পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সম্ৰাটে তেনে গাৰ নোম শিয়ঁৰি উঠা কথা শুনি বিয়া ভাঙি দিলে আৰু বিয়াৰ ভোজ, নাচ-গান, আমোদ-প্ৰমোদ সকলো বন্ধ হব লাগে বুলি জনাই দিলে। ৰাজপ্ৰাসাদত মহা হুলস্থূল লাগিল। কিন্তু আল্লাউদ্দিনৰ বাহিৰে কোনেও তাৰ কাৰণ নাজানিছিল, আৰু সিও কাৰৰ আগত এই ৰহস্য ভেদ নকৰিছিল।

 নিয়মমতে তিনি মাহৰ মূৰ পৰিল; সম্ৰাটৰ কথামতে মাক ৰাজ প্ৰাসাদলৈ গ'ল আৰু সকলোৰে চকু পৰা সেই আগৰ ঠাইতে তেওঁ ঠিয় হ’লগৈ।

 সম্ৰাটে তেওঁক দেখিয়েই তৎক্ষণাৎ চিনি পালে আৰু তেওঁৰ আগলৈ মতাই পঠিয়ালে। গৈয়েই সম্ৰাটৰ ভৰিত দীঘল দি পৰি তেওঁ জনালে, “মহাৰাজ, আপোনাৰ কথামতে মই আজি তিনি মাহৰ মূৰত আহিছোঁ। আপুনি পোলৈ কৰা বাইক্‌ এতিয়া ৰাখিব লাগে। ”

 সম্ৰাটে প্ৰধান মন্ত্ৰীৰ ফালে চাই সুধিলে, “এতিয়া কি কৰা উচিত?” প্ৰধান মন্ত্ৰীয়ে মিহি মাতেৰে ক'লে—“এই মানুহজনীৰ দুখীয়া সামান্য পুতেক এটালৈ সম্ৰাটৰ জীয়েকক বিয়া দিয়া অনুচিত, আৰু এই মানুহজনীৰ ঘনাই ইয়ালৈ অহাটোও বন্ধ কৰিব লাগিব। তাৰ বাবে আল্লাউদ্দিনে এটা অসম্ভৱ কাম কৰিব লাগে বুলি আদেশ দিয়ক। ”

 সম্ৰাটে এই উপদেশকে সাৰৰাগত কৰি আল্লাউদ্দিনৰ মাকক ক'লে— “হেৰা মানুহজনী, মই মোৰ বাক্য পালন কৰিবই লাগিব, সঁচা। মই মোৰ জীক মোৰ পুতেৰালৈ দিবলৈ সাজু আছে। কিন্তু আগতে মই প্ৰমাণ পাব লাগিব, মোৰ জীক তোমাৰ পুতেৰে ৰাজসুখত ৰাখিব পাৰিব নে নোৱাৰে। যদি তোমাৰ পুতেৰে ভাল কাপোৰ-কানি পিন্ধা দুকুৰি ক'লা দাসৰ হাতত বহুমূলীয়া হীৰা- মুকুতাৰে ভৰা দুকুৰিখন সোণৰ কাঁহী মোৰ জীলৈ আনিব পাৰে, তেহে মোৰ জীক তোমাৰ পুতেৰালৈ বিয়া দিব পাৰিম। এতিয়া তুমি যোৱা, আৰু মই যি কৈছোঁ সকলো পুতেৰাক কোৱাগৈ। ”

 আল্লাউদ্দিনৰ মাক ঘৰলৈ উলটিল। “সম্ৰাটৰ জীয়েকক আল্লাউদ্দিনে বিয়া কৰাব খোজে? ইনো কি অকৰা অ’? সিনো এতিয়া কুঁৱৰীলৈ এনে এটা জোৰনকে কত পায়?” এইবোৰ ভাবি-চিন্তি আহোতে বাটত তেওঁৰ অকলে

34