দেখিবা। একো ভয় নাই, তুমি সেইপিনেই নামি যোৱা, তাৰ তলি পাবাগৈ। তাত তুমি কেইবাটাও বৰ বৰ কোঠালি পাবাগৈ। তুমি সেই কোঠালিবোৰ পাৰ হৈ যাবা। সাৱধান! চাবা, তোমাৰ চোলাৰ আগ এটাও যেন তাৰ বেৰত নালাগে। লাগিব লাগিলেই তুমি তৎক্ষণাৎ মৰিবা বুলি জানিবা। কোঠালিবোৰ এৰি থৈ তুমি এখন বাৰী পাবাগৈ, আৰু তাত গুটিৰে দোঁ খাই থকা নানান গছ দেখিবা। তাতে তুমি থমক নাখাবা। বাৰীখন এৰি থৈ তুমি আৰু এনে ঠাই পাবাগৈ, তাত এটা চাকি জ্বলি আছে। তুমি পায়েই সেই চাকিটো নুমাই তাৰ তেলখিনি পেলাই দিবা। সেই চাকিটোকে মোৰ গুৰিলৈ আনিব লাগে। ”
এইবুলি লাহেকৈ সি আল্লাউদিনৰ হাতখনত ধৰি তাৰ নিজ হাতৰ আঙঠিটো আল্লাউদ্দিনৰ আঙুলিত পিন্ধাই দিলে। “এই আঙঠিটোৰ মহৎ গুণ। ইয়াৰ বলতে তুমি সেই আন্ধাৰ কোঠালিবোৰৰ মাজেদি গৈ নিৰ্ব্বিঘ্নে উলটিব পাৰিবা। ”
যাদুকৰটোৰ কথামতে আল্লাউদ্দিন গুহাটোৰ ভিতৰলৈ নামিল, আৰু সেইদৰে সেই খোটালি আৰু বাৰীখনৰ মাজেদি গৈ সেই চাকিটো জ্বলি থকা পালে। তাৰ কথা মতেই আল্লাউদ্দিনে চাকিটো নুমাই তেলখিনি পেলাই দি লাহেকৈ চোলাৰ মোনাত ভৰাই উলটি আহিল। উলটি আহোঁতে সেই বাৰীখনত তাৰ আকৌ চকু পৰিল। কি বিতোপন গুটিবোৰ তাত লমালমে লাগি আছে! এই বাৰীখনৰ দৰে শুৱনী বস্তু এটা সি জনমত দেখা নাই, আৰু তাৰ গুটিবোৰৰ নিচিনা বস্তু পৃথিৱীত নাই। গতিকে সি যাদুকৰটোৰ হাক নামানি সেইগছবোৰৰ গুটিবোৰ পাৰেমানে ছিঙি আনিলে। সেইবোৰ যে প্ৰকৃততে নানান বহুমূলীয়া হীৰা, মুকুতা আৰু পোৱালহে এইকথা বেচেৰাই বুজিকে পোৱা নাছিল।
এইবোৰ ভাৰ বান্ধি লৈ সি লৰালৰিকৈ কোঠাবোৰৰ মাজেদি আহি আকৌ ওপৰমুৱা হৈ খটখটিত ভৰি দিলে। ওপৰলৈ চাই দেখে যাদুকৰটো তালৈকে বাট চাই আছে।
“ইমানপৰ কৰিলা? চাকিটো আনিছা নহয়? ভালে-কুশলে আহিছা?”
যাদুকৰটোৰ এইবোৰ কথাৰ মূৰত আল্লাউদ্দিনে অকল “অঁ, আনিছোঁ” ইয়াকেহে
[18]