পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাটৰ কাপোৰৰ পৰ্দা ওলমিছে, য’তে ত’তে নিচান উৰিব লাগিছে। তেওঁ বাটেদি যোৱা কিছুমান চিনাকি মানুহক সুধিলে বোলে এইবোৰ কৰাৰ অৰ্থ কি?

 “কেলেই, তুমি জানো শুনা নাই? আমাৰ সম্ৰাটৰ জীয়েক বৰ কুঁৱৰীৰ প্ৰধান মন্ত্ৰীৰ পুতেকৰ সৈতে বিয়া। তালৈকে সকলো মানুহে সুন্দৰ সুন্দৰ সাজ- পাৰ পিন্ধি সমদল কৰি সেই ঠাইলৈ গৈছে। ”

 এই কথা শুনা মাত্ৰেই পুতেকক কথাটো ক'বলৈ একে উশাহতে আল্লাউদ্দিন মাক উলটি ঘৰ পালেগৈ—“বোপাই, বোপাই! তোমাক কোনোবাই ঠগিলে। আজি ৰাতিকৈ প্ৰধান মন্ত্ৰীৰ পুতেকৰ লগত কুঁৱৰীৰ বিয়া পাতিছে। ”

 এই কথা শুনি আল্লাউদ্দিনৰ বৰ খং উঠিল। ঘাই বিয়াৰ আগতে সেই ঠাইত এটা ডাঙৰ ভোজ হ'ব বুলি সি জানিছিল। সি তেতিয়া কি কৰিব লাগিব, ততালিকে থিৰ কৰিলে। সি সেই চাকিটো আৰু যিহকে বিচাৰে তাকে আনি দিবলৈ বাধ্য হোৱা সেই দৈত্যটোৰ কথা ভাবিলে। সি ততালিকে চাকিটো তাৰ শোৱা-কোঠালিলৈ নি আগেয়ে ঘঁহা ঠাইত এটা ঘঁহা মাৰিলে।

 ততালিকে সেই দৈত্যটো আগত ঠিয় হ’লহি। “মোক কি কৰিবলৈ আদেশ দিয়া? মই তোমাৰ দাস। তোমাৰ আজ্ঞা পালিবলৈ মই সাজু। ” আল্লাউদ্দিনে ক'লে—“শুনা, সম্ৰাটে তেওঁৰ জীয়েকক মোলৈ বিয়া দিব বুলি বাইক্‌ কৰিছিল। পিছে মই এতিয়া শুনিছোঁ তেওঁ তেওঁৰ জীয়েকক প্ৰধান মন্ত্ৰীৰ পুতেকলৈ বিয়া দিবলৈ ঠিক কৰিলে। তাত আজি গধূলি ভোজ হৈ যোৱাৰ পাছত তেওঁলোক দুইকো ধৰি পোনেই মোৰ ওচৰলৈ আনি দিব লাগে। ” “যি আজ্ঞা” বুলি দৈত্যটো তৎক্ষণাৎ অন্তৰ্ধান হল।

 মাকৰ সৈতে গধূলি খাই-বৈ উঠি আল্লাউদ্দিন তাৰ কোঠালিলৈ সোমাই গ'ল আৰু দৈত্যটোৰ কাৰণে বাট চাই ৰ'ল।

 ইফালে সম্ৰাটৰ ঘাই ৰাজ-প্ৰাসাদত হোৱা কুঁৱৰীৰ কন্যা-দানৰ ভোজটো সঁচাকৈয়ে ভোজৰ লগৰ ভোজ। ভোজৰ পাছত প্ৰধান মন্ত্ৰীৰ পুতেক আৰু কুঁৱৰী

32