উলটি যাবলৈ কেনে ৰং পালেহেঁতেন! কিন্তু তালৈকো সেই ঠাইবোৰলৈ যোৱা বাট মাটিয়ে পুতি পেলালে।
এইদৰে দুদিন দুৰাতি সি সেই শিলৰ খট্খটি্ৰ ওপৰতে কটালে। দেহি ঐ! সি এইদৰে খাবলৈ নাপায়ে খীণাই-শুকাই মৰিব। সি আগৰে পৰা ভাল ল’ৰা হোৱা হ'লে, ভালদৰে ঘৰৰ কাম-কাজত মন পুতি লগা হলে, তাৰ এই দশা হয় নে? এইবাৰ যদি সি কেনেবাকৈ এই ঠাইৰপৰা ওলাবলৈ পায়, দুনাই সি আৰু ধিতিঙা হৈ কাল নকটায়।
কিন্তু এতিয়া ভাবিলে আৰু লাভ কি? তাৰ মাকৰ কথা মনত পৰিল, নগৰত থকা তাৰ ঘৰখনলৈ মনত পৰিল। সি পোনতে চিঞৰি চিঞৰি আৰু পিছত ভাগৰি উচুপি উচুপি কান্দিবলৈ ধৰিলে। সিও কোনো কামৰ নহ’ল। খঙে- ভোকে একো নাই হৈ সি নিজৰ চুলি নিজে আজুৰি নিজৰ হাত দুখন সি মোহাৰিবলৈ ধৰিলে।
এইদৰে, হাত মোহাৰোঁতে আল্লাউদ্দিনৰ হাতৰ আঙুলিত যাদুকৰটোৱে পিন্ধাই দিয়া আঙঠিটো ঘঁহনি খালে। মুহূৰ্ত্ততে ভয়ঙ্কৰ মানুহ এটা ওলাই ল’ৰাটোক সেৱা জনালে—“কি আদেশ, প্ৰভু?” তাক সেই ঠাইতে দেখি স্বভাৱতে আল্লাউদ্দিনৰ চুলিৰ আগে জীৱ গৈছিল। কিন্তু ভয় কৰাৰ পৰা হানিৰ বাহিৰে লাভ একো নাই দেখি মৰণত শৰণ দি, সি ভয় লুকুৱাই বুকু ডাঠি কলে—“আগেয়ে কচোন বাৰু, তই কোন আৰু তোক কি লাগে। ”
“মই এই আঙঠিটোৰ দাস। আপোনাৰ হাতত এই আঙঠি আছে। গতিকে মই আপোনাৰ আদেশ পালিবলৈ বাধ্য। আপুনি এই মাত্ৰ মোক মাতিলে, এতিয়া কি আদেশ কওক। ’’
“বাৰু, এই ঠাইৰপৰা এতিয়াই তেন্তে মোক মোৰ ঘৰলৈ লৈ ব’ল। ”
কোৱাৰ পাছতে যেন পৃথিৱীখন কঁপিল। আল্লাউদ্দিনে একো তৰ্কিব
[21]