পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুড়ি অলপমান কিনি লৈ কাৰেঙলৈ উলটি আহিল। সি কুঁৱৰীক ক'লে, “মোৰ মৰমৰ কুঁৱৰী, যাদুকৰটোক আজি ৰাতি খাবলৈ মাতা। তাৰে সৈতে বৰ মিতিৰালি কৰা যেন দেখুৱাই তাক তোমাৰ এই বাটিটোৰ মদখিনি পিবলৈ দিবা। সি তোমাৰ কথা পেলাব নোৱাৰিব। তাতে মই গুড়ি অলপ পেলাই থওঁ। সেইখিনি পেটলৈ গ'লেই সেইপিনেই তাৰ টোপনি যাব। তেতিয়া তাৰপৰা চাকিটো সহজে ল’ব পাৰিম। ”

 আল্লাউদ্দিনে কোৱামতে কুঁৱৰীয়ে দিহা কৰিলে। তেওঁ তাক বাটিটোত কেইটোপালমান মদ মিহলাই দিলে। সি সেই বাটি মদ একে-সোহাই শেষ কৰিলে। তাৰ অলপ পাছতে যাদুকৰটো বহা ঠাইতে ঢাল খাই পৰিল আৰু চিৰকাললৈ চকু মুদিলে। কুঁৱৰীয়ে তেতিয়া আল্লাউদ্দিনলৈ বাতৰি পঠিয়ালে। সি আহি কুঁৱৰীক কোঠালিটোৰ পৰা ওলাই আহিবলৈ ক'লে। কুঁৱৰী আৰু লিগিৰীহঁত তাৰপৰা ওলাই আহিলত আল্লাউদ্দিনে যাদুকৰটোৰ কাপোৰবোৰ সোলোকাই চাকিটো উলিয়াই আনিলে। সি চাকিটো ঘঁহিলে আৰু তৎক্ষণাৎ দৈত্যটোৱে দেখা দিলে। সি তাক ক'লে, “এই কাৰেঙটো য'ৰপৰা আনিছিলি, তালৈ লৈ যা। ” সেই মতেই নিমিষৰ ভিতৰত আল্লাউদ্দিন, কুঁৱৰী আৰু লগুৱা-লিগিৰীৰে সৈতে কাৰেঙটো চীন দেশ পালেগৈ, আৰু আগৰ ঠাইত আগৰ দৰে ঠিয় হৈ ৰ’ল।

 পিছ দিনা সম্ৰাটে জীয়েকৰ কথা ভাবি বেজাৰ মনেৰে আগেয়ে কাৰেঙটো থকা ঠাইডোখৰ চাওঁ বুলি খিৰিকিয়েদি ভুমুকিয়াই চাইছিল। তেওঁ দেখি অতিকৈ আচৰিত হ’ল, সেই ধুনীয়া কাৰেঙটি আকৌ আগৰ ঠাইতে ঠিয় হৈ আছে; যেন তাক কোনেও লৰচৰ কৰাই নাই!

 তেওঁৰ আদেশমতে ঘোঁৰাত জীন লগোৱা হ'ল আৰু তেওঁৰ চকুৱে দিয়া বাতৰি সঁচানে মিছা তাক প্ৰমাণ কৰিবলৈ সম্ৰাট সেই ঠাইলৈ গ'ল।

 তেওঁক অহা দেখি আল্লাউদ্দিনে আগবঢ়াই নিলেহি। কুঁৱৰীৰ ওচৰ পাই

47