তাক বুজিলে। তেতিয়া সি মাকৰ হাতৰপৰা চাকিটো থাপ মাৰি লৈ দৈত্যটোক ক'লে—“মোৰ ভোক লাগিছে। কিবা অলপ খাবলৈ মোক আনি দে। ”
তৎক্ষণাৎ দৈত্যটো গ’ল, আৰু এখনমান তামোল খোৱা সময়ৰ ভিতৰতে নানান তৰহৰ খোৱা বস্তুৰে সজাই বাৰখন ৰূপৰ কাঁহী এখন ডাঙৰ ৰূপৰ কাঁহীত তুলি লৈ আহিল। তাৰ পাছত চীন দেশৰ নিয়ম অনুসৰি এখন দলিচাৰ ওপৰত সেই ডাঙৰ ৰূপৰ কাঁহীখন থৈ সি অদৃশ্য হ’ল।
আল্লাউদ্দিন আৰু তাৰ মাকে সেইখিনিৰে ভালকৈয়ে আকাল পূৰালে। সিহঁতৰ জোখাৰ আহাৰতকৈ বহুত সৰহ খোৱা বস্তু সেই দৈত্যটোৱে আনি দিছিল কাৰণে মাকে তাৰে কিছুমান দুপৰীয়া আৰু গধূলিলৈ থৈ দিলে।
পিছদিনা আকৌ সিহঁতৰ খোৱা বস্তু নোহোৱা হ'ল। আল্লাউদ্দিনে ভাবিলে সেই ৰূপৰ কাঁহীবোৰৰে এখন বেচি অলপ খোৱা বস্তু কিনি আনিব। তাৰ চোলাৰ তলত এখন কাঁহী লুকুৱাই লৈ সি ওলাই গ'ল। আলিতে সি এজন ইহুদী সদাগৰ দেখা পাই কলে—“এই ৰূপৰ কাঁহীখন কিনিবানে? মোৰ ভোক লাগিছে। খোৱা বস্তু কিনিবলৈ অলপ ধন হলেই হ'ব। ” ধূৰ্ত্ত সদাগৰটোৱে কলে—‘কিমান দাম লাগে?’ সেইখিনি আছল ৰূপ বুলি নাজানি আল্লাউদ্দিনে ক'লে—“ইয়াৰ দৰ-ভাও মই নাজানো। ” চল পাই ইহুদীটোৱে তাক এটা সোণৰ মোহৰ যাচিলে আৰু আল্লাউদ্দিনে তাকে ৰঙমনে লৈ গুচি আহিল।
আল্লাউদ্দিনে ঘৰৰ ফালে বেগাই খোজ ল’লে। যাওঁতে কেইটামান ৰুটি কিনি নিলে আৰু বাকী ধনখিনি মাকক দিলেগৈ। এনেকৈয়ে মাক-পুতেক দুয়ো বহুত দিন কটালে আৰু শেষত এখন দুখনকৈ বাৰখন নিভাজ ৰূপৰ কাঁহীৰ আধ্যা পৰিল।
বাৰখন কাহী বেচি অঁতালত সি ডাঙৰ কাঁহীখন বেচিবলৈ ঠিক কৰিলে। ইহুদীটোৱে এই ডাঙৰ কাঁহীখনৰ বেচ দহোটো সোণৰ মাহৰ দিলে। এইখিনি ধনও যেতিয়া অন্ত হ’ল, সি আকৌ তাৰ বিপদৰ বন্ধু চাকিটোৰ কাষ চাপিব লগা
[24]