পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজ-প্ৰাসাদৰ নিজ নিজ কোঠালিলৈ যাব খুজিছে, ঠিক এনে সময়তে এই ভয়ঙ্কৰ দৈত্যটো দুইৰো আগত উপস্থিত। দেখিয়ে দুইৰো চুলিৰ আগে জীৱ গ’ল। দৈত্যই নিমিষতে তাৰ দুই বাহুত দুইকো তুলি লৈ কাৰৰ চকুত নপৰাকৈ যাদুৰ বলেৰে আল্লাউদ্দিনৰ আগত তাৰ নিজ কোঠালিত ঠিয় কৰাই দিলেহি।

 আল্লাউদ্দিনে ক'লে, “দৰাটোক লৈ যা। তাক ৰাতি এঠাইত আটক কৰি ৰাখি পুৱা আকৌ এবাৰ ইয়ালৈ লৈ আহিবি। ” সেই মতেই মন্ত্ৰীৰ পুতেকক লৈ চকুৰ পচাৰতে দৈত্যটো কেনিবা নেদেখা হ’ল।

 তেতিয়া আল্লাউদ্দিনে কুঁৱৰীক অকলে ক'লে, “মোলৈ তুমি ভয় নকৰিবা। মই তোমাক বৰ ভাল পাওঁ। মই তোমাৰ সকলো যতন লম। তোমাৰ পিতাৰে তোমাক মোলৈ বিয়া দিম বুলি বাইক্ কৰিছিল। ”

 ৰাতিপুৱালৈ দৈত্যটোৱে দৰাটোক আল্লাউদ্দিনৰ ওচৰলৈ লৈ আহিল। আল্লাউদ্দিনে ক'লে, “প্ৰধান মন্ত্ৰীৰ পুতেক আৰু কুঁৱৰী দুইকো সম্ৰাটৰ ৰাজপ্ৰাসাদত থৈ আহগৈ। ” এইখিনি সময়ত প্ৰধান মন্ত্ৰীৰ পুতেক আৰু কুঁৱৰী কোনেও দৈত্যটো দেখা নাছিল আৰু তেওঁলোকনো ক’ত আছিল তাকো নাজানিছিল। তেওঁলোকে অকল ইয়াকেহে অনুভৱ কৰিব পাৰিছিল যে তেওঁলোকক কোনোবাই ইঠাইৰপৰা সি ঠাইলৈ লৈ ফুৰিছিল।

 পিছদিনা ৰাতিপুৱা খাই-বৈ উঠি সম্ৰাট তেওঁৰ জীয়েকক চাবলৈ আহিল। তেওঁ কুঁৱৰীক মন মাৰি থকা দেখি তেওঁৰনো কি আহুকাল হৈছে বুলি সুধিলে। তাৰ সমিধানত কুঁৱৰীয়ে ক'লে, “মোৰ মৰমৰ পিতাদেৱ, মোৰ এনে ভয়ঙ্কৰ ঘটনা ঘটিছে যে কেনেকৈ কি হৈছে মই একো ক'বই নোৱাৰো। ” তাৰ পাছত সেই ৰাতিৰ সকলো কাহিনী কুঁৱৰীয়ে সম্ৰাটক জনালে।

 সম্ৰাটে তেতিয়া তেওঁৰ প্ৰধান মন্ত্ৰীক মাতি আনি সকলো কথা কোৱাত তেওঁ ক'লে বোলে তেওঁৰ পুতেকৰ তাতোকৈ অঘটন ঘটিছে আৰু সেইবোৰৰ কাৰণ কোনেও ক'ব নোৱাৰে।

33