সমললৈ যাওক

আল্লাউদ্দিন আৰু এটি আচৰিত চাকি

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]
আল্লাউদ্দিন
আৰু
এটি আচৰিত চাকি
আজলীতৰা নেওগ

[ প্ৰথম পৃষ্ঠা ]
 

আল্লাউদ্দিন আৰু এটি আচৰিত চাকি








আজলীতৰা নেওগ

 

[ প্ৰকাশন তথ্য ]
 

'ALLAUDDIN ARU ETI ASARIT SAKI': Children story from Arobian Nights adapted by late Ajaleetara Neog and published by xuwani prakash.

Guwahati-781005.
Price : 25.00
 

© all rights reserved

 

প্ৰকাশক : শুৱনী প্ৰকাশ
 গুৱাহাটী, শ্বিলং পথ,
 ভঙাগড়, গুৱাহাটী-৫

 

বেটুপাত আৰু অঙ্গসজ্জা : শ্ৰী অতুল বৰুৱা

 

মুল্য : ২৫.০০

 

মুদ্ৰক : ভবানী গ্ৰাফিক্‌চ্‌
 ৰাজগড় ৰোড, গুৱাহাটী-৭

 

[ নিবেদন ]

নিবেদন

 শিশুৰাজ্য মৰ্ত্ত্যত স্বৰ্গৰ এখনি উপনিবেশ। আমাৰ দিনেকীয়া সংসাৰৰ লগত এই ৰাজ্যৰ সম্বন্ধ নাই। শৈশৱ বয়সৰ অপঁইতা অৱস্থা নহয়, ই আপুনি পৈণত। শিশুৰাজ্য স্বপ্নৰ অমৰ বৈভৱেৰে গঢ়া। কল্পনা, আদৰ্শ, আনন্দ আদিয়েই এই ৰাজ্যৰ ঘাই সঁজুলি। ফুল, পখিলা, জোনাক, ৰ'দালি, আদি ইয়াৰ ৰাজভক্ত প্ৰজা। এই ৰাজ্যৰ শাসন প্ৰণালীয়েই সুকীয়া। চিন্তাৰ মেঘে ইয়াৰ ওপৰত মুখ ওন্দোলাই নাথাকে, সন্দেহ আশঙ্কাই ইয়াত ছাঁ নেপেলায়, যুক্তিৰ মেৰপাকেও এই ৰাজ্য আবৰি নধৰে। সৃজন, পালন, সংহাৰ এই তিনিও গুণ শিশু ৰাজ্যত আছে; পিছে সৃজন গুণেই সৱাৰো ভিতৰত অতি কাজুৱা।

 শিশু-সাহিত্যও এনে মনোবৃত্তিৰ অনুগামী হ'লেহে সি শিশুৰ আদৰ পায়। আমাৰ কঠোৰ বাস্তৱ ৰাজ্যৰ নিৰস যুক্তি আৰু শুকান চিন্তাতকৈ কল্পনাহে শিশুৰ প্ৰাণৰ বস্তু; পখিলাৰ পাখি লগাই শিশু- কল্পনাই উৰি উৰি মৌ চুহি ফুৰিবলৈহে ভাল পায়, মানুহৰ গহীন খোজৰ লগত খোজ মিলোৱা স্বভাৱ শিশুৰ নহয়। ইয়াৰ উপৰি, যি স্থান আৰু কালৰ সীমাই আমাক সজাৰ চৰাইৰ দৰে বন্দী কৰি থৈছে, শিশু তাত বান্ধ খাই নৰয়। শিশু স্বাধীনচিতীয়া, গতিকে শিশু-প্ৰাণ বতাহ বা আত্মাৰ দৰে সদায় মুকলিমূৰীয়া। যি সাহিত্যই চিটিকা পাতি বনৰ চৰাই ধৰাৰ দৰে শিশুক ধৰি ৰাখিবলৈ বিচাৰে, শিশুৱে তাৰ নিলগতে চাৰি ডেও মাৰি পলায়। লঠামূৰা, আভজা, আপচু বস্তু শিশুৰ মনঃপুত নহয়; সেইবাবে শিশু-সাহিত্য সকলো প্ৰকাৰে সুন্দৰ আৰু সৃজন-মূলক নহ'লে নচলে।

 পূব আৰু পছিমৰ শিশু-সাহিত্যৰ উপযোগী সকলোবোৰ সাধু আৰু উপন্যাস-নৱন্যাসৰ ভিতৰত আৰবীয় উপন্যাসৰ ‘এহেজাৰ এনিশা‘ৰ সাধুবোৰ বৰ প্ৰখ্যাত। তাৰ ভিতৰতো “আলিবাবা”, “সিন্দবাদ্‌” আৰু “আল্লাউদ্দিন” অতি প্ৰসিদ্ধ। এই প্ৰসিদ্ধিৰ গুৰিত বোধকৰোঁ সাধুকেইটিৰ অপূৰ্ব্ব স্ৰজনমূলক কল্পনা। যুক্তিৰ বিচাৰ বাতিৰ পোহৰত এইবোৰ অসম্ভৱ কথা হৈ ওলাই পৰিব সঁচা, কিন্তু ঠিক এই বাবেই শিশু-হৃদয়ে এনে কথা অতি সহজে গ্ৰহণ কৰে; কিয়নো সেই কল্পনাৰ পিছে পিছে উৰা মাৰিবলৈ তেওঁলোকৰ মনৰ যি ডেউকা আছে, আমাৰ সেই ডেউকা, ভগা। আমাৰ মন যি অতি-গণনা, সন্দেহ, অবিশ্বাস আদিৰে পোত খাই আমাক কদাকাৰ ‘কেলিবান’ৰ ৰূপ দিছে, এইবোৰৰ পৰা মুক্ত থাকি শিশু-প্ৰকৃতিয়ে ‘এৰিয়েল’ৰ দৰে মৌ-মাখি আৰু পখিলাৰ বোকোচাত উঠি মৌ চুহি ফুৰিছে।

 মুঠতে, পৃথিৱী-প্ৰখ্যাত উপন্যাসবোৰৰ সোৱাদ ল’বলৈ অসমীয়া ল'ৰা-ছোৱালীৰ হেপাহ বাঢ়ক, যিমান ওপৰলৈ উধাব পাৰে উধাবলৈ তেওঁলোকে কল্পনাৰ পাখিত বল পাওক, দিব্য শিশুৰাজ্যই যিমানলৈ পাৰে আমাৰ শ্ৰীহীন সংসাৰত প্ৰভাৱ বিস্তাৰ কৰি পৃথিৱীত নন্দন বনৰ সৌৰভ বিলাওক,— এনে বিমল আশা-আগ্ৰহৰ উদ্দীপনা লৈ লেখিকাই পুথিখন সদৌ অসমীয়া ৰাইজলৈ অশেষ শ্ৰদ্ধা আৰু সন্তৰ্পণে আগ বঢ়াইছে। এই মনোৰথৰ সিদ্ধি অৱশ্যে নিৰৱধি কাল আৰু বিপুলা পৃথ্বীৰ বিশাল কোলাত।


উত্তৰ লখীমপুৰ
ফাগুন, ১৮৫৩ শক শ্ৰীডিম্বেশ্বৰ নেওগ

[ একাষাৰ ] আমাৰ এষাৰ

আজলীতৰা নেওগ

 শিশু সাহিত্যিকা আজলীতৰা নেওগে তেখেতৰ ছয়ত্ৰিশ বছৰীয়া চমু জীৱন কালত কবিতা, প্ৰবন্ধ, সাধুৰ নানান সম্ভাৰেৰে অসমীয়া সাহিত্যৰ বেদী শুৱনীকৈ সজাই থৈ গৈছে। বিশেষকৈ শিশু সাহিত্যলৈ আগবঢ়োৱা তেখেতৰ অৱদান অনন্য।

 ‘আল্লাউদ্দিন আৰু এটি আচৰিত চাকি' পুথিখনৰ প্ৰথম প্ৰকাশ আছিল ১৮৬১ শক। সেই সময়ত বৰ জনপ্ৰিয় হোৱা পুথিখনৰ খুব সম্ভৱ আৰু দুটা তাঙৰণ ওলাইছিল। পলমকৈ হ'লেও এইবাৰ আমি পুনৰ্মুদ্ৰণ কৰি পুথিখনি আগ্ৰহী পঢ়ুৱৈ সমাজলৈ আগবঢ়ায়। পুথিখনৰ বানান আৰু শব্দ গাঁথনি প্ৰথমখনৰ দৰেই ৰাখিছোঁ। নতুনকৈ সংযোজন হৈছে ছবিখিনিহে।

এই ছবিখিনি শ্ৰীঅতুল বৰুৱাই তেওঁৰ সুনিপুণ তুলিকাৰে আঁকি দিয়া বাবে তেওঁলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভৱানী গ্ৰাফিক্‌চ্‌’ৰ স্বত্বাধিকাৰী আৰু কৰ্মকৰ্তাসকলৰ সহায়-সহযোগত পুথিখনি কম সময়ৰ ভিতৰতে সুন্দৰকৈ ছপাই উলিওৱা বাবে তেওঁলোকলৈ শলাগ যাচিলোঁ।

 পুথিখনক পূৰ্বৰ দৰেই পঢ়ুৱৈ সমাজে, বিশেষকৈ শিশু আৰু মাতৃসকলে মৰমেৰে আদৰি ল'লে আমি কৃতাৰ্থ হ'ম আৰু তেখেতৰ অন্যান্য পুথিসমূহো প্ৰকাশ কৰিবলৈ প্ৰেৰনা পাম। এই আশাৰেই—

জীৱনমাধুৰী নেওগ বৰা
শুৱনী প্ৰকাশ

[ উছৰ্গা ]

উছৰ্গা

মোৰ জনকতুল্য পৰম পূজনীয়
শ্ৰীযুত মানিকচন্দ্ৰ নেওগ
শহুৰ-দেউতাৰ শ্ৰীচৰণত

অভাজন বোৱাৰীয়েক
 ‘শুৱনীকণ’

[  ]

আল্লাউদ্দিনৰ দদায়েক


 এসময়ত চীন দেশত এটা দুখীয়া দৰ্জ্জি আছিল। কাপোৰ সীয়া কামত সৰহ পইছা নাপাইছিল দেখি সি বৰ দুখত দিন কটাব লগাত পৰিছিল। এইদৰে অৰ্জ্জা ধনেৰে কোনোমতেহে ঘৈণীয়েক, পুতেক আৰু সি নিজে, টোক্ টোক্ টাক্ টাক্ কৈ খাই-মেলি থাকিব পাৰিছিল।

 তাৰ পুতেকৰ নাম আছিল আল্লাউদ্দিন। এনে ল'ৰাটিৰ কাৰণে এইটি নাম বঢ়িয়া নহয় জানো বাৰু? পিছে, ক’বলৈ দুখ লাগে, সি ল’ৰা বৰ বাৰু নহয়। সি সৰুতে মাক-বাপেকৰ দেহ-লাও হৈ উঠিছিল আৰু তাৰ যিহকে মন যায় তাকে কৰিবলৈ মাক-বাপেকে তাক এৰি দিছিল। সেইদেখি সি ডাঙৰ হৈ ধোদৰ পচলা নাম পালে। আপোনাৰ মাক-বাপেকৰ কথা শুনাতকৈ দিনৰ দিনটো আলিবাটত লোকৰ ল'ৰাৰে সৈতে ধিতিঙালি কৰি ফুৰাৰেহে তাৰ ভালকৈ ৰাহি আহিছিল।

 দৰ্জ্জি হ’বলৈ হ'লে বেজীৰে ভালকৈ কাপোৰ সীব জানিব লাগিব। আল্লাউদ্দিনে বাপেকৰ লগত বঢ়িয়াকৈ সীবলৈ শিকিছিল আৰু বাপেকৰ আগত থকাখিনি সময়ত সি সেইবোৰ কাম চকুত লগাকৈ কৰিবও পাৰিছিল। কিন্তু বাপেক যদি এখন্তেকৰ কাৰণেও কেনিবা ওলাই যাবলৈ হ’ল, তাক আৰু কোনে পায়! তৎক্ষণাতে সকলো কাম নেওচা দি কোন টলকত সি ধেমালি কৰিবলৈ লৰ দি আলিবাট ওলাবগৈ, কোনে ক’ব! শিক্ষক যদি এখন্তেকলৈ বাহিৰলৈ ওলাই যায়, পঢ়াশলীয়া ল'ৰা-ছোৱালীৰো ভালেমানে এইদৰে কিতাপ-পত্ৰ সামৰি পুলুংপালাং নকৰেনে বাৰু?

 এনেয়ে সংসাৰৰ মেটমৰা গধূৰ ভাৰখন; তাতে কাম-কাজত হাত উজান [ ১০ ]
[ ১১ ] দিবলৈ, এখন লাঙনি-পাচনি কৰি দুখ বুজিবলৈ, যি একেটি ল’ৰা আছিল সিও

সেইবোৰলৈ পিঠি দিয়াত আল্লাউদ্দিনৰ বাপেক দিনক দিনে নিশকতীয়া হৈ আহিল; দেহত ৰোগে বাহ ল'লে। শেহত বেচেৰাই এদিন ঘৈণীয়েক আৰু পুতেকক অনাথ কৰি চিৰকাললৈ চকু মুদিলে। কোনোৱে ভাবিব পাৰে, এতিয়া আল্লাউদ্দিনৰ গালৈ গম আহিব আৰু সি কাম কাজত ভালকৈ মন দি তাৰ মাকৰ পোহপাল দিবলৈ যত্ন কৰিব। পিছে, নহয়; তাৰ মন সেইফালে ঢাল নাখালে। সি সকলোপিনে আগতকৈও একাচি চৰিলহে। এতিয়া বাপেকৰ দাবি-হুকিৰ ভয় নাই যেতিয়া, সি দিনৰে দিনটো ক'ৰবাত ধেমালি কৰি থাকি সাঁজ লাগি ভগাতহে ঘৰ সোমায়হি।

 এদিন সি এইদৰে তাৰ নিচিনা কিছুমান ধিতিঙা ল'ৰাৰ লগত আলিত ধেমালি কৰি আছে, এনেতে এটা অচিনাকি মানুহ সিহঁতৰ কাষ চাপিল। মানুহটোৱে আল্লাউদ্দিনৰ মুখলৈ চাই সুধিলে, ‘তোমাৰ নাম কি হেঁ?” “মোক আল্লাউদ্দিন বুলি মাতে” বুলি সি টপৰাই সমিধান দিলে। অচিনাকি মানুহটোৱে তেতিয়াই বুজিলে ল'ৰাটি বৰ তজবজীয়া আৰু টেঙৰ। তাৰ পাছত সি মুখেৰে একো নামাতি আল্লাউদ্দিনক হাতত ধৰি লগৰ ল'ৰাবোৰৰপৰা আঁতৰাই লৈ গ’ল। এনল কি দুনলমান গৈয়ে মানুহটোৱে ক’লে, “বাৰু, মোক কোৱাচোন, তোমাৰ পিতাৰা দৰ্জ্জি নাছিল জানো?” আল্লাউদ্দিনে উত্তৰ দিলে, “নহ'বনো কিয়? পিছে তেওঁ ঢুকাবৰ আজি ভালেমান দিন হ'ল নহয়!”

 তেতিয়া মানুহটোৱে তাক সাৱটি ধৰি গালত কেইবাটাও চুমা খাই কলে— “বোপা, মই তোমাৰ দদায়েৰা হওঁ। মই দেখিয়ে জানিছোঁ, তুমি মোৰ ককাইৰ পুতেক। নাজানিম নো কেলেই? তুমি জানিবা বাপেৰাৰ মুখখন কাঢ়িহে লৈছাঁ!” তাৰ পাছত মানুহটোৱে আল্লাউদ্দিনৰ হাতত এমুঠি ৰূপ গুজি দি ক'লে— “বোপা, এই ধনখিনি তোমাৰ মাৰাৰ হাতত দি তেওঁক মোৰ সেৱা জনাবা, আৰু তেওঁক ক’বা কাইলৈ মই তেওঁক দেখা কৰিমগৈ। ” [ ১২ ]  দদায়েকে দিয়া ধনখিনি লৈ আল্লাউদ্দিন বৰ ৰঙ মনেৰে মাকৰ ওচৰলৈ ফোপাই-জোপাই লৰি আহিল—“আই, আই! মোৰ দদাই এজন আছে নেকি?” “ক'তা বোপাই, তোমাৰ পিতাৰৰ ভায়েক নাছিল বুলিয়েই মই জানো। ” মাকে এনেকৈ কোৱাত আল্লাউদ্দিনে ক'লে, “আই, মই এয়া এতিয়া যি মানুহজনৰ ওচৰৰপৰা লৰি আহিছোঁ, তেওঁ নিজে মোক মোৰ দদাই হয় বুলি কৈছে। মোৰ পিতাদেৱ তেওঁৰ ককায়েক হেনো। যেতিয়া মই তেওঁক মোৰ পিতাদেউ ঢুকুৱাৰ কথা ক'লোঁ, তেওঁ কান্দি পেলালে আৰু মোক চুমা খাই তেওঁ বৰ মৰমেৰে সৈতে তোমালৈ বুলি এই ধনমুঠি দি পঠিয়াইছে। তেওঁ কাইলৈ তোমাক দেখা কৰিবলৈ আহিব। ” “মোৰ বোপাই, সঁচাকৈয়ে তোমাৰ পিতাদেৱেৰাৰ এজন ভায়েক আছে বুলি মই ক'ব নোৱাৰোঁ, সেইদেখি এই মানুহজন তোমাৰ দদায়েৰ হ’বই নোৱাৰে। যদি তোমাৰ পিতাদেৱেৰাৰ ভায়েক থাকিলহেঁতেন, তেওঁ মোক নোকোৱাকৈ নাথাকিলহেঁতেন। ”

 পিছদিনা আল্লাউদ্দিনে বাটত ধেমালি কৰি থাকোতে সেই মানুহটো আকৌ ওলালহি। তাৰ পাছত আল্লাউদ্দিনক চুমা খাই সোণৰ মোহৰ দুটা তাৰ হাতত গুজি দি ক'লে—“এয়া তোমাৰ মাৰাক দিয়াগৈ। তেওঁক ক’বা, মই আজি ৰাতিহে তেওঁক দেখা কৰিবলৈ পাৰিম। মই গধূলি ভাত তোমালোকৰ ঘৰতে খামগৈ, তাৰো যোগাৰ কৰি থবলৈ ক’বা। এতিয়া মোক তোমালোকৰ ঘৰটো দেখুৱাই দিয়াগৈ। ”

 সিহঁত নগৰৰ মাজেদি গ’ল আৰু বাটৰপৰা আল্লাউদ্দিনে মাক থকা ঘৰটো আঙুলিয়াই দেখুৱালে। তাৰ পাছত সি মানুহটোৱে দিয়া মোহৰ দুটা লৈ উধাতু খাই ঘৰলৈ ভিৰাই লৰ দিলে। আল্লাউদ্দিনৰ মাকে এই সকলো কথা শুনি সেই মানুহটোনো কোন হ’ব পাৰে ভাবি বিমোৰত পৰিল। তেওঁ চাকিটো জ্বলাই জুইকুৰা ধৰিলে আৰু গধূলি খোৱা-লোৱা কামত লাগি গ'ল।

 মুনিচুনি বেলিৰ পাছত দুৱাৰত দুটা ঢকা পৰিল। আল্লাউদ্দিনে দুৱাৰখন মেলিলে আৰু সেই মানুহটো কান্ধত এটা পাচি লৈ ভিতৰ সোমাল। সি, ভাত [ ১৩ ] খাই উঠি খাবলৈ, পাচিটো ভাল ভাল ফলেৰে ভৰাই আনিছিল। সি পাচিটো আল্লাউদ্দিনৰ হাতত দিলে আৰু মাকক সেৱা-সম্ভাষণ জনাই ক'লে, ‘দেহি ঐ! মোৰ দৰ্জি ককাইদেউ জীয়াই থাকোতে আগে-পাছে যত বহে, সেই ঠাইতে মোক এতিয়া বহিবলৈ দিয়াচোন?”

 গিৰিয়েক আগেয়ে বহা খাটখনলৈ আঙুলিয়াই দি আল্লাউদ্দিনৰ মাকে তাক তাতে বহিবলৈ ক'লে। মানুহটোৱে তাতে বহি তললৈ মূৰকৈ চকুৰ পানী টুকিবলৈ ধৰিলে। “দেহি ঐ! মোৰ ককাইদেউ, তুমি কলৈ গলা? মোৰ এনে পোৰা কপাল, তুমি ঢুকুৱাৰ আগতে তোমাক এবাৰ চাই ল’বলৈ, তোমাৰ লগত দুষাৰ দুখ-সুখৰ কথা হ’বলৈ মই আহিব নোৱাৰিলোঁ। তাৰ পাছত আল্লাউদ্দিনৰ মাকক, বৌদেও’ বুলি তেওঁৰে সৈতে সি কথা পাতিবলৈ ধৰিলে। সি ক'লে, “মই আজি দুকুৰি বছৰ দেশে-বিদেশে ঘূৰি ফুৰিছোঁ। এতিয়া ভালেমান দেশ ফুৰি ইয়ালৈ আহিছোঁ, সেই কাৰণে তুমি মোক আগেয়ে দেখা নাই। এতিয়া মই ককাইদেউ ঢুকুৱা বুলি শুনি তেওঁৰ ঘৰৰ বা বাতৰি ল’বলৈ আৰু তেওঁৰ ঘৰৰ লাগতিয়াল সকলো দিহা-পোহা কৰিবলৈ আহিছোঁ। ”

 গিৰিয়েকৰ কথা শুনিয়েই তিৰুতাগৰাকীয়ে হুক্‌হুক্‌কৰে কান্দিবলৈ ধৰিলে। তেওঁৰ গিৰিয়েক বৰ মৰমিয়াল আছিল আৰু ল'ৰা- তিৰুতাৰ কাৰণেই হাড়ক মাটি তেজক পানী কৰি ধন ঘটিছিল। এতিয়া তেওঁক অনাথ আৰু নিসহায় বাঁৰী অৱস্থাত এৰি থৈ বপুৰা চিৰকাললৈ আঁতৰিল।

 তেতিয়া মানুহজনে আল্লাউদ্দিনৰ ফালে মুখ ঘূৰাই ক'লে, “তুমি কি কাম কৰা বোপাই?” সি লাজত তলমূৰ হ’ল। মাকে ক'লে, “মই কি কম! ক’বলৈ দুখ লাগে, ই তেনেই আলসুৱা হ'ল; এডোখৰ কুটাও দুডোখৰ নকৰে। পিতাকে তেওঁৰ ব্যৱসায়টোকে ইয়াক শিকাবলৈ কত চেষ্টা কৰিলে; ই একো পধ্যে নিশিকিলে। পিতাক ঢুকুৱাৰে পৰা তাক ভাললৈ আহিবলৈ আৰু পাই-পইছা আৰ্জ্জিবলৈ কত কাকুতি-মিনতি কৰিলোঁ, সি নুশুনে। কেৱল তাৰ বেয়া লগৰীয়াবোৰৰ সৈতে আলিবাটত ধেমালি কৰিয়েই সি দিনটো নিয়ায়। মই তাক [ ১৪ ] ভালেৰে বলে নোৱাৰি আন উপায়েৰেও কৈ চালোঁ, যদি সি ভাললৈ নাহে তেনেহ'লে মোৰ ঘৰৰপৰা ওলাই যক। ” এইবুলি তেওঁ হুক্‌হুক্‌কৰে কান্দিলে। কিয়নো আল্লাউদ্দিন সঁচাকৈয়ে তেওঁৰ এটা গলগ্ৰহ হৈ উঠিছিল।

 মানুহটোৱে আল্লাউদ্দিনক ক'লে, “এইটি সজ কথা নহয়, মোৰ বোপাই! তুমি এতিয়া পেটৰ ভাতমুঠি উলিয়াবলৈ দুই হাতে নাজুৰিলে নহ'ব। যদি তুমি গাৰে দুখ কৰিবলৈ ভাল নোপোৱাঁ, তেনেহলে তোমাক এখন দোকান লৈ দিওঁ। তাত তুমি নানা তৰহৰ বস্তু আৰু বাচকবনীয়া কাপোৰ-কানি ৰাখি বেচিবা। সেইবোৰ বেচি যি লাভ পোৱা তাৰে তুমি নতুন নতুন বস্তু কিনিবা আৰু এইদৰে তুমি সাধু উপায়ে চলিব পাৰিবা। ”

 দদায়েকৰ দিহাত তাৰ মন খালে আৰু সি এখন দোকান চলাবলৈ মান্তি হ’ল। তাকে দেখি মানুহটোৱে ক'লে, বাৰু, তুমি কাইলৈ মোৰ লগত ওলাবা। ধনী সদাগৰবোৰে যেনেকুৱা দামী সাজ পিন্ধে, মই তোমাক তেনেকুৱা এটা সাজ কিনি দিম। ’

 আল্লাউদ্দিনৰ মাকে শেষত ভাবিলে,—এই মানুহটি তেওঁৰ দেওৰেক হয়েই হ’বলা, নহ'লে কিয় তেওঁ আল্লাউদ্দিনৰ হকে ইমানখিনি খৰচ কৰিবলৈ ওলাব? তাতে তেওঁৰ আন স্বাৰ্থই বা আছে কি। বাঁৰীগৰাকীয়ে এই অযাচিত উপকাৰৰ শলাগ ল'লে আৰু তেওঁৰ ঘৰতে গধূলিৰ বাবে মানুহজনক খোৱা- লোৱা কৰিবলৈ দিলে।

 কিন্তু উৰহী গছৰ ওৰটো আছিল ক'ৰবাত। প্ৰকৃততে সেই মানুহটো আল্লাউদ্দিনৰ দদায়েক নাছিল। সি আছিল এটা ধূৰ্ত্ত যাদুকৰ আৰু ভালেখিনি যাদু সি জানিছিল। সেইদেখি স্বৰূপতে আল্লাউদ্দিনৰ পৰিয়ালক সহায় কৰা উদ্দেশ্য তাৰ মনে-ঘৰেও নাছিল। সি বিচাৰিছিল নিজৰ সহায়ৰ কাৰণে আল্লাউদ্দিনক হাত কৰি ল'বলৈ।

 এটা গুহাৰ ভিতৰত এটা আচৰিত চাকি থকাৰ সি ভু পাইছিল। এই [ ১৫ ] চাকিটো পালেই তাৰ সকলো মনোৰথ সিদ্ধ হয়; যি লাগে বোলে তাকে পাব, যি কৰোঁ বোলে তাকে কৰিব পাৰিব। কিন্তু পাক লাগিছিল এটা কথাত, চাকিটো তাক লোকে আনি দিব লাগিব। যদি সি নিজে আনি লয়, তেন্তে সেইটো তাৰ একো কামত নাহিব। সি ভাবি-গুণি থিৰ কৰিছিল, চাকিটো তাক আল্লাউদ্দিনেই আনি দিব পাৰিব। ঠিক এই কাৰণেই সি আল্লাউদ্দিনৰ দদায়েকৰ ভাও জুৰিছিল আৰু সিহঁতৰে সৈতে মিতিৰালি কৰিছিল।

 পিছদিনা যাদুকৰটোৱে আল্লাউদ্দিনক এখন সদাগৰৰ দোকানলৈ লৈ গ'ল আৰু কিছুমান বৰ ধুনীয়া ধুনীয়া কাপোৰ-কানি তাক কিনি দিলে। এনে ধুনীয়া আৰু দামী সাজ পিন্ধিবলৈ পাই আল্লাউদ্দিন গপতে ওফন্দি পৰিছিল। সি তাৰ দদায়েক ৰূপী যাদুকৰৰ নথৈ শলাগ ল’লে আৰু তাৰ কথামতে ধন ঘটি মাকক সুখে ৰাখিব বুলি শপতো খালে।

 যাদুকৰটোৱে তাৰ কথাত আনন্দ পাই ক'লে, “এতিয়া ডাঙৰ সদাগৰৰ সাজ পিন্ধিলা। তেনেহ'লে সদাগৰবোৰে কেনেকৈ কাৰবাৰ কৰে, তাকো দেখি-শুনি শিকিবৰ কাৰণে মই তোমাক সম্প্ৰতি ডাঙৰ দোকান কেখনমানলৈ লৈ যাম?” এইবুলি যাদুকৰটোৱে আল্লাউদ্দিনক ভালেমান দোকানত এনেয়ে ঘূৰাই-পকাই লৈ ফুৰিলে। ৰাতি হ’লত সি আল্লাউদ্দিনক মাকৰ ঘৰত থৈ নিজে কেনিবা গুচি গল।

গুহাৰ মুখত আল্লাউদ্দিন

 আকৌ পিছদিনা যাদুকৰটো আহিল। আগদিনা এনে জাকজমককৈ সাজ পিন্ধি আল্লাউদ্দিনৰ মনত অতি ৰং লাগিল আৰু সি যাদুকৰটোৰ কাষত বৰ সৈমান হৈ পৰিল। সেইদিনা যাদুকৰটোৱে ক'লে বোলে আৰু নানান ঠাইত তাৰ কাম আছে, আৰু মন কৰিলে আল্লাউদ্দিনেও তেওঁৰ লগত সেই চলতে নানান [ ১৬ ] ঠাই চাই আহিবগৈ পাৰে। আল্লাউদ্দিন উলাহেৰে তাৰ লগত যাবলৈ ওলাল।

 ধুনীয়া বাট। দুই কাষে ওখ গছৰ শাৰী। নিৰ্ম্মল সুগন্ধি বতাহ। আল্লাউদ্দিন এইবোৰতে তেনেই ভোল গ’ল। কিমান বাট আহিছে, ক'লৈ আহিছে, একোৱেই তাৰ মনত নপৰিল।

 এইদৰে আল্লাউদ্দিনে মন নকৰাকৈয়ে সিহঁত কেতিয়াবাই নগৰৰ বাহিৰ ওলাল। হাজাৰে হওক, সৰু লৰা; কেতিয়াও ইমান বাট খোজ কঢ়া নাই। শেহত তাক ভোকে-পিয়াহে জুমুৰি দি ধৰিলে। মাকলৈ মনত পৰি তাৰ চকু ঢুলঢুলীয়া হ'ল।

 জেপৰপৰা ধুনীয়া পিঠা এখন উলিয়াই যাদুকৰে আল্লাউদ্দিনৰ হাতত গুজি দি কলে,“আয়ৈ দেহি। তোমাৰ ভোক লাগিছে নহয় নে? হোৱাঁ, এয়া খোৱা। মোৰ চোলাৰ মোনাত আৰু ভালেখিনি ভাল ভাল খোৱাবস্তু আছে; আমি তাকে খাম। ”

 খোৱাৰ লগে লগে যাদুকৰে তেওঁৰ অতি আচৰিত সাধুৰ থুন্ পাকটি মেলিলে। মুখ আৰু পেটৰ সন্তোষতকৈও সাধুবোৰ আল্লাউদ্দিনৰ কাণত এনে মিঠা লাগিছিল যে সি ভাগৰৰ কথা একেবাৰেই পাহৰি পেলালে; আৰু ঘৰ আৰু মাকৰ কথাও তাৰ মনত নপৰা হ'ল।

 এইদৰে দুয়ো দুটি পৰ্ব্বতৰ মাজ ঠাই এডোখৰ পালেহি আৰু যাদুকৰটো তাতে থমকি ৰ’ল। “বাৰু”, সি মাত লগালে, “আমি এইখিনিতে ঘাঁহনিৰ ওপৰত বহি জিৰণি লওঁ দেই? তুমি সৌ শুকান খৰিবোৰ ভাঙি জুই একুৰা ধৰিব পাৰিবানে?”

 মুকলি ঠাইত জুই ধৰা এটা বৰ ধেমালিৰ কথা। আল্লাউদ্দিনৰ মনত সিহঁত ক'ৰবাত বন-ভোজ বা বালি-ভাত খাবলৈ অহা যেন লাগিল। সি বৰ উলাহেৰে শুকান খৰিবোৰ মৰ্‌মৰ্‌ কৰে ভাঙি মেজি পতাদি দ’ম কৰিলে। দুয়ো তাত জুই লগাই দিলে।

 দপ্‌দপ্‌ কৰে জ্বলি জুই গছৰ আগৰ সমান ওপৰলৈ উঠিল। গছবোৰৰ মাজত জুই-আঙনিবোৰ জিলিকা দেখি আল্লাউদ্দিন মোহিত হৈ ৰ'ল। কি ডাঙৰ মেজি। [ ১৭ ]  ইফালে যাদুকৰটো জুইৰ কাষ চাপি আহি কিহবাৰ গুড়ি কিছুমান জুইত পেলাই মন্ত্ৰ গোৱাৰ দৰে কিবাবোৰ ভোট্‌-ভোটাবলৈ ধৰিল। আল্লাউদ্দিনে সেইবোৰৰ অৰ্থ একো নুবুজিলে আৰু সি যাদুকৰটোৰ ফাললৈ চাই তধা লাগিল।

 এইদৰে থাকোতেই সিহঁত ঠিয় হৈ থকা ঠাইডোখৰ কঁপিবলৈ ধৰিল। আল্লাউদ্দিন ভয়ত পেপুৱা হ'ল। এনেতে, বজ্ৰ পৰিলে যেনে শব্দ হয়, তেনে এটা ভয়ঙ্কৰ শব্দ শুনি আল্লাউদ্দিন চক্ খাই লৰ মাৰিব খুজিলে।

 হঠাৎ সিহঁতৰ চকুৰ আগতে পৃথিৱীয়ে ফাট মেলিলে। আৰু চাৰিচুকীয়া ডাঙৰ শিল এচটাৰ ওপৰত লোৰ আঙঠি এটা ওলাই পৰিল।

 ইফালে বজ্ৰ পৰাৰ নিচিনা শব্দটোত আল্লাউদ্দিন লৰ মাৰিব খোজোঁতেই যাদুকৰটোৱে তাক হাতত ধৰি টান মাৰি আনিলে আৰু এনে এটা কাণতলীয়া চৰ শোধালে যে সি তৎক্ষণাৎ মাটিত পৰি গ'ল।

 “তুমি মোক এইদৰে কিয় মাৰিলা, হোঁ” বুলি আল্লাউদ্দিন খঙত কঁপি উঠিল। “তইনো পলাব খুজিছিলি কিয়? বাৰু, এতিয়াৰ পৰা যদি তই মোৰ কথামতে চল, তেনেহ'লে এনে কথা আৰু আমাৰ মাজত কেতিয়াওঁ হ’বলৈ নাপায়। ’’

 “এতিয়া”, যাদুকৰটোৱে তাৰ গাত মৰমেৰে হাত বুলাই ক'লে, সৌফালে মন কৰা। তোমাৰ চকুৰ আগতে আঙঠিটো আছে। তাৰ তলতে বহুমূলীয়া সম্পত্তি এটা আছে; তাকে আমি দুয়ো সমানে ভাগ বাটি লম। মোৰ কথা নুশুনিলে হ’লে তুমি তাৰ ভাগ নাপাবা! এতিয়া উঠা, সেই লোৰ আঙঠিটোত ধৰি শিলটো তুলি আনা। ”

 সম্পত্তিৰ নাম শুনি আল্লাউদ্দিন উঠি বহিল আৰু তাৰ আধা ভাগ পাবৰ আশাৰে সি আঙঠিটোত ধৰি বল দিলে। দুটামান উচালতে শিলচটা গুহাৰ মুখৰ পৰা এৰাই আহিল।

 “ঠিক, আমাৰ আল্লাউদ্দিন নে কোন? বুলি, যাদুকৰটো ৰঙত জঁপিয়াই উঠিল। “এতিয়া সেই গাতটোৰ ভিতৰলৈ চোৱা; তাত শিলৰ খটখটি কেইটামান [ ১৮ ] দেখিবা। একো ভয় নাই, তুমি সেইপিনেই নামি যোৱা, তাৰ তলি পাবাগৈ। তাত তুমি কেইবাটাও বৰ বৰ কোঠালি পাবাগৈ। তুমি সেই কোঠালিবোৰ পাৰ হৈ যাবা। সাৱধান! চাবা, তোমাৰ চোলাৰ আগ এটাও যেন তাৰ বেৰত নালাগে। লাগিব লাগিলেই তুমি তৎক্ষণাৎ মৰিবা বুলি জানিবা। কোঠালিবোৰ এৰি থৈ তুমি এখন বাৰী পাবাগৈ, আৰু তাত গুটিৰে দোঁ খাই থকা নানান গছ দেখিবা। তাতে তুমি থমক নাখাবা। বাৰীখন এৰি থৈ তুমি আৰু এনে ঠাই পাবাগৈ, তাত এটা চাকি জ্বলি আছে। তুমি পায়েই সেই চাকিটো নুমাই তাৰ তেলখিনি পেলাই দিবা। সেই চাকিটোকে মোৰ গুৰিলৈ আনিব লাগে। ”

 এইবুলি লাহেকৈ সি আল্লাউদিনৰ হাতখনত ধৰি তাৰ নিজ হাতৰ আঙঠিটো আল্লাউদ্দিনৰ আঙুলিত পিন্ধাই দিলে। “এই আঙঠিটোৰ মহৎ গুণ। ইয়াৰ বলতে তুমি সেই আন্ধাৰ কোঠালিবোৰৰ মাজেদি গৈ নিৰ্ব্বিঘ্নে উলটিব পাৰিবা। ”

 যাদুকৰটোৰ কথামতে আল্লাউদ্দিন গুহাটোৰ ভিতৰলৈ নামিল, আৰু সেইদৰে সেই খোটালি আৰু বাৰীখনৰ মাজেদি গৈ সেই চাকিটো জ্বলি থকা পালে। তাৰ কথা মতেই আল্লাউদ্দিনে চাকিটো নুমাই তেলখিনি পেলাই দি লাহেকৈ চোলাৰ মোনাত ভৰাই উলটি আহিল। উলটি আহোঁতে সেই বাৰীখনত তাৰ আকৌ চকু পৰিল। কি বিতোপন গুটিবোৰ তাত লমালমে লাগি আছে! এই বাৰীখনৰ দৰে শুৱনী বস্তু এটা সি জনমত দেখা নাই, আৰু তাৰ গুটিবোৰৰ নিচিনা বস্তু পৃথিৱীত নাই। গতিকে সি যাদুকৰটোৰ হাক নামানি সেইগছবোৰৰ গুটিবোৰ পাৰেমানে ছিঙি আনিলে। সেইবোৰ যে প্ৰকৃততে নানান বহুমূলীয়া হীৰা, মুকুতা আৰু পোৱালহে এইকথা বেচেৰাই বুজিকে পোৱা নাছিল।

 এইবোৰ ভাৰ বান্ধি লৈ সি লৰালৰিকৈ কোঠাবোৰৰ মাজেদি আহি আকৌ ওপৰমুৱা হৈ খটখটিত ভৰি দিলে। ওপৰলৈ চাই দেখে যাদুকৰটো তালৈকে বাট চাই আছে।

“ইমানপৰ কৰিলা? চাকিটো আনিছা নহয়? ভালে-কুশলে আহিছা?” যাদুকৰটোৰ এইবোৰ কথাৰ মূৰত আল্লাউদ্দিনে অকল “অঁ, আনিছোঁ” ইয়াকেহে [ ১৯ ] ক’বলৈ পালে, যাদুকৰটোৱে তৎ নিদিয়াকৈ তাক ক'লে—‘চাকিটো মোৰ হাতত দিয়া—চাকিটো!”

 “তৎ দিয়াচোন, মই ওপৰ উঠি লওঁ। ” “মোক এতিয়াই দিয়া, এতিয়াই। ” “নিদিওঁ। মোক তোমাৰ কাষলৈ আগেয়ে তুলি নিয়াঁ। মই ওপৰলৈ উঠি লওঁ। ” যাদুকৰটোৱে খঙত একোনাই হৈ দাঁত কামুৰিবলৈ ধৰিলে আৰু ভৰিৰ গোৰোহা মাটিত মাৰি খঙৰ নানান ভাৱ দেখুৱালে। সি পগলাৰ দৰে আকৌ সিহঁতে জ্বলোৱা জুইকুৰাৰ গুৰিলৈ গল আৰু আগৰ বাৰৰ দৰে ভোটভোটাই কিবাবোৰ কৈ জুইত কিহবাৰ গুড়িবোৰ পেলাবলৈ ধৰিলে। যাদুকৰটোৱে তেনে কৰাৰ লগে লগে হঠাৎ সেই প্ৰকাণ্ড শিলছটা ঘূৰি সেই গাতটোৰ মুখত পৰিল আৰু গুহাটোৰ ওপৰত মাটি চাপ খাই তাৰ চিন-চাব একেবাৰে মাৰি পেলালে। আল্লাউদ্দিন সেই গুহাৰ ভিতৰতে চিৰকাললৈ আটক হৈ ৰল। ইফালে যাদুকৰটো ঠিক পগলাৰ দৰে হ’ল। আল্লাউদ্দিনৰপৰা চাকিটো নাপাই তাৰ নিজৰ ওপৰতে খঙ উঠি দাঁত কৰচিবলৈ ধৰিলে। তাৰ পাছত সি ইফালৰপৰা সিফাললৈ লৰি ফুৰি শেষত উলটি সেই নগৰৰ ফালে বাট ললে। তাৰপৰা সি কলৈ গ'ল আৰু কোনেও ক’ব নোৱাৰিলে।

 সি আছিল সুদূৰ আফ্ৰিকা মহাদেশৰ যাদুকৰ! এই দুই পৰ্ব্বতৰ মাজৰ ঠাই ডোখৰত এটা আচৰিত সম্পত্তি থকাৰ কথা সি তাতে ভু পাইছিল আৰু তাকে হাত কৰিবলৈ সি সেইখন দেশৰ পৰা এই এছিয়া মহাদেশৰ ভিতৰৰ চীন দেশৰ এই নগৰ পাইছিলহি। বেচেৰা আল্লাউদ্দিন! সি স্বৰগ-পৰা মানুহটোৰ দৰে সেই ওপৰলৈ উঠা খটখটিত ৰৈ তেনেই থেৰেঙা লাগিল। চাৰিওফালে ঘোপমৰা আন্ধাৰ! তাৰ বৰ ভয় লাগিল। যাদুকৰটোৱেনো বাৰু চাকিটো তেতিয়াই সিমানকৈ খুজিছিল কিয়? চাকিটো পোৱা হ'লে সি বাৰু আল্লাউদ্দিনক ওপৰলৈ উঠিবলৈ দিলেহেঁতেন নে? নাইবা সেই সম্পত্তিৰ ভাগ দিয়াতকৈ চাকিটো তাৰপৰা লৈয়ে আল্লাউদ্দিনক মাৰি পেলোৱাই তাৰ উদ্দেশ্য আছিল। বাৰু, এতিয়া আল্লাউদ্দিনৰ উপায় কি? সি সেই হীৰা-মুকুতাৰ গছ থকা বাৰীখনলৈকে [ ২০ ]
[ ২১ ] উলটি যাবলৈ কেনে ৰং পালেহেঁতেন! কিন্তু তালৈকো সেই ঠাইবোৰলৈ যোৱা

বাট মাটিয়ে পুতি পেলালে।

 এইদৰে দুদিন দুৰাতি সি সেই শিলৰ খট্‌খটি্‌ৰ ওপৰতে কটালে। দেহি ঐ! সি এইদৰে খাবলৈ নাপায়ে খীণাই-শুকাই মৰিব। সি আগৰে পৰা ভাল ল’ৰা হোৱা হ'লে, ভালদৰে ঘৰৰ কাম-কাজত মন পুতি লগা হলে, তাৰ এই দশা হয় নে? এইবাৰ যদি সি কেনেবাকৈ এই ঠাইৰপৰা ওলাবলৈ পায়, দুনাই সি আৰু ধিতিঙা হৈ কাল নকটায়।

 কিন্তু এতিয়া ভাবিলে আৰু লাভ কি? তাৰ মাকৰ কথা মনত পৰিল, নগৰত থকা তাৰ ঘৰখনলৈ মনত পৰিল। সি পোনতে চিঞৰি চিঞৰি আৰু পিছত ভাগৰি উচুপি উচুপি কান্দিবলৈ ধৰিলে। সিও কোনো কামৰ নহ’ল। খঙে- ভোকে একো নাই হৈ সি নিজৰ চুলি নিজে আজুৰি নিজৰ হাত দুখন সি মোহাৰিবলৈ ধৰিলে।

 এইদৰে, হাত মোহাৰোঁতে আল্লাউদ্দিনৰ হাতৰ আঙুলিত যাদুকৰটোৱে পিন্ধাই দিয়া আঙঠিটো ঘঁহনি খালে। মুহূৰ্ত্ততে ভয়ঙ্কৰ মানুহ এটা ওলাই ল’ৰাটোক সেৱা জনালে—“কি আদেশ, প্ৰভু?” তাক সেই ঠাইতে দেখি স্বভাৱতে আল্লাউদ্দিনৰ চুলিৰ আগে জীৱ গৈছিল। কিন্তু ভয় কৰাৰ পৰা হানিৰ বাহিৰে লাভ একো নাই দেখি মৰণত শৰণ দি, সি ভয় লুকুৱাই বুকু ডাঠি কলে—“আগেয়ে কচোন বাৰু, তই কোন আৰু তোক কি লাগে। ”

 “মই এই আঙঠিটোৰ দাস। আপোনাৰ হাতত এই আঙঠি আছে। গতিকে মই আপোনাৰ আদেশ পালিবলৈ বাধ্য। আপুনি এই মাত্ৰ মোক মাতিলে, এতিয়া কি আদেশ কওক। ’’

 “বাৰু, এই ঠাইৰপৰা এতিয়াই তেন্তে মোক মোৰ ঘৰলৈ লৈ ব’ল। ”

 কোৱাৰ পাছতে যেন পৃথিৱীখন কঁপিল। আল্লাউদ্দিনে একো তৰ্কিব [ ২২ ] নোৱাৰিলে; কেৱল হঠাৎ সি মুকলি বতাহ আৰু পোহৰ অনুভৱ কৰিলে। অলপ পাছতে চকু মেলি দেখে, সি নিজ ঘৰৰ দুৱাৰ মুখত; আৰু মাকে তাৰ ওপৰত হাঁউলি তাকে শুশ্ৰূষা কৰিছে।

চাকিটোৰ দাস

 আল্লাউদ্দিনে চেতনা পাই তাৰ মাকক এই সকলো ঘটনা বিৱৰি জনালে। সি ভাগৰত লালকাল হৈ আহিছিল দেখি পোনেই শোৱা-পাটীত পৰিলগৈ। পিছদিনা বেলি, নোলোৱালৈকে ঢেৰাই-মেৰাই শুলে।

 সাৰ পাই উঠি তাৰ বৰ ভোক লাগিল আৰু মাকক ক'লে—“আই, মোক খাবলৈ কিবা অলপ দিয়াচোন। ” বেচেৰী মাকে কলে—“বোপাই, ঘৰত খুদকণ এটিও নাই। তোক কিটোনো দিওঁ, হোঁ?”

 আল্লাউদ্দিনে ক'লে—“আই, মই যে কালি চাকিটো আনিছিলো তাকে মোক দিয়াচোন। তাকে বেচি পাৰোঁ যদি আমাৰ এতিয়াৰ, দুপৰীয়াৰ, আৰু হয় যদি গধূলিৰ জোখাৰেও খোৱা বস্তু অলপ কিনি আনোগৈ। ”

 আল্লাউদ্দিনৰ মাকে চাকিটো উলিয়াই আনি কলে-“এইটো। অ’ ৰ’বাচোন। চাকিটো তেনেই লেতেৰা হৈ আছে। মই অলপ মচি-কাচি দিওঁ। এইবুলি ফটাকানি এখন লৈ তেওঁ চাকিটোত ঘঁহা এটা মাৰিব খুজিছেহে, কি আচৰিত। এটা ভয়ঙ্কৰ দৈত্য তেওঁৰ আগত ঠিয় হৈ ক'লে—“তোমাক কি লাগে? মই তোমাৰ দাস হ'বলৈ আৰু তোমাৰ আদেশ পালিবলৈ সাজু। এই চাকিটো যাৰে হাতত থাকে মই আৰু মোৰ লগৰীয়া এই চাকিৰ দাসবোৰ তেওঁৰেই বহতীয়া হওঁ। ’’

 দৈত্যটো দেখিয়েই আল্লাউদ্দিনৰ মাক সেই পিনেই মূৰ্চ্ছা গ'ল। গুহাৰ ভিতৰত তেনেকুৱা এটা দৈত্য দেখিছিল কাৰণে আল্লাউদ্দিনে কি কৰা উচিত [ ২৩ ]
[ ২৪ ] তাক বুজিলে। তেতিয়া সি মাকৰ হাতৰপৰা চাকিটো থাপ মাৰি লৈ দৈত্যটোক

ক'লে—“মোৰ ভোক লাগিছে। কিবা অলপ খাবলৈ মোক আনি দে। ”

 তৎক্ষণাৎ দৈত্যটো গ’ল, আৰু এখনমান তামোল খোৱা সময়ৰ ভিতৰতে নানান তৰহৰ খোৱা বস্তুৰে সজাই বাৰখন ৰূপৰ কাঁহী এখন ডাঙৰ ৰূপৰ কাঁহীত তুলি লৈ আহিল। তাৰ পাছত চীন দেশৰ নিয়ম অনুসৰি এখন দলিচাৰ ওপৰত সেই ডাঙৰ ৰূপৰ কাঁহীখন থৈ সি অদৃশ্য হ’ল।

 আল্লাউদ্দিন আৰু তাৰ মাকে সেইখিনিৰে ভালকৈয়ে আকাল পূৰালে। সিহঁতৰ জোখাৰ আহাৰতকৈ বহুত সৰহ খোৱা বস্তু সেই দৈত্যটোৱে আনি দিছিল কাৰণে মাকে তাৰে কিছুমান দুপৰীয়া আৰু গধূলিলৈ থৈ দিলে।

 পিছদিনা আকৌ সিহঁতৰ খোৱা বস্তু নোহোৱা হ'ল। আল্লাউদ্দিনে ভাবিলে সেই ৰূপৰ কাঁহীবোৰৰে এখন বেচি অলপ খোৱা বস্তু কিনি আনিব। তাৰ চোলাৰ তলত এখন কাঁহী লুকুৱাই লৈ সি ওলাই গ'ল। আলিতে সি এজন ইহুদী সদাগৰ দেখা পাই কলে—“এই ৰূপৰ কাঁহীখন কিনিবানে? মোৰ ভোক লাগিছে। খোৱা বস্তু কিনিবলৈ অলপ ধন হলেই হ'ব। ” ধূৰ্ত্ত সদাগৰটোৱে কলে—‘কিমান দাম লাগে?’ সেইখিনি আছল ৰূপ বুলি নাজানি আল্লাউদ্দিনে ক'লে—“ইয়াৰ দৰ-ভাও মই নাজানো। ” চল পাই ইহুদীটোৱে তাক এটা সোণৰ মোহৰ যাচিলে আৰু আল্লাউদ্দিনে তাকে ৰঙমনে লৈ গুচি আহিল।

 আল্লাউদ্দিনে ঘৰৰ ফালে বেগাই খোজ ল’লে। যাওঁতে কেইটামান ৰুটি কিনি নিলে আৰু বাকী ধনখিনি মাকক দিলেগৈ। এনেকৈয়ে মাক-পুতেক দুয়ো বহুত দিন কটালে আৰু শেষত এখন দুখনকৈ বাৰখন নিভাজ ৰূপৰ কাঁহীৰ আধ্যা পৰিল।

 বাৰখন কাহী বেচি অঁতালত সি ডাঙৰ কাঁহীখন বেচিবলৈ ঠিক কৰিলে। ইহুদীটোৱে এই ডাঙৰ কাঁহীখনৰ বেচ দহোটো সোণৰ মাহৰ দিলে। এইখিনি ধনও যেতিয়া অন্ত হ’ল, সি আকৌ তাৰ বিপদৰ বন্ধু চাকিটোৰ কাষ চাপিব লগা [ ২৫ ] হ’ল।

 সি চাকিটো হাতত লৈ ঠিক আগেয়ে মাকে ঘঁহা ঠাইতে আকৌ ঘঁহিবলৈ ধৰিলে। ততালিকে সেই ভয়ঙ্কৰ দৈত্যটো আহি তাৰ আগত ঠিয় হৈ ক'লে— “তোমাক কি লাগে?” “মোৰ বৰ ভোক লাগিছে। মোক কিবা অলপ আনি দিয়া। ”

 দৈত্যটো অদৃশ্য হ'ল আৰু আগৰ দৰেই এখন ডাঙৰ ৰূপৰ কাঁহীত নানা তৰহৰ খোৱা বস্তুৰে ভৰা বাৰখন ৰূপৰ কাঁহী সঁজাই লৈ অতি সোণকালে উলটি আহিল।

 আটাইখিনি খোৱা বস্তুৰ আধ্যা পেলাই আল্লাউদ্দিনে আগৰ দৰে তাৰ ৰূপৰ কাঁহীবোৰ এখন-এখনকৈ বেচিবলৈ তাৰ আগৰ চিনাকি সদাগৰটোৰ ওচৰলৈ গল।

 সেইপিনে যাওঁতে সদায় সি এটা সোণাৰীৰ দোকানৰ আগেদি যাব লাগে। সোণাৰীটোৱে আল্লাউদ্দিনক প্ৰায়ে চোলাৰ ভিতৰত কিবা এটি সুমুৱাই লৈ সেই ইহুদীটোৰ ঘৰলৈ সুৰুক্‌ সুৰুক্‌ অহা-যোৱা কৰা দেখে। সেইদিনা কিবা এটা মন কৰি সোণাৰীটোৱে আল্লাউদ্দিনক মাত লগালে—“আল্লাউদ্দিন, মই তোমাক প্ৰায়ে মোৰ দোকানৰ আগেদি অহা-যোৱা কৰা দেখো। তুমিনো ক’ত কি কৰাগৈ ভাবি নাপাওঁ। মই অনুমান কৰিছো তুমি সেই ইহুদিটোৰ গুৰিত কিবা বেচিবলৈ আনিছা। মোক দেখুওৱা, মই তোমাক উচিত বেচ দিম। তোমাক কেতিয়াও ঠগি নাখাওঁ। ”

 আল্লাউদ্দিনে বেচিবলৈ নিয়া ৰূপৰ কঁহীখন চোলাৰ ভিতৰৰপৰা তাক উলিয়াই দেখুৱালে। সোণাৰীটোৱে কাহীখন লৈ তাৰ তুলাচনীৰে জুখি চালে। তাৰ পিছত আল্লাউদ্দিনক উপযাচি তিনিকুৰি সোণৰ মোহৰ দিলে। তাৰ সজ আৰু সাধু ব্যৱহাৰৰ কাৰণে অন্তৰেৰে আল্লাউদ্দিনে তাৰ শলাগ ল'লে, আৰু তেতিয়াৰপৰা তাৰ কিবা বেচিবলৈ হ'লে সদায় সেই সোণাৰীটোৰ ওচৰলৈ [ ২৬ ] আহিব বুলি সি তাৰ আগত অঙ্গীকাৰ কৰিলে।

 এইদৰেই আল্লাউদ্দিনৰ কিছুমান বছৰ চলিল। চাকিটোৰ যহত সি আৰু তাৰ মাকে ভালকৈ সুখে-সন্তোষে খাব আৰু পিন্ধিবলৈ পোৱা হ’ল। আল্লাউদ্দিন লাহে লাহে ডাঙৰ দোকানী আৰু সদাগৰৰ মহলত জনাজাত হৈ পৰিল। সি দামী কাপোৰ-কানি, সোণ-ৰূপ আৰু হীৰা-মুকুতাৰ বিষয়ে বহুত কথা জনা হ'ল। হীৰা-মুকুতাৰ কাৰবাৰী সদাগৰসকলৰ লগত কথা-বতৰা হৈ সি বুজিলে, সি চাকিটো আনিবলৈ যাওঁতে ফুলনিৰপৰা বুটলি অনা গছৰ গুটিবোৰ সি ভবাৰ দৰে নানা বৰণীয়া কাঁচ নহয়; সেইবোৰ বহুমূলীয়া হীৰা-মুকুতা আৰু সেই বিচিত্ৰ বাখৰ-মুকুতা আদিৰে সি সঁচাকৈয়ে এটা ধনী সদাগৰ।

সম্ৰাটৰ প্ৰতিজ্ঞা

 এদিন আল্লাউদ্দিন নগৰলৈ আহোঁতে আটাইবোৰ ঘৰ আৰু দোকান- পোহাৰ বন্ধ দেখিলে। তাৰ কাৰণ সুধি সি জানিব পাৰিলে, সম্ৰাটৰ জীয়েক কুঁৱৰী তেতিয়া গা ধুবলৈ গৈছিল।

 কুঁৱৰীক চাবলৈ আল্লাউদ্দিনৰ বৰ হেঁপাহ হ’ল। সেইদেখি সি বাটৰে এটা ঘৰৰ চুকত লুকাই থাকিল। অলপ পৰতে দাস-দাসী আৰু সখীসকলে বেৰি কুঁৱৰীক মাজত লৈ অহা দেখা পালে।

 কুঁৱৰী গৰাকী দেখিবলৈ বৰ ৰূপহী আছিল, তেওঁৰ চকুযুৰি তৰাৰ দৰে আৰু মেঘবৰণীয়া চুলিটাৰি সাপৰ নেজৰ দৰে বৈ যোৱা আছিল। তেওঁৰ সাজ- পাৰো সেইদৰে বহুমূলীয়া আৰু বগলিৰ পাখি যেন বগা।

 তেওঁলোক উলটি গ’লত আল্লাউদ্দিনে লুকাই থকাৰপৰা ওলাই লাহে লাহে ঘৰৰ ফালে খোজ ল'লে। তাৰ মুখ গহীন আৰু বেজাৰমুৱা। এইদৰে থাকি সি কাকো নমতা-নোবোলা দেখি মাকে কলে—“তই ক'লৈ গৈছিলিনো? [ ২৭ ] তোৰ কি হৈছে? তই কেলেই এইদৰে মন মাৰি আছ?”

 সি কলে—“আই, গা ধুই আহোঁতে কুঁৱৰীক মই এতিয়া দেখি আহিলোঁ। তেওঁক মই বিয়া কৰাবলৈ পাব লাগে। ” “কি? কুঁৱৰীক বিয়া কৰাবলৈ লাগে?” এইবুলি মাকে তাৰ কথা হাঁহি উৰুৱাই দিব খুজিলে। মাকে ভাবিলে, পগলা নহ'লে সি এনে কথা সপোনতো ভাবিব নোৱাৰে। আল্লাউদ্দিনে ক'লে, “আই, মই বলিয়া হোৱা নাই; মোৰ জ্ঞান আছে। মই কুঁৱৰীক বিয়া কৰাব খুজিছোঁ। তুমি তেওঁৰ পিতাক সম্ৰাটৰ ওচৰলৈ গৈ কুঁৱৰীক মোলৈ খুজি দিব লাগে। ”

 মাক এইবাৰ বিচুৰ্ত্তি হ’ল। তেওঁ ক'লে, “কি কোৱা, আল্লাউদ্দিন!
 মইনো সম্ৰাটৰ গুৰিলৈ যাব পাৰোঁনে? আৰু মই গ'লেইবা তেওঁ মোক কিয় দেখা কৰিবলৈ দিব? নহয় বোপাই, তুমি পাহৰিছা হ’বলা, সাধু স্বভাৱৰ হ’ল কি হ’ল, তুমি নগৰৰ ভিতৰৰ তেনেই ডাল টোকোনা দৰ্জ্জিৰ ল'ৰা! তোমাৰ ধন- সম্পত্তি নাই। তুমিনো বাৰু কুঁৱৰীক বিয়া কৰাবলৈ সাহ কৰিব পোৱানে? বাৰু, ভাবি চোৱাচোন, সম্ৰাটৰ জীয়েকক ধনী মানুহলৈ বিয়া নিদি তোমালৈ বিয়া দিব নে?”

 আল্লাউদ্দিনে মাত লগালে, “আই, মই নভবা-নিচিন্তাকৈ এই কথা উলিওৱা নাই। মোৰ হাতত জানো সেই আচৰিত চাকিটো আৰু আঙঠিটো নাই? সেই দুটাৰ বলত মই যিহকে লাগে বোলো, তাকে পাম নহয়। তুমি এই বিষয়ে মোক বাধা নিদিবা। আই, তোমাক আৰু এটা গুপ্ত কথা ক’বলৈ আছে। সেই গুহাটোৰ ভিতৰৰ বাগিচাখনৰপৰা অনা গুটিবোৰ কাঁচ নহয়, সেইবোৰ এটা সোণাৰীয়ে বহুত দামী হীৰা-মুকুতা বুলি কৈছে। তুমি আমাৰ চীন দেশীয় থালখন আনাগৈচোন বাৰু। আই, তাতে হীৰা-মুকুতাবোৰ সজাই চাওঁচোন, কেনেকুৱা, হয়। পিছত তুমি এই কাঁহীখনকে সম্ৰাটক উপহাৰ দিবলৈ নিব পাৰিবা। ”

 আল্লাউদ্দিনৰ মাকে চীন দেশীয় কাঁহীখন আনিলে। তাতে দুয়ো হীৰা-মুকুতা, পদ্মৰাগ, পোৱাল আৰু বাখৰবোৰ চকুত লগাকৈ সজালে। এইবোৰ [ ২৮ ] লিৰিকি-বিদাৰি চাই সঁচাকৈয়ে মাকৰ মনত ৰঙ লাগিল আৰু তেওঁ সেই, বহুমূলীয়া বস্তুৰে ভৰা কঁহীখন লৈ পিছদিনা নিজে সম্ৰাটৰ গুৰিলৈ কুঁৱৰীক খুজিবলৈ যাব বুলি আল্লাউদ্দিন জনালে।

 পিছদিনা ৰাতি নৌ-পুৱাওঁতেই আল্লাউদ্দিন উঠি মাকক জগাই দিলে, আৰু সোনকালে উঠি সম্ৰাটক দেখা কৰিবলৈ যাবলৈ ক'লে। মাকেও লৰালৰিকৈ উঠি সেই হীৰা-মুকুতাবোৰ সজাই খোৱা চীনা কাঁহীখন লৈ ৰাজকাৰেঙৰ ফালে ওলাই গ'ল।

 সম্ৰাটে সৱাতকৈ ডাঙৰ কোঠালীটোত তেওঁৰ ৰাজ্যৰ ডাঙৰ বিষয়াসকলৰ সৈতে বহি ৰাজকাৰ্য্যত বৰ মন দি আছিল। তাৰ পাছত কাম সমাধা কৰি ৰজা অন্তঃপুৰলৈ যাবলৈ ওলাল, আৰু বিষয়াসকলো ঘৰঘৰি গ'ল। তাকে দেখি আল্লাউদ্দিনৰ মাকেও কাকো নমতা-নোবোলাকৈয়ে যিদৰে গৈছিল সেইদৰেই উলটি আহিল।

 মাকে ক'লে—“বোপাই মই সম্ৰাটক দেখিলোঁগৈ। কিন্তু তেওঁ লগৰ বিষয়াসকলেৰে কামত মন পুতি থকা দেখি মোৰ বেয়া লাগিল আৰু আমনি কৰিবৰ সত নগ’ল। কাম কৰি সম্ৰাটৰ বৰ ভাগৰ লাগিল হবলা, তেওঁ বেগাবেগিকৈ উঠি ভিতৰলৈ গুচি গ'ল। বাৰু, তুমি ভয় নকৰিবা, মই পাৰিলে কাইলৈকে আকৌ সম্ৰাটক দেখা কৰিমগৈ। কাইলৈ তেওঁৰ ইমান কামৰ ভিৰ নাথাকিব পাৰে। ”

 মাকে সম্ৰাটৰ সৈতে কথা বতৰা হব নোৱৰাত আল্লাউদ্দিনে মনত বৰ দুখ পালে। কিন্তু বেচেৰী হ'লে সেইদৰেই সম্ৰাটৰ ওচৰলৈ পিছদিনা আৰু তাৰ পাছৰ কেইবাদিনো গৈয়ে আছিল।

 এইদৰে ছদিনৰ দিনা সম্ৰাট নিজ অন্তঃপুৰলৈ যাওঁতে তেওঁৰ প্ৰধান মন্ত্ৰীক ক'লে, “মই আজি কেবাদিনো দেখিছোঁ এজনী মানুহে কাপোৰেৰে মেৰিয়াই কিবা টোপোলা এটা লৈ সদায় ইয়ালৈ আহে। যদি তাই এইদৰে আকৌ আহে, [ ২৯ ]
[ ৩০ ] তেনেহ'লে তাইক মাতিবলৈ নাপাহৰিবা। তাইৰ কি ক'ব লগা আছে মই

শুনিম। ”

 আল্লাউদ্দিনৰ মাক আকৌ আগৰ দৰে আহিলত তেওঁক সম্ৰাটৰ আগলৈ মাতি নিয়া হ’ল। সম্ৰাটে সুধিলে, “তোমাক মই কেবাদিনো ইয়ালৈ অহা দেখিছো, তুমি কি সকামতনো ইয়ালৈ আহাঁ?”

 আল্লাউদ্দিনৰ মাকে সম্ৰাটৰ আগত আঠুকাঢ়ি ক'লে, “মহাৰাজ, মই ইয়ালৈ অহাৰ কাৰণ আৰু মই ক'ব খোজা কথা কবলৈ সাহ কৰা বাবে যি অপৰাধ হয়, তাক নিজগুণে ক্ষমা কৰে যেন। ”

 সম্ৰাটে ক'লে, “বাৰু, তুমি ভয় নকৰিবা। তুমি যিহকে খোজা লাগে, মই দায় নধৰোঁ। তোমাৰ কব লগা কথা নিৰ্ভয়ে ক'ব পাৰা। ”

 এই কথা শুনি বুকু ডাঠ কৰি আল্লাউদ্দিনৰ মাকে তেওঁ অহাৰ কাৰণ সম্ৰাটক জনালে। সম্ৰাটেও তাইৰ সকলো কথা কৈ আঁতালত সম্ৰাটে ক'লে, “তুমি কাপোৰেৰে মেৰিয়াই সেয়া কি আনিছিলা?”

 আল্লাউদ্দিনৰ মাকে থিতাতে টোপোলাটি মেলি হীৰা-মুকুতাবোৰ সজাই সম্ৰাটলৈ অনা সেই চীনা কাহীখন উলিয়াই সম্ৰাটক সেই উপহাৰ গ্ৰহণ কৰিবলৈ মিনতি জনালে।

 বিস্ময়ত সম্ৰাটৰ চকু বহলকৈ মেল খালে। সেই হীৰা মুকুতাবোৰ পোহৰৰ ফালে ধৰি চাই কলে—“কেনে চমৎকাৰ! কেনে ৰমক-জমক!! কেনে মনমোহা!!!”

 সম্ৰাটে সেইবোৰ চাই মুগ্ধ হৈ তেওঁৰ বিষয়াসকলক চাৰিওফালে ঘূৰাই লৈ চাবলৈ দি ক'লে, “চোৱাঁঁহকচোন, এইবোৰ সঁচাকৈয়ে বিতোপন নহয় নে? মোৰ জীৰ কাৰণে এনে উপহাৰেই উপযুক্ত নহয় নে? যিজনে ইমান বহুমূলীয়া বস্তু দি মোৰ জীৰ মোল বুজে, সেইজনলৈ মই তেওঁক বিয়া দিয়া অনুচিত নে?”

 এনেতে তেওঁৰ প্ৰধান মন্ত্ৰীয়ে মাত লগালে, “মহাৰাজ, উপহাৰ সঁচাকৈয়ে [ ৩১ ] মনমোহা। পিছে মোৰ মনেৰে আপুনি যে আল্লাউদ্দিন বোলা মানুহটোলৈ জীয়েকক বিয়া দিব খুজিছে, তাৰ বাবে তিনি মাহ সময় লওক আৰু ইয়াৰ ভিতৰতে কথাটো ভালকৈ তৰকি চাওক; কিয়নো, মানুহটো আপুনি চিনি নাপায়। ”

 পিছে “কথা বা ক'ত? ভেকুৰীৰ তলত। ” ঘাই কথা হৈছে, প্ৰধান মন্ত্ৰী এজন পুতেকে কুঁৱৰীক বিয়া কৰাব খুজিছিল। সেই কাৰণে আল্লাউদ্দিনৰ মাকক কুঁৱৰীৰ হৈ কথা নিদিবলৈ তেওঁ সেই উপায় উলিয়াইছিল।

 সেইদেখি সম্ৰাটে উলটি চাই আল্লাউদ্দিনৰ মাকক ক'লে, “হেৰা মানুহজনী, তুমি এতিয়া ঘৰলৈ যোৱা। তোমাৰ পুতেৰাক কোৱাগৈ তেওঁ যি খুজিছে তাত সন্মত হৈছোঁ। কিন্তু মই মোৰ জীক তিনি মাহলৈ বিয়া নিদিওঁ। এই তিনি মাহৰ মূৰত তুমি মোক আকৌ দেখা কৰিবাহি। ”

 আল্লাউদ্দিনৰ মাকে সম্ৰাটৰ কথাত বৰ সন্তোষ পালে। তেওঁ আল্লাউদ্দিনক এই শুভ বাতৰি দিবলৈ ততাতৈয়াকৈ ঘৰমুৱা হ'ল। মাকৰ কথা শুনি আল্লাউদ্দিন ৰঙত মতলীয়া হ'ল আৰু সি তাৰ মাকক সেৱাৰ উপৰি সেৱা জনালে।

বিয়া ভাগিল

 আল্লাউদ্দিনে এপষ এদিন এপৰলৈ দিন গণি গণি বৰ হেঁপাহেৰে সেই দীঘল তিনিমাহ পাৰ হৈ যাবলৈ বাট চালে যাতে সোনকালে সি সেই কুঁৱৰীক সম্ৰাটৰ কথামতে কন্যাৰূপে দাবী কৰিব পাৰে! এই তিনি মাহৰ দুমাহ পাৰ হৈ গৈছে, এনেতে সেই চাকিটোৰ তেলখিনি ঢুকালত গোলাৰপৰা আৰু অলপ তেল কিনি আনিবলৈ মাক ওলাই গ'ল। তেওঁ বাহিৰ ওলায়েই আলিবাটত জুমে জুমে মানুহবোৰে চিঞৰি-বাখৰি গান গাই ৰঙ-ধেমালি কৰি ফুৰা দেখি কিনো হৈছে বুলি বিচূৰ্ত্তি হ’ল। ঘৰে ঘৰে ফুলে ৰমক-জমক কৰিছে, খিৰিকিয়ে দামী [ ৩২ ] পাটৰ কাপোৰৰ পৰ্দা ওলমিছে, য’তে ত’তে নিচান উৰিব লাগিছে। তেওঁ বাটেদি যোৱা কিছুমান চিনাকি মানুহক সুধিলে বোলে এইবোৰ কৰাৰ অৰ্থ কি?

 “কেলেই, তুমি জানো শুনা নাই? আমাৰ সম্ৰাটৰ জীয়েক বৰ কুঁৱৰীৰ প্ৰধান মন্ত্ৰীৰ পুতেকৰ সৈতে বিয়া। তালৈকে সকলো মানুহে সুন্দৰ সুন্দৰ সাজ- পাৰ পিন্ধি সমদল কৰি সেই ঠাইলৈ গৈছে। ”

 এই কথা শুনা মাত্ৰেই পুতেকক কথাটো ক'বলৈ একে উশাহতে আল্লাউদ্দিন মাক উলটি ঘৰ পালেগৈ—“বোপাই, বোপাই! তোমাক কোনোবাই ঠগিলে। আজি ৰাতিকৈ প্ৰধান মন্ত্ৰীৰ পুতেকৰ লগত কুঁৱৰীৰ বিয়া পাতিছে। ”

 এই কথা শুনি আল্লাউদ্দিনৰ বৰ খং উঠিল। ঘাই বিয়াৰ আগতে সেই ঠাইত এটা ডাঙৰ ভোজ হ'ব বুলি সি জানিছিল। সি তেতিয়া কি কৰিব লাগিব, ততালিকে থিৰ কৰিলে। সি সেই চাকিটো আৰু যিহকে বিচাৰে তাকে আনি দিবলৈ বাধ্য হোৱা সেই দৈত্যটোৰ কথা ভাবিলে। সি ততালিকে চাকিটো তাৰ শোৱা-কোঠালিলৈ নি আগেয়ে ঘঁহা ঠাইত এটা ঘঁহা মাৰিলে।

 ততালিকে সেই দৈত্যটো আগত ঠিয় হ’লহি। “মোক কি কৰিবলৈ আদেশ দিয়া? মই তোমাৰ দাস। তোমাৰ আজ্ঞা পালিবলৈ মই সাজু। ” আল্লাউদ্দিনে ক'লে—“শুনা, সম্ৰাটে তেওঁৰ জীয়েকক মোলৈ বিয়া দিব বুলি বাইক্‌ কৰিছিল। পিছে মই এতিয়া শুনিছোঁ তেওঁ তেওঁৰ জীয়েকক প্ৰধান মন্ত্ৰীৰ পুতেকলৈ বিয়া দিবলৈ ঠিক কৰিলে। তাত আজি গধূলি ভোজ হৈ যোৱাৰ পাছত তেওঁলোক দুইকো ধৰি পোনেই মোৰ ওচৰলৈ আনি দিব লাগে। ” “যি আজ্ঞা” বুলি দৈত্যটো তৎক্ষণাৎ অন্তৰ্ধান হল।

 মাকৰ সৈতে গধূলি খাই-বৈ উঠি আল্লাউদ্দিন তাৰ কোঠালিলৈ সোমাই গ'ল আৰু দৈত্যটোৰ কাৰণে বাট চাই ৰ'ল।

 ইফালে সম্ৰাটৰ ঘাই ৰাজ-প্ৰাসাদত হোৱা কুঁৱৰীৰ কন্যা-দানৰ ভোজটো সঁচাকৈয়ে ভোজৰ লগৰ ভোজ। ভোজৰ পাছত প্ৰধান মন্ত্ৰীৰ পুতেক আৰু কুঁৱৰী [ ৩৩ ] ৰাজ-প্ৰাসাদৰ নিজ নিজ কোঠালিলৈ যাব খুজিছে, ঠিক এনে সময়তে এই ভয়ঙ্কৰ দৈত্যটো দুইৰো আগত উপস্থিত। দেখিয়ে দুইৰো চুলিৰ আগে জীৱ গ’ল। দৈত্যই নিমিষতে তাৰ দুই বাহুত দুইকো তুলি লৈ কাৰৰ চকুত নপৰাকৈ যাদুৰ বলেৰে আল্লাউদ্দিনৰ আগত তাৰ নিজ কোঠালিত ঠিয় কৰাই দিলেহি।

 আল্লাউদ্দিনে ক'লে, “দৰাটোক লৈ যা। তাক ৰাতি এঠাইত আটক কৰি ৰাখি পুৱা আকৌ এবাৰ ইয়ালৈ লৈ আহিবি। ” সেই মতেই মন্ত্ৰীৰ পুতেকক লৈ চকুৰ পচাৰতে দৈত্যটো কেনিবা নেদেখা হ’ল।

 তেতিয়া আল্লাউদ্দিনে কুঁৱৰীক অকলে ক'লে, “মোলৈ তুমি ভয় নকৰিবা। মই তোমাক বৰ ভাল পাওঁ। মই তোমাৰ সকলো যতন লম। তোমাৰ পিতাৰে তোমাক মোলৈ বিয়া দিম বুলি বাইক্ কৰিছিল। ”

 ৰাতিপুৱালৈ দৈত্যটোৱে দৰাটোক আল্লাউদ্দিনৰ ওচৰলৈ লৈ আহিল। আল্লাউদ্দিনে ক'লে, “প্ৰধান মন্ত্ৰীৰ পুতেক আৰু কুঁৱৰী দুইকো সম্ৰাটৰ ৰাজপ্ৰাসাদত থৈ আহগৈ। ” এইখিনি সময়ত প্ৰধান মন্ত্ৰীৰ পুতেক আৰু কুঁৱৰী কোনেও দৈত্যটো দেখা নাছিল আৰু তেওঁলোকনো ক’ত আছিল তাকো নাজানিছিল। তেওঁলোকে অকল ইয়াকেহে অনুভৱ কৰিব পাৰিছিল যে তেওঁলোকক কোনোবাই ইঠাইৰপৰা সি ঠাইলৈ লৈ ফুৰিছিল।

 পিছদিনা ৰাতিপুৱা খাই-বৈ উঠি সম্ৰাট তেওঁৰ জীয়েকক চাবলৈ আহিল। তেওঁ কুঁৱৰীক মন মাৰি থকা দেখি তেওঁৰনো কি আহুকাল হৈছে বুলি সুধিলে। তাৰ সমিধানত কুঁৱৰীয়ে ক'লে, “মোৰ মৰমৰ পিতাদেৱ, মোৰ এনে ভয়ঙ্কৰ ঘটনা ঘটিছে যে কেনেকৈ কি হৈছে মই একো ক'বই নোৱাৰো। ” তাৰ পাছত সেই ৰাতিৰ সকলো কাহিনী কুঁৱৰীয়ে সম্ৰাটক জনালে।

 সম্ৰাটে তেতিয়া তেওঁৰ প্ৰধান মন্ত্ৰীক মাতি আনি সকলো কথা কোৱাত তেওঁ ক'লে বোলে তেওঁৰ পুতেকৰ তাতোকৈ অঘটন ঘটিছে আৰু সেইবোৰৰ কাৰণ কোনেও ক'ব নোৱাৰে।

[ ৩৪ ]  সম্ৰাটে তেনে গাৰ নোম শিয়ঁৰি উঠা কথা শুনি বিয়া ভাঙি দিলে আৰু বিয়াৰ ভোজ, নাচ-গান, আমোদ-প্ৰমোদ সকলো বন্ধ হব লাগে বুলি জনাই দিলে। ৰাজপ্ৰাসাদত মহা হুলস্থূল লাগিল। কিন্তু আল্লাউদ্দিনৰ বাহিৰে কোনেও তাৰ কাৰণ নাজানিছিল, আৰু সিও কাৰৰ আগত এই ৰহস্য ভেদ নকৰিছিল।

 নিয়মমতে তিনি মাহৰ মূৰ পৰিল; সম্ৰাটৰ কথামতে মাক ৰাজ প্ৰাসাদলৈ গ'ল আৰু সকলোৰে চকু পৰা সেই আগৰ ঠাইতে তেওঁ ঠিয় হ’লগৈ।

 সম্ৰাটে তেওঁক দেখিয়েই তৎক্ষণাৎ চিনি পালে আৰু তেওঁৰ আগলৈ মতাই পঠিয়ালে। গৈয়েই সম্ৰাটৰ ভৰিত দীঘল দি পৰি তেওঁ জনালে, “মহাৰাজ, আপোনাৰ কথামতে মই আজি তিনি মাহৰ মূৰত আহিছোঁ। আপুনি পোলৈ কৰা বাইক্‌ এতিয়া ৰাখিব লাগে। ”

 সম্ৰাটে প্ৰধান মন্ত্ৰীৰ ফালে চাই সুধিলে, “এতিয়া কি কৰা উচিত?” প্ৰধান মন্ত্ৰীয়ে মিহি মাতেৰে ক'লে—“এই মানুহজনীৰ দুখীয়া সামান্য পুতেক এটালৈ সম্ৰাটৰ জীয়েকক বিয়া দিয়া অনুচিত, আৰু এই মানুহজনীৰ ঘনাই ইয়ালৈ অহাটোও বন্ধ কৰিব লাগিব। তাৰ বাবে আল্লাউদ্দিনে এটা অসম্ভৱ কাম কৰিব লাগে বুলি আদেশ দিয়ক। ”

 সম্ৰাটে এই উপদেশকে সাৰৰাগত কৰি আল্লাউদ্দিনৰ মাকক ক'লে— “হেৰা মানুহজনী, মই মোৰ বাক্য পালন কৰিবই লাগিব, সঁচা। মই মোৰ জীক মোৰ পুতেৰালৈ দিবলৈ সাজু আছে। কিন্তু আগতে মই প্ৰমাণ পাব লাগিব, মোৰ জীক তোমাৰ পুতেৰে ৰাজসুখত ৰাখিব পাৰিব নে নোৱাৰে। যদি তোমাৰ পুতেৰে ভাল কাপোৰ-কানি পিন্ধা দুকুৰি ক'লা দাসৰ হাতত বহুমূলীয়া হীৰা- মুকুতাৰে ভৰা দুকুৰিখন সোণৰ কাঁহী মোৰ জীলৈ আনিব পাৰে, তেহে মোৰ জীক তোমাৰ পুতেৰালৈ বিয়া দিব পাৰিম। এতিয়া তুমি যোৱা, আৰু মই যি কৈছোঁ সকলো পুতেৰাক কোৱাগৈ। ”

 আল্লাউদ্দিনৰ মাক ঘৰলৈ উলটিল। “সম্ৰাটৰ জীয়েকক আল্লাউদ্দিনে বিয়া কৰাব খোজে? ইনো কি অকৰা অ’? সিনো এতিয়া কুঁৱৰীলৈ এনে এটা জোৰনকে কত পায়?” এইবোৰ ভাবি-চিন্তি আহোতে বাটত তেওঁৰ অকলে [ ৩৫ ] অকলেই হাঁহি উঠিছিল।

 ঘৰ পাই তেওঁ আল্লাউদ্দিনক সম্ৰাটৰ বাতৰি যোগালে আৰু লগতে এষাৰ বঢ়াই ক'লে—“পাৰানে নোৱাৰা এটা সমিধান তেওঁ সোনকালে বিচাৰিছে। মোৰ মনেৰে তোমাৰ এইবোৰ বস্তুলৈ বাট চাই চাই ৰজাৰ আমনি লাগিব। হীৰা-মুকুতা আৰু সেইবোৰ কঢ়িয়াবলৈ লগা চাৰিকুৰি দাসৰ কথা মই এৰিয়ে দিছোঁ নহয়, দুকুৰিখন সোণৰ কাঁহীকেনো সতকাই ক'ত পাবা?”

 “বাৰু, সেইবোৰ কথা মোলৈ এৰি দিয়া, আই! মই সঁচাকৈয়ে কওঁ, তুমি এই কথাটো যিমান টান বুলি ভাবিছা দৰাচলতে সি সিমান টান নহয়। এইবুলি আল্লাউদ্দিনে তাৰ সৰু কোঠালিটোলৈ গৈ দুৱাৰখন মেলিলে আৰু চাকিটো ঘঁহি দৈত্যটোক মাতি ক'লে, “সম্ৰাটে খোজা আটাইবোৰ বস্তু মোক আনি দে। ”

 সি আদেশ দিবলৈহে পালে, তৎক্ষণাৎ সেই দৈত্যটো গৈ ভাল ভাল কাপোৰ-কানি পিন্ধা দুকুৰি বগা দাসে অনা হীৰা-মুকুতাৰে ভৰা দুকুৰি সোণৰ কঁহী অনা দুকুৰি ক'লা দাসেৰে উলটি আহিল।

কুঁৱৰীলৈ জোৰন

 আল্লাউদ্দিনে মাকক তাৰ সুন্দৰ উপহাৰটো দেখুৱাই ক'লে, “আই, অবাবত সময় নকটাবা। তুমি এতিয়া সম্ৰাটৰ ঘৰলৈ বাট দেখুৱাই যাব লাগে। সম্ৰাটৰ কাষ পায়েই তেওঁক তেওঁৰ জীয়েক কুঁৱৰীৰ হৈ মোৰ এই জোৰন গ্ৰহণ কৰিবলৈ ক’বা। ”

 মানুহবোৰে আলিত জুম পাতি সেই সমদল চাইছিল। কাৰণ এনে অভাৱনীয় সমদল তেওঁলোকে আগেয়ে ক’তো দেখা নাছিল। শোভাযাত্ৰা অলপ সময়ৰ ভিতৰতে ৰাজপ্ৰাসাদ পালেহি। সম্ৰাট তেতিয়াও তেওঁৰ সিংহাসনত বহি আছিল। ক’লা দাসবোৰে তেওঁৰ আগত দলিচাৰ ওপৰত এই বহুমূলীয়া বস্তুৰে [ ৩৬ ] ভৰাই থোৱা সোণৰ কাঁহীবোৰ থলে আৰু সিহঁত আঁঠু লৈ বহিল। তেতিয়া বগা দাসবোৰে সেই বিচিত্ৰ হীৰা-মুকুতাৰে সজোৱা সোণৰ কাঁহীবোৰ এখন এখনকৈ উদঙাই সম্ৰাট আৰু সভাসদসকলক দেখুৱালে।

 তাৰ পিছত আল্লাউদ্দিনৰ মাকে লাহেকৈ কেইখোজমান আগবাঢ়ি গৈ সম্ৰাটক জনালে, “মোৰ পোৰে অলপো হেলা নকৰি আপোনাৰ আজ্ঞা পালন কৰিছে আৰু আশা পালিছে মই লগত অনা এই জোৰনটো আপোনাৰ জীয়েকৰ হৈ আপুনি গ্ৰহণ কৰে যেন। ” তেওঁৰ আগত থকা বিচিত্ৰ পোৱাল-বাখৰ আদিৰ জেউতি দেখি তেওঁৰ চকুত চমক লাগিছিল। তেওঁ স্বপ্ন দেখা মানুহৰ দৰে ক'লে, “যোৱাঁ, তুমি এতিয়াই গৈ তোমাৰ পুতেৰাক কোৱাগৈ তেওঁক আদৰিবলৈ মই দুই বাহু মেলি বাট চাই আছোঁ। তেওঁ যিমান সোনকালে আহে, মই সিমান অধিক ৰঙ পাম। ”

 ইফালে সম্ৰাটৰ আদেশ মতে তেওঁৰ লগুৱাবোৰে হীৰা-মুকুতাৰে ভৰা সেই সোণৰ কাঁহীবোৰ কুঁৱৰীৰ কোঠালিলৈ লৈ গ'ল আৰু কুঁৱৰীৰে সৈতে তেওঁ সেইবিলাক চাবগৈ বুলি কৈ পঠালে। আল্লাউদ্দিনৰ মাক আনন্দত উত্ৰাৱল হৈ বেগাই ঘৰলৈ গ'ল আৰু পুতেকক সম্ৰাটৰ বাতৰি দিলেগৈ। “মোৰ বোপাই, তোমাৰ ইচ্ছা পূৰণ হৈছে। সম্ৰাটে কুঁৱৰীক তোমালৈ বিয়া দিব। এতিয়া তেওঁ তেওঁৰ ৰাজপ্ৰাসাদত তোমালৈ হেঁপাহেৰে বাট চাই আছে। ”

 আল্লাউদ্দিনৰ মনত আছিল সি সেইদৰে কুঁৱৰীৰ আগত ওলাবলৈ নোৱাৰে। সেই কাৰণে সি আকৌ দৈত্যটো মাতি ক'লে—“দৈত্য, মোক তৎক্ষণাৎ গা-ধোৱা ঘৰলৈ নিয়া আৰু পিন্ধিবলৈ সৱাতো সুন্দৰ ৰাজ-সাজ এটা আনা। ” তাৰ মুখৰপৰা কথা কেইটা সৰি পৰাৰ লগে লগেই সি সুন্দৰ গা ধোৱা ঘৰৰ ডাঙৰ কোঠা এটাত ওলালগৈ। সুন্দৰ বগা ফটিকৰ মজিয়াৰ ওপৰত সুগন্ধি পানীৰে গা ধোৱা হ’লত সি কাপোৰ-পিন্ধা কোঠালৈ গ'ল। চাই থাকোতেই তাৰ গাৰ আগৰ সাজ-পাৰ গুচি তাৰ ঠাইত এটা বিচিত্ৰ ৰাজ-সাজ তাৰ গাত থকা সি দেখা পালে।
[ ৩৭ ]
[ ৩৮ ]  সাজ পিন্ধাত দৈত্যটোৱে তাক সহায় কৰিছিল। তাৰ পাছত দৈত্যটোৱে

তাক এটা সুন্দৰ ঘোঁৰাত বহুৱালে আৰু তাৰ দুয়ো কাষে কুৰিটা দাস গা-ৰখীয়া স্বৰূপে দিলে। তাৰ পাছত আল্লাউদ্দিন ৰাজপ্ৰাসাদলৈ ওলাই গ'ল। মাকো সেইদৰে সুন্দৰ সাজ-পাৰ পিন্ধি আৰু তেওঁৰ নিজ শুশ্ৰূষাৰ বাবে এজনী দাসী লগত লৈ পুতেকৰ সৈতে ওলাল। এইদৰে দৰাঘৰীয়া গৈ যেতিয়া ৰাজপ্ৰাসাদ পালেগৈ, আল্লাউদ্দিন নিজতকৈও দামী সাজ-পাৰ পিন্ধা দেখি সম্ৰাটে তবধ মানিলে। তেওঁ তেতিয়া আল্লাউদ্দিনক ৰঙ মনেৰে সাৱটি ধৰিলে, আৰু সি তাক তেনে কৰিব নিদিয়াত দুইহাতে ধৰি তেওঁৰ সিংহাসনৰ এদাঁতিয়ে তাক বহিবলৈ দিলে। জোঁৱায়েকৰ সন্মানৰ কাৰণে পতা ভোজটোৰ পাছত এই বিয়াৰ বন্দবস্ত লিখালিখি কৰি থবলৈ প্ৰধান মন্ত্ৰীক আদেশ দিলে।

 সম্ৰাটৰ ইচ্ছা আছিল, ৰাজপ্ৰাসাদতে তেতিয়াই বিয়া হৈ যাওক। কিন্তু আল্লাউদ্দিনে ক'লে, “দেউতা, আপোনাৰ আদৰ-সাদৰত মই বৰ সন্তোষ পাইছোঁ, আৰু আপোনাৰ সদ্ অভিপ্ৰায় বুজি পাইছোঁ। কিন্তু কুঁৱৰী থাকিবলৈ এটা ঘৰ মই সোনকালে সজাব খুজিছোঁ। সেইদেখি এই ৰাজপ্ৰাসাদত থাকি বিয়া পাতিবৰ মোৰ মন নাই। ”

 এইবুলি আল্লাউদ্দিন ঘৰলৈ উলটিল। সি আকৌ নিজৰ কোঠালিত সোমাই দৈত্যটোক মাতি ক'লে, “দৈত্য, কুঁৱৰী থাকিবলৈ উপযুক্ত এটা অট্টালিকা মোক সাজি দিব লাগে। তাক সুন্দৰ ফটিকেৰে সাজিবি, আৰু বেৰবোৰ সোণেৰে বন্ধাবি। মোক কেনেকুৱাকৈ লাগে তই জানই নহয়? তোৰ ওপৰতে মই সকলো ভাষা কৰিলোঁ; দৈত্য! চাবি, যাতে মোৰ ইচ্ছা-পূৰণ হয়। ”
[ ৩৯ ]

পুৰণি চাকিৰ সলনি নতুন চাকি

 পাছদিনা দোকমোকালিতে উঠিয়েই আল্লাউদ্দিনে দৈত্যটোক দেখিলে। দৈত্যটোৱে ক'লে, “কাৰেঙৰ কাম শেষ হ’ল। এতিয়া কাৰেঙ তোমাৰ মনৰ জোখাৰ হৈছেনে নাই হোৱা তুমি নিজে আহি এবাৰ চাই যোৱা ভাল। ”

 নিমিষৰ ভিতৰতে সি তাক নতুন কাৰেঙলৈ লৈ গ'ল। আল্লাউদ্দিনে তাৰ চালে চকু ৰোৱা আহলবহল কোঠালিবোৰ সোমাই চালে। সি তাক কোৱামতেই ঘোঁৰাশাল, ফুলনিবাৰী সকলো ঠিক-ঠাক পালেগৈ। তেতিয়াই সি দৈত্যটোক ক'লে, “তই আটাইবোৰ কাম নিখুঁতকৈ কৰিছ। মই ইয়াত এফেৰাও আঁৰ দেখা নাই। ”

 সেই ৰাতিপুৱাতে ইফালে দুৱৰীবোৰে দুৱাৰ-খিৰিকি মেলিয়েই আগদিনা পুৰণি ফুলনি-বাৰীখন থকা ঠাইডোখৰত এটা বিচিত্ৰ অট্টালিকা দেখি বৰ বিচূৰ্ত্তি হ’ল। চকুৰে যি দেখিলে তাকে লগুৱাবোৰে লৰমাৰি গৈ প্ৰধান মন্ত্ৰীক ক'লেগৈ, মন্ত্ৰীয়ে সম্ৰাটক ক'লেগৈ। সম্ৰাটে ক'লে, “এইটো মোৰ জীৰ কাৰণে আল্লাউদ্দিনে সজোৱা অট্টালিকাটো হ’ব পায়। এৰাতিৰ ভিতৰতে তেওঁ কি কৰিব পাৰে তাকে আমাক দেখুৱাই অবাক কৰিবৰ কাৰণেই হ’বলা এই ধুনীয়া কাৰেঙটো এইদৰে সজাই থৈছে। ”

 সেই ৰাতিয়েই আল্লাউদ্দিনে তাৰ মাকৰ ঘৰ এৰি কুঁৱৰীয়ে সৈতে দৈত্যই সজা নতুন অট্টালিকালৈ আহিল। সি সৌভাগ্যৰ সঙ্কেত স্বৰূপে পোৱা আঙঠিতো আৰু সেই আচৰিত চাকিটো লগত নিবলৈ নাপাহৰিছিল। সি আৰু কুঁৱৰী দুয়ো লগ হৈ বৰ আনন্দ অনুভৱ কৰিলে।

 এই নতুন ঘৰ পাই তাৰ সুন্দৰ মনমোহা বস্তুবোৰ দেখি কুঁৱৰীৰ চকুত চমক লাগিল। তেওঁ আল্লাউদ্দিনক ক'লে, “কোঁৱৰ, ভাবিছিলোঁ মোৰ পিতাদেউৰ অট্টালিকাৰ নিচিনা অনুপম বস্তু পৃথিৱীতে নাই। কিন্তু এই কাৰেঙটোৰ এই [ ৪০ ] কোঠালিটো দেখিয়েই মই বুজিব পাৰিছোঁ মোৰ সেই ধাৰণা ভুল। "

 পিছদিনা সম্ৰাট আৰু তাৰ ঘৈণীয়েকক দেখা কৰিবলৈ আহিল। জুমে জুমে মানুহ বাহিৰত ঠিয় দি সেই বিচিত্ৰ কাৰেঙটো আৰু তাৰ হীৰা-মুকুতা খটোৱা বেৰ, দুৱাৰ, খিৰিকিবোৰ চাই সেইবোৰৰ গুণ বখানিবলৈ ধৰিলে।

 আল্লাউদ্দিন এতিয়া ধনী মানুহ। সি বাটেদি যাওঁতে দুখীয়া মানুহক দুপইছা দান নকৰাকৈ নাযায়। এইবোৰ কাৰণে মানুহে তাক বৰ ভাল পাবলৈ ধৰিলে। সি ভালেমান দিন এইদৰে সুখেৰে কাল কটাইছে। এনেতে এদিন সেই আল্লাউদ্দিনৰ দদায়েক বোলা দুষ্ট যাদুকৰটো নগৰলৈ ফুৰিবলৈ আহিল। সেই সুন্দৰ ঘৰটো দেখি আৰু আল্লাউদ্দিনৰ কাহিনী শুনি তাৰ বুজিবলৈ সৰহ পৰ নালাগিল, যে চাকিটোৰ দৈত্যটোৱেই এই সকলো আচৰিত কাম তাক কৰি দিছিল।

 যাদুকৰটোৱে কুঁৱৰী আৰু তেওঁৰ গিৰিয়েকৰ কথা সুধি-পুছি জানিব পাৰিলে সেইদিনা আল্লাউদ্দিন চিকাৰ কৰিবলৈ গৈছিল, আৰু আঠদিনৰ মূৰতহে ঘূৰি পাবহি। একেলগে সি এইটোও জানি ললে, সেই আচৰিত চাকিটো এই অট্টালিকাৰ ভিতৰতে আছে। গতিকে সি যেনে তেনে উপায়ে এতিয়া সেইটো সৰকাবৰ উপায় চিন্তিলে। সি চাকিটো চুৰ কৰি নিবও পাৰিলেহেঁতেন, কিন্তু চুৰ কৰি নিলে সেইটো তাৰ কোনো কামত নাহিব। কিয়নো আগতে কোৱা আছে যে চাকিটো কোনোবাই তাৰ হাতত তুলি দিব লাগিব।

 সি কি কৰিব, এই বিষয়ে ততালিকে ঠিক কৰিলে। সি এখন দোকানলৈ গৈ তেনেকুৱা বাৰটা চাকি কিনি আনিলে। সি সেইবোৰ এটা পাচিত ভৰাই আল্লাউদ্দিনৰ কাৰেঙৰ আগেদি কান্ধত তুলি লৈ গ'ল। আল্লাউদ্দিনৰ ঘৰৰ আগ পায়ে “পুৰণি চাকিৰ সলনি নতুন চাকি কোনে ল’ব? পুৰণি চাকিৰ সলনি নতুন’—এইবুলি সি চিঞৰিবলৈ ধৰিলে। তাৰ কথা শুনি মানুহবোৰে হাঁহিবলৈ আৰু বিদ্ৰূপ কৰিবলৈ ধৰিলে। মানুহে ভাবিলে এই বুঢ়া মানুহটো নিশ্চয় বলিয়া। নহ'লে ই পুৰণি চাকিৰ সলনি নতুন চাকি দিব কিয়?
[ ৪১ ]
[ ৪২ ]  সি কিন্তু সেইদৰে চিঞৰিয়ে ফুৰিবলৈ ধৰিলে। “পুৰণি চাকিৰ সলনি নতুন!

পুৰণিৰ সলনি নতুন!!” কুঁৱৰীয়ে তাৰ চিঞৰ শুনি লিগিৰী এজনী পঠাই সোধালে সি নো কি বেচিছে। তাই হাঁহি হাঁহি উলটি আহি ক'লে, “আইদেউ, মুৰ্খ বুঢ়া মানুহটোৱে কৈছে সি হেনো পুৰণি চাকিৰ সলনি নতুন চাকি দিব। আমাৰ কাৰেঙৰ ক'ৰবাত এটা পুৰণি চাকি থকা মই ক'ব পাৰোঁ, আৰু সেইটো কোঁঁৱৰ দেউতাৰ কোঠালিত আছে। আপুনি কয় যদি মই সেইটোকে নি ভোদা বুঢ়া মানুহটোৱে তাৰ নতুন চাকি সলায় নে নসলায় মই চাব পাৰোঁ। ”

 কুঁৱৰীয়ে লিগিৰীজনীক ক'লে, “যাচোন বাৰু, পুৰণি চাকিটো আনি দে; আৰু মুৰ্খ মানুহটোক দিবলৈ দাস এটাক ক। ” আচৰিত চাকিটোৰ মহিমা আল্লাউদ্দিনে কুঁৱৰীক কোৱা নাছিল। তেওঁ নাজানিছিল ইয়াৰ মূল্য কিমান? জনা হলে সেইটো তেওঁ কেতিয়াও এৰি নিদিলেহেঁতেন। দাসটোৱে চাকিটো হাতত লৈ লৰি গৈ মানুহটোক ক'লে, “এয়া, এই পুৰণি চাকিটোৰ সলনি মোক নতুন এটা দিয়া। ”

 যাদুকৰটোৱে তৎক্ষণাৎ চিনি পালে যে সেই চাকিটোকে সি ইমান দিনে ইমান কষ্ট খাই বিচাৰি ফুৰিছিল। সি দাসটোৰপৰা চাকিটো থাপ মাৰি নিলে আৰু লগুৱাটোক তাৰ পাচিৰপৰা ভাল চাই এটা নতুন চাকি নিবলৈ ক'লে। সিও তাৰ কথা মতে এটা চাকি লৈ গৈ লিগিৰীজনীৰ হাতত দিলে, আৰু তাই নি কুঁৱৰীক দেখুৱালেগৈ।

 যাদুকৰটো আলিত আৰু সৰহ পৰ নৰল। যাদু কৰা চাকিটো লৈ সি বেগাবেগিকৈ নগৰৰ বাহিৰ ওলাল আৰু এডোখৰ নিৰ্জ্জন ঠাই নোপোৱালৈকে সি কতো অলপো নবহিল। এনেতে সন্ধিয়া লাগিল। সি বুকুৰ কাপোৰৰ তলৰপৰা চাকিটো উলিয়াই লৈ ঘঁহা এটা মাৰিলে। ভয়ঙ্কৰ দৈত্যটো তৎক্ষণাৎ দেখা দি ক'লে “তোমাক কি লাগে? মই তোমাৰ দাস। ”

 যাদুকৰটোৱে ক'লে, “মই তোক আদেশ দিছোঁ, তই নিজে সজা সেই [ ৪৩ ] কাৰেঙটো, তাত থকা সকলো মানুহ আৰু মোক এতিয়াই আফ্ৰিকালৈ লৈ ব’ল। ” দৈত্যটোৱে আৰু লগৰ বহতীয়াবোৰে, কোৱা মাত্ৰে তাৰ আদেশ পালন কৰিলে।

 পিছদিনা নিছেই ৰাতিপুৱাতেই সম্ৰাটে আন কালৰ দৰে তেওঁৰ জীয়েকক চাবৰ কাৰণে আল্লাউদ্দিনৰ ঘৰলৈ গৈ দেখে যে ঘৰটো তাত নাই। সেই ঠাইত বা তাৰ ওচৰত ঘৰটোৰ কোনো চিন-চাবেই নাই।

 ইমান ডাঙৰ ঘৰ এটানো এৰাতিৰ ভিতৰতে কেনেকৈ লৰচৰ হ’ব পাৰে, তেওঁ ভাবি নাপালে। সেই কাৰণে তেওঁ প্ৰধান মন্ত্ৰীক মাতি পঠালে। তেৱে কথাটো বুজাই দিব নোৱাৰিলে, সেই দেখি সম্ৰাটে জীয়েকক কেনেকৈ বিচাৰি পাব তাৰ উপায় বিচাৰিলে।

 প্ৰধান মন্ত্ৰীয়ে আল্লাউদ্দিনক ভাল নাপাইছিল। কাৰণ সি নোহোৱা হলে তেওঁৰ পুতেকে কুঁৱৰীক বিয়া কৰাব পাৰিলেহেঁতেন। সেই কাৰণে তেওঁ সম্ৰাটক ক’লে বোলে তেওঁৰ মনেৰে এই ঘৰটো কেতিয়াও প্ৰকৃত নহয়, এইটো যাদুৰে সজা ঘৰ। তেওঁ আৰু ক'লে, মহাৰাজ মোৰ মনেৰে কুঁৱৰীক উলিয়াই দিব নোৱাৰিলে তৎক্ষণাৎ আল্লাউদ্দিনক বন্দী কৰক।

 আঠ দিনৰ মূৰত আল্লাউদ্দিন চিকাৰৰ পৰা ঘূৰি আহিছিল। সম্ৰাটৰ সৈন্যই আল্লাউদ্দিনক বন্দী কৰি সম্ৰাটৰ আগলৈ আনিলে। কিন্তু আল্লাউদ্দিনৰ কোনো অন্যায় কৰা কথা মনত নপৰিল। তথাপি সম্ৰাটে আগদিনাই তাৰ মূৰ কাটিব লাগে বুলি আদেশ দিলে। তেওঁ প্ৰধান মন্ত্ৰীৰ কথামতে আল্লাউদ্দিনক এটা কথাও ক’বলৈ সুবিধা নিদিলে। সেই নগৰৰ প্ৰজাবোৰক আল্লাউদ্দিনে সদায় উপকাৰ কৰিছিল দেখি মানুহে আল্লাউদ্দিনক বৰ ভাল পাইছিল। এতিয়া আল্লাউদ্দিনৰ মৃত্যুদণ্ড হ'ব বুলি জানি জাকে জাকে মানুহবোৰ আলিলৈ আহিল। আৰু আল্লাউদ্দিনক বন্দী কৰাৰ কাৰণে সম্ৰাটৰ সৈন্যবোৰৰ লগত যুদ্ধ কৰিবলৈ ধৰিলে। সম্ৰাটৰ ভয় লাগিল আৰু আল্লাউদ্দিনক আকৌ মুক্তি দিবলৈ আদেশ দিলে।

[ ৪৪ ]  পোনছাটেই আল্লাউদ্দিনে সম্ৰাটৰ ওচৰলৈ আহি ক'লে, “মহাৰাজ, মই এনে কি অপৰাধ কৰিলোঁ যে আপুনি মোৰ প্ৰতি ইমান নিষ্ঠুৰ ব্যৱহাৰ দেখুৱালে। ”

 সম্ৰাটে ক'লে, “মোক কিয় সুধিছা? এই খিৰিকিয়েদি চাই মোক কোৱাচোন তোমাৰ কাৰেঙটো কলৈ গ'ল। ”

 আল্লাউদ্দিনে খিৰিকিয়েদি চাই দেখে সঁচাকৈয়ে তাৰ ঘৰটো নাই! সি সেইপিনেই থৰ লাগিল আৰু তাৰ মুখত মাত নফুটা হ’ল। কিয়নো সি তেতিয়াও ঘৰলৈ ঘূৰি যোৱা নাছিল আৰু সেইদেখি কত কি হৈছিল একো নাজানিছিল।

 বহুত পৰৰ মূৰত সি ক'লে, “সঁচা, তাত ঘৰটো নাই। পিছে মই সেই বিষয়ে একো নাজানো। এতিয়া মোক দুকুৰি দিন সময় দিবলৈ সন্ত্ৰাটক মিনতি জনাইছোঁ। এই সময়ৰ ভিতৰত যদি মই ঘৰটো বিচাৰি নাপাওঁ, তেন্তে নিজে আপোনাৰ আগত মই মোৰ ডিঙি পাতি দিম। ”

 সম্ৰাটে ক'লে—“বাৰু, তোমাৰ কথাকে সঁচা বুলি ধৰিলোঁ। ”


যাদুকৰটোৰ শেষ পৰাজয়

 আল্লাউদ্দিন বৰ বেজাৰ মনেৰে ওলাই গ'ল। সি বাটত যাকে লগ পায় তাকে ঘৰটোৰ কথা সুধি তিন দিন সেই নগৰতে অনাই-বনাই ফুৰিলে।

 তিন দিনৰ দিনা সি এখন নৈৰ পাৰ ওলালগৈ, তাতে সি এটা পিচল খাই ধাঁচকৰে পৰি গ'ল। সেই অৱস্থাতে তাৰ হাতত থকা আঙঠিটো ঘঁহনি খালে। তৎক্ষণাৎ তাৰ আগত আঙঠিৰ দাসটো ঠিয় হৈ ক'লে, “মই কি কৰি দিব [ ৪৫ ] লাগিব?” আল্লাউদ্দিনে ক'লে, “মই সজোৱা কাৰেঙটো ক'ত আছে মোক দেখুৱাই দেগৈ আৰু তই পাৰ যদি কাৰেঙটো মোক আগৰ ঠাইলৈ আনি দে। দৈত্যটোৱে ক'লে “তুমি কোৱা সকলো কাম কৰিবৰ মোৰ সাধ্য নাই। চাকিটোৰ দৈত্যটো মোতকৈ অধিক বলৱান। ”

 আল্লাউদ্দিনে ক'লে, “তেনেহলে মই আদেশ দিছোঁ, আঙঠিটোৰ শক্তিৰ বলেৰে তই মোক সেই কাৰেঙটোলৈকে লৈ যা। ” দৈত্যটোৱে তৎক্ষণাৎ তাক সাগৰ পাৰ কৰি আফ্ৰিকালৈ লৈ গ'ল আৰু কুঁৱৰীৰ খিৰিকিৰ তলতে আল্লাউদ্দিনক নমাই থলে।

 আল্লাউদ্দিনে ভিতৰৰ এখন দুৱাৰেদি কাৰেঙ সোমাই কুঁৱৰীক দেখা কৰিলে। ইমান দিনৰ মূৰত গিৰিয়েকক ভালে-কুশলে উলটি অহা লগ পাই কুঁৱৰী আনন্দত অধীৰ। অলপ পৰৰ পাছত আল্লাউদ্দিনে ক'লে, “কোঁঁৱাচোন, কুঁৱৰী আমাৰ শোৱা কুঠৰীৰ পাতছটাত থকা চাকিটো কি হল?”

 কুঁৱৰীয়ে হুমুনিয়াহ কাঢ়ি ক'লে, “দেহি ঐ মই ঠিক ভাবিছিলোঁ বোলো এই সকলোবোৰ বিপদ সেই চাকিটোৰপৰাই হৈছে। ” তেতিয়া তেওঁ ‘পুৰণি চাকিৰ সলনি নতুন চাকি কোনে ল’ব’ বুলি চিঞৰা বুঢ়াটোৰ কথাৰপৰা সকলো কথা আঁতি-গুৰি মাৰি গিৰিয়েকক ক'লে।

 আল্লাউদ্দিনে সুধিলে, “পিছে, চাকিটো এতিয়া ক'ত আছে ক’ব পাৰা জানো?”

 ‘এই যাদুকৰটোৱে চাকিটো সদায় তাৰ চোলাৰ মাজত ভৰাই লৈ ফুৰায়। সিদিনা গধূলি তাৰপৰা চাকিটো উলিয়াই সি মোক দেখুৱাইছিল বুলিহে মই এইটো কথা জানিব পাৰিলোঁ। সি এতিয়াও সৌ ওচৰতে থাকি এই কাৰেঙটোলৈ সদায় মন কৰি থাকে। ’

 কুঁৱৰীক তাতে এৰি আল্লাউদ্দিন সেই নগৰৰ ভিতৰলৈ গ'ল। ইফালে সিফালে ঘূৰি-পকি সি শেষত এখন দৰবৰ দোকানত সোমাল। তাতে সি কিবা [ ৪৬ ]
[ ৪৭ ] গুড়ি অলপমান কিনি লৈ কাৰেঙলৈ উলটি আহিল। সি কুঁৱৰীক ক'লে, “মোৰ

মৰমৰ কুঁৱৰী, যাদুকৰটোক আজি ৰাতি খাবলৈ মাতা। তাৰে সৈতে বৰ মিতিৰালি কৰা যেন দেখুৱাই তাক তোমাৰ এই বাটিটোৰ মদখিনি পিবলৈ দিবা। সি তোমাৰ কথা পেলাব নোৱাৰিব। তাতে মই গুড়ি অলপ পেলাই থওঁ। সেইখিনি পেটলৈ গ'লেই সেইপিনেই তাৰ টোপনি যাব। তেতিয়া তাৰপৰা চাকিটো সহজে ল’ব পাৰিম। ”

 আল্লাউদ্দিনে কোৱামতে কুঁৱৰীয়ে দিহা কৰিলে। তেওঁ তাক বাটিটোত কেইটোপালমান মদ মিহলাই দিলে। সি সেই বাটি মদ একে-সোহাই শেষ কৰিলে। তাৰ অলপ পাছতে যাদুকৰটো বহা ঠাইতে ঢাল খাই পৰিল আৰু চিৰকাললৈ চকু মুদিলে। কুঁৱৰীয়ে তেতিয়া আল্লাউদ্দিনলৈ বাতৰি পঠিয়ালে। সি আহি কুঁৱৰীক কোঠালিটোৰ পৰা ওলাই আহিবলৈ ক'লে। কুঁৱৰী আৰু লিগিৰীহঁত তাৰপৰা ওলাই আহিলত আল্লাউদ্দিনে যাদুকৰটোৰ কাপোৰবোৰ সোলোকাই চাকিটো উলিয়াই আনিলে। সি চাকিটো ঘঁহিলে আৰু তৎক্ষণাৎ দৈত্যটোৱে দেখা দিলে। সি তাক ক'লে, “এই কাৰেঙটো য'ৰপৰা আনিছিলি, তালৈ লৈ যা। ” সেই মতেই নিমিষৰ ভিতৰত আল্লাউদ্দিন, কুঁৱৰী আৰু লগুৱা-লিগিৰীৰে সৈতে কাৰেঙটো চীন দেশ পালেগৈ, আৰু আগৰ ঠাইত আগৰ দৰে ঠিয় হৈ ৰ’ল।

 পিছ দিনা সম্ৰাটে জীয়েকৰ কথা ভাবি বেজাৰ মনেৰে আগেয়ে কাৰেঙটো থকা ঠাইডোখৰ চাওঁ বুলি খিৰিকিয়েদি ভুমুকিয়াই চাইছিল। তেওঁ দেখি অতিকৈ আচৰিত হ’ল, সেই ধুনীয়া কাৰেঙটি আকৌ আগৰ ঠাইতে ঠিয় হৈ আছে; যেন তাক কোনেও লৰচৰ কৰাই নাই!

 তেওঁৰ আদেশমতে ঘোঁৰাত জীন লগোৱা হ'ল আৰু তেওঁৰ চকুৱে দিয়া বাতৰি সঁচানে মিছা তাক প্ৰমাণ কৰিবলৈ সম্ৰাট সেই ঠাইলৈ গ'ল।

 তেওঁক অহা দেখি আল্লাউদ্দিনে আগবঢ়াই নিলেহি। কুঁৱৰীৰ ওচৰ পাই [ ৪৮ ] সম্ৰাটৰ আনন্দত চকুলো ওলাল। তাৰ পাছত সম্ৰাটক আল্লাউদ্দিনে চাকিটোৰ গোটেই কাহিনীটো ক'লে আৰু তেতিয়াৰ পৰা পাছলৈ চাকিটো অতি সাৱধানে ৰাখিব বুলি জনালে।

 যেতিয়া সেই সম্ৰাটৰ মৃত্যু হ’ল, আল্লাউদ্দিন আৰু কুঁৱৰী তেওঁৰ ৰাজপাটত উঠিল, আৰু অতি সুখে-সন্তোষে তেওঁলোকে বহুত কাল ৰাজ্য ভোগ কৰিলে।

সমাপ্ত







48

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।