পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আল্লাউদ্দিন আৰু এটি আচৰিত চাকি

পুৰণি চাকিৰ সলনি নতুন চাকি

 পাছদিনা দোকমোকালিতে উঠিয়েই আল্লাউদ্দিনে দৈত্যটোক দেখিলে। দৈত্যটোৱে ক'লে, “কাৰেঙৰ কাম শেষ হ’ল। এতিয়া কাৰেঙ তোমাৰ মনৰ জোখাৰ হৈছেনে নাই হোৱা তুমি নিজে আহি এবাৰ চাই যোৱা ভাল। ”

 নিমিষৰ ভিতৰতে সি তাক নতুন কাৰেঙলৈ লৈ গ'ল। আল্লাউদ্দিনে তাৰ চালে চকু ৰোৱা আহলবহল কোঠালিবোৰ সোমাই চালে। সি তাক কোৱামতেই ঘোঁৰাশাল, ফুলনিবাৰী সকলো ঠিক-ঠাক পালেগৈ। তেতিয়াই সি দৈত্যটোক ক'লে, “তই আটাইবোৰ কাম নিখুঁতকৈ কৰিছ। মই ইয়াত এফেৰাও আঁৰ দেখা নাই। ”

 সেই ৰাতিপুৱাতে ইফালে দুৱৰীবোৰে দুৱাৰ-খিৰিকি মেলিয়েই আগদিনা পুৰণি ফুলনি-বাৰীখন থকা ঠাইডোখৰত এটা বিচিত্ৰ অট্টালিকা দেখি বৰ বিচূৰ্ত্তি হ’ল। চকুৰে যি দেখিলে তাকে লগুৱাবোৰে লৰমাৰি গৈ প্ৰধান মন্ত্ৰীক ক'লেগৈ, মন্ত্ৰীয়ে সম্ৰাটক ক'লেগৈ। সম্ৰাটে ক'লে, “এইটো মোৰ জীৰ কাৰণে আল্লাউদ্দিনে সজোৱা অট্টালিকাটো হ’ব পায়। এৰাতিৰ ভিতৰতে তেওঁ কি কৰিব পাৰে তাকে আমাক দেখুৱাই অবাক কৰিবৰ কাৰণেই হ’বলা এই ধুনীয়া কাৰেঙটো এইদৰে সজাই থৈছে। ”

 সেই ৰাতিয়েই আল্লাউদ্দিনে তাৰ মাকৰ ঘৰ এৰি কুঁৱৰীয়ে সৈতে দৈত্যই সজা নতুন অট্টালিকালৈ আহিল। সি সৌভাগ্যৰ সঙ্কেত স্বৰূপে পোৱা আঙঠিতো আৰু সেই আচৰিত চাকিটো লগত নিবলৈ নাপাহৰিছিল। সি আৰু কুঁৱৰী দুয়ো লগ হৈ বৰ আনন্দ অনুভৱ কৰিলে।

 এই নতুন ঘৰ পাই তাৰ সুন্দৰ মনমোহা বস্তুবোৰ দেখি কুঁৱৰীৰ চকুত চমক লাগিল। তেওঁ আল্লাউদ্দিনক ক'লে, “কোঁৱৰ, ভাবিছিলোঁ মোৰ পিতাদেউৰ অট্টালিকাৰ নিচিনা অনুপম বস্তু পৃথিৱীতে নাই। কিন্তু এই কাৰেঙটোৰ এই

39