লাগিব?” আল্লাউদ্দিনে ক'লে, “মই সজোৱা কাৰেঙটো ক'ত আছে মোক দেখুৱাই দেগৈ আৰু তই পাৰ যদি কাৰেঙটো মোক আগৰ ঠাইলৈ আনি দে। দৈত্যটোৱে ক'লে “তুমি কোৱা সকলো কাম কৰিবৰ মোৰ সাধ্য নাই। চাকিটোৰ দৈত্যটো মোতকৈ অধিক বলৱান। ”
আল্লাউদ্দিনে ক'লে, “তেনেহলে মই আদেশ দিছোঁ, আঙঠিটোৰ শক্তিৰ বলেৰে তই মোক সেই কাৰেঙটোলৈকে লৈ যা। ” দৈত্যটোৱে তৎক্ষণাৎ তাক সাগৰ পাৰ কৰি আফ্ৰিকালৈ লৈ গ'ল আৰু কুঁৱৰীৰ খিৰিকিৰ তলতে আল্লাউদ্দিনক নমাই থলে।
আল্লাউদ্দিনে ভিতৰৰ এখন দুৱাৰেদি কাৰেঙ সোমাই কুঁৱৰীক দেখা কৰিলে। ইমান দিনৰ মূৰত গিৰিয়েকক ভালে-কুশলে উলটি অহা লগ পাই কুঁৱৰী আনন্দত অধীৰ। অলপ পৰৰ পাছত আল্লাউদ্দিনে ক'লে, “কোঁঁৱাচোন, কুঁৱৰী আমাৰ শোৱা কুঠৰীৰ পাতছটাত থকা চাকিটো কি হল?”
কুঁৱৰীয়ে হুমুনিয়াহ কাঢ়ি ক'লে, “দেহি ঐ মই ঠিক ভাবিছিলোঁ বোলো এই সকলোবোৰ বিপদ সেই চাকিটোৰপৰাই হৈছে। ” তেতিয়া তেওঁ ‘পুৰণি চাকিৰ সলনি নতুন চাকি কোনে ল’ব’ বুলি চিঞৰা বুঢ়াটোৰ কথাৰপৰা সকলো কথা আঁতি-গুৰি মাৰি গিৰিয়েকক ক'লে।
আল্লাউদ্দিনে সুধিলে, “পিছে, চাকিটো এতিয়া ক'ত আছে ক’ব পাৰা জানো?”
‘এই যাদুকৰটোৱে চাকিটো সদায় তাৰ চোলাৰ মাজত ভৰাই লৈ ফুৰায়। সিদিনা গধূলি তাৰপৰা চাকিটো উলিয়াই সি মোক দেখুৱাইছিল বুলিহে মই এইটো কথা জানিব পাৰিলোঁ। সি এতিয়াও সৌ ওচৰতে থাকি এই কাৰেঙটোলৈ সদায় মন কৰি থাকে। ’
কুঁৱৰীক তাতে এৰি আল্লাউদ্দিন সেই নগৰৰ ভিতৰলৈ গ'ল। ইফালে সিফালে ঘূৰি-পকি সি শেষত এখন দৰবৰ দোকানত সোমাল। তাতে সি কিবা
45