পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সাজ পিন্ধাত দৈত্যটোৱে তাক সহায় কৰিছিল। তাৰ পাছত দৈত্যটোৱে তাক এটা সুন্দৰ ঘোঁৰাত বহুৱালে আৰু তাৰ দুয়ো কাষে কুৰিটা দাস গা-ৰখীয়া স্বৰূপে দিলে। তাৰ পাছত আল্লাউদ্দিন ৰাজপ্ৰাসাদলৈ ওলাই গ'ল। মাকো সেইদৰে সুন্দৰ সাজ-পাৰ পিন্ধি আৰু তেওঁৰ নিজ শুশ্ৰূষাৰ বাবে এজনী দাসী লগত লৈ পুতেকৰ সৈতে ওলাল। এইদৰে দৰাঘৰীয়া গৈ যেতিয়া ৰাজপ্ৰাসাদ পালেগৈ, আল্লাউদ্দিন নিজতকৈও দামী সাজ-পাৰ পিন্ধা দেখি সম্ৰাটে তবধ মানিলে। তেওঁ তেতিয়া আল্লাউদ্দিনক ৰঙ মনেৰে সাৱটি ধৰিলে, আৰু সি তাক তেনে কৰিব নিদিয়াত দুইহাতে ধৰি তেওঁৰ সিংহাসনৰ এদাঁতিয়ে তাক বহিবলৈ দিলে। জোঁৱায়েকৰ সন্মানৰ কাৰণে পতা ভোজটোৰ পাছত এই বিয়াৰ বন্দবস্ত লিখালিখি কৰি থবলৈ প্ৰধান মন্ত্ৰীক আদেশ দিলে।

 সম্ৰাটৰ ইচ্ছা আছিল, ৰাজপ্ৰাসাদতে তেতিয়াই বিয়া হৈ যাওক। কিন্তু আল্লাউদ্দিনে ক'লে, “দেউতা, আপোনাৰ আদৰ-সাদৰত মই বৰ সন্তোষ পাইছোঁ, আৰু আপোনাৰ সদ্ অভিপ্ৰায় বুজি পাইছোঁ। কিন্তু কুঁৱৰী থাকিবলৈ এটা ঘৰ মই সোনকালে সজাব খুজিছোঁ। সেইদেখি এই ৰাজপ্ৰাসাদত থাকি বিয়া পাতিবৰ মোৰ মন নাই। ”

 এইবুলি আল্লাউদ্দিন ঘৰলৈ উলটিল। সি আকৌ নিজৰ কোঠালিত সোমাই দৈত্যটোক মাতি ক'লে, “দৈত্য, কুঁৱৰী থাকিবলৈ উপযুক্ত এটা অট্টালিকা মোক সাজি দিব লাগে। তাক সুন্দৰ ফটিকেৰে সাজিবি, আৰু বেৰবোৰ সোণেৰে বন্ধাবি। মোক কেনেকুৱাকৈ লাগে তই জানই নহয়? তোৰ ওপৰতে মই সকলো ভাষা কৰিলোঁ; দৈত্য! চাবি, যাতে মোৰ ইচ্ছা-পূৰণ হয়। ”

38