পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 দদায়েকে দিয়া ধনখিনি লৈ আল্লাউদ্দিন বৰ ৰঙ মনেৰে মাকৰ ওচৰলৈ ফোপাই-জোপাই লৰি আহিল—“আই, আই! মোৰ দদাই এজন আছে নেকি?” “ক'তা বোপাই, তোমাৰ পিতাৰৰ ভায়েক নাছিল বুলিয়েই মই জানো। ” মাকে এনেকৈ কোৱাত আল্লাউদ্দিনে ক'লে, “আই, মই এয়া এতিয়া যি মানুহজনৰ ওচৰৰপৰা লৰি আহিছোঁ, তেওঁ নিজে মোক মোৰ দদাই হয় বুলি কৈছে। মোৰ পিতাদেৱ তেওঁৰ ককায়েক হেনো। যেতিয়া মই তেওঁক মোৰ পিতাদেউ ঢুকুৱাৰ কথা ক'লোঁ, তেওঁ কান্দি পেলালে আৰু মোক চুমা খাই তেওঁ বৰ মৰমেৰে সৈতে তোমালৈ বুলি এই ধনমুঠি দি পঠিয়াইছে। তেওঁ কাইলৈ তোমাক দেখা কৰিবলৈ আহিব। ” “মোৰ বোপাই, সঁচাকৈয়ে তোমাৰ পিতাদেৱেৰাৰ এজন ভায়েক আছে বুলি মই ক'ব নোৱাৰোঁ, সেইদেখি এই মানুহজন তোমাৰ দদায়েৰ হ’বই নোৱাৰে। যদি তোমাৰ পিতাদেৱেৰাৰ ভায়েক থাকিলহেঁতেন, তেওঁ মোক নোকোৱাকৈ নাথাকিলহেঁতেন। ”

 পিছদিনা আল্লাউদ্দিনে বাটত ধেমালি কৰি থাকোতে সেই মানুহটো আকৌ ওলালহি। তাৰ পাছত আল্লাউদ্দিনক চুমা খাই সোণৰ মোহৰ দুটা তাৰ হাতত গুজি দি ক'লে—“এয়া তোমাৰ মাৰাক দিয়াগৈ। তেওঁক ক’বা, মই আজি ৰাতিহে তেওঁক দেখা কৰিবলৈ পাৰিম। মই গধূলি ভাত তোমালোকৰ ঘৰতে খামগৈ, তাৰো যোগাৰ কৰি থবলৈ ক’বা। এতিয়া মোক তোমালোকৰ ঘৰটো দেখুৱাই দিয়াগৈ। ”

 সিহঁত নগৰৰ মাজেদি গ’ল আৰু বাটৰপৰা আল্লাউদ্দিনে মাক থকা ঘৰটো আঙুলিয়াই দেখুৱালে। তাৰ পাছত সি মানুহটোৱে দিয়া মোহৰ দুটা লৈ উধাতু খাই ঘৰলৈ ভিৰাই লৰ দিলে। আল্লাউদ্দিনৰ মাকে এই সকলো কথা শুনি সেই মানুহটোনো কোন হ’ব পাৰে ভাবি বিমোৰত পৰিল। তেওঁ চাকিটো জ্বলাই জুইকুৰা ধৰিলে আৰু গধূলি খোৱা-লোৱা কামত লাগি গ'ল।

 মুনিচুনি বেলিৰ পাছত দুৱাৰত দুটা ঢকা পৰিল। আল্লাউদ্দিনে দুৱাৰখন

মেলিলে আৰু সেই মানুহটো কান্ধত এটা পাচি লৈ ভিতৰ সোমাল। সি, ভাত

[12]