৈ কাম সাঁচি থোৱা এক কথা আৰু এলাহত পেলাই থোৱা এক কথা প্ৰথমটোৱে মানুহৰ চতুৰালিৰ চিনাকি দিয়ে, দ্বিতীয়টোৱে সৰপালিৰ চিনাকি দিয়ে।

 দীৰ্ঘসূত্ৰীয়ে কামত সময়ৰ নিয়ম ৰাখিব নোৱাৰে। সি এটা কামৰ