সমললৈ যাওক

পৃষ্ঠা:বালীবধ নাটক.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৮ )

তাৰা। আহাঁ ৰুমা, যাওঁ আৰু
বেলি মাৰ যাব অলপতে।
ৰুমা। যোৱাঁ তুমি বাইদেও,
থাকোঁ মই এই কাননতে;
পাহৰিছোঁ মনৰ যাতনা
ভাল মোৰ লাগিছে ইয়াত।
তাৰাৰ প্ৰস্থান।
পাতলে মনৰ দুখ
পালে কাকো দুখী এই জগতত,—
পাতলে পুতৌ পালে কাৰো ওচৰত।
তদুপৰি পাতলে মনৰ দুখ
ইচ্ছা মতে কান্দিব পাৰিলে।
সংসাৰত আছে কোনো লোক
ভাল পায় লোকৰ দুখত;—
স্বামী সুগ্ৰীৱক দিলে বনলৈ
মোকো হ’ব দিয়া হ’লে লগৰ সহায়
কদাপি নোভেগো দুখ স্বামীৰ শোকত।
বালীৰ উদ্দেশ্য কিনে নোৱাৰো বুজিব,
মোক হলে যাতনা দিয়াব বিনে
নাই দেখা আন উপকাৰ।