বালীবধ নাটক

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 



বালীবধ নাটক
⸺⸺✵•✵⸺⸺



দুৰ্গেশ্বৰ শৰ্ম্মা বি, এ, বি, এল,
⸻•⸻

[  ]

বালীবধ
নাটক
⸺⸺◦:✵:◦⸺⸺

শ্ৰী দুৰ্গেশ্বৰ শৰ্ম্মা, বি এ, বি এল্‌,
প্ৰণীত।




প্ৰথম তাঙ্গৰণ



প্ৰকাশক
শ্ৰীনন্দেশ্বৰ চক্ৰবৰ্ত্তী।
ডিব্ৰুগৰ
১৮৩৪ শক

 বেচ দশ অনা।

[  ]

ভাৱৰীয়াবিলাক।
মতা৷

বালী কিষ্কিন্ধ্যাৰ ৰজা
সুগ্ৰীৱ বালীৰ ভায়েক
নল, নীল, হনুমান

আৰু জাম্বুবান

প্ৰধান বিষয়া
স্বৰূপানন্দ কুলগুৰু
অঙ্গদ বালীৰ পুতেক
দুন্দুভি এটা দানৱ
মায়াৱন্ত দুন্দুভিৰ পুতেক
ব্ৰহ্মা, ৰাম, লক্ষণ, প্ৰহৰী, দুটা দানৱ আৰু সভাসদসকল

⸻⸻

তিৰোতা

তাৰা বালীৰ ঘৈণীয়েক
ৰুমা সুগ্ৰীৱৰ ঘৈণীয়েক
শবৰী এজনী অপ্সৰী
মাধবী এজনী সহচৰী
দেৱকন্যাসকল, সহচৰীসকল, মায়াকন্যাসকল আৰু নৰ্ত্তকীসকল।

⸻⸻

[  ]
 

ৰিহাবাৰী আসাম, গৌৰীশঙ্কৰ যন্ত্ৰত
শ্ৰীৰত্নেশ্বৰ চক্ৰবৰ্ত্তীৰ দ্বাৰা ছাপা হল।


 

[  ]

 

বালীবধ।

আৰম্ভন।

সাগৰৰ পাৰ।


ধ্যানমগ্ন বালী।

সুবিস্তৃত গহীন সাগৰ
মাৰ যায় কত ঢৌ চকু পচাৰতে,
যেনে—বিশ্ব ব্ৰহ্মাণ্ডত
পায় লয় নৰৰ জীৱন।
সাগৰৰ বিশাল আকৃতি,
ৰিণিকি ৰিণিকি মনা
নিলগত আকাশেৰে মিলন দেখিলে
নিজৰ ক্ষুদ্ৰত্ব জানি
অনন্ত উদাৰ ভাৱ ওপজে হিয়াত;

[  ]

ধন্য এই তপস্যাৰ ঠাই
একাগ্ৰতা বিৰাজে মনত।
কৰা কৃপা কৃপাময় অগতিৰ গতি,
দিয়া দেখা কৰিছোঁ কাকূতি।
ধ্যানত নিমগ্ন মই
বাঞ্চা কৰি বৰ দেৱতাৰ
আৰাধিছোঁ বিভূৰ চৰণ।
সুপ্ৰসন্ন হোৱা দয়াময় ,
তুস্ট হোৱা সেৱকৰ প্ৰতি,
সিদ্ধি কৰা কামনা মনৰ।
কল্পনা পটত যেন দেখোঁ বিৰিঞ্চিক
স্থিৰ ভাৱে গহীন প্ৰকৃতি,
মুখত জ্বলন্ত জ্যোতি
দেৱাকৃতি প্ৰসন্ন বদন,
মৰাল গমনে যেন
মোৰ পিনে আহে খোজ কাঢ়ি;
পালেহি ওচৰ মোৰ
মাতিব খুজিছে যেন মোক সাদৰেৰে।

[  ]
 

ব্ৰহ্মাৰ প্ৰবেশ।

(ব্ৰহ্ম-মূৰ্ত্তিৰ আবিৰ্ভাৱ)

ব্ৰহ্মা৷  উঠা বালী আহিলোঁ আপুনি,
সন্তোষ লভিলোঁ মই তোমাৰ ধ্যানত।

বালী। (চকু মেলি চাই সেৱা কৰি)
আহিলা বিৰিঞ্চি, কৰোঁ প্ৰণিপাত,
লোৱা মোৰ হিয়াৰ ভকতি;
তুমি প্ৰভু দেৱতাৰ পতি,
দিয়া বৰ পূৰ্ণ কৰা মোৰ অভিলাস।

ব্ৰহ্মা।  কোৱা বালী কি বৰ বিচাৰি
আৰাধিলা মোক তপস্যাৰে?
কোৱা ততালিকে তুমি
নকৰিবা এনেয়ে পলম।

বালী।  দিয়া বৰ বৰদাতা-
নমৰিম নৰৰ হাতত।

ব্ৰহ্মা৷  তথাস্তু বুলিলোঁ মই;
কোৱা, যদি আৰু কিবা লাগে।

বালী।  নমৰিম জল জন্তু অগ্নিৰ মুখত,
নমৰিম মাৰি-মৰকত।

[  ]

ব্ৰহ্মা৷ তথাস্তু বুলিলোঁ মই;
কোৱা যদি আৰু কিবা লাগে।
বালী। নমৰিম ৰণ কৰি শত্ৰুৰ হাতত।
ব্ৰহ্মা। তাতো মই তথাস্তু বুলিলোঁ৷
বালী। দিয়া বৰ দেৱ দয়াময়
নাচৰিম ধৰ্ম্ম কৰ্ম্ম
তথাপিও স্বৰ্গবাসী হম।
ব্ৰহ্মাা। দিলোঁ বৰ, সেয়ে হব,
শত পাপ কৰিলেও তুমি
অন্তিমত স্বৰ্গবাসী হবা।

ব্ৰহ্মাৰ প্ৰস্থান।



বালী। কি, হঠাতে কল্পনা ছবি
মাৰ গল মনৰ মাজত!
পালোঁ বৰ, ধ্যানত দেখিলোঁ বিৰিঞ্চিক;
পাই গলোঁ মনে ভবা দৰে;
নিৰ্ভয় মনেৰে মই
থাকিব পাৰিম সুখে কিষ্কিন্ধ্যা দেশত,
নিজে মই নিজ মুখে কওঁ
ধন্য ধন্য বালীৰ জনম।

[ ১০ ]
 
 

প্ৰথম অঙ্ক।

⸺০০⸺

প্ৰথম গৰ্ভাঙ্ক।

পম্পা সৰোবৰ।

দেৱকন্যাসকল।

গীত।

কাননত ফুল ফুলিছে,
বিহঙ্গে সুৰ ধৰিছে,
নাচিছে কাননে, মলয় সমীৰণে জানি দিছে;
হিয়াত বেলিৰ বৰণ সানি
সৰসীৰ শিতল পানী
বতাহে লৰাই বিছে
কোলাত পদুম ফুল ফুলিছে।
জৰজন্তু প্ৰীতি-মিলন
নাই নৰৰ সমাগম,
মোহনী বেশ ধৰিছে।
শাস্তি দেবী বিৰাজিছে।
দেৱকন্যাসকলৰ প্ৰস্থান।

[ ১২ ]
 

ম আৰু লক্ষ্মণৰ প্ৰবেশ।

ৰাম।  শুনা ভাই শুনা, অলক্ষত
বাজিব লাগিছে সেয়া
মনমোহা সুধাকণ্ঠ গীত;
মনোৰম সুঠান পুৰিত এই
কিন্নৰ কিন্নৰী দলে
নৃত্য গীত কৰে আনন্দেৰে।
চোৱাঁ ভাই পম্পা সৰোবৰ
তাৰ পাৰে পাৰে কেনে
মানুহে সজোৱা দৰে
সুশোভিত সৰু গছবোৰে
নাচিব লাগিছে উলাহেৰে।
চোৱাঁ চোৱাঁ নিৰ্ম্মল পানীত,
ফটিক সদৃশ,—
অবিকৃত ছাঁয়া তাৰ
কিৰূপে পৰিছে তলে তলে।
বতাহ মাৰিলে
গছবোৰ লৰে ঠাৰে ঠাৰে
পানীৰ তলত পৰা ছাঁ বোৰে তাৰ

[ ১৩ ]

নাচে লগে লগে।
দেখি তাক অমৰাৱতীৰ
দেববালা সকলৰো যায় বৰ—
কৰে আহি ইয়াত বিহাৰ।
ৰক্তোৎপল শোভিছে পানীত
আচ্ছাদিত গোটেই সৰসী
ৰাজহাঁহে আনন্দ মনেৰে
কৰিছেহি তাত বিচৰণ;
উৰি গৈ আকাশৰ পৰা
বেলিসূতা পেলাব লাগিছে;
চোৱা সেই সূতা আহি
পৰিছেহি আমাৰ দেহত।
বতাহত কঁপিব লাগিছে সৌৱা।
সৰসীৰ সুনিৰ্ম্মল পানী,
উঠি তাত সৰু সৰু টো
নচুৱাই দিছে পদুমক।
লক্ষ্মণ। সুশোভিত সুন্দৰ সৰসী।
তাতে, বসন্তৰ মৃদু সমাগম,
মৃদু মৃদু বলিছে সুগন্ধ বায়ু,
মৃদু মৃদু বাজিছে দূৰত।

[ ১৪ ]

মউ সনা কুলিৰ সঙ্গীত;
চালি ধৰি নাচিছে ম’ৰাই,
তাৰ লগে লগে যেন
শূন্য পথে উৰিযোৱা কোমল চৰায়ে
কোমল সঙ্গীত এটি শুনাব লাগিছে।
পালে আহি এই ঠাই
নপাৰে মনত আৰু
অযোধ্যাৰ অতুল গৌৰৱ,
নেথাকে মনত তাৰ স্বৰ্ণময় বাট-পথ
ৰদৰ পোহৰ পৰি জক্‌মক্‌ কৰা
ওখ ওখ প্ৰাচীন মন্দিৰ;
এনেকুৱা মনমোহা প্ৰিয় দৰশন
চকুত পৰিলে
কেনিবা আঁতৰি যায়
হৃদয়ৰ সকলো যাতনা।
ৰাম। কিন্তু নেযায় আঁতৰি হ’লে
হৃদয় বিদৰা মোৰ শোকৰ কাহিনী।
হৃদয় প্ৰতিমা মোৰ
প্ৰাণতুল্য জনক নন্দিনী—
নেপাহৰোঁ,-নোৱাৰোঁ লুকাই থব

[ ১৫ ]

হৃদয় পটৰ পৰা খন্তেক সময়ো।
সুখময় দৃশ্য দেখি
বসন্তৰ সুখ সময়ত,
সীতাৰে সুখেৰে থকা সুখৰ সময়
হয় আহি হিয়াত অঙ্কিত।
আহিছে শিতল বায়ু
বসন্তৰ মৃদু মলয়াত
মন প্ৰাণ নিয়ে শিতলাই;
কিন্তু সীতাৰ বিৰহী
দগ্ধ প্ৰাণ মোৰ হৃদয়ত
অনুভৱ হয় হ’লে অগ্নিৰ নিচিনা।
আছিলে যেতিয়া সীতা
যিবিলাক বস্তু
লাগিছিল অতি প্ৰিয় মোৰ,
সেইবোৰো অপ্ৰিয় এতিয়া।
থকা হ’লে লগত জানকী
পাতিলোঁহেতেন আমি
কত কথা পম্পাৰ পাৰত।
যোৱাঁ তুমি যোবা ভাই,
থাকিলোঁ ইয়াতে মই

[ ১৬ ]

ভৰতক দিবা সমাচাৰ
থাকা গৈ সুখে অযোধ্যাত;
নেলাগে ভুগিব দুখ
চিৰ দুখী ৰামৰ লগত।
লক্ষ্মণ। কিয় ৰঘুমণি তুমি
কোৱা এনে হতাশ কাহিনী,
স্থিৰ বুদ্ধি ঐশ্বৰীক অন্তৰ তোমাৰ
তথাপি দেখুৱা কিয় চিত্তৰ বিকাৰ?
জটায়ুয়ে দিছে সমাচাৰ
ৰাৱণ নামেৰে লঙ্কাৰ অধিপে
নিছে হৰি জানকী সতীক।
নেজানো বসতি ক’ত সেই ৰাৱণৰ,
কিন্তু জানিবা ৰাঘব,
আছে যদি পতালত,
নাই, কোনো নিম্ন প্ৰদেশত,
তথাপি নাশিম আমি সেই দুৰ্ম্মতিক।
এতিয়া বিচাৰো আমি
কেনি আছে লঙ্কা দ্বীপ,
কি ৰূপে দুনাই আমি
লভিব পাৰিম সেই জানকী দেবীক॥

[ ১৭ ]

 যত্ন নকৰিলে, কোনো কাম সম্ফল নহয়,
 উদ্যোগ উৎসাহ দুয়ো নহলে মিলন,
 নেথাকিলে হৃদয়ত বল,
 নেথাকিলে লক্ষ স্থল বহু নিলগত,
 কদাপি অভিষ্ট সিদ্ধি নহয় মনৰ।
 শোক দুখ কৰা পৰিহাৰ,
 আহাঁ আমি হওঁ অগ্ৰসৰ,
 নিতান্ত ৰাঘৱ আমি
 উদ্ধাৰিম মৈথিলী দেবীক।
ৰাম৷ ধন্য তুমি ভাই
 ধন্য ময়ো মনৰ দুখত
 পাইছোঁ সহানুভূতি
 তুমি হেন নিৰ্ভীক বীৰৰ।
 ঘোৰ বিপদত মোৰ
 তুমি ভাই এক সহচৰ,
 সুখে দুখে জনমে মৰণে
 লোৱা ভাগ মোৰ বিপদৰ,
 পাতলোৱা মনৰ যাতনা;
 আছা তুমি সহায় যেতিয়া
 অৱশ্যে দুনাই পাম
 প্ৰাণৰ পুতলী জনাকীক।

[ ১৮ ]

শবৰীৰ প্ৰবেশ।
শবৰী। প্ৰণমো চৰণ ৰঘুবৰ
 মুক্তি দি, স্থান দিয়া তজু চৰণত।
 দেৱৰ দুহিতা মই সুদাম নন্দিনী,
 ফুৰিছিলো ৰঙ্গমনে অলকা পুৰত
 নাই তাত দুখ শোক জৰা ব্যাধি
 নাই তাত সংসাৰৰ ৰোল।
 কিন্তু, লগালোঁ বিষম দোষ অলকাপতিৰ
 সেইবাবে দণ্ড দিলে
 নিৰ্ব্বসিত হলোঁ পৃথিবীত।
 তেতিয়াৰে পৰা ফুৰি ফুৰি
 সুৰম্য পম্পাৰ এই ৰম্য কাননত
 ললোঁহি বসতি,
 আচৰণ কৰিলোঁ তপস্যা,
 তুষ্ট ইৈ দেৱৰাজে কলে পুনৰপি,
 “যেতিয়া আহিব ৰাম
 পাবি দেখা পম্পাৰ পাৰতে
 পৰ্শ কৰি ৰামৰ চৰণ
 পাৰিবি সোমাব পুনু অলকা পুৰিত,
 পাবি পুনৰপি তোৰি

[ ১৯ ]

পূৰ্ব্বৰূপে প্ৰাচীন গৌৰৱ।
মুক্তি দিয়া পতিত পাৱয়
হৃষীকেশ তুমি জনাৰ্দ্দন,
অগতিৰ গতি তুমি দেৱ দয়াময়,
ভক্তি মুক্তি শক্তি দাতা খোলোক বিহাৰী,
স্থান দিয়া তজু চৰণত।
(ভৰিত সাবটি ধৰে।)
⸻শবৰীৰ অপ্সৰী ৰূপ ধাৰণ।⸻
লক্ষ্মণ। চোৱাঁ চোৱাঁ অপৰূপ নতুন গৌৰৱ
শবৰীয়ে কৰিছে ধাৰণ,
পৰ্শি প্ৰভো তোমাৰ চৰণ
লভিলে কনক জ্যোতি,
ধন্য ধন্য ৰামৰ মহিমা।

⸻০⸻


শবৰী।   (গীত)
আনিছোঁ তোমাৰ পূজা গোলোক বিহাৰী
বন পুষ্প তুলি আনি
ভক্তি ৰঞ্জন সানি
কৰিছোঁ তোমাক পূজা ভজভয়হাৰী,

[ ২০ ]

 ভক্তি উপহাৰ লোৱা
 লোৱা চতুৰ্ভুজধাৰী,
ভক্তি মুক্তি শক্তি দাতা দৈত্যনাশকাৰী।

ৰাম৷ তোমাৰ ভক্তিত দেবি,
লভিলোঁ অপাৰ প্ৰীতি
তুষ্ট হলোঁ তোমাৰ গুণত।
যোৱাঁ তুমি আনন্দে প্ৰবেশাগৈ
দেৱ-পুৰী অমৰাৱতীত।
অন্ত হ’ল তোমাৰ দুখৰ দিন
সুদিনত পৰিছে এতিয়া
সুখ ভোগ কৰা আনন্দেৰে।
শবৰী। পাৰোনে কৰিব কিবা ক্ষুদ্ৰ উপকাৰ,
কোৱাঁ প্ৰভো জগত ঈশ্বৰ?
মুক্তি পালোঁ তোমাৰ গুণত
কীৰ্ত্তি তজু গাম অলকাত।
ৰাম৷ জানানে শবৰি,
কেনি গলে পাম আমি
লঙ্কা দ্বীপ দেশ ৰাৱণৰ?

[ ২১ ]

শবৰী। নেজানো ৰাঘৱ লঙ্কা কেনি;
কিন্তু সৌ যে শোভিছে গিৰি
ৰমনীয় গছ গছ-গছনিৰে
তাৰ নাম ঋষ্যমুক,
তাৰ ওচৰতে আছে সুগ্ৰীব নামেৰে
তেজশালী সুৰ্য্যৰ তনয়।
জ্যেষ্ঠ ভাই বালীৰ লগত বিৰোধ আচৰি
সহচৰ সমম্বিতে সুগ্ৰীৱই
কৰিছে বসতি আহি সেই পৰ্ব্বততে;
সুধিলে বাতৰি তেওঁ অৱশ্যে পাৰিব দি
লঙ্কা কেনি জানিব পাৰিবা।
দেৱৰ দেৱতা তুমি জগত ঈশ্বৰ
পাহৰিলা পৃথিবীত সকলো দৈবিক জ্ঞান
নিজে তুমি নেজানা লঙ্কাৰ বাট;
সেই দৰে ময়ো পাহৰিলোঁ।
পৃথিবীত পায় লোপ
অমৰৰ সকলো গৌৰৱ।
ৰাম। ধন্য হোৱা সুদাম নন্দিনী৷
সকলোৰে প্ৰস্থান।

—০:+:০—

[ ২২ ]
 

দ্বিতীয় গৰ্ভাঙ্ক।

ঋষ্যমূক পৰ্ব্বত।

সুগ্ৰীব, নল, নীল আৰু জাম্বুবানৰ প্ৰবেশ।
জাম্বুবান।পাৰোঁ আমি ইয়াতে জিৰাব,
হনুমানে অলপতে দিব সমাচাৰ,
কোন সেই চদ্মবেশী বীৰ ৰূপী
দুটি প্ৰাণী পিচে পিচে আহিছে আমাৰ।
নাই ভয় এই পৰ্ব্বতত,—
দুন্দুভীৰ মৃত দেহ পৰিছিলে আহি
এই পৰ্ব্বতত থকা
মতঙ্গ ঋষিৰ আশ্ৰমত;
তাতে ঋষিৰাজে বালীক উদ্দেশি
দিলে এই ঘোৰ অভিশাপ,—
“ষি জনে কৰিলে এই
পূণ্যময় তপস্যাৰ ঠাই
কলুষিত মৃত শৰীৰেৰে
সেই জনে কেতিয়াবা আহি
ঋষ্যমূক-পৰ্ব্বতত দিয়ে যদি ভৰি

[ ২৩ ]

তুৰন্তে ছিগিব তাৰ মূৰ
এতেকে নোৱাৰে বালী পশিব ই ঠাই
পাৰোঁ আমি নিষ্কণ্টকে থাকিব ইয়াত।
হনুমান গৈছে যেতিয়া
জানি শুনি আহি
দিব বীৰ ঠিক সমাচাৰ।
নল। কথাৰ শেষতে সৌৱা
হনুমান পাইছেহি আহি।
হনুমানৰ প্ৰবেশ।
সুগ্ৰীব। কোৱাঁ হনুমান,
কোন সেই সুন্দৰ গঠন দুটি বীৰ,
বদন কান্তিত যাৰ
প্ৰভাময় গোটেই পৰ্ব্বত?
হনুমান। জানিব পাৰিলোঁ, —অযোধ্যা নিবাসী
দশৰথ ৰজাৰ নন্দন,
ৰাম আৰু লক্ষ্মন নামেৰে দুয়ো বীৰ।
নিজ ভাই ভৰতক ৰাজ্য দান কৰি
কৈকেয়ীৰ প্ৰীতিৰ কাৰণে
নিজে ৰাম বনবাসী হল
জ্যেষ্ঠ অনুৰাগী লক্ষ্মণ কুমাৰ

[ ২৪ ]

হ’ল সহচৰ ৰাঘৱৰ;
নিজ ভাৰ্য্যা সীতাৰ লগত
দন্দুকা বনত
থাকোতে ৰাৱণ নিলে হৰি
অনুপমা সীতা সুন্দৰীক।
শুনি বীৰ যশস্যা তোমাৰ
তোমাৰে মিত্ৰতা কৰি
সীতাক উদ্ধাৰ কৰোঁ বুলি আহিছে ৰাঘৱ।
নীল। ঠিক হনুমান,—দূৰ কৰি দিলা তুমি
সকলোৰে মনৰ সন্দেহ;
ভাবি আমি-ৰালীৰ মায়াবী দূত বুলি
ভয়ে ভয়ে ফুৰিলোঁ বনত।
সুগ্ৰীব। শুনিছোঁ ৰামৰ কথা,
ৰঘুবীৰ পৰম ধাৰ্ম্মিক
দুখীয়াক, ভয় পোৱা বিপন্ন জনক
ৰক্ষা কৰা ধৰ্ম্ম ৰাঘৱৰ।
দুষ্টক দমন আৰু সন্তক পালন
কৰে ৰঘুবীৰে;
সেইবাবে ৰাঘৱৰ বন্ধুত্ব ডোলত,
লাভ হব—কদাপিও বিঘাট নিমিলে।

[ ২৫ ]

হনুমান। আহিছে ৰাঘৱ সৌৱা,
এই ঠাই পালে ততালিকে।
ৰাম আৰু লক্ষ্মণৰ প্ৰবেশ।

সুগ্ৰীৱ। (কৃতাঞ্জলি কৰি)
প্ৰণমো চৰণ প্ৰতো,
অগতিৰ গতি তুমি সত্য নাৰায়ণ
সকলোৰে প্ৰিয় জনাৰ্দ্দন,
শুনিছোঁ তোমাৰ কীৰ্ত্তি হে মধুসুদন।
ক্ষুদ্ৰ প্ৰাণী অৰণ্য নিবাসী মই,—
মিত্ৰতা কৰিব খোজে আজি
জগতৰ অধিপতি ৰঘুবংশ জাত
নৱৰূপী নৰ নাৰায়ণে,—
এই মোৰ পৰম গৌৰৱ।
ৰাম। উঠা তুমি বীৰবৰ,
ধৰ্ম্মপ্ৰিয় অৰণ্যৰ পতি;
বিপদত পৰি
লক্ষ ভ্ৰষ্ট মোৰ দৰে তুমি।
কোৱা বিৱৰণ,—শুনো কথ

[ ২৬ ]

পাৰোনে কৰিব কিবা
সহায়তা পৰস্পৰে উভয় জনক?
সুগ্ৰীৱ। বহুদিন আগতে বালীয়ে
দুন্দুভি দানৱক
বধিছিলে ৰণৰ ক্ষেত্ৰত,—
ময়াবন্ত পুত্ৰ দুন্দুভিৰ
পিতৃ শোক সহিব নোৱাৰি
আৰম্ভ কৰিলে যুদ্ধ বালীৰ লগত;
যুদ্ধ কৰি কৰি দুয়ো
প্ৰবেশিলে পতাল পুৰত
দুৱৰী স্বৰূপে মই ৰলোঁ দুৱাৰত;
বহুদিন অপেক্ষা কৰিলোঁ
নাহিল উলটি বালী যুদ্ধ শেষ কৰি।
মায়াবন্ত পৰম মায়াবী
প্ৰাণ এৰি বালীৰ শৰত
“সুগ্ৰীৱ মৰিলোঁ” বুলিচিঞৰমাৰিলে।
শুনি মই—ভাবিলোঁমৰিলবালী,
কিন্তু মায়াবন্ত আহি
কৰে বুলি পুনু অত্যাচাৰ,
পতালৰ পথ ৰুদ্ধ কৰি

[ ২৭ ]

মনত দুখেৰে।
হ’লো মই ৰজা কিষ্কিন্ধ্যাৰ,
নুবুজিলো দানৱৰ চতুৰ ছলনা।
বালী আহি ওলাল ৰাজ্যত।
নুসুধিলে একো বিৱৰণ
এই মোৰ প্ৰাণৰ বিষয়া সকলেৰে
ৰাজদ্ৰোহী বুলি
নিৰ্ব্বাসন দন্দ বিধানিলে।
ৰুমা নামে প্ৰাণৰ পুতলী মোৰ
ৰাখিছে আবদ্ধ কৰি
কিষ্কিন্ধ্যাৰ অন্তেষপুৰত;
নিৰ্ব্বাসন দুখ ভোগ, পত্নীৰ বিচ্ছেদ,
জলিছে হিয়াত মোৰ অগ্নিৰ সদৃশ।
ৰাম। মোৰো বীৰবৰ,
নিৰ্ব্বাসন দুখ ভোগ, পত্নীৰ বিচ্ছেদ,
দুয়ো দুখ হিয়াত জলিছে;
উপযুক্ত পাত্ৰ তুমি মোৰ মিত্ৰতাৰ,
জানিবা তোমাৰ দুখ
অন্ত হল ইমান দিনত।
লক্ষ্মণ। সমদুখে দুখী লোক পালে সংসাৰত

[ ২৮ ]

বহুত লাঘৱ হয় হিয়াৰ যাতনা;
সুগ্ৰীৱক লগ পাই
লাগিছে মনত সেন
পৰস্পৰ সহানুভুতিত
পাতলিব বহুত যাতনা।
সুগ্ৰীৱ। মোৰো বীৰ লাগিছে তদনুৰূপ।
জানো মই,—লঙ্কাপতি ৰাৱণে ছলেৰে,
নিছে হৰি জানকী দেবীক;
ৰাৱণক সবংশে বিনাশি
উদ্ধাৰিম মৈথলী সতীক।
চিনো মই লঙ্কাদ্বীপ
ৰাৱণক কেবাবাৰো দেখিছোঁ ৰণত।
শক্তি অনুসৰি
তজু পথ অনুগামী হৈ
কৰিম সাহায্য মই লঙ্কাৰ যুদ্ধত।
হনুমান। বালীক বিনাশ কৰি
কৰিদিলে নিষ্কণ্টক কিষ্কন্ধ্যা নগৰি,
কিষ্কিন্ধ্যাৰ যত সেনাদল
হবু প্ৰভু তোমাৰ সহায়।
ৰাম। সেইবাবে হনুমান

[ ২৯ ]

কদাপিও নবধো বালীকি।
ভাই ভাই বিবাদৰ ভিতৰ সোসাই
এজনৰ পক্ষপাতী হৈ
স্বাৰ্থ সিদ্ধি নকৰোঁ নিজৰ।
দুৰ্ব্বলীৰ পক্ষপাতী হ'লে
পক্ষপাতী নোবেলে জ্ঞানীয়ে;
শুনিছোঁ বালীৰ উৎপীৰণ
সেইবাবে কৰিছো প্ৰতিজ্ঞা মই
বালীক নিধন কৰি
সুগ্ৰীৱক পাতিম নৃপতি;
ৰুমাৰ লগত সুগ্ৰীৱৰ
কৰি দিম পুনৰ মিলন।
(সুগ্ৰীবৰ হাতত ধৰি)
চন্দ্ৰ সূৰ্য্য সাক্ষী কৰি প্ৰতিজ্ঞা কৰিলোঁ,-
দুয়ো আমি সখা হলোঁ অভিন্ন হৃদয়।
সুখে দুখে জীৱনত
সম ভ গী হলোঁ পৰম্পৰ।
সুগ্ৰীৱ। তজু পদ পৰ্ণ কৰি প্ৰতিজ্ঞা কৰিলোঁ
সুগ্ৰীৱক চিৰদাস বুলি
ভবিব ৰবব তুমি জীবনে মৰণে।
সকলোৰে প্ৰস্থান

[ ৩০ ]

তৃতীয়, গৰ্ভাঙ্ক।

ফুলনি।

বালীৰ প্ৰবেশ।
বালী। তাৰা মোৰ লক্ষী স্বৰূপিণী
ৰূপে গুণে অদ্বিতীয়া নাৰীৰ মাজত, .
তথাপিও ৰুমাৰ কাৰণে
কিয় মোৰ হেঁপাহ প্ৰাণত।
সকলো মানুহ লোভী
মনে মনে লোকৰ বস্তুত।
আজি ইয়াতে ৰুমাক পাম;
হৃদয়ৰ বাসনা পূৰাম।
কিয় মোৰ মনটোত খুকুজি লাগিছে,
কিয়, খাজে খোজে হৃদয় কঁপিছে;
বেয়া ভাব ভাবিছোঁ মনত,
সেই বাবে সাহ হোৱা নাই।
এপিনে হিয়াৰ মোৰ প্ৰৱল বাৰণ...
আনপিনে উত্তেজনা দৃঢ় প্ৰতিজ্ঞাৰ ,
কেনটোক দিওঁ প্ৰধান্যতা?.
বীৰ মই প্ৰতিজ্ঞাৰ বশবৰ্ত্তী দাস

[ ৩১ ]

হৃদয়ৰ মানা শুনি
প্ৰতিজ্ঞা কদাপি নেৰোঁ মই;
উদ্দেশ্য সাধন হ’ব
ৰুমাক ইয়াতে পাম
চল চাই অপেক্ষা কৰিলে।
    বালীৰ প্ৰস্থান।
   ৰুমা আৰু তাৰাৰ প্ৰবেশ।
ৰুমা। যথাৰ্থতে বাইদেও তুমি আছা বাবে
প্ৰাণ ধৰি আছোঁ কিষ্কিন্ধ্যাত;
বিনা দোষে স্বামীক বনত দিলে
ৰাখিলে ৰাজ্যত মোক
যাব নিদি বনলৈ স্বামীৰ লগতে
ময়ো থকা হ’লে, স্বামীয়ে বনত
শুশ্ৰূষাৰ গুণে
নেপালেহেতেন বহু দুখ।
পিঞ্জৰ আবদ্ধ পখী মই
বাহ্যিক শৰীৰ বশবৰ্ত্তী ৰজাৰ আজ্ঞাৰ
মন কিন্তু বনবাসী স্বামীৰ লগত।
তাৰা। মিছা শোক নকৰিবা ৰুমা;
স্বামী মোৰ এনেয়ে খঙ্গাল,

[ ৩২ ]

বিচাৰ নকৰি দণ্ড বিধানিলে
তোমাৰ বল্লভ সুগ্ৰীৱক।
মাৰ গলে খং,—সকলো বুজাই
বিৱৰণ ৰজাক জনাই
পাৰোঁ যদি সুগ্ৰীৱক আনি
যুবৰাজ পতাম ৰাজ্যত,—
তোমাৰ দুখৰ নিশা গৈ
সুপ্ৰসন্ন প্ৰভাত উদিব।

ৰুমা৷ তোমাৰ কথাত বাইদেও,
আশাৰে আবদ্ধ হৈ
প্ৰাণ মোৰ আছে শৰীৰত।

তাৰা৷ তাৰাৰ মৰমে যদি পাৰে পাতলাব
তোমাৰ দুখৰ বোজা,—
নিশ্চিন্তে জানিবা কম,
তুমি মোৰ প্ৰাণৰ পুতলী।
দেখিছোঁ তোমাৰ দুখ,
সেইবাবে মোৰ সন্তোষৰো
ব্যতিক্ৰম ঘটিছে সদাই।
দুখত পৰিও কিন্তু
বশবৰ্ত্তী নহলে দুখৰ

[ ৩৩ ]

সেই দুখে পিৰিব নোৱাৰে কাৰো মন।
দুখত বেজাৰ কৰা জন্তুৰ লক্ষণ,
বিপদত ধৈৰ্য্য ধৰা মানুহৰ গুণ,
কিন্তু বিপদত পৰি আনন্দ মনেৰে থকা,
স্বৰ্গবাসী দেৱৰ লক্ষণ।
এতেকতে ৰুমা, পাহৰা দুখৰ কথা,
সখীদল আহিছে এতিয়া
শুনা এটি আনন্দ সঙ্গীত।

সহচৰী সকলৰ প্ৰবেশ।
গীত
নক’লা মনৰ কথা
মনৰ বেথা মনত থ’লা।
টুকিলা চকুৰ পানী
সুখ নেজানি দুখত ৰ’লা।
ভাবিছিলা,-সুখৰ ৰবি
উদিলে পাৰ হৃদয় ছবি
বিপৰীত বিধিয়ে পাতে
চিৰদিন আশাতে ব’লা।
সহচৰী সকলৰ প্ৰস্থান।

[ ৩৪ ]

তাৰা। আহাঁ ৰুমা, যাওঁ আৰু
বেলি মাৰ যাব অলপতে।
ৰুমা। যোৱাঁ তুমি বাইদেও,
থাকোঁ মই এই কাননতে;
পাহৰিছোঁ মনৰ যাতনা
ভাল মোৰ লাগিছে ইয়াত।
তাৰাৰ প্ৰস্থান।
পাতলে মনৰ দুখ
পালে কাকো দুখী এই জগতত,—
পাতলে পুতৌ পালে কাৰো ওচৰত।
তদুপৰি পাতলে মনৰ দুখ
ইচ্ছা মতে কান্দিব পাৰিলে।
সংসাৰত আছে কোনো লোক
ভাল পায় লোকৰ দুখত;—
স্বামী সুগ্ৰীৱক দিলে বনলৈ
মোকো হ’ব দিয়া হ’লে লগৰ সহায়
কদাপি নোভেগো দুখ স্বামীৰ শোকত।
বালীৰ উদ্দেশ্য কিনে নোৱাৰো বুজিব,
মোক হলে যাতনা দিয়াব বিনে
নাই দেখা আন উপকাৰ।

[ ৩৫ ]

বালীৰ প্ৰবেশ।

বালী।  শুনিলোঁ শুনিলোঁ ৰুমা,
সকলো তোমাৰ কথা,
কিয় তুমি পৰ ভাব কৰা মোক?
তুমি মোৰ হৃদয় পুতলী
তোমাৰ স্বামীক বনবাসী কৰি
ৰাখিলোঁ তোমাক প্ৰাণেশ্বৰি
তোমাৰ সুখৰ হেতু তোমাৰ স্নেহত।
সেইদৰে তুমিও ভাবিব লাগে
আত্ম ভাব কৰি
ঠাই দিব লাগে মোক
তোমাৰ হৃদয় মন্দিৰত।
ৰুমা। পূজনীয় আপুনি দাসীৰ;
আপোনাৰ মুখত কদাপি
এনেকথা ওলোৱাও অতি অযুগুত।
দুখুনীৰ দুখৰ লগত দুখ নেজাপিব,
অনাহক নিদিব যন্ত্ৰণা,—
পিতৃ জ্ঞান কৰোঁ আপোনাক।
বালী। কদাপি নক’বা এনে কথা;
প্ৰাণেশ্বৰী ৰুমা,

[ ৩৬ ]

না তুমি,—হিয়াৰ সলনি
তুমি যদি নিবিলোৱা হিয়া
ঘোৰ পাপ নিশ্চয় ভুগিবা।
হ’ব তাৰ তোমাৰ অধীন,
তুমি হ’বা ঘাই পটেশ্বৰী,
ৰাজত্বৰ স্বৰ্ণ আসনত
হৃদয়ৰ পদ্ম আসনত
বহাঁ প্ৰাণশ্বৰি
এনেয়ে বিঘিনি নিমিলাবা! (ধৰিব খোজে)
ৰুমা। সাৱধান অধম পামৰ
হাত তই নিদিবি দেহত মোৰ;
কৰিছোঁ ধাৰণ যদি সতীত্ব কৱচ,
যদি এক মন এক প্ৰাণে
কৰিছোঁ পতিৰ সেৱা,
তেন্তে নোৱাৰ পামৰ তই
কদাপিতো ওচৰ চাপিব।
অৰীতি নতুন কথা শুনালিহি মোক
সেইবাবে দিওঁ অভিশাপ,—
ক্ষয় হল আয়ূ তোৰ
নোৱাৰিবি বুলিব পামৰ

[ ৩৭ ]

কৰ পৰা তোৰ যম ওলাবহি আহি।
বালী।  আশীৰ্ব্বাদ বুলি মই মানিছোঁ সকলো;
পালে দান তোমাৰ হৃদয়
জীওঁ যদি এদিনো ধৰাত,
সেই এদিনকে
ভাবিম মনত মই শতবৰ্ষ বুলি,—
স্বৰ্গতুল্য লাগিব ধৰণী।
ঈশ্বৰৰ ইচ্ছা পূৰণত
অনাহক বাধ্য নকৰিবা। (ধৰিব খোজে।)
ৰুমা৷   ৰক্ষা কৰ ভগৱতি বিপদ তাৰিণি।
প্ৰাণ থাকে মানে
নোৱাৰিবি চুব মোৰ দেহ।
[ ফুল গছ উভালি লয়। ]
তাৰাৰ প্ৰবেশ।
তাৰা।   ( বালীৰ হাতত ধৰি )
কত তুমি শিকিলা অনীতি এনে?
ভাতৃবধু অস্পৃশ্যা তোমাৰ;
ধিক নৰপতি,
জ্ঞানী হয়ো কিয় তুমি কৰা অনাচাৰ?
সকলোৰে প্ৰস্থান।

[ ৩৮ ]

দ্বিতীয় অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

নগৰৰ ওচৰ।
ৰাম, লক্ষণ আৰু সুগ্ৰীৱৰ প্ৰবেশ।
সুগ্ৰীৱ। কিষ্কিন্ধাৰ পালোঁহি ওচৰ,
ৰওঁ আৰু ইমানতে আমি;
হনুমানো আহিছে দেখিছোঁ।
শুনোচোন কিনো সমাচাৰ।
হনুমানৰ প্ৰবেশ
হনুমান। তোমাৰ আদেশ মতে
তিৰস্কাৰ কৰিলোঁ বালীক,
শুনি বালী ঘৃতাহুতি খঙ্গত জলিছে।
এতিয়াই ওলাবহি আহি
হোৱা বীৰ তুৰন্তে প্ৰস্তুত।
সুগ্ৰীৱ। ৰঘুনাথ, তোমাৰ বলত
আজ মই মহা বলবান,
তোমত নিৰ্ভৰ কৰি
বিছাৰিছোঁ ৰণ আজি দুৰ্জ্জয় ৰিপুৰে।

[ ৩৯ ]

ৰাম। তুমি বীৰ নকৰিবা অলপো সন্দেহ
 কথা মোৰ নহ'ব খগুন;
 বালী অজি অৱশ্যে মৰিক ,
 নিষ্কণ্টক হবা তুমি,
 স্বচ্ছন্দে কৰিবা ৰাজ্য কিষ্কিন্ধ্যা দেশত।
 কত যত্ন কৰিলোঁ মিলাওঁ বুলি
 কিন্তু নিদিলে বালীয়ে কাণ
 কালৰ মুখত পৰি
 পাহৰিছে উচিত বিধান;
 আহা যাওঁ থাকোঁ আমি গছৰ আঁৰতে
লক্ষ্মণ। ( মনে মনে )
 হঠাতে হিয়াত মোৰ মোহ উপজিছে
 কোনো দোষে কদাপী নহয় দোষী
 তথাপিও কি বাবে বধিব আজি
 বালীক ৰাঘৰে?
 ৰক্ষা কৰা মহেশ্বৰি,
 নিদিবা কদাপী আজি বালীক পৰিব
 ব্যাধ ৰূপী ৰামৰ শৰত।
 সীতাৰ বিৰহী সৰল ৰাঘৰে
 সুগ্ৰীৱৰ দুখ দেখি

[ ৪০ ]

পাহৰিছে কৰ্ত্তব্য নিজৰ।
নিস্তাৰিণি নিস্তাৰা ৰামক আজি
পৱিত্ৰ ৰঘুৰ কুল
অপৱিত্ৰ নকৰাব অনীতি কামেৰে।
ৰাম লক্ষ্মণ আৰু হনুমানৰ প্ৰস্থান।
সুগ্ৰীৱ। আছে বালী অজিও জীয়াই!
আচৰিত, সংসাৰত মাথো:
উদ্‌গতি দেখিবা পাপীৰ?
ধাৰ্ম্মিক শুকাই যায় নোৱাৰে বাঢ়িব,
পাপৰূপী বনৰীয়া গছে ঘেৰি ধৰ।
ফুলনিৰ ফুল গছ যেনে।
দৈব শক্তি পালে হৃদয়ত,
ভগৱন্ত বিৰাজিলে বাহুৰ মূলত
তুচ্ছ জ্ঞান কৰো মই এই জগতকে।
ৰামৰ প্ৰকাণ্ড বল,
উপাৰিলে পৰ্ব্বত সমান
দুন্দুভিৰ মৃত শৰীৰকো,
কৰিলে নিক্ষেপ শত যোজন দূৰত,
লক্ষ লক্ষ শাল গছো
একেপাত কৰতে ছেদিলে।

[ ৪১ ]

সেই ৰাম মোৰ লগৰীয়া—
কেতিয়াবা বালীৰ ভাগ্যত
সৌভাগ্য হ’বনে এনেকুৱা!
আজি অলপ পিচতে
হ’ব মোৰ কিষ্কিন্ধ্যা নগৰী,
ৰুমা হব বন্ধন মুকলি।
ৰুমা নাম মনত পৰিলে
স্মৃতি হলে,—অনাহক
ৰুমাক দৌৰাত্য কৰা কথা।
দুগুণে অনল মোৰ জলে হৃদয়ত;
ৰুমাৰ পৱিত্ৰ ছবি হিয়াত উদিলে
নিজে নিজে বহু গুণে
বলী বুলি হয় অনুমান।
বালীৰ প্ৰবেশ।
বালী। কিহেতু পাষণ্ড তই,
আহি প্ৰতি দিনে
কৰ মোক এনে অত্যাচাৰ?
নাইনে অলপো ভয় মৃত্যুৰ কাৰণে,
নেজাননে তোৰো আয়ু শেষ হ’ল বুলি?
ৰজাৰ বিৰুদ্ধে শৰযন্ত্ৰ কৰি

[ ৪২ ]

ৰাজত্বৰ মাৰ চিন্তা বাবে,
উচিত আছিল তোক প্ৰাণ দণ্ড কৰা,
কৃতাৰ্থ মানিবি,--
লঘু দণ্ড,-বনবাস-বিধানিলোঁ মই।
সুগ্ৰীৱ। জ্যেষ্ঠ ভাই শেষ বাৰ
ভক্তি ভবে প্ৰণমিলো মই,—
কাৰ আয়ু শেষ হ’ল এতিয়া বুজিবা,
স্বচ্ছন্দে ভুগিবা আজি
দেৱপুৰী অময়া সুখেৰে।
বালী। নিতান্ত বলিয়া হলি তই,
অৰণ্যত থাকি থাকি
অসভ্য জন্তুৰ আচৰণ দেখি
পাহৰিলি মনুষ্যত্ব গুণ।
বলিয়াক কদাপি নবধো মই
দোষ কৰিলেও
পায় ক্ষমা ৰজাৰ কোষত।
সুগ্ৰীৱ। কথাৰে বিবাদ কৰা নাই অৱশ্যক,
পাৰ যদি পৰাজিব মোক
নিষ্কণ্টক কৰ ৰাজ্য ভোগ;

[ ৪৩ ]

নহ'লে এৰিদে তই ৰাজ সিংহাসন,
যা গুচি,—নেথাকিবি কিষ্কিন্ধ্যা দেশত
  —দুইৰো যুদ্ধ—
বালী। দুৰাচাৰ, এই বলেৰেই আহি
যুদ্ধ কৰ বালীৰ লগত?
পৰিলিহি মৃত্যুৰ মুখত।
যুদ্ধৰ ক্ষেত্ৰত মই
ভাই বুলি নকৰিম একো অনুগ্ৰহ।
সুগ্ৰীৱ। চিন্তা কৰ ইষ্ট দেৱতাক,
বলেৰে নোৱাৰো যদি
ছলেৰে মাৰিম অজি তোক;
এই তই মৰিলি পামৰ।
  ( ৰামৰ পিনে চায় )
  -দুইৰো যুদ্ধ-
  ( সুগ্ৰীৱ পৰে )
বালী। কদাপি নবধো মই
সংজ্ঞাহীন মূৰ্চ্ছিত জনক।
পাৰো মই অনায়াসে প্ৰাণ লব তোৰ,
কিন্তু পৌৰুষতা নৰব বালীৰ।

[ ৪৪ ]

থাক তই ইয়াতে পামৰ ,
সজ শিক্ষা পালি
নকৰিবি আৰু এনে দুৰ্জ্জয় সাহস।
  বালীৰ প্ৰস্থান।
সুগ্ৰীৱ। ( জ্ঞান পাই উঠি )
সকলো ছলনা ৰাঘবৰ,
ভাল বুলি ৰাঘৱক বিশ্বাস কৰাৰ
উপযুক্ত পালো প্ৰতিফল।
আছে কিবা গুপ্ত অভিপ্ৰায়,—
নহলেনো ৰামে
কিয় আহি ছল কৰি
দিয়ে মোক মৃত্যুত পেলাই?
একে শৰে বালীক বধিম বুলি
ক’লে শতবাৰ,--
কিন্তু নেৰাখিলে নিজৰ বচন,
ঘৃণনীয় বীৰৰ অযোগ্য বন্ধু
বামচন্দ্ৰ অধম ক্ষত্ৰীয়;
এই ঘোৰ অপমান দিয়া
লম মই তাৰ প্ৰতিশোধ!
সুগ্ৰীৱৰ প্ৰস্থান।

[ ৪৫ ]

দ্বিতীয় গৰ্ভাঙ্ক।


   মতঙ্গ বন।
 সুগ্ৰীৱ, হনুমান, ৰাম আৰু লক্ষণ।
সুগ্ৰীৱ। হে ৰঘুনন্দন,
আশ্বাসিলা বালীক বধিম বুলি
কৰোৱালা সমৰ আহ্বান
শঙ্কটত পেলোৱালা মোক,—
কিন্তু যদি নছিল তোমাৰ ইচ্ছা।
দুৰন্ত বালীক বধিবৰ
তেন্তে লাগিছিল সেই কথা
পূৰ্ব্বেই জানিব দিব মোক,—
নিদিলো হেঁতেন মোৰ অমূল্য জীৱন
বালীৰ অস্ত্ৰৰ অজি মুখত পৰিব।
ৰাম। সুধীৰ সুগ্ৰীৱ তুমি, ভাই মোৰ
প্ৰাণসম লক্ষ্মণৰ দৰে।
প্ৰণয় বান্ধেৰে বান্ধিলা হৃদয়,
প্ৰতিজ্ঞা কৰিলোঁ।

[ ৪৬ ]

পৰস্পৰে সাহায্য কৰিম বুলি,
সেই মতে আছিলোঁ প্ৰস্তুত মই
বালীবধ কৰিবৰ মনে।
কিন্তু দুটি ভাই একেটি সাঁচতে গঢ়া
অনুৰূপ দুয়োটিৰ তত্তুল্য গঠন।
এটিক দেখিলে ভ্ৰম হয় সিটি বুলি—
বালী সুগ্ৰীৱৰ নামৰ বাহিৰে
চিনিবৰ নাই একো চিন৷
মাত শুনিলেও নোৱাৰি বুজিব
ৰণ কৌশলতো চকুত চমক লাগে,
দুইৰো মাজত
নেদেখিলো একোৰে প্ৰভেদ।
সেইবাবে নেৰিলো প্ৰচণ্ড শৰ
সন্দেহ লাগিল,—বালী বুলি বধো বুলি
প্ৰাণসম তুমি মোৰ সখা সুগ্ৰীৱক।
ভ্ৰম ক্ৰমে বধা হ’লে তোমাক সুগ্ৰীৱ
কুখ্যাতিৰে ৰঘুবংশ পূৰিল হেতেন
থাকিল হেতেন সীতা লঙ্কাতে দুখত
তুমি হেন সখীৰ মৃত্যুত
লাগিল হেতেন ব্যথা

[ ৪৭ ]

মৰ্ম্মাঘাত মোৰ হৃদয়ত,
কিন্তু অজিও প্ৰস্তুত আমি
প্ৰাণসম সুগ্ৰীৱৰ হিতৰ কাৰণে।
সুগ্ৰীৱ। বন্ধু বুলি স্বীকাৰ কৰিলোঁ বাবে
পুনু নিবেদিলো প্ৰভু
সকলোকে তজু চৰণত;
নহলে ৰাঘৱ,
সাৰি আহি যমৰ হাতৰ পৰা
কদাপি তোমাক আৰু প্ৰত্যয় নকৰো।
শুনিলে ৰুমাৰ দুখ,
শুনি অনাচাৰী বালীৰ কাহিনী
ভাবো,-পাৰিলে বালীক বধো
নতু, দিওঁ প্ৰাণ বালীৰ হাততে
হনুমান। দিয়া যুক্তি ৰঘুমণি,
কিৰূপে বালীক বধো,
প্ৰভু তুমি পৃথিবীৰ পতি
দিয়া এটা উচিত বিধান।
ৰাম। চোৱাচোঁন লক্ষ্মণ সৌৱা
গজপুস্পী সুন্দৰ কুসুম

[ ৪৮ ]

ফুলি আছে গছৰ ডালত;
আনা তুলি, গাঁঠি দিয়া মালা,
সেই মালা পিন্ধি সুগ্ৰীৱই
দুনাই পাতক যুদ্ধ বালীৰ লগত;
এইবাৰ পুষ্পমালা শোভিব গলত,
কোন বালী অৱশ্যে চিনিম।
লক্ষণ। যিব অজ্ঞ ৰযুৰাজ,—আনি মালা,
দিম নিজে সুগ্ৰীৱৰ ডিঙ্গিত পিন্ধাই।
লক্ষ্মণৰ প্ৰস্থান
ৰাম। ওলোৱা সুগ্ৰীৱ, বলা যাওঁ
পূৰ্ব্ব‌ ৰূপে কৰা যুদ্ধ বালীৰ লগত।
সিবেলিৰ দৰে নহব কদাপি
মৰিব পাষণ্ড বালী নিশ্চয় জানিবা।
হনুমান! ৰাঘৱৰ অব্যৰ্থ বচন
কদাপিও খণ্ডণ নহ’ব।
ওলোৱা সুগ্ৰীৱ তুমি,
আগৰ দৰেই,--তিৰস্কাৰ কৰি,
দিম আনি বালীক লগতে।

লক্ষণৰ প্ৰবেশ।

[ ৪৯ ]

লক্ষ্মণ। পিন্ধ বীৰ গজপুষ্পী মালা
বিজয় স্বৰূপে
আৰোপিলোঁ পুষ্পমালা তোমাৰ দেহত।
হনুমান। ৰণ যাত্ৰ কৰোঁ সকলোৱে।
সকলোৰে প্ৰস্থান।



তৃতীয় গৰ্ভাঙ্ক।



   পৰ্ব্বতৰ দাঁতি।
   দুটা দানৱৰ প্ৰবেশ।
১ম দানৱ। বোলোঁ ককাই পিচে কি?
২য় দানৱ। তোৰ মূৰ—মোৰ লাওখোলা।
১ম দানৱ। নহয় ককাই মই জাত বৰলা,
কেনে দিব, আমাৰ তিৰোতা নাই,
তোৰ হ’লে চিন্তাই নাই,
মোৰ ঘৰ খন পাতি দে।
২য় দানৱ। আও নকবি বোপাই, মই নোৱাৰো
অজি কালি ছোৱালীৰ দাম বৰ চৰিছে।
১ম দানৱ। কিমানলৈ? দুকুৰি হ’বনে?

[ ৫০ ]

২য় দানৱ। নহয়।
১ম দানৱ। তিনি কুৰিত হ'বনে।
২য় দানৱ। ওহো।
১ম দানৱ। তেনে হ’লে—
২য় দানৱ। আগেয়ে ধনৰ এটা উপাই কৰ
১ম দানৱ। কেনেকৈ?
২য় দানৱ। চুৰ কৰ। বৰ চহকীৰ ঘৰত
পিন্ধি দে। নোৱাৰিলে হাবিৰ লা,—
বৰৰ এঠা চন্দন কাঠ, আগৰ কাঠ, নি বেচগৈ |
পোহাৰী খনে দেখিলে ৰক্ষা নাই কিয় হ’ব।
ৰজাৰ ভূৰ্ভঙ্গেই নাই, পোহাৰীখনে মাজতে পইছা
খায়।
 ১ম দানৱ। ইমান বোৰ কৰাতকৈ ছোৱালী
এজনীকে চুৰ কৰি অনাই ভাল। বুধি নেজানো
বাবেহে।
 ২য় দানৱ। বুধি হ’লে দিব পাৰো,—
  মূৰত এটোপা গান্ধতেল ঘঁহি
  মুখত লবি এটা ৰাঙ্গলী হাঁহি,
  গাত পিন্ধিবি মখমলৰ ছোলা
  ডিঙ্গিত পিন্ধিবি ফুলৰ মালা,

[ ৫১ ]

হাতত লবি বৰ্ হম থুৰি
বিহুলৈ যাবি ডেকালি কৰি।
চকুৰে মাৰিবি টিপ
ছোৱালীৰ টেটুত লাগিব চিপ্।
১ম দানৱ। ঠিক ককাই, এইটোহে সজ বুধি;
আহাঁ চোন বাৰু নাচোঁ।



গীত।


নাচ নাচ নাচ নাচ  ঘূৰি ঘূৰি নাচ নাচ
কঁকাল ভাঙ্গি ভাঙ্গি নাচিবি।
মূৰেৰে নাচিবি ভৰিৰে নাচিবি
হাতেৰে ঢোলটো কোবাবি।
আ-সাস্-সা-সা,
বা-বা-বা-বা-
লাচতে ঘূৰিবি  মিচিকি হাঁহিবি
চকুৱে চকুৱে মিলাবি।
আ—সাস্—সা-সা,
বা-বা-বা-বা।

[ ৫২ ]

প্ৰহৰীৰ প্ৰবেশ।

প্ৰহৰী। এই তহঁতে কিহৰ খিকিন্দালি পাতিছ?

১ম দানৱ। এই গৰাকীনো কৰ পৰা আহিল?

প্ৰহৰী।  এই তহঁতে এই পিনে সুগ্ৰীৱক
দেখিছিলি নে?

২য় দানৱ।( কপি কঁপি ) এ দেউতা দেখিছিলোঁ—এ নাই দেখা—কাকনো
শোধোঁ, কি বুলি কওঁ?

১ম দানৱ। দেউতা নাই দেখা।

প্ৰহৰী।তহঁতে দেখিছ, কবৈ লাগিব। বালী
ৰজাৰ হুকুম সুগ্ৰীৱ অহা দেখিলেই
সম্বাদ দিব লাগিব। এইটো কেলেই কঁপিছ?

১ম দানৱ। নাই কঁপা মিছা। কাকো ক’তো
আমি দেখা নাই, কেনেকৈ ক’ম?

প্ৰহৰী। তহঁতৰ কথাৰ ঠিক নাই; তহঁত সুগ্ৰীৱৰ দূত হব পায়।

[ ৫৩ ]

১ম দানৱ। দেউতা হাত পাতক চোন। এইয়া
ধৰক। আমাক মিছাকৈ নধৰিব, আমি
একো বুজ নেপাও।
প্ৰহৰী। (আহিলো, মই) বাৰু তহঁত যাব পাৰ।
[প্ৰহৰীৰ প্ৰস্থান]
১ম দানৱ। অজি পইচা কেইটা হাতত নথকা হোৱা
হলে সাৰি যোৱাই টান। এই খন নগৰত দৰ্ম্মহা নোলোৱা কৈয়ে
প্ৰহৰী কাম কৰি চহকী হৈ খাব
পাৰি।
২য় দানৱ। মোৰ দেও এতিয়া হে মুখলৈ জীয়া
তেজ আহিছে। তিৰোতা জনীৰ বুকৰ
পৰা আঁতৰিলেই এই দশা। অজিৰ
পৰা বাপেকে বামুণেই মৰক বা লগুণেই ছিগক কেতিয়াও ঘৰৰ পৰা
নোলাওঁ।
১ম দানৱ। আহাঁ দেও, যাওঁগৈ আৰু আকৌ বা
ক’ত কি জেঙা লাগে।

[ ৫৪ ]

২য় দানৱ।  ব’লা ব’লা।

    [ দুইৰো প্ৰস্থান



তৃতীয় অঙ্ক।
⸻০০⸻
প্ৰথম গৰ্ভাঙ্ক।
মন্ত্ৰণা ঘৰ।
বালী আৰু অঙ্গদ।
⸻০০⸻


বালী। কুমাৰ অঙ্গদ তুমি
জানিলানে সুগ্ৰীৱৰ কিবা সমাচাৰ?

অঙ্গদ। মহৰাজ, শুনিলোঁ দূতৰ মুখে,—
কৰবাৰ ৰাম আৰু লক্ষ্মণ নামেৰে
বনচৰ তপস্বী দুজন আহি
সুগ্ৰীৱৰ লগত লাগিছে।
তাতে, সুগ্ৰীৱই পাইছে বিসম সাহ
ভাবিছে,—পাৰিব কাঢ়ি লব
ৰাজ্যখনি আপোনাৰ পৰা,
কিন্তু তপস্বী দুজন

[ ৫৫ ]

কোমল শৰীৰ কোমল গঠন,
সম্পূৰ্ণ অনুপযুক্ত ৰণৰ কাৰণে।
দূতে কোৱা কথাখিনি হয় যদি সঁচা
মিছাতে সাহস কৰি
সুগ্ৰীৱৰ হ’ব পৰাজয়।
বালী।  নেলাগে কৰিব ভয়
জানো মই ৰাম লক্ষ্মণক।
সুগ্ৰীৱক বিনাশ নকৰি
ললোঁ কিনি ৰাজ্যৰ দুৰন্ত অৰি,।
অশান্তি কৰিলোঁ নগৰত।
আগেয়েই বধিব খুজিলোঁ
তাৰাই কৰিলে মানা,
তুমিও অঙ্গদ
সুগ্ৰীৱক নিদিলা বধিব।
চোৱাঁ আজি তাৰ প্ৰতিফল,—
স্নেহৰ সলনি
পালো ৰিপূ, সাপৰ নিচিন৷
[ স্বৰূপানন্দৰ প্ৰবেশ৷
বালী।  প্ৰণামে চৰণ গুৰুদেৱ,
কিভাবে আহিল আজি

[ ৫৬ ]

কোন কাৰ্য্য কৰিম সাধন।
স্বৰূপানন্দ। আহিছিলোঁ তোমাৰ কাৰ্য্যতে,
নকৰিবা মিছা বিসম্বাদ,
ভায়ে ভায়ে বিৰোধ আচৰা
শুনা নাই জ্ঞানীৰ মাজত;
ৰাজ্যৰ নিয়ম মতে
সুগ্ৰীৱই হয় যুবৰাজ,
সেই মতে লোৱা সুগ্ৰীৱক,
কিবা যদি দোষো কৰিছিলে
পালে তাৰ দণ্ড সমুচিত।

বালী। গুৰুদেৱ,
সেই কথা বহুত শুনিছোঁ
আৰু শুনিবৰ ইচ্ছা নাই
আছে যদি অন্য কিবা কাম
ক’লে মোক কৰিম সাধন।
স্বৰূপানন্দ। সেয়ে কথা বীৰবৰ,
ক’লোঁ মই উভয়ৰ হিতৰ কাৰণে।
সন্তোষ দেখিলে,
দুয়ো ভাই থাকিলে সুখেৰে,

[ ৫৭ ]

ৰাজলক্ষ্মী প্ৰসন্না থাকিব;
হিত ব্যতিৰেকে
কোৱা নাই কদাপি অহিত কথা
বালী। সুগ্ৰীৱৰ পক্ষপাতী বুলি
সকলোৱে কয় আপোনাক;
সুগ্ৰীৱৰ হিত চিন্তা অৱশ্যে কৰি
নাই তাত একা আচৰিত।
স্বৰূপানন্দ। কাৰো পক্ষে পক্ষপাতী কথা
ভবা নাই হৃদয়তো মোৰ।
কুল-গুৰু মই
দুয়ো ভাই কুলৰ নন্দন,
বালী সুগ্ৰীৱত নকৰোঁ প্ৰভেদ।
কেৱল হিতৰ অৰ্থে
দিলোঁ মই হিত উপদেশ
সেই বাবে পাৰা তুমি
পক্ষপাতী অৱশ্যে বুলিব।
বালী। নাই যদি অন্য একো কাম
প্ৰণামিলোঁ যুগল চৰণ
যাওঁ মই ৰাজ কাৰ্য্যলৈ।
[ বালীৰ প্ৰস্থান ]

[ ৫৮ ]

স্বৰূপানন্দ। কি ফল ফলিব মই
নোৱাৰো সঠিক ক’ব,
কিন্তু ক’ব পাৰোঁ,—
বিষতুল্য হ’ব প্ৰতিফল।
অঙ্গদ৷ গুৰুদেৱ শুনিলে সকলো কথা,
মতি বুদ্ধি লৰিল ৰজাৰ,
আমি যদি কওঁ কোনো কথা
ঘৃতাহুতি জলে ততালিকে।
যাওঁ মই কৰোঁগৈ
নিজৰ কৰ্ত্তব্য কাম
প্ৰণামিলোঁ গুৰুৰ চৰণ।
স্বৰূপানন্দ। ধন্য তুমি কুলৰ তিলক,
ধৰ্ম্মাধৰ্ম্ম বাধ কছে যথাৰ্থ তোমাৰ।
থাকিব ধৰ্ম্মত মতি
দীৰ্ঘ জীৱী হ’বা
লোৱা মোৰ এই আশীৰ্ব্বাদ।
[ অঙ্গদৰ প্ৰস্থান]
স্বৰূপানন্দ। ক’ত কোনে দেখিছা অন্যায় এনে?
বালী বীৰ অত্যন্ত উদাৰ চিত
সৰ্ব্ব গুণে গুণী, ভাতৃবধু লোভ কৰি

[ ৫৯ ]

একেটি দোষেৰে আজি
বহুত গুণৰো
শুভ ফল ব্যাঘাত কৰিছে ,
সংসাৰত বহুত গুণৰো
হ্ৰাস হয় একটি দোষতে।
সজ উপদেশ দিলে
ভাবে মোক পক্ষপাতী বুলি,
কুলক্ষণ লাগিছে ৰাজ্যত
শেষ ফল চাওঁ কিনো হয়।
[ স্বৰূপানন্দৰ প্ৰস্থান]


দ্বিতীয় গৰ্ভাঙ্ক।


সপ্তৰ্ষি আশ্ৰম।


সুগ্ৰীৱ ৰাম আৰু লক্ষ্মণৰ প্ৰবেশ।


ৰাম৷ হনুমন্ত আহি,
সম্বাদ নিদিয়ে মানে বালীৰ মুখৰ
ৰওঁ আমি এই কাননতে।

[ ৬০ ]

লক্ষ্ম‌ণ। যুবৰাজ,-- চাৱাঁ কেনে
গছেৰে আবৃত সৌ ওখ ঠাই খনি,
দেখি যেন সইলাস মেঘৰ নিচিনা।
দেখিলে আনন্দ লাগে
ভক্তি ভাব ওপজে মনত
কোৱাঁ বীৰ, জানা যদি তুমি
কাননৰ কিবা বিবৰণ?
সুগ্ৰীৱ। পূৰ্ব্বে এই উদ্যানতে
কৰিছিলে কঠোৰ তপস্যা
সাত জন মহা ঋষি বহি,
সেই বাবে সপ্তৰ্ষি আশ্ৰম নামে
এই ঠাই ভুবন বিদিত;
যোগ বল সাধি ঋষি সবে
বহু দিন অনাহাৰে থাকি
ডুব মাৰি পানীৰ তলত
অন্ত কৰি প্ৰাণৰ কঠোৰ ব্ৰত
অমৰত্ব পালে কেউ জনে।
তেতিয়াৰে পৰা কিষ্কিন্ধ্যা বাসীয়ে
তীৰ্থ বুলি স্নান কৰে আহি
আশ্ৰমৰ পৱিত্ৰ পানীত,

[ ৬১ ]

দুখ, শোক, শ্ৰম, ৰোগ যায় শৰীৰৰ।
কিন্তু নাহে কোনো অকলৈ,
মায়াময় এই আশ্ৰমত
কোনো প্ৰাণী নিশাত নেথাকে।
দেখি দিঠকতে
বহু বিধ মায়া দৰশন
পুণ্য জীৱ মৃত্যুৰ পিচত
মায়া ৰূপে থাকে আশ্ৰমত।
ৰাম৷ শুনি যেন ক'ৰবাত মধুৰ সঙ্গীত,
বনৰ মাজত যেন
বৰষিছে অমিয়া পঞ্চম।
[মায়! কন্যা সকলৰ প্ৰবেশ

⸻০⸻


মায়া কন্যা সকল।


গীত।


আজি আমি কৰি যতন
পাতিছোঁ আসন মনে মনে;
আহিব সখি, বহিব তাতে,

[ ৬২ ]

মোহিব প্ৰেমৰ মধুৰ তানে।
হিয়াৰ আশা পূৰণ হ’ব,
সুখৰ নতুন মলয় ব’ব,
শুনিব মনৰ কথা,
ক’ম কথা কাণে কাণে।
[মায়া কন্যা সকলৰ প্ৰস্থান]
লক্ষ্মণ। ঠিক কথা বীৰবৰ,
কাননত শুনি দিঠকতে
দেৱকন্যা সকলৰ মধুৰ সঙ্গীত।
সুগ্ৰীব। মৃদু গীত,-নোৱাৰি কৰিব ঠিক,
বাজিছেনে বাহিৰত,
নতু মনৰ মাজত
কাল্পনিক শবদ শুনছোঁ৷
ঠিক একো নোৱাৰি ধৰিব।
ভক্তি ভাৱে সাধনা কৰিলে
থাকিলে মনৰ কোনো
জানিব লগীয়া কথা
পূৰ্ব্বাপৰ দেৱবাণী শুনি আশ্ৰমত।
ৰাম। ৰোৱা বীৰ,— দেখা নাই,
কিন্তু যেন আহিছে কোনোবা এটি,
.

[ ৬৩ ]

শুনিছোঁ শবদ কিবা বায়ুৰ মাজত।
( দুন্দুভিৰ প্ৰেতমুৰ্ত্তি আবিৰ্ভাব )
দুন্দুভি। বধিলে বালীয়ে মোক অন্যায় যুঁজত
সেইবাবে ৰাঘৱক দিওঁ সমাচাৰ;-
তপস্যাৰ কালত বালক
ব্ৰহ্মা আহি বৰ দিওঁ বুলি
আশ্বাসিলে প্ৰীতি বচনেৰে;---
বালীয়ে বুলিলে, “প্ৰভো
দিয়া বৰ,-নমৰিম ৰোগৰ হাতত,
নমৰিম কেতিয়াও সম্মুখ ৰণত ,
নমৰিম জল, অগ্নি, জন্তুৰ মুখত,
নাচৰিম ধৰ্ম্ম-কৰ্ম্ম
তথাপিও স্বৰ্গবাসী হম,,।
ব্ৰহ্মাই বুলিলে,-“বীৰ
সিদ্ধি হব সকলো তোমাৰ,
তথাপিও নোৱৰা লুকাব
তুমি মৃত্যুৰ হাতত।
ভগৱন্ত ব্যাধৰূপে বধিব তোমাক,
সেই বাবে স্বৰ্গবাসী হবা,
কিন্তু ৰোগ, ব্যাধি, সম্মুখ ৰণত,

[ ৬৪ ]

কদাপি নমৰা তুমি নিশ্চয় বুজিবা,,।
এতেকতে ৰামৰ হাতত অজি
অবিলম্বে বালীৰ মৰণ।
—(দুন্দুভি অদৃশ্য হয়)—
সুগ্ৰীৱ। ঠিক কথা,
বতাহত বাজিব লাগিছে যেন,—
অবিলম্বে বালীৰ মৰণ ৷
—মায়াবন্তৰ প্ৰেতমূৰ্ত্তি আবিৰ্ভাব।—
ময়াবন্ত। আজি সুগ্ৰীৱৰ সুপ্ৰসন্ন দিন,
বালীৰ কুদিন,
দেৱকুলে পাহৰা ৰামৰ দুৰ্ব্বল,
কৰিব সবল,—বালীৰ মৰণ হ'ব,
দেৱ বাক্য নহব লঙ্ঘন।
বহুকাল কৰিছে বালীয়ে ৰাজ্য
অতিক্ৰম কৰিলে নৰৰ আয়ু,
মৰে আজি ব্ৰহ্মাৰ শপত।
পতালত বালীয়ে বধিলে মোক
তাৰ ফল পাব হাতে হাতে।
—মায়াবন্ত অদৃশ্য হয়।—

[ ৬৫ ]

লক্ষ্মণ৷ লাগিছে মনত যেন
জয় হব সুগ্ৰীৱৰ অজি,
ৰাঘৱৰ চিৰকীৰ্ত্তি
কিস্কিন্ধ্যাত থাপিত থাকিব।
হনুমন্ত আহে মানে
গই থাকো আমি,-চাই চাই
কাননৰ অপুৰ্ব্ব জেউতি৷
[সকলোৰে প্ৰস্থান ]
⸻০০⸻
তৃতীয় গৰ্ভাঙ্ক।
ৰাজ অন্তঃপুৰ।
তাৰা আৰু বালীৰ প্ৰবেশ।
⸻০০⸻

তাৰা। সবিনয়ে কৰোঁ নিবেদন,
নাই কাৰ্য্য অনাহক গৃহ কন্দলৰ৷
সুগ্ৰীৱ যথাৰ্থ যুবৰাজ
চিৰদিন এই প্ৰথা
আছে চলি তোমাৰ কুলত;
কৰা নাই সুগ্ৰীৱই একে অনাচাৰ,
চিন্তা নাই তোমাৰ মৰণ,
কেৱল ভ্ৰমত পৰি,—বুজিব নোৱাৰি,

[ ৬৬ ]

তোমাক বধিলে বুলি
প্ৰজাৰ সম্মতি ক্ৰমে
হৈছিলে ৰজা কিষ্কিন্ধাত;
অৰাজক নোৱাৰে থাকিব দেশ;
সেইবাবে হোৱা নাই
সুগ্ৰীৱৰ দোষ গুৰুত্তৰ।
যুদ্ধ জিনি আহিলত তুমি
সম্ভ্ৰমেৰে সমৰ্পিলে
সিংহাসন তোমাৰ পদত,
ক্ষমা কৰা নৃপতি প্ৰধান
গুনা তুমি দাসীৰ বচন।
বালী। কিয় তুমি হাক দিয়া কথা
প্ৰতি দিনে কোৱা পুনৰপি;
জ্ঞণী জনে নিজৰ বচন
নখণ্ডায় কদাপিতো নিজে,
উপযুক্ত বিচাৰৰ ফলে
সুগ্ৰীৱক বনবাসী কৰিছোঁ যেতিয়া
সেই বাক্য নহয় লঙ্ঘন।
তাৰা। দেশে দেশে কুখ্যাতি তোমাৰ,—
প্ৰজাই বুলিছে মন্দ

[ ৬৭ ]

 সকলোৱে সুগ্ৰীৱক নিৰ্দোষী বুলিছে,
 দুখত সহানুভূতি কৰিছে প্ৰজাই;
 সইবাবে জনাও দাসীয়ে,—
 প্ৰজাৰ স্নেহত আমি ৰাজত্ব কৰিছোঁ,
 পৃথিবীত সকলো সমান
 ৰূজা প্ৰজা ঈশ্বৰৰ সমান সন্তান;
 প্ৰজাক সন্তোষ যদি নকৰে ৰজাই,
 বিদ্ৰোহ দাবাগ্নি জলে সেই ৰাজত্বত,—
 ৰজা অতি ক্ষীণবলী, —প্ৰজা বলবান,—
 প্ৰজাৰ প্ৰীতিৰ অৰ্থে
 সুগ্ৰীৱক সামৰা ৰাজন।
 চোৱাঁ ভাবি,—যদি প্ৰজাসবে
 বলেৰে তোমাক ভাঙ্গি
 সুগ্ৰীৱক ৰজা পাতি লয়
 নেথাকিব একো আৰু তোমাৰ উপায়।
বালী। সকলো তোমাৰ অনুমান,
 প্ৰজাসবে নিজ মুখে
 শতবাৰ মোৰ কাৰ্য্য প্ৰশংসা কৰিছে
 কি ৰূপে জানিলা তুমি
 মোক সবে বেয়া পাই বুলি।

[ ৬৮ ]

তাৰা। ৰজা তুমি,--ৰাজ্য অধিশ্বৰ,
প্ৰজাসবে মুখৰ স্বাগত
নিন্দিব নোৱাৰে কদাপিতো;
সেইবাব আগত প্ৰশংসা কৰে
ভিতৰে নেপায় ভাল,
ৰাণী মই অন্তেশ পুৰত থাকে।
ৰাখোঁ মই সকলো বাতৰি,
জানিবা নিশ্চয়,
প্ৰজাৰ স্নেহৰ পাত্ৰ
কদাপি নোহোৱা তুমি ৰজা।
বালী। নোহোৱা ৰাজ্যৰ মন্ত্ৰী তুমি,
নুশুনো তোমাৰ উপদেশ;
বিশেষত ঋষি মুনি সবে
তিৰোতাৰ পৰামৰ্শ মতে
নচলিবা বুলি শাস্ত্ৰত লেখিছে
প্ৰস্ফুটিত সোনালি আখৰে,
নাৰী তুমি,
মন্ত্ৰনাৰ উপযুক্ত নোহোৱা কদাপি
অনৰ্থক বাক্য ব্যয় কিয় কৰা তুমি?
তাৰা। নাৰী মই,
পক্ষপাতী পুৰুষ লেখকে

[ ৬৯ ]

 লেখিছে নহওঁ বুলি
 মন্ত্ৰনাৰ উপযুক্ত আমি
 তিৰোতাৰ প্ৰধান্যতা
 নুবুজিলে পূৰ্ব্ব ঋষিসবে,
 সেইবাবে দিছা তুমি শাস্ত্ৰৰ শৰণ,
 হব পাৰো বুদ্ধিহীনা নাৰী,
 কিন্তু মহাৰাজ,
 বুজিবা নিশ্চয় কথা
 সুগ্ৰাৱক গ্ৰহণ নকৰি
 নোৱাৰিবা শান্তি তুমি ৰাখিব দেশত।

বালী। পুৰুষৰ প্ৰীতিৰ কাৰণে
 তিৰোতাক স্ৰজিলে বিধিয়ে,
 প্ৰণয় ভাবৰ তুমি অবলা ললনা
 আহিছিলাঁ প্ৰীতি আলাপেৰে
 শান্তি ভাব পাবৰ কাৰণে
 কিন্তু তুমি শান্তি কৰিলা মোক।
 ৰাণী তুমি,
 সেই হেতু ক্ষমিছে সকলো;
 কিন্তু দুানই নকবা আৰু
 সুগ্ৰীবৰ কথা,--

[ ৭০ ]

 পালিব বচন ৰজাৰ আদেশ বুলি,
 নকৰিবা প্ৰতিবাদ
 অনুৰোধ ৰাখিবা স্বামীৰ।

[প্ৰহৰীৰ প্ৰবেশ



প্ৰহৰী। মন্ত্ৰীৰ আদেশ মতে
 নিবেদোঁ বাতৰি এই তজু চৰণত,
 হনুমন্ত আহি
 নগৰত কোলাহল কৰিব লাগিছে।
 উচ্চ স্ববে বুলিছে পবন সুতে
 “যুদ্ধ কৰি,—সুগ্ৰীৱক
 পৰাজয় কৰক বালীয়ে,
 নতু, সিংহাসন দিয়ক এনেয়ে এৰি,
 আহি তাত বহক সুগ্ৰীব”।
 এইদৰে শান্তি ভঙ্গ কৰিছে প্ৰজা
 সুগ্ৰীৱও আছে নিলগতে
 মহাৰাজে উপযুক্ত আদেশ কৰক।

বালী। জনাবি মন্ত্ৰীক, যাম এতিয়াই
 সুগ্ৰীবক কৰিম নিপাত
 নাই চিন্তা অলপো প্ৰজাৰ।

[ ৭১ ]

প্ৰহৰী। যিবা আজ্ঞা নৃপতি প্ৰধান
[ প্ৰহৰীৰ প্ৰস্থান ]

তাৰা। বিপদ বিপদ যেন লাগিছে হিয়াত,
দেখিছোঁ অশান্তি ভাব শান্ত প্ৰকৃতিতো;
এই মাত্ৰ সুগ্ৰীৱক
পৰাজয় কৰিল। ৰণত,
পুনৰপি আহিছে তথাপি
পৰিহৰি ভয় মৰণৰ,
অৱশ্যে পাইছে বল
দাশৰখী ৰাম লক্ষ্মণৰ
মহাবলী ৰামৰ লগত
নেলাগে কৰিব যুঁজ
কওঁ পুনু ধৰি চৰণত।
বলী। ৰাণী, বশ তুমি কৰিলা স্নেহৰে মোক,
প্ৰণয়ৰ নিদৰ্শন পাইছোঁ তোমাৰ;
নই ভয় ৰামৰ কাৰণে
ধাৰ্ম্মিক কৰ্ত্তব্য জ্ঞানী ৰঘুৰ নন্দন,
অকাৰণে ৰঘুবীৰে
মোক একো হিংসা নকৰিব,

[ ৭২ ]

একো ভয় নকৰিবা ৰাণী,
জ্ঞানী ৰাম,—নিজেও নকৰে পাপ
সুগ্ৰীৱকো নিদিব কৰিব।
ততালিকে আহিম উলটি
পাবা তুমি সুগ্ৰীৱৰ মৰণ বাতৰি।
[ বালীৰ প্ৰস্থান ]
তাৰা।  ধৰ্ম্মপক্ষ ৰামৰ আশ্ৰিত
কিন্তু কোন পক্ষে অধৰ্ম্ম কৰিছে
বুড়া নাই স্বামীয়ে আজিও।
আশ৷ মোৰ গুৰুৰ পাৱত
বিশ্ব বিধতাৰ অভয় পদত,
অমঙ্গল কদাপি নহয় যেন
প্ৰাণতুল্য স্বামীৰ ৰণত।
অমঙ্গল দেখিছোঁ বহুত
সকলোকে কৰিবা মঙ্গল ময়
ব্ৰহ্মৰূপী দেৱ সনাতন।
[ তাৰাৰ প্ৰস্থান ]

[ ৭৩ ]

চতুৰ্থ গৰ্ভাঙ্ক।

গছৰ তল।

( ৰাম লক্ষণ আৰু সুগ্ৰীৱৰ প্ৰবেশ )


সুগ্ৰীৱ। হনুমন্ত আহিব উলটি
অলপতে ওলাবহি বালী;
ৰঘুনাথ, পাৰিব লুকাব
এই গছৰ আঁৰতে,—
বধক বালীক আজি
প্ৰতিজ্ঞা কৰক ফলবতী
লক্ষ্মণ। গজপুস্পী ফুলৰ মালাই
শোভিছে বীৰক
ৰণৰ মাজতো আমি
সুগ্ৰীৱক চিনিব পাৰিম।
ৰাম। ৰণ কৰা নিশ্চিন্ত মনেৰে,
জানা তুমি মোৰ পৰাক্ৰম,
পুষ্পমালা অভিজ্ঞান
ওলমিছে তোমাৰ গলত
চিনিম বালীক

[ ৭৪ ]

হব বালী বালিত লুণ্ঠিত।
সুগ্ৰীব। কৰিছোঁ নিৰ্ভৰ মই
ৰঘুপতি তোমাৰ কথাত।
হব আজি বালীৰ মৰণ।
সুখ ৰবি উদিব ধন্য়ত।
যাওঁ মই আগবাঢ়ি
দুয়ো বীৰ থাকক লুকাই
সেই জোপা গছৰ আঁৰতে।
ৰাম। যোৱাঁ তুমি আগবাঢ়ি,
থাকিলোঁ লুকাই আমি,
বালীৰ পতন হ’ব
সুখ হ’ব কিষ্কিন্ধ্যা দেশত।

( সুগ্ৰীবৰ প্ৰস্থান )
– (ৰাম লক্ষ্মণ লুকাই থাকে )–
⸻০⸻

[ ৭৫ ]

পঞ্চম গৰ্ভাঙ্ক।
নগৰৰ ওচৰ।
বাণী আৰু সুগ্ৰীৱৰ প্ৰবেশ

বালী। পৰিলি সিবাৰ
অনুগ্ৰহ কৰি প্ৰাণ নেমাৰিলে',
একো শিক্ষা তথাপি নেপালি।
এই মোৰ বদ্ধ মুষ্টি বজ্ৰৰ সমান
নিতান্ত মৰিলি আজি
কোনে পাৰে ৰাখক ধৰাত!
সুগ্ৰীব। ঐশ্বৰীক শক্তিৰ কোষত
তোৰ শক্তি হ’ব পৰাজয়,
মৰিলি মৰিলি বালী
কৰ চিন্তা ইষ্ট দেৱতাক।
বালী। নিৰ্ব্বোধ পামৰ তই
বুজা নাই নিজৰ শকতি;
বাৰে বাৰে হাৰিছ ৰণত
তথাপিও ৰণ তৃষ্ণা নাই মিতা তোৰ,
কুলক্ষণ ইয়াকে বুজিবি।

(দুইৰো প্ৰস্থান)
⸻০⸻

[ ৭৬ ]

যষ্ঠ গৰ্ভাঙ্ক।
ৰণক্ষেত্ৰ।
বালী আৰু সুগ্ৰীৱৰ প্ৰবেশ

বালী। এইবাৰ পৰিলি পামৰ
এৰ আশা প্ৰাণ ভাৰসা
দেখিবি দেখিবি আজি
পাপী পূৰ্ণ যমৰ আলয়।
সুগ্ৰীব। অতি আশা কৰিব নেপায়;
যাব প্ৰাণ, মৰিলি এতিয়',—
এই বালী পাপৰ আধাৰ
ভাতৃবধুলোভী
শূন্য যাৰ ধৰ্ম্মাধৰ্ম্ম জ্ঞান।
মৰিলি পামৰ,
দেখ তাজি-কোন হল যমৰ আলহী।
—বালীৰ দেহত বাণ নিক্ষেপ—
বালী। কি, কি, কোনে বাণ হানিলে হিয়াত,
কৰিছিলোঁ যুদ্ধ মই সুগ্ৰীৱৰে স'তে
কৰা নাই কাৰো অপকাৰ,
কোনে এই মৰ্ম্মাঘাত বাণ

[ ৭৭ ]

হানিলে হিয়াত মোৰ অদৃশ্য ৰূপেৰে।
যায় প্ৰাণ বিষাল বাণত
কিন্তু নেজানিলোঁ
মৰিলোনে উপযুক্ত বীৰৰ হাতত?
সুগ্ৰীৱ। মৰিলি মৰিলি বালী
অযোধ্যাধিপতি
ৰঘুৰাজ ৰামৰ হাতত।
বালী। অচিৰিত কথা মৰণ কালত।
জনিছিলো ৰঘুপতি বিষ্ণু অকৃতাৰ,
জ্ঞানবান পৰম ধাৰ্ম্মিক,
কিন্তু চন্দ্ৰ সূৰ্য্য থাকে মানে
ঘোষিৰ জগতে
ৰঘুপতি ভীৰু অনাচাৰী।
ধৰ্ম্ম -নী ত যুদ্ধ-নীতি বিদিত ৰামৰ
কোন নীতি অনুসাৰে
বধে মোক ব্যয়ে বধা দৰে?
কিন্তু থাকিল মনত খেদ
গ’ল প্ৰাণ কাপুৰুষ ৰামৰ হাতত।
সুগ্ৰীৰ। কোন নীতি অনুসাৰে, নকৰি বিচাৰ
দিলা দণ্ড নিৰ্দ্দোষী জনক?

[ ৭৮ ]

প্ৰজাৰ পালক তুমি
কিষ্কিন্ধ্যাৰ পতি
কিন্তু কোন নীতি অনুসাৰে
বনবাসী কৰিলা প্ৰজাক?
জানা তুমি ধৰ্ম্মাধৰ্ম্ম
পাপ পুণ্য বিদিত তোমাৰ
কিন্তু কোন নীতি অনুসাৰে
লোভিছিলা ভাতৃৰ বধুক?
পাপৰ উচিত দণ্ড পালা
ৰামৰ শৰত আজি প্ৰাণ হেৰুৱালা।
বালী। ভাই তই,
কৰিছিলো শত অপৰাধ,
ক্ষমিবি সকলো
পুত্ৰৰূপে অঙ্গদক পালন কৰিবি
নিদিবি তাৰাক দুখ,
মৰণ শয্যাত তোক কৰো আশীৰ্ব্বাদ।
ভাতৃ স্নেহ, ৰাজ্য ভোগ
একেলগে নাছিল ভাগ্যত;
কৰোঁ অনুৰোধ
মাতি আনি দিবিনে ৰামক?

[ ৭৯ ]

সুগ্ৰীব। জ্যেষ্ঠ তুমি, ক্ষমা অপৰাধ,
ভক্তিভাৱে কৰিছোঁ, প্ৰণাম।
আনো মাতি ৰঘুপতি ৰামক এতিয়া।
[ সুগ্ৰীবৰ প্ৰস্থান |
ৰাম আৰু লক্ষ্মণৰ প্ৰবেশ।
লক্ষণ। চোৱাঁ ৰঘুপতি
মাটিত পৰিও কেনে
প্ৰকাশিছে বালীৰ গৌৰৱ;
প্ৰাণ ৰবি অস্তমিত প্ৰায়
ধন্য বালী তোমাৰ মহিমা।
বালী। কোন তুমি, তুমিনে অযোধ্যাপতি
দশৰথ ৰজাৰ নন্দন?
ৰাম৷ ৰাম মই,— দশৰথ ৰজাৰ নন্দন,
নহওঁ অযোধ্যাপতি
বনবাসী তপস্বী বনৰ৷
বালী। যথাৰ্থ তপস্বী তুমি বুজিলোঁ এতিয়া?
জানিছিলোঁ শুদ্ধমতি
বিশুদ্ধ কুলত জন্ম
ৰঘুপতি বিখ্যাত ধাৰ্ম্মিক,
কিন্তু এতিয়া জানিলোঁ

[ ৮০ ]

নীচমতি দুৰ্ম্মতি ৰাঘৱ;
ধিক্ ধিক্ ৰামৰ জনম,
ধিক্ ধিক্ ৰঘুৰ পৱিত্ৰ ফুল,
ধিক্ ধিক্‌ সুখ্যাতি তোমাৰ।
পিতৃ সত্য কৰিলা পালন
দেখুৱালা পবিত্ৰ ধৰ্ম্মৰ ভাব,
কিন্তু ধিক্ ধিক্‌ সকলো তোমাৰ।
মৰণ কালতো পাইছোঁ দেহত বল,
শক্তি আছে কৰিবৰ বাৰে
ৰঘুপতি ৰামৰ গঞ্জনা।
ভূমিব্যাপী নহয় ৰাজত্ব মোৰ
জনব্যাপী ৰজা মই
কোন অপৰাধে চোৰ ৰূপে আহি
হানিলা ভীষণ শৰ মোৰ শৰীৰত।
আছিলোঁ নিদ্ৰিত মই নিশঙ্ক মনেৰে
সৰ্পৰূপে কিয় আহি কৰিলা দংশন?
কোৱা হ’লে মোক,—ৰাৱণক নাশি
আনিলোঁহেতেন জানকীক৷
ধৰ্ম্ম-নীতি বিচাৰ নকৰি
সুগ্ৰীৱৰ অনুৰোধ মতে

[ ৮১ ]

বধি মোক ব্যাধ হ’লা ক্ষত্ৰিয় কুলৰ;
তোমাৰ দুৰ্ণাম শুনি ক্ষত্ৰিয় সমাজে
তিৰস্কাৰ কৰিব তোমাক;
নশ্বৰ শৰীৰ, নাশ হ’ব
নাই কৰা সেই বাবে খোদ
কোৱা ৰঘুমণি কিয় তুমি
কৰিলা অনীতি এনে নিৰ্দ্দোষী জনক?
ৰাম৷  মহামতি, বেদশাস্ত্ৰ বিদিত তোমাৰ,
তথাপিও কিয় মোক কৰা তিৰস্কাৰ?
জন্ম মোৰ ৰজাৰ কুলত
বশবৰ্ত্তী ভৰত ৰজাৰ
বাধ্য মই ৰাজ-ধৰ্ম্ম পালিবৰ বাবে।
ধৰ্ম্ম এৰি লোভিছিলা ভাতৃবধু তুমি,—
ভাতৃবধু ভাগিনীক লোভ কৰে যেয়ে
দণ্ড তাৰ নিতান্ত মৰণ,—
সেইবাবে প্ৰাণদণ্ড কৰিলোঁ তোমাক;
অযোধ্যাৰ অধিপতি পতি জগতৰ
দণ্ড দিলোঁ ৰজাৰ নামেৰে
সেই হেতু কদাপিও পাপত নপৰোঁ
ক’ব পাৰা,—বধিলোঁ তোমাক মই

[ ৮২ ]

অলক্ষিত বাণৰ ঘাটত,—
কিন্তু জানিবা নৃপতি
জগতৰ অধীশ্বৰ মই,
ৰোগ ব্যাধি উপসৰ্গ যেনে
তেনে মোৰ বাণৰ আঘাত,
ৰোগত মৰিলে, নাই দোস বিশ্ব বিধতাৰ;
আয়ুস টুটিল, কালৰ মুখত পৰি,
হেৰুৱালা প্ৰাণ মোৰ বিষাল বাণত,
নহওঁ কদাপি দোষী,
অনৰ্থক নিন্দা কৰি মোক
আৰ্জ্জিছা পৰম পাপ মৰণ কালত।
বালী।  একোকে নুবুজি প্ৰভু নিন্দিলো তোমক,
ক্ষমা নাথ জগতৰ পতি,
মৰিছোঁ যথাৰ্থৰূপে পাপৰ ফলত
নাই বধা অন্যায় স্বৰূপে।
বিশ্বৰ পালক তুমি, পালিবা তাৰাক
অন্ন দিবা পিতৃ হীন অঙ্গদ বীৰক।
মুক্তি দিয়া প্ৰভো, নিন্দিলোঁ তোমাক,
ঠাই দিয়া যুগল পদত।
দেৱ অৱতাৰ তুমি

[ ৮৩ ]

সাধিলা দেৱৰ কাম
সিদ্ধি হ’ল ব্ৰহ্মাৰ বচন৷
বুজিলোঁ এতিয়া মই,—তপস্যা কৰোতে
বৰ দিওঁ বুলি
শাপ দিলে ব্ৰহ্মাই ছলেৰে,—
নমৰিলোঁ ৰোগৰ হাতত
নমৰিলোঁ সন্মুখ ৰণত
নমৰিলোঁ জল জন্তু দৈৱৰ হাতত,
নাচৰিলোঁ ধৰ্ম্ম কৰ্ম্ম
তথাপিও স্বৰ্গবাসী হ’লোঁ,—
তোমাৰ হাতত পৰি
ঠাই পালোঁ অনন্ত স্বৰ্গত।
শৰীৰৰ বল ক্ৰমে কমিব লাগিছে
যাব প্ৰাণ অলপ পৰতে
দিয়া প্ৰভু মুক্তিৰ উপায়৷
ৰাম ৷  পাপ মুক্ত হ’লা তুমি ৰজাৰ দণ্ডত।
লোভ মোহ তাপ ভয় কৰা পৰিহাৰ
পাবা স্থান বৈকুণ্ঠ পুৰত।
অনুচিত তপস্যাৰে ব্ৰহ্মাক বন্দিলা
পাপ পালা বৰৰ সলনি।

[ ৮৪ ]

এতেকে ৰাজন এৰা দুখ শোক
সংসাৰৰ মায়া মোহ দিয়া বিসৰ্জ্জন।
অঙ্গদ থাকিব সুখে
নহয় তাৰাৰ দুখ
সুগ্ৰীবই নীতি-মতে পালন কৰিব।
যোৱা বীৰ নিৰ্ম্মল চিতেৰ
স্বৰ্গ ভোগা অতুল সুখেৰে।
বালী।  আহাঁ আহাঁ সত্য নাৰায়ণ,
দিয়া পদ মোৰ হৃদয়ত।
( মৃত্যু )
⸻০⸻

চতুৰ্থ অঙ্ক।
⸻০⸻
প্ৰথম গৰ্ভাঙ্ক।
আলিবাট।
দুটা দানৱৰ প্ৰবেশ।
 ১ম দানৱ। বুইছা ককাই মই হ'লে ইবোৰ
সিবোৰ কথা ভুনেপাওঁ, আমি কলৈ হয় অইন এখন
দেশলৈকে যাওঁগৈ আৰু ব’লা৷

[ ৮৫ ]

২য় দানৱ। এৰা বোপই মই কৈছোবেই
ঘৰত তিৰোতা জনীৰ প্ৰতাপত থাকিবৈ
নোৱাৰা হ’ল। তহঁত বৰলা মানুহ বৰ সুখত
আছ।


 ১ম দানৱ। নেইদৰে চালে সুখকে বুলিব পাৰি।
বালী ৰজা মৰিল আমাৰ সুখৰ দিনো
অন্ত হ’ল। মই সেইবাৰ যে চুৰ কৰি আনিছিলোঁ,
সেই জনী ছোৱালীলৈ বালী ৰজায়ো চকু দিছিল।
গুণী গুণ বুজা বালী ৰজাই জানিবা ছোৱালী জনী
এৰি দিলতে ভক্ ভক্‌ কৰে হাঁহি মোৰ পিঠিত
চাপৰ দুটা মান মাৰি ঘৰলৈ পঠিয়াই দিলে।


 ২য় দানৱ। বালী ৰজাৰ দিনত আৰু এটব
সুবিধা আছিল। বাঁহ চুৰি, কুহিয়াৰ চুৰি, জেও

ৰাত মেলি দিয়া কাপোৰ চুৰি এইবোৰ চুৰিৰ
লগত নধৰিছিলেই।

১ম দানব। আমাৰ নিচিনা টোকোনা তৰপ
মানুহৰ সেইটা জানো কম সুবিধা বুলিছা?

২য় দানব। তোৰ কথাটোৰ কি হয় এটা
কৰিব পাৰিলেই আমি অইন দেশলৈ যাবৈ লাগিব।

[ ৮৬ ]

ইয়াত ৰাজ-শোক সহি আৰু কিমান থাকিবা।

১ম দানৱ। ককাই ৰাজ-শোক নে। কিহক
বুলিছা?

২য় দানৱ। আমাৰ বালী ৰজা মৰিল এইটো
জানো ৰাজ-শোক নহয়? তোৰটো কথাৰ কি হয়
এটা সোণকালে কৰ।

১ম দানৱ।  মই হ’লে বালী থকাৰ
দিনৰে পৰা ৰাণী গৰাকীৰ আশয় পাওঁ। মোক
মতাই নি গাণ বাজানা কৰোৱায়। এতিয়া লগ
ধৰিলেই ওলাব।

২ য় দানৱ। কেনেকৈ পাৰ চুৰ কৰি আন।
তাৰাই খবৰ পালে সতিনীয়েকক এৰি নিদিয়ে।

১ম দানৱ। কালিৰ গাণটো আকৌ এবাৰ
আওৰাও আহাঁ। ৰাণীক সেইটো গাণ শুনাই
আজি ভুলাব পাৰিম।

২য় দানৱ। বাৰু, গা বাপাই।

[ ৮৭ ]

( গীত )


তুমি মোৰ প্ৰাণ ৰাধা ৰাসেশ্বৰী
নাকত পিন্ধিবা নাকী—এ।
সাদৰী মোখোৰা মুখত পিন্ধিবা
ফুৰিম বৃন্দাবনত ৰাখি--এ।
লাগাম ডালি পিন্ধি জিন খনি বান্ধি
থাকা বৃন্দাবনত চেকুৰি—-এ
[ দুইৰে প্ৰস্থান]
⸻⸻
দ্বিতীয় গৰ্ভাঙ্ক।
অন্তঃপুৰ।
তাৰা আৰু মাধবী।
তাৰা৷ হৃদয়ৰ হৃদয় নাথক
সমৰ্পিলো অগ্নিৰ মুখত,
সেই অগ্নি জ্বলালো হিয়াত মোৰ,
সকলোকে চিতাৰ অগ্নিত
স্বামীৰ লগত মই দিলোঁ বিসৰ্জ্জন।
হাঁ-হাঁ নাথ হৃদয় ঈশ্বৰ
কলৈ পলালা নাথ,
অভাগীক নিনিলা লগত।

[ ৮৮ ]

লোৱা তুমি জীৱনৰ উপায় বিচাৰি,—
নেপবা নেপাবা ঠাই কিষ্কিন্ধ্যা দেশত।
য'ত তুমি লালিত পালিত
য’ত তুমি ফুৰিছা ধেমালি কৰি
যি শয্যাত শুইছা সদাই
সেইবোৰ কাঢ়ি ল'ব শত্ৰুৱে এতিয়া।
হায় প্ৰাণনাথ চোৱাঁহি তাৰাৰ দুধ
চোৱাঁ আহি অঙ্গদৰ বিষন্ন বদন;
খন্তেকতে মায়া মোহ সকলো পাহৰি
কিয় প্ৰাণনাথ আমাক দুখত দেখি
সন্তাপিত নোহোৱা এতিয়া?
আগেয়ে আমাৰ দুখ দেখিলে তোমাৰ
নেথাকে মনত শান্তি,—
কিন্তু আজি অগ্নিৰ শয্যাত গুই
সকলোকে কিয় পাহৰিলা?
অঙ্গদৰ চোৱাঁহি বিলাই
হ’ব আজি গৃহহীন পথৰ পথিক।
মাধবী। ৰাণি তুমি ৰাজ্য-অধিশ্বৰী,
কিয় কৰা মনত বেজাৰ,
কিষ্কিন্ধ্যাৰ ৰজাৰ ঘৰৰ পৰা

[ ৮৯ ]

কাৰ সাধ্য খেদিব তোমাক?
তাৰা। ৰাণি মই ৰাজ্য-অধিশ্বৰী।
কদাপি নহওঁ;—
খন্তেক আগতে আছিলোঁ যদিও
মুহূৰ্ত্ততে সেই খ্যাতি
খহিল দেহৰ পৰা মোৰ।
তিৰোতাৰ সকলো গৌৰব
স্বামীৰ পদানুগামী,
মাৰ যায় স্বামীৰ লগতে
দগ্ধ হয় স্বামীৰ চিতাত
সূৰ্য্য গ'লে ৰদ যায় যেনে।
মাধৱী। অবশ্যে নহ’ব পাৰা ৰাণী,
কিন্তু ৰাজ-মাতা তুমি।
তাৰা। ৰাজনীতি নেজানা মাধবী,
ৰাজ মাতা নহওঁ কদাপি
নীতি অনুসাৰে সুগ্ৰীব নৃপতি হ’ব,
ইচ্ছা হলে অঙ্গদক
যুবৰাজ পাতিব পাৰিব।
কিন্তু পিতৃ হীন অনাথ বালক
কিৰূপে থাকিব কিষ্কিন্ধ্যাত?

[ ৯০ ]

মাধবী। সন্তাপ কৰিলে
নাহে ৰজা কদাপি উলটি,
আহিছে কুমাৰ
অসন্তোষ দেখিলে তোমাৰ
পাব দুখ,--শান্ত ভাবে থাকা।

( অঙ্গদৰ প্ৰবেশ )


অঙ্গদ৷ সংসাৰত পিতৃ মাতৃ দুজন মাথোন
স্নেহময় সন্তান বৎসল,
গ’ল পিতা, আছা'তুমি মাতা।
পিতৃৰ অন্ত্যেষ্টি-ক্ৰিয়া হ’ল সমাপন,
কোৱাঁ মাতৃ কোন কাৰ্য্য কৰিম সাধন?
তাৰা। কোন কাৰ্য্য কৰিবা সাধন?—
পলোৱা নগৰ এৰি
নেথাকিবা বন্ধুহীন এই নগৰত।
থাকোতে পিতাৰ, সকলো আমাৰ বশ,
সকলোৱে পিতাৰক ভাল বুলিছিলে,
কিন্তু মৰিল যেতিয়া
নিন্দা মাথো প্ৰজাৰ মুখত,
পাপী বুলি কয় সকলোৱে।
যোৱাঁ তুমি,

[ ৯১ ]

নেথাকিবা কিষ্কিন্ধ্যা দেশত,
কিষ্কিন্ধ্যাত অমঙ্গল জানিবা তোমাৰ।
(হনুমানৰ প্ৰবেশ)
হনুমান আহিছা এতিয়া,
পূৰ্ণ হ’ল তোমাৰ কামনা,
ৰাজ্য ভোগ কৰা আনন্দেৰে
চিৰ-শত্ৰু ঢুকাল তোমাৰ।
হনুমান। কিয় ৰাণী বঢ়োৱা বেজাৰ
সন্তাপিত ভগ্ন হৃদয়ত?
ৰজাৰ অন্ত্যেষ্টি কৰি
সুগ্ৰীৱৰো লাগিছে বেজাৰ,
অনেক কোৱাতো ৰাজ্যমুখে নাহি
আছেগৈ পূৰ্ব্বস্থান মতঙ্গ বনত।
ৰামেও বুজালে, লক্ষাণেও ক’লে,
তথাপিও নেৰিলে বেজাৰ;
ৰামৰ আদেশ মতে,
দিওঁ ৰাণী তোমাক প্ৰবোধ,
কৰ্ম্মৰ ফলত মৰিল তোমাৰ পতি
কৰ্ম্মৰ ফলত
হ’লা তুমি অকাল বিধবা,

[ ৯২ ]

জলবিম্ব নৰৰ জীৱন,
কালি আছে আজি নাই
অনিশ্চিত সকলো ধৰাত।
সুগ্ৰীৱ অঙ্গদ দুয়ো
শোকাকুল সন্তপ্ত পুৰাণ
ধৈয্য ধৰি দিয়া তুমি দুইকো প্ৰবোধ।
প্ৰতিজ্ঞা ৰামৰ—
নোসোমায় জন পূৰ্ণ প্ৰজাৰ নগৰ
সেই হেতু অনুচৰ ৰূপে
পাঁচিলে ৰাঘৱে মোক
দিবলৈ তোমাক প্ৰবোধ।
তাৰা। জানো মই ৰঘুপতি পৰম ধাৰ্ম্মিক;
শুনিছোঁ ৰামৰ কীৰ্ত্তি
কিন্তু কৰিলে ৰাঘৱে পাপ
বধ কৰি স্বামীক মিছাতে॥
জনাবা ৰামক মোৰ
প্ৰণিপাত ভক্তিৰ শৰণ;
কিন্তু কৰিলে অনাখা মোক
কৰিলে বঞ্চিত
চিৰকাল স্বামীৰ সুখৰ পৰা,

[ ৯৩ ]

সেই হেতু দিওঁ অভিশাপ,—
সীতাক উদ্ধাৰ কৰি, —নোৱাৰিব ৰামে
সুখ ভোগ কৰিব ধৰাত;
সতীৰ বচন
দৃঢ় অতি পৰ্ব্বতৰ দৰে,
সীতাৰ বিৰহ দুখ
ভুগিব ৰাঘৱে চিৰকাল।
হনুমান। কিয় ৰাজেশ্বৰি,
ৰাঘৱক দিলা অভিশাপ?
ৰঘুপতি বান্ধৱ তোমাৰ
প্ৰস্তুত ৰাঘব
তজু হিত সাধনৰ বাবে।
তাৰা।  জানো মই ৰূমৰ মহিমা?
ৰঘুপতি জগতৰ পতি,
ভগৱন্ত বিষ্ণু মহামতি,
দয়া-ধৰ্ম্ম-কৃপাময় অগতিৰ গতি।
সহস্ৰ প্ৰণাম মোৰু ৰামৰ পদত,
ক’বা ৰাঘৱক
অৰাজক নোৱাৰে থাকিব দেশ

[ ৯৪ ]

সোনকালে কৰক ৰাজ্যৰ
ষিবা হয় উচিত বিধান।
হনুমান। কৰিম পালন আজ্ঞা,
মাগো ৰাণি এতিয়া বিদায়।
[ সকলোৰে প্ৰস্থান ]


তৃতীয় গৰ্ভাঙ্ক।

অৰণ্য।

ৰাম, লক্ষ্মণ আৰু সুগ্ৰীৱৰ প্ৰবেশ।

সুগ্ৰীৱ। মহামতি ৰঘুৰ নন্দন,
কৰিলা পালন তুমি প্ৰতিজ্ঞা তোমাৰ,
বালীক নিধন কৰি ৰাজ্য দিলা মোক,
কিন্তু সেই ৰাজ্য বিষতুল্য মোৰ।
তাৰাই কান্দিছে,
অঙ্গদেও বিষাদ কৰিছে,
সেইবাবে ইক্ষাকু-নন্দন
হৃদয়ত বেজাৰ লাগিছে।
ক্ৰোধৰ অধীন হৈ
ভাতৃবধ আকাঙ্ক্ষা কৰিলোঁ,

[ ৯৫ ]

ভাতৃক বধিলো
হৃদয়ত নিজে নিজে আঘাত কৰিলোঁ।
ইচ্ছা কৰা হ’লে পূৰ্ব্বতে বালীয়ে
মোৰ প্ৰাণ পাৰিলেহেতেন ল’ব,
কিন্তু মহত্ব ভাবেৰে বধ নকৰিলে
তাৰ প্ৰতিফলে
নীচ ভাবে বধিলোঁ বালীক।
হ’লোঁ মগ্ন কুলঘ্ন পাপত,
চিৰদিন ৰ’ম নৰকত,
উপযুক্ত কদাপি নহওঁ
কিষ্কিন্ধ্যাৰ ৰাজ আসনৰ।
লক্ষ্মণ। জ্ঞানী তুমি, বেদ শাস্ত্ৰ বিদিত তোমাৰ,
তথাপি কি বাবে বীৰ,
খন্তেকতে ধৈৰ্য্যহীন হোৱা?
বীৰ তুমি বীৰৰ অন্তৰ,
কদাপি নিদিবা হ’ব ইমান চঞ্চল।
ৰাম।  চোৱাঁ বীৰ,
অবিশ্ৰান্ত কান্দিলা বালীৰ বাবে,
নুমাল চিতাৰ অগ্নি চকুৰ পানীৰে,
তথাপিও নাহিল উলটি বালী;

[ ৯৬ ]

চিৰকাল কান্দি থাকা যদি,
আন কৰ্ম্ম কৰি পৰিহাৰ
দিন ৰাতি কৰা খেদ বালীৰ কাৰণে,
তথাপিও নাহিব উলটি বালী।
তোমাৰ দুখৰ বীৰ
হ’লে মই প্ৰধান কাৰণ,
যিমানে কৰিবা দুখ
সিমানে হানিবা শেল মোৰ হৃদয়ত।
সুগ্ৰীৱ। জ্ঞান, বুদ্ধি আকাংক্ষা হিয়াৰ
ভস্মভুত হ’ল আজি
বালীৰ চিতাৰ অগনিত;
প্ৰভু তুমি নিত্য নিৰঞ্জন
দূৰ কৰা হিয়াৰ সন্তাপ।
(স্বৰূপানন্দৰ প্ৰবেশ)
স্বৰূপানন্দ।  (গীত)
দেহিমে দেহিমে অনন্ত জীৱন,
তুমি ৰঘুপতি  দেৱ যদুপতি
বিতৰা কৰুণা অনাদি চৰণ;
তুমি দয়াময়  দেব বিশ্বময়
বৰষা মহিমা ভকত ৰতন।

[ ৯৭ ]

দয়াময় অগতিৰ গতি,
নোৱাৰোঁ বুজিব প্ৰভো
তোমাৰ মহিমা;
পাপী মই পাপ মুক্ত কৰা,
দিয়া প্ৰভো পৰ্শ কৰৰ তোমাৰ চৰণ
কৰোঁ মোৰ সাৰ্থক জীৱন।
ৰাম।  ভক্ত তুমি,—তুষ্ট হ’লোঁ তোমাৰ ভক্তিত,
ঠাই পাবা বৈকুণ্ঠ পুৰত;
কোন তুমি, কি হেতু আহিলা?
স্বৰূপানন্দ। কিষ্কিন্ধ্যাৰ কুল গুৰু মই,
নামত স্বৰূপানন্দ;
আহিছিলোঁ তজু পদ পূজাৰ কাৰণে
প্ৰজাসৱে কৰে নিবেদন,
সুগ্ৰীৱক ৰজা পাতি
অঙ্গদক যুবৰাজ অভিষেক কৰি
শান্তি পুনু কৰক স্থাপন;—
এয়ে নিবেদন প্ৰভো
কৃপাময় তোমাৰ পদত।
ৰাম।  ময়ো কওঁ সেই কথা।
শুনিছা সুগ্ৰীৱ,

[ ৯৮ ]

কি আশা কৰিছে প্ৰজাসৱে
ৰজা তুমি,—প্ৰজাক পালন কৰা
তোমাৰ কৰ্ত্তব্য কাম,
নকৰিলে সেই ধৰ্ম্ম তুমি আচৰণ
চিৰকাল নৰক ভুগিবা,
জগতত কুখ্যাতি থাকিব।
শুনা কথা সকলো প্ৰজাৰ
যোৱা তুমি লোৱা ৰাজ পদ,
তাৰা আৰু অঙ্গদক
দিয়া গৈ শান্তিৰ বুজনি।
সুগ্ৰীৱ।  দাস মই,
তুমি মোৰ উপাস্য দেৱতা,
শিৰোধাৰ্য্য় তোমাৰ আদেশ,
নমিলোঁ চৰণ প্ৰভো আহিলোঁ এতিয়া।
[সুগ্ৰীৱ আৰু স্বৰূপানন্দৰ প্ৰস্থান ]
ৰাম।  চোৱাঁ ভাই,
বালীক নিধন কৰি লাগিছে বেজাৰ,
সুগ্ৰীৱৰ বেজাৰত হৃদয় ফাটিছে,
তাৰাৰ দুখত মোৰ হিয়া বিদৰিছে
অঙ্গদক অকালতে অনাথ কৰিলোঁ।

[ ৯৯ ]

লক্ষণ। ধৰ্ম্মৰ পালন কৰ্ত্তা তুমি,
ধৰ্ম্মৰ কাৰণে বধিলা বালীক।
ৰাম। মৰাৰ পিচতো বালীৰ দেহত
আছিল জ্বলন্ত তেজ,
সূৰ্য্য অস্ত গ’লে
জলি থকা পৰ্ব্বতৰ শৃঙ্গৰ দৰেৰে,
শোভিছিলে ৰাজশ্ৰীয়ে মৃত শৰীৰতো।
লক্ষাণ। পৰ্ব্বতৰ ভিতৰত থাপিত যদিও
সুসভ্য দেশৰ দৰে
সুশোভিত কিষ্কিন্ধ্যা নগৰী।
মহাতেজী বালী নৃপতিয়ে
শাসিলে প্ৰজাক
সঞ্জালে কিষ্কিন্ধ্যা দেশ ইন্দ্ৰৰ সমানে।

[ দুইৰো প্ৰস্থান ]



চতুৰ্থ গৰ্ভাঙ্ক।

অন্তঃপুৰ।

ভাষা, সুগ্ৰীৱ আৰু অঙ্গদৰ প্ৰবেশ।


তাৰা। নাই কৰা দোষাৰোপ সুগ্ৰীৱ তোমাক
বুজিছোঁ তোমাৰ ব্যথা,

[ ১০০ ]

নিজেও ব্যথিত যদি সহস্ৰ দুখত,
বুজিব পাৰিছোঁ কিন্তু তোমাৰ যাতনা।
সুগ্ৰীৱ। দোষী দেবি তোমাৰ পদত,
অঙ্গদক অনাথ কৰিলোঁ।
নিজ গুণে ক্ষমিছা সকলো;
কোৱা বাৰু অঙ্গদ কুমাৰ
ক্ষমা জানো কৰিছা তুমিও?
অঙ্গদ। ভাগ্যফলে পিতৃহীন হলোঁ।
কি দোষ তোমাত?
আয়ুস নহ'লে ক্ষয়
কোনে কাৰ প্ৰাণ লব পাৰে?
তুমি হ’লা কাৰণ মাথোন
কৰ্ম্মফল ভুগিলে পিতাই,
কৰ্ম্মফল ভুগিছে মাতৃয়ে,
কৰ্ম্মফল নিজেও ভুগিছো,
সেইবাবে খেদ কৰা নাই।
সুগ্ৰীব। মাতৃৰূপে পূজিম তোমাক,
শুধিম সকলো কথা তোমাক সততে,
বিচক্ষণা লক্ষী স্বৰূপিনী তুমি
চলিম তোমাৰ দেবি পৰামৰ্শমতে;
অঙ্গদক স্নেহভাবে কৰিম পালন।

[ ১০১ ]

তাৰা। পিন্ধা তুমি কিষ্কিন্ধ্যাৰ ৰাজ আভৰণ
অঙ্গদক পাতা যুবৰাজ,
প্ৰজাক পালন কৰা ধৰ্ম্মনীতি মতে
অৰাজক নকৰিবা দেশ।
সুগ্ৰীৱ। ধন্য ধন্য বিধতাই
সংসাৰত স্ৰজিলে তিৰোতা;
সুখৰ বেলিকা
কদাপিতো নোৱাৰি তুষিব,
ছাঁয়াময় অনিশ্চিত গতি;
কিন্তু দুখত পৰিলে
বুলোৱা শান্তিৰ হাত
শান্তিময়ী অস্পৰীৰ দৰে!
নিজ দুখ সকলো পাহৰি
তাৰাই বুজনি দিছে
স্বামীঘাতী অধমকো আজি!
ধন্য তাৰা, ধন্য ধন্য তোমাৰ কাহিনী,
পৃথিবীত চন্দ্ৰ সূৰ্য্য থাকে মানে
ৰৈ যাৰ তোমাৰ সুখ্যাতি।

[ ১০২ ]

পঞ্চম অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।
অন্তঃপুৰ।
ৰুষা আৰু সুগ্ৰীৱ।

সুগ্ৰীৱ। গুণব্ৰতী সতীৰ আদৰ্শ
উপযুক্ত ধৰ্ম্ম পত্নী তুমি,
তোমাৰ নিচিনা
ৰমণী স্বৰূপ চন্দ্ৰহাৰে
যাৰ কণ্ঠ কৰে সুশোভিত
ধন্য তাৰ পুৰুষ জনম।
তোমাৰ পুণ্যত মই
মহাবলী বালীক পৰাজি
কাৰামুক্ত কৰিলোঁ তোমাক;
বালীক নিধন কৰি
পোৱা নাই আনন্দ মনত,
হোৱা নাই আনন্দিত
লাভ কৰি কিষ্কিন্ধ্যাৰ ৰাজ সিংহাসন;
কিন্তু লাগিছে আনন্দ আজি
বহুৱাম তোমাৰ নিচিনা

[ ১০৩ ]

পুণ্যময়ী, আদৰ্শ সতীক
কিষ্কিন্ধ্যাৰ উচ্চ আসনত।
তোমাৰ সম্মান দেখি
শোকৰ সলনি
লভিম.অপাৰ প্ৰীতি মোৰ হৃদয়ত;
দেখা নাই তোমাৰ সদৃশ
সৰ্ব্বগুণ বিভূষিতা বীৰৰ ৰমণী।
ৰুমা। তুমি মোৰ প্ৰাণনাথ হৃদয় বল্লভ,
সেইবাবে বখানিছ৷ মোক
সৰ্ব্বগুণ বিভূষিতা বুলি,
ভাল পোৱা তুমি মোক,—
গুণ মাথো দেখিছা সকলো;
দূৰণিত শুৱনি পৰ্ব্বত
ওচৰত খলা-বমা দেখি,
কিন্তু স্নেহপূৰ্ণ পতি আৰু পত্নীৰ মাজত
এই কথা কদাপি নেখাটে।
সুগ্ৰাৱ। ৰামৰ বলত মই হ’লো বলবান
শত্ৰুৰ নিপাত,সতীৰ উদ্ধাৰ,
আৰু কলঙ্ক মোচন।
তিনি কাৰ্য্য সিদ্ধি হ’ল ৰামৰ কৃপাত।

[ ১০৪ ]

ৰাম মোৰ উপাস্য দেৱতা,
যাম মই ৰামৰ লগত,
ৰাৱণক পৰাজয় কৰি
কৰিম বন্ধুৰ মই প্ৰতি-উপকাৰ।
ৰুমা। যোৱা নাথ ৰামৰ লগত,—
যাৰ পৰা পোৱা উপকাৰ,
তাৰ ধাৰ সুজিবা সহস্ৰ ভাৱে,
তাৰ হকে প্ৰাণ আঁৰি দিবা।
তদুপৰি, কৰিলে ৰামৰ সেৱা
মোক্ষ পাবা অন্তিম কালত;
ময়ো অনুগামিনী তোমাৰ
পাম মুক্তি তোমাৰ লগতে।
সুগ্ৰীৱ।নহয় সময় দেবি,
নিৰালম্বে আনন্দ কৰাৰ;
আত্ম স্বাধীনতা মই
কাইলৈ দিম বিসৰ্জ্জন,
হ’ব অভিষেক, আহিব লক্ষণ;
ৰাজ্যভাৰ গুৰু ভাৰ
সদাই অশান্তি তাৰ
যেয়ে পিন্ধে ৰজাৰ মুকুট।

[ ১০৫ ]

আহাঁ দেবি, কৰোগৈ আয়োজন
লক্ষ্মণক পূজাৰ কাৰণে।
ৰুমা। বলা যাওঁ প্ৰাণনাথ,
চন্দনেৰে লক্ষ্মণ বীৰক
কৰিম ভক্তিৰ পূজা মই।

[ দুইৰো প্ৰস্থান

⸻০⸻

দ্বিতীয় গৰ্ভাঙ্ক।

প্ৰস্ৰবন পৰ্ব্বত।

ৰাম আৰু লক্ষ্মণ।


ৰাম। চোৱাঁ তাই এই পৰ্ব্বতত
মধুৰ বসন্ত ঋতু
বিৰাজিছে আনন্দ মনেৰে।
বৰ্ষাকাল হৈছে এতিয়া
তথাপিও ফুলে ফুলে শোভিব লাগিছে;
গাইছে মধুৰ সুৰে
অৰণ্যৰ যতেক পক্ষীয়ে,
ৰিব্ ৰিব্ মলয়া বলিছে
আনিছে ফুলৰ গোন্ধ
কৰিছে শিতল দেহ

[ ১০৬ ]

সকলোতে শান্তি বৰষিছে।
বৰ্ষ, চাৰি মাহ থাকিম ইয়াতে
বৰ্ষ, ঋতু নহ’লে অতীত
নোৱাৰিম যাব আমি লঙ্কাৰ উদ্দেশে।
লক্ষ্মণ। এই ওখ পৰ্ব্বত শৃঙ্গৰ পৰা
দেখা যায় কিষ্কিন্ধ্যাৰ শোভা মনোহৰ;
জনপূৰ্ণ ৰাজধানি
অৰণ্যেৰে বেষ্টিত চৌপাশে,
ৰমণীয় অপূৰ্ব্ব দৰ্শন।
পৰিষ্কাৰ ৰাজ আলি
সুশোভিত পানীৰ তৰাগ,
পাৰে পাৰে নাহৰ শোভিত;
বাটৰ দাতিয়ে পতি
শাৰী শাৰী ইটাৰ দেৱাল।
আহে যায় বাটৰুৱা
গৰী ঘোঁৰা চলিব লাগিছে
সকলোৱে মিলি
স্ৰজিছে মিশ্ৰিত এটি গহীন শবদ।
ৰাম। যোৱাঁ ভাই,
সুগ্ৰীৱক কিষ্কিন্ধ্যা পুৰত

[ ১০৭ ]

কৰি আহাঁ ৰাজ অভিষেক;
প্ৰতিজ্ঞা আবদ্ধ মই
বনবাস নহ'লে অতীত
নোসোমাও কোনো ৰাজধানি;
যোবাঁ তুমি সেইবাবে
মোৰ প্ৰতিনিধি ৰূপে
সুগ্ৰীৱক ৰজা পাতি আহাঁ,
অঙ্গদক যুবৰাজ কৰিবা বৰণ,
জনাবা আশীষ মোৰ
দুয়োটিৰ আনন্দ দিনত।
লক্ষ্মণ। যিবা আজ্ঞা কৰিম পালন;
ক’ম সমাচাৰ,—
বৰ্ষাকাল শেষ হ’লে সেৱা সমন্বিতে
যাম সকলোটি আমি লঙ্কা অভিমুখে।
ৰাম। সকলো বিধান তুমি কৰিব লক্ষ্মণ;
হ’ব আজি সুগ্ৰীৱৰ ৰাজ অভিষেক
কৰি আছাঁ শুভকাৰ্য্য় তুমি সমাপন।
লক্ষ্মণ। আহিলোঁ এতিয়া,
অবিলম্বে আহিম উলটি। |
[ লক্ষ্মণৰ প্ৰস্থান ]

[ ১০৮ ]

ৰাম। আহিব শৰৎকাল বৰ্ষাৰ শেহত;
পৃথিবীৰ বাৰ্ষিক গতিৰ ফলে
সুখ ঋতু দুখ ঋতু প্ৰকাশে ধৰাত;
আহে সুখ দুখৰ পিচত
কিন্তু মোৰ এই অনন্ত দুখৰ
কেতিয়াবা পৰিবনে ওৰ?
হেৰুৱালে। সীতাক বনত
হেৰুৱালোঁ শান্তি হৃদয়ৰ,
বান্ধি ললোঁ দুখৰ ভীষণ ভাৰ
নিৰুপায় বাট হেৰুৱালোঁ।
দুটি ভাই দুটি প্ৰাণী আমি
নোৱাৰোঁ কৰিব যুদ্ধ
লক্ষ লক্ষ লঙ্কাৰ সেনাৰে;
সুগ্ৰীৱই কৰিব সহায়
সেই আশা হিয়াত থাপনা।
প্ৰাণ ধৰি আছে হৃদয়ত।
[ ৰামৰ প্ৰস্থান ]

[ ১০৯ ]

তৃতীয় গৰ্ভাঙ্ক।
ৰাজ সভা।

সুগ্ৰীৱ, কমা, স্বৰূপানন্দ, হনুমান, লক্ষ্মণ, অঙ্গদ আৰু
সভাসদসকল।
নৰ্ত্তকীসকলৰ
(গীত)

লোৱাঁ আজি আমাৰ ভক্তি ভূষণ
পাতিছোঁ হৃদয় সিংহাসন;
গাঁথি বনমালা
আনিছোঁ আজি
আনিছোঁ প্ৰেমৰ আভৰণ;
মুকলি হিয়াত
বহাঁ আহি তুমি
কৰিছোঁ তোমাক আবাহন।
স্বৰূপানন্দ। লভিলা সুগ্ৰীৱ তুমি
কিষ্কিন্ধ্যাৰ ৰাজ সিংহাসন
ভোগ কৰা ৰাজ্য-সুখ
পুত্ৰভাবে পালিবা প্ৰজাক;
ন্যায়ৰূপে বিচাৰ কৰিবা,
ধৰ্ম্ম ৰক্ষা কৰিবা দেশৰ,

[ ১১০ ]

কৰোঁ আশীৰ্ব্বাদ,—
হ’বা ৰণজয়ী, শত্ৰুহীন,
প্ৰবল প্ৰতাপী নৰপতি,
লোৱা এই দেৱতাৰ পূজাৰ নিৰ্ম্মালি।
ৰুমা হ’লা ৰাজ পটেশ্বৰী,
পুত্ৰভাব কৰিবা প্ৰজাক;
ৰাজ্যৰ গধুৰ ভাৰ
বহিবা সমানে তুমি সুগ্ৰীৱ ৰজাৰে,
সকলোতে সুগ্ৰীবক সহায় কৰিবা।
লোৱা এই পুণ্যময় শুভ নিৰ্ মালি,
লোৱা আজি আনন্দ দিনত।
কুমাৰ অঙ্গদ তুমি ৰজাৰ নন্দন,
যুবৰাজ হ’লা কিষ্কিন্ধ্যাৰ
সুগ্ৰীৱৰ হ’লা সহচৰ
তুমি জীৱনে মৰণে,
প্ৰজাৰ মঙ্গল কাম কৰিবা ৰাজ্যত,
কৰোঁ আশীৰ্ব্বাদ,— লোৱা নিৰ্ম্মালি
জয় হ’ব সকলো কামত।
সুগ্ৰীৱ। হ'লোঁ ৰজা ৰামৰ কৃপাত,
বশবৰ্ত্তী হলোঁ অযোধ্যাৰ;

[ ১১১ ]

ৰামৰ সকলো কাম
ভৃত্যৰূপে কৰিম সাধন,
উদ্ধাৰিম জানকী দেবীক;
সেইবাবে প্ৰণমিছোঁ লক্ষ্মণক,-
প্ৰতিনিধি ৰঘুপতি ৰাজিব ৰামৰ।
হনুমান। পালোঁ আমি স্বাধীনতা ৰামৰ কৃপাত,
নিজ ঘৰ লভিলোঁ দুনাই,
পৰমাত্মা সপিলোঁ ৰামত
পাম মুক্তি মৰণ কালত।
ৰুমা। প্ৰণমো চৰণ প্ৰভো,
স্বামী পালোঁ তোমাৰ কৃপাত
হলোঁ মুক্ত কৰুণাত মাহাত্মা ৰামৰ;
সেইবাবে চিৰদাসী হলোঁ
সমৰ্পিছোঁ মন প্ৰাণ ৰাজিব পদত।
অঙ্গদ। পিতাক বধিলে ৰামে,
ধৰ্ম্মনীতি ৰক্ষাৰ কাৰণে
স্বৰ্গলাভ কৰিলে পিতৃয়ে;
প্ৰাণ গ'ল ৰামৰ হাতত
মোক্ষ পালে দেৱৰ বাঞ্ছিত;
ললোঁ ময়ো ৰামৰ শৰণ,

[ ১১২ ]

অভিন্ন হৃদৰ আত্মা লক্ষণ ৰামৰ
প্ৰণমো লক্ষ্মণ বীৰ তোমাৰ পদত
দিবা মুক্তি মৰণ কালত।
লক্ষ্মণ। সকলোৰে স্নেহ ভক্তি ৰামত জনাম,
আশীৰ্ব্বাদ কৰিব ৰাঘবে,
প্ৰীতি পালোঁ অভ্যৰ্থনা লভি
বন্ধু হলোঁ জীৱনে মৰণে,
সুখৰ দিন আজি
সকলোৰে আনন্দ অপাৰ,
গোৱা গোৱা নৰ্ত্তকীসকল
সুখপূৰ্ণ আনন্দ সঙ্গীত।
নৰ্ত্তকী সকল।-( গীত)
নাচিছে মনপ্ৰাণে হৰষিত মনেৰে,
বৰষে অমিয়া আজি হৃদয়ত নধৰে;
নব প্ৰীতি নবভাব  পৰাণ আকুল
লাগিছে ৰঙ্গতে আজি মনত বিভোল।
নব সুখৰ আশা কৰি  ফুলে আশাৰ ফুল
নাচে হিয়াত নব প্ৰাণে আজি নতুন সুখেৰে।

যবনিকা পতন।

[ ১১৩ ]

নান্দী।
সাগৰৰ পাৰ।
বালী আৰু ব্ৰহ্মা।



প্ৰথম অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
পম্পা সৰোবৰ।
দেৱকন্যা সকল, ৰাম, লক্ষ্মণ আৰু শবৰী।


দ্বিতীয় গৰ্ভাঙ্ক।
ঋষ্যমূক পৰ্ব্বত।
সুগ্ৰীৱ, নল, নীল, জাম্বুবান, হনুমান, ৰাম আৰু লক্ষ্মণ



তৃতীয় গৰ্ভাঙ্ক।
ক্ৰীড়া কানন।
বালী, ৰুমা, তাৰা আৰু সহচৰী সকল।



দ্বিতীয় অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
নগৰৰ ওচৰ।
ৰাম, লক্ষ্মণ, সুগ্ৰীৱ, হনুমান আৰু বালী।

[ ১১৪ ]

দ্বিতীয় গৰ্ভাঙ্ক।
মতঙ্গ বন।
সুগ্ৰীৱ, হনুমান, ৰাম আৰু লক্ষ্মণ।


তৃতীয় গৰ্ভাঙ্ক।
পৰ্ব্বতৰ দাঁতি।
দুটা দানৱ আৰু প্ৰহৰী।



তৃতীয় অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
মন্ত্ৰণা ঘৰ।
বালী, অঙ্গদ আৰু স্বৰূপানন্দ।


দ্বিতীয় গৰ্ভাঙ্ক।
সপ্তৰ্ষি আশ্ৰম।
সুগ্ৰীৱ, ৰাম, লক্ষণ, মায়াকন্যা সকল, দুন্দুভি
আৰু মায়াবন্তৰ প্ৰেতমুৰ্ত্তি।

[ ১১৫ ]

তৃতীয় গৰ্ভাঙ্ক।
ৰাজ অন্তঃপুৰ।

তাৰা, বালী আৰু প্ৰহৰী।


চতুৰ্থ গৰ্ভাঙ্ক।
গছৰ তল।

ৰাম লক্ষণ আৰু সুগ্ৰীৱ।


পঞ্চম গৰ্ভাঙ্ক।
নগৰৰ ওচৰ।

বালী আৰু সুগ্ৰীৱ।


ষষ্ঠ গৰ্ভাঙ্ক।
ৰণক্ষেত্ৰ।

বালী, সুগ্ৰাৰ, ৰাম আৰু লক্ষ্মণ।




চতুৰ্থ অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
আলিবাট।
দুটা দানৱ।

[ ১১৭ ]

দ্বিতীয় গৰ্ভাঙ্ক।
অন্তঃপুৰ।
তাৰা, মাধবী, অঙ্গদ আৰু হনুমান।


তৃতীয় গৰ্ভাঙ্ক।
অৰণ্য।
ৰাম, লক্ষণ, সুগ্ৰীৱ আৰু স্বৰূপানন্দ।


চতুৰ্থ গৰ্ভাঙ্ক।
অন্তঃপুৰ।
তাৰা, সুগ্ৰীৱ আৰু অঙ্গদ।



পঞ্চম অঙ্ক
প্ৰথম গৰ্ভাঙ্ক।
অন্তঃপুৰ।
ৰুমা আৰু সুগ্ৰীৱ।

[ ১১৮ ]

দ্বিতীয় গৰ্ভাঙ্ক।
প্ৰস্ৰবন পৰ্ব্বত।
ৰাম আৰু লক্ষণ।


তৃতীয় গৰ্ভাঙ্ক।
ৰাজসভা।
সুগ্ৰীৱ,ৰুমা; স্বৰূপানন্দ, হনুমান, লক্ষ্মণ,
অঙ্গদ, সভাসদসকল আৰু নৰ্ত্তকীসকল।



এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২২ চনত ১ জানুৱাৰী ১৯৬২ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )