পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোঠালিটো দেখিয়েই মই বুজিব পাৰিছোঁ মোৰ সেই ধাৰণা ভুল। "

 পিছদিনা সম্ৰাট আৰু তাৰ ঘৈণীয়েকক দেখা কৰিবলৈ আহিল। জুমে জুমে মানুহ বাহিৰত ঠিয় দি সেই বিচিত্ৰ কাৰেঙটো আৰু তাৰ হীৰা-মুকুতা খটোৱা বেৰ, দুৱাৰ, খিৰিকিবোৰ চাই সেইবোৰৰ গুণ বখানিবলৈ ধৰিলে।

 আল্লাউদ্দিন এতিয়া ধনী মানুহ। সি বাটেদি যাওঁতে দুখীয়া মানুহক দুপইছা দান নকৰাকৈ নাযায়। এইবোৰ কাৰণে মানুহে তাক বৰ ভাল পাবলৈ ধৰিলে। সি ভালেমান দিন এইদৰে সুখেৰে কাল কটাইছে। এনেতে এদিন সেই আল্লাউদ্দিনৰ দদায়েক বোলা দুষ্ট যাদুকৰটো নগৰলৈ ফুৰিবলৈ আহিল। সেই সুন্দৰ ঘৰটো দেখি আৰু আল্লাউদ্দিনৰ কাহিনী শুনি তাৰ বুজিবলৈ সৰহ পৰ নালাগিল, যে চাকিটোৰ দৈত্যটোৱেই এই সকলো আচৰিত কাম তাক কৰি দিছিল।

 যাদুকৰটোৱে কুঁৱৰী আৰু তেওঁৰ গিৰিয়েকৰ কথা সুধি-পুছি জানিব পাৰিলে সেইদিনা আল্লাউদ্দিন চিকাৰ কৰিবলৈ গৈছিল, আৰু আঠদিনৰ মূৰতহে ঘূৰি পাবহি। একেলগে সি এইটোও জানি ললে, সেই আচৰিত চাকিটো এই অট্টালিকাৰ ভিতৰতে আছে। গতিকে সি যেনে তেনে উপায়ে এতিয়া সেইটো সৰকাবৰ উপায় চিন্তিলে। সি চাকিটো চুৰ কৰি নিবও পাৰিলেহেঁতেন, কিন্তু চুৰ কৰি নিলে সেইটো তাৰ কোনো কামত নাহিব। কিয়নো আগতে কোৱা আছে যে চাকিটো কোনোবাই তাৰ হাতত তুলি দিব লাগিব।

 সি কি কৰিব, এই বিষয়ে ততালিকে ঠিক কৰিলে। সি এখন দোকানলৈ গৈ তেনেকুৱা বাৰটা চাকি কিনি আনিলে। সি সেইবোৰ এটা পাচিত ভৰাই আল্লাউদ্দিনৰ কাৰেঙৰ আগেদি কান্ধত তুলি লৈ গ'ল। আল্লাউদ্দিনৰ ঘৰৰ আগ পায়ে “পুৰণি চাকিৰ সলনি নতুন চাকি কোনে ল’ব? পুৰণি চাকিৰ সলনি নতুন’—এইবুলি সি চিঞৰিবলৈ ধৰিলে। তাৰ কথা শুনি মানুহবোৰে হাঁহিবলৈ আৰু বিদ্ৰূপ কৰিবলৈ ধৰিলে। মানুহে ভাবিলে এই বুঢ়া মানুহটো নিশ্চয় বলিয়া। নহ'লে ই পুৰণি চাকিৰ সলনি নতুন চাকি দিব কিয়?

40