পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মনমোহা। পিছে মোৰ মনেৰে আপুনি যে আল্লাউদ্দিন বোলা মানুহটোলৈ জীয়েকক বিয়া দিব খুজিছে, তাৰ বাবে তিনি মাহ সময় লওক আৰু ইয়াৰ ভিতৰতে কথাটো ভালকৈ তৰকি চাওক; কিয়নো, মানুহটো আপুনি চিনি নাপায়। ”

 পিছে “কথা বা ক'ত? ভেকুৰীৰ তলত। ” ঘাই কথা হৈছে, প্ৰধান মন্ত্ৰী এজন পুতেকে কুঁৱৰীক বিয়া কৰাব খুজিছিল। সেই কাৰণে আল্লাউদ্দিনৰ মাকক কুঁৱৰীৰ হৈ কথা নিদিবলৈ তেওঁ সেই উপায় উলিয়াইছিল।

 সেইদেখি সম্ৰাটে উলটি চাই আল্লাউদ্দিনৰ মাকক ক'লে, “হেৰা মানুহজনী, তুমি এতিয়া ঘৰলৈ যোৱা। তোমাৰ পুতেৰাক কোৱাগৈ তেওঁ যি খুজিছে তাত সন্মত হৈছোঁ। কিন্তু মই মোৰ জীক তিনি মাহলৈ বিয়া নিদিওঁ। এই তিনি মাহৰ মূৰত তুমি মোক আকৌ দেখা কৰিবাহি। ”

 আল্লাউদ্দিনৰ মাকে সম্ৰাটৰ কথাত বৰ সন্তোষ পালে। তেওঁ আল্লাউদ্দিনক এই শুভ বাতৰি দিবলৈ ততাতৈয়াকৈ ঘৰমুৱা হ'ল। মাকৰ কথা শুনি আল্লাউদ্দিন ৰঙত মতলীয়া হ'ল আৰু সি তাৰ মাকক সেৱাৰ উপৰি সেৱা জনালে।

বিয়া ভাগিল

 আল্লাউদ্দিনে এপষ এদিন এপৰলৈ দিন গণি গণি বৰ হেঁপাহেৰে সেই দীঘল তিনিমাহ পাৰ হৈ যাবলৈ বাট চালে যাতে সোনকালে সি সেই কুঁৱৰীক সম্ৰাটৰ কথামতে কন্যাৰূপে দাবী কৰিব পাৰে! এই তিনি মাহৰ দুমাহ পাৰ হৈ গৈছে, এনেতে সেই চাকিটোৰ তেলখিনি ঢুকালত গোলাৰপৰা আৰু অলপ তেল কিনি আনিবলৈ মাক ওলাই গ'ল। তেওঁ বাহিৰ ওলায়েই আলিবাটত জুমে জুমে মানুহবোৰে চিঞৰি-বাখৰি গান গাই ৰঙ-ধেমালি কৰি ফুৰা দেখি কিনো হৈছে বুলি বিচূৰ্ত্তি হ’ল। ঘৰে ঘৰে ফুলে ৰমক-জমক কৰিছে, খিৰিকিয়ে দামী

31