নিবেদন
শিশুৰাজ্য মৰ্ত্ত্যত স্বৰ্গৰ এখনি উপনিবেশ। আমাৰ দিনেকীয়া সংসাৰৰ লগত এই ৰাজ্যৰ সম্বন্ধ নাই। শৈশৱ বয়সৰ অপঁইতা অৱস্থা নহয়, ই আপুনি পৈণত। শিশুৰাজ্য স্বপ্নৰ অমৰ বৈভৱেৰে গঢ়া। কল্পনা, আদৰ্শ, আনন্দ আদিয়েই এই ৰাজ্যৰ ঘাই সঁজুলি। ফুল, পখিলা, জোনাক, ৰ'দালি, আদি ইয়াৰ ৰাজভক্ত প্ৰজা। এই ৰাজ্যৰ শাসন প্ৰণালীয়েই সুকীয়া। চিন্তাৰ মেঘে ইয়াৰ ওপৰত মুখ ওন্দোলাই নাথাকে, সন্দেহ আশঙ্কাই ইয়াত ছাঁ নেপেলায়, যুক্তিৰ মেৰপাকেও এই ৰাজ্য আবৰি নধৰে। সৃজন, পালন, সংহাৰ এই তিনিও গুণ শিশু ৰাজ্যত আছে; পিছে সৃজন গুণেই সৱাৰো ভিতৰত অতি কাজুৱা।
শিশু-সাহিত্যও এনে মনোবৃত্তিৰ অনুগামী হ'লেহে সি শিশুৰ আদৰ পায়। আমাৰ কঠোৰ বাস্তৱ ৰাজ্যৰ নিৰস যুক্তি আৰু শুকান চিন্তাতকৈ কল্পনাহে শিশুৰ প্ৰাণৰ বস্তু; পখিলাৰ পাখি লগাই শিশু- কল্পনাই উৰি উৰি মৌ চুহি ফুৰিবলৈহে ভাল পায়, মানুহৰ গহীন খোজৰ লগত খোজ মিলোৱা স্বভাৱ শিশুৰ নহয়। ইয়াৰ উপৰি, যি স্থান আৰু কালৰ সীমাই আমাক সজাৰ চৰাইৰ দৰে বন্দী কৰি থৈছে, শিশু তাত বান্ধ খাই নৰয়। শিশু স্বাধীনচিতীয়া, গতিকে শিশু-প্ৰাণ বতাহ বা আত্মাৰ দৰে সদায় মুকলিমূৰীয়া। যি সাহিত্যই চিটিকা পাতি বনৰ চৰাই ধৰাৰ দৰে শিশুক ধৰি ৰাখিবলৈ বিচাৰে, শিশুৱে তাৰ নিলগতে চাৰি ডেও মাৰি পলায়। লঠামূৰা, আভজা, আপচু বস্তু শিশুৰ মনঃপুত নহয়; সেইবাবে শিশু-সাহিত্য সকলো প্ৰকাৰে সুন্দৰ আৰু সৃজন-মূলক নহ'লে নচলে।
পূব আৰু পছিমৰ শিশু-সাহিত্যৰ উপযোগী সকলোবোৰ সাধু আৰু উপন্যাস-নৱন্যাসৰ ভিতৰত আৰবীয় উপন্যাসৰ ‘এহেজাৰ এনিশা‘ৰ সাধুবোৰ বৰ প্ৰখ্যাত। তাৰ ভিতৰতো “আলিবাবা”, “সিন্দবাদ্” আৰু “আল্লাউদ্দিন” অতি প্ৰসিদ্ধ। এই প্ৰসিদ্ধিৰ গুৰিত বোধকৰোঁ সাধুকেইটিৰ অপূৰ্ব্ব স্ৰজনমূলক কল্পনা। যুক্তিৰ বিচাৰ বাতিৰ পোহৰত এইবোৰ অসম্ভৱ কথা হৈ ওলাই পৰিব সঁচা, কিন্তু ঠিক এই বাবেই শিশু-হৃদয়ে এনে কথা অতি সহজে গ্ৰহণ কৰে; কিয়নো সেই কল্পনাৰ পিছে পিছে উৰা মাৰিবলৈ তেওঁলোকৰ মনৰ যি ডেউকা আছে, আমাৰ সেই ডেউকা, ভগা। আমাৰ মন যি অতি-গণনা, সন্দেহ, অবিশ্বাস আদিৰে পোত খাই আমাক কদাকাৰ ‘কেলিবান’ৰ ৰূপ দিছে, এইবোৰৰ পৰা মুক্ত থাকি শিশু-প্ৰকৃতিয়ে ‘এৰিয়েল’ৰ দৰে মৌ-মাখি আৰু পখিলাৰ বোকোচাত উঠি মৌ চুহি ফুৰিছে।
মুঠতে, পৃথিৱী-প্ৰখ্যাত উপন্যাসবোৰৰ সোৱাদ ল’বলৈ অসমীয়া ল'ৰা-ছোৱালীৰ হেপাহ বাঢ়ক, যিমান ওপৰলৈ উধাব পাৰে উধাবলৈ তেওঁলোকে কল্পনাৰ পাখিত বল পাওক, দিব্য শিশুৰাজ্যই যিমানলৈ পাৰে আমাৰ শ্ৰীহীন সংসাৰত প্ৰভাৱ বিস্তাৰ কৰি পৃথিৱীত নন্দন বনৰ সৌৰভ বিলাওক,— এনে বিমল আশা-আগ্ৰহৰ উদ্দীপনা লৈ লেখিকাই পুথিখন সদৌ অসমীয়া ৰাইজলৈ অশেষ শ্ৰদ্ধা আৰু সন্তৰ্পণে আগ বঢ়াইছে। এই মনোৰথৰ সিদ্ধি অৱশ্যে নিৰৱধি কাল আৰু বিপুলা পৃথ্বীৰ বিশাল কোলাত।
উত্তৰ লখীমপুৰ
ফাগুন, ১৮৫৩ শক
শ্ৰীডিম্বেশ্বৰ নেওগ