সমললৈ যাওক

পৃষ্ঠা:বালীবধ নাটক.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮৪)

মাধবী। সন্তাপ কৰিলে
নাহে ৰজা কদাপি উলটি,
আহিছে কুমাৰ
অসন্তোষ দেখিলে তোমাৰ
পাব দুখ,--শান্ত ভাবে থাকা।

( অঙ্গদৰ প্ৰবেশ )


অঙ্গদ৷ সংসাৰত পিতৃ মাতৃ দুজন মাথোন
স্নেহময় সন্তান বৎসল,
গ’ল পিতা, আছা'তুমি মাতা।
পিতৃৰ অন্ত্যেষ্টি-ক্ৰিয়া হ’ল সমাপন,
কোৱাঁ মাতৃ কোন কাৰ্য্য কৰিম সাধন?
তাৰা। কোন কাৰ্য্য কৰিবা সাধন?—
পলোৱা নগৰ এৰি
নেথাকিবা বন্ধুহীন এই নগৰত।
থাকোতে পিতাৰ, সকলো আমাৰ বশ,
সকলোৱে পিতাৰক ভাল বুলিছিলে,
কিন্তু মৰিল যেতিয়া
নিন্দা মাথো প্ৰজাৰ মুখত,
পাপী বুলি কয় সকলোৱে।
যোৱাঁ তুমি,