পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভৰাই থোৱা সোণৰ কাঁহীবোৰ থলে আৰু সিহঁত আঁঠু লৈ বহিল। তেতিয়া বগা দাসবোৰে সেই বিচিত্ৰ হীৰা-মুকুতাৰে সজোৱা সোণৰ কাঁহীবোৰ এখন এখনকৈ উদঙাই সম্ৰাট আৰু সভাসদসকলক দেখুৱালে।

 তাৰ পিছত আল্লাউদ্দিনৰ মাকে লাহেকৈ কেইখোজমান আগবাঢ়ি গৈ সম্ৰাটক জনালে, “মোৰ পোৰে অলপো হেলা নকৰি আপোনাৰ আজ্ঞা পালন কৰিছে আৰু আশা পালিছে মই লগত অনা এই জোৰনটো আপোনাৰ জীয়েকৰ হৈ আপুনি গ্ৰহণ কৰে যেন। ” তেওঁৰ আগত থকা বিচিত্ৰ পোৱাল-বাখৰ আদিৰ জেউতি দেখি তেওঁৰ চকুত চমক লাগিছিল। তেওঁ স্বপ্ন দেখা মানুহৰ দৰে ক'লে, “যোৱাঁ, তুমি এতিয়াই গৈ তোমাৰ পুতেৰাক কোৱাগৈ তেওঁক আদৰিবলৈ মই দুই বাহু মেলি বাট চাই আছোঁ। তেওঁ যিমান সোনকালে আহে, মই সিমান অধিক ৰঙ পাম। ”

 ইফালে সম্ৰাটৰ আদেশ মতে তেওঁৰ লগুৱাবোৰে হীৰা-মুকুতাৰে ভৰা সেই সোণৰ কাঁহীবোৰ কুঁৱৰীৰ কোঠালিলৈ লৈ গ'ল আৰু কুঁৱৰীৰে সৈতে তেওঁ সেইবিলাক চাবগৈ বুলি কৈ পঠালে। আল্লাউদ্দিনৰ মাক আনন্দত উত্ৰাৱল হৈ বেগাই ঘৰলৈ গ'ল আৰু পুতেকক সম্ৰাটৰ বাতৰি দিলেগৈ। “মোৰ বোপাই, তোমাৰ ইচ্ছা পূৰণ হৈছে। সম্ৰাটে কুঁৱৰীক তোমালৈ বিয়া দিব। এতিয়া তেওঁ তেওঁৰ ৰাজপ্ৰাসাদত তোমালৈ হেঁপাহেৰে বাট চাই আছে। ”

 আল্লাউদ্দিনৰ মনত আছিল সি সেইদৰে কুঁৱৰীৰ আগত ওলাবলৈ নোৱাৰে। সেই কাৰণে সি আকৌ দৈত্যটো মাতি ক'লে—“দৈত্য, মোক তৎক্ষণাৎ গা-ধোৱা ঘৰলৈ নিয়া আৰু পিন্ধিবলৈ সৱাতো সুন্দৰ ৰাজ-সাজ এটা আনা। ” তাৰ মুখৰপৰা কথা কেইটা সৰি পৰাৰ লগে লগেই সি সুন্দৰ গা ধোৱা ঘৰৰ ডাঙৰ কোঠা এটাত ওলালগৈ। সুন্দৰ বগা ফটিকৰ মজিয়াৰ ওপৰত সুগন্ধি পানীৰে গা ধোৱা হ’লত সি কাপোৰ-পিন্ধা কোঠালৈ গ'ল। চাই থাকোতেই তাৰ গাৰ আগৰ সাজ-পাৰ গুচি তাৰ ঠাইত এটা বিচিত্ৰ ৰাজ-সাজ তাৰ গাত থকা সি দেখা পালে।

36