পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খাই উঠি খাবলৈ, পাচিটো ভাল ভাল ফলেৰে ভৰাই আনিছিল। সি পাচিটো আল্লাউদ্দিনৰ হাতত দিলে আৰু মাকক সেৱা-সম্ভাষণ জনাই ক'লে, ‘দেহি ঐ! মোৰ দৰ্জি ককাইদেউ জীয়াই থাকোতে আগে-পাছে যত বহে, সেই ঠাইতে মোক এতিয়া বহিবলৈ দিয়াচোন?”

 গিৰিয়েক আগেয়ে বহা খাটখনলৈ আঙুলিয়াই দি আল্লাউদ্দিনৰ মাকে তাক তাতে বহিবলৈ ক'লে। মানুহটোৱে তাতে বহি তললৈ মূৰকৈ চকুৰ পানী টুকিবলৈ ধৰিলে। “দেহি ঐ! মোৰ ককাইদেউ, তুমি কলৈ গলা? মোৰ এনে পোৰা কপাল, তুমি ঢুকুৱাৰ আগতে তোমাক এবাৰ চাই ল’বলৈ, তোমাৰ লগত দুষাৰ দুখ-সুখৰ কথা হ’বলৈ মই আহিব নোৱাৰিলোঁ। তাৰ পাছত আল্লাউদ্দিনৰ মাকক, বৌদেও’ বুলি তেওঁৰে সৈতে সি কথা পাতিবলৈ ধৰিলে। সি ক'লে, “মই আজি দুকুৰি বছৰ দেশে-বিদেশে ঘূৰি ফুৰিছোঁ। এতিয়া ভালেমান দেশ ফুৰি ইয়ালৈ আহিছোঁ, সেই কাৰণে তুমি মোক আগেয়ে দেখা নাই। এতিয়া মই ককাইদেউ ঢুকুৱা বুলি শুনি তেওঁৰ ঘৰৰ বা বাতৰি ল’বলৈ আৰু তেওঁৰ ঘৰৰ লাগতিয়াল সকলো দিহা-পোহা কৰিবলৈ আহিছোঁ। ”

 গিৰিয়েকৰ কথা শুনিয়েই তিৰুতাগৰাকীয়ে হুক্‌হুক্‌কৰে কান্দিবলৈ ধৰিলে। তেওঁৰ গিৰিয়েক বৰ মৰমিয়াল আছিল আৰু ল'ৰা- তিৰুতাৰ কাৰণেই হাড়ক মাটি তেজক পানী কৰি ধন ঘটিছিল। এতিয়া তেওঁক অনাথ আৰু নিসহায় বাঁৰী অৱস্থাত এৰি থৈ বপুৰা চিৰকাললৈ আঁতৰিল।

 তেতিয়া মানুহজনে আল্লাউদ্দিনৰ ফালে মুখ ঘূৰাই ক'লে, “তুমি কি কাম কৰা বোপাই?” সি লাজত তলমূৰ হ’ল। মাকে ক'লে, “মই কি কম! ক’বলৈ দুখ লাগে, ই তেনেই আলসুৱা হ'ল; এডোখৰ কুটাও দুডোখৰ নকৰে। পিতাকে তেওঁৰ ব্যৱসায়টোকে ইয়াক শিকাবলৈ কত চেষ্টা কৰিলে; ই একো পধ্যে নিশিকিলে। পিতাক ঢুকুৱাৰে পৰা তাক ভাললৈ আহিবলৈ আৰু পাই-পইছা আৰ্জ্জিবলৈ কত কাকুতি-মিনতি কৰিলোঁ, সি নুশুনে। কেৱল তাৰ বেয়া

লগৰীয়াবোৰৰ সৈতে আলিবাটত ধেমালি কৰিয়েই সি দিনটো নিয়ায়। মই তাক

[13]